চৰ খাই কেনেকৈ ভোট দিওঁ বদৰভাই ?

চৰ খাই কেনেকৈ ভোট দিওঁ বদৰভাই ?

বদ মেজাজী মানুহবোৰৰ আচৰণেই তেঁওৰ পৰিচয়। ঠিক যাত্ৰীবাহী বাছত লিখি থোৱা- “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়”ৰ দৰে। এনে মানুহ বহুত ধনী, সম্পত্তিৰ গৰাকী হ’ব পাৰে, কিন্তু কেতিয়াও ভদ্ৰ বা সৎ আচৰণৰ গৰাকী হ’ব নোৱাৰে।

অসমৰ ৰাজনীতিত এনে নেতাৰ উপস্থিতি অত্যন্ত দুৰ্ভাগ্যজনক। ধূমকেতুৰ দৰে তেঁওলোকে ভুমুকি মাৰে। কোনো সম্প্ৰদায়ৰ ত্ৰাণকৰ্তাৰ ৰূপত নিজকে প্ৰতিষ্ঠা কৰে। আচলতে তেঁওলোক কাৰোৱেই ত্ৰাণকৰ্তা নহয়। দৰিদ্ৰ, অশিক্ষিত আৰু সহজ-সৰল বিশেষ সম্প্ৰদায়ৰ লোকৰ নামত দৰ-দাম কৰা ৰাজনৈতিক ঠিকাদাৰহে।

সহজ-সৰল লোকসকলৰ মৰম,আশীৰ্বাদ আৰু সমৰ্থন তেঁওলোকৰ ৰাজনৈতিক শক্তি। আৰু এইসকল লোকেই তেঁওলোকৰ লগত থকা লোকসকলৰ ওপৰত দাদাগিৰি কৰে। সংখ্যালঘু লোকসকলক জৰা-ফুকা পানীৰে সাম্প্ৰদায়িক বিভাজনৰ খেল-খেলি তেঁওলোকে বশ কৰিব খোজে।

তেঁওলোকৰ অহংকাৰ আৰু মতগৰ্বিতা এই সাধাৰণ লোকসকলে সহ্য কৰিব লগা হয়। পদে-পদে নিজৰ বুলি ভবা নেতাৰ ওচৰতে লাঞ্চিত হোৱা দেখা যায়। এনে নেতাক আৰু কিমান দিনলৈ ৰাইজে দয়া কৰিব ? কিয় ভয় কৰিব লাগে এইসকল নেতাৰূপী ৰাজনীতিৰ ৰাক্ষসক ?

ৰাইজে মাৰ বান্ধি থিয় দিলে তেঁওলোকৰ সাহস নহ’ব এই অসভ্যালি কৰাৰ। কাৰোবাৰ গালৈ গামোচা দলিয়াই, কাৰোবাক গালি পাৰি বীৰ আৰু আল্লাৰ শাৰীত নিজক থ’ব খোজা তেনে নেতাক শিক্ষা দিয়াৰ সময় কিন্তু আহি পৰিছে।

‘হয় হুজুৰ’ বুলি সাধাৰণ লোকে তেঁওলোকক সন্মান কৰে। ‘হয় হুজুৰ’ বুলি তেঁওলোকৰ কথা সাধাৰণ মানুহে মানি লয়। এয়াই জানো তেঁওলোকৰ শক্তি নহয়?

বেছি উভতগোৰে নাচিলে এইবোৰ কৰিবলৈ কোন বুলি কিন্তু মানুহে উভতি ধৰিলে তেঁওলোকৰ এই অহংবোধ বেলুন ফুটা দিব। এতিয়া তেনে নেতাৰ দম্ভ-অহংকাৰ চূৰ্ণ কৰাৰ সময়। নহ’লে হতাশগ্ৰস্ত এনে নেতাই এই অসভ্যালিৰ তালিকা আৰু দীঘল কৰি যাব।

আজি এজনৰ গালত ৰাজহুৱা স্থানত চৰ শোধাইছে, কাইলৈ আন দহজনৰ গালত তেওঁৰ চৰৰ ফৰফৰণি উঠিব। নিৰ্বাচনৰ বতৰত নেতাই ভোটাৰক সমীহ কৰে। সেই পৰিৱেশতেই যদি কোনো নেতাই এনেধৰণৰ আচৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰে তেনে জয়ী হোৱাৰ পাছত তেঁওৰ আচৰণ কি হ’ব পাৰে কেৱল কল্পনা কৰক।

কেৱল চৰেই নহয়, ঘোচা আৰু চকীৰে প্ৰহাৰ কৰিবলৈ তেঁও উদ্যত হৈছিল। লগত থকা দুজনমানে বাধা নিদিয়া হ’লে সেয়াও তেঁও কৰিলহেতেঁন !

৩বাৰকৈ লোকসভালৈ তেঁওক ৰাইজে নিৰ্বাচন কৰি পঠিয়াইছিল। এইবাৰো তেঁও সেই আশাৰেই নিৰ্বাচনী যুঁজত নামিছে। ৰাইজৰ ভোটেৰে সাংসদ হৈছে তেঁও। আকৌ এবাৰ সাংসদ হোৱাৰ দৌৰত আছে। তাৰ পাছতো তেঁও বুজা নাই- তেঁওৰ হাতত থকা শ শ কোটি টকাৰে তেঁওক সাংসদ সজাব নোৱাৰে। ৰাইজৰ ভোটেৰেহে তেঁও সাংসদ হ’ব পাৰে।

নিৰ্বাচনী সভাত “আচ্চালামু আলাইকুম” বুলি কৈছিল তেঁও ৰাইজক উদ্দেশ্যি। ৰাইজে সেই সম্বোধনৰ উত্তৰ নিদিয়াত হেনো তেঁওৰ খং উঠিছিল। অভিমান কৰি মঞ্চৰ পৰা নামি গৈছিল। লগত থকা দুজনমান চেলা-চামুণ্ডাই তেঁওক হাতে-ভৰিয়ে ধৰি মঞ্চলৈ ঘূৰাই আনিছিল।

তাৰ পাছত মাইকত সেই সময়ত এজন সমৰ্থকে তেঁওৰেই সমৰ্থনত তেঁওৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী এগৰাকীৰ গ’ বেক ধ্বনি দিছিল। তাতেই হেনো আমাৰ চাচাৰ খং উঠিছিল। খঙৰ ভমকত গ’ বেক ধ্বনি দিয়া দলীয় কৰ্মীজনৰ গালত কাণতলীয়া চৰ শোধাইছিল।

এয়া নেতাৰ কি কাৰবাৰ? তেঁওলোকে আচলতে নিজৰ বাদে আন কাৰো কথা নুবুজে। যিজন দলীয় কৰ্মীৰ গালত এই চৰ পৰিছিল, সেই চৰ কেৱল তেঁওৰ গালতে জানো পৰিছিল? নিজকে সংখ্যালঘু ৰাইজৰ নেতা বুলি ভবা এই নেতাজনৰ চৰ তেঁওক সমৰ্থন দিয়া প্ৰতিজন সংখ্যালঘু ভোটাৰৰ গালতে জানো পৰা নাই ?

নিজক মহান সজাবলৈ তেঁও সদায় চেষ্টা কৰে। সেই চেষ্টাত কোনো আন্তৰিকতা নাথাকে। অন্ধ-বিশ্বাস, দাম্ভিকতা আৰু মিছা প্ৰলোভন তেঁওৰ সম্বল। ধনৰ জোৰত সকলো সম্ভৱ বুলি লৈ ফুৰা মানসিকতা তেঁওৰ ৰাজনৈতিক অস্ত্ৰ।

ৰাইজে কিন্তু এই চৰৰ প্ৰত্যুত্তৰ দিব পাৰে ! চৰৰ সলনি চৰ তেঁওৰ গালত পৰিবলৈ কোনোৱে শাৰীৰিকভাৱে তেঁওক প্ৰহাৰ কৰিব নালাগে। সৰু বুলি ভবা মানুহখিনি একো একোটা ভোট যেতিয়া তেঁওৰ বিৰুদ্ধে পৰিব তেতিয়াই তেঁও বুজি উঠিব- সৰু বুলি ভবা এই মানুহখিনি কিমান ডাঙৰ !

বুজিব সেইদিনাই, ধনেই সকলো নহয়। ৰাইজ লগত নাথাকিলে সকলোচোন মিছা। ৰাইজেই তেঁওক নেতা কৰি ৰাখে, ৰাইজেই তেঁওক অস্তিত্বহীন কৰি দিবও পাৰে। ইচ্ছা কৰিলে ৰাইজে এনেকুৱা এজন নহয় হাজাৰজন বদৰুদ্দিনক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিবলৈ এক পলকো নালাগে।

এতিয়া সেই উত্তৰ দিয়াৰ সময় আৰু সুযোগ ৰাইজৰ হাতত। যিখন হাতেৰে চৰ দিছে, সেইখন হাতেৰে তেঁও চালাম দিও তত নাপাব। তেতিয়াহে এনেবোৰ নেতাই বুজি উঠিব- গণতন্ত্ৰত ৰাইজেই ৰজা, বাকী অহংকাৰ,ধন-সম্পত্তি সকলোবোৰ মিছা।

চৰ খাই কেনেকৈ ভোট দিওঁ বদৰভাই ?
কোভিডৰ পাছত 'কোভিশ্বিল্ড'ৰ আতংক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in