এছিয়ান গেমছত অসমীয়া

এছিয়ান গেমছত অসমীয়া

ভাস্কৰ শৰ্মা

"এই পৃথিৱী এক ক্ৰীড়াঙ্গন/ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গণ...।" অসম আৰু অসমবাসীৰ বাবে ইয়াতকৈনো আৰু সুখৰ কথা কি হ'ব পাৰে ! সময়ে সময়ে বিশ্বৰ বিভিন্ন প্ৰেক্ষাপটত অসমৰ নাম,যশ,কৃতি বিয়পি পৰিছে। তদ্ৰুপ ধৰণে শেহতীয়াকৈ এগৰাকী অসমীয়াই আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰেক্ষাপটত দাঙি ধৰিলে দেশৰ জাতীয় নিচান।

চীন দেশৰ হাংঝাওত শনিবাৰৰ পৰা আৰম্ভ হৈছে এছিয়ান গেমছ ২০২৩। য'ত ভাগ লৈছে ৪৫ খন দেশৰ প্ৰায় ১৩ সহস্ৰাধিক খেলুৱৈ । এই বিশাল প্ৰতিযোগিতাখনত ভাৰতৰ ধ্বজ্জা বাহক হিচাপে পোন প্ৰথমবাৰৰ বাবে সৌভাগ্য ঘটে এগৰাকী অসমীয়াৰ।

ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এদিন তেওঁৰ দেউতাকে ঘৰলৈ বাতৰি কাকতত বান্ধি আনিছিল মিঠাই। মিঠাই বান্ধি অনা বাতৰি কাকতখনত প্ৰকাশ হৈছিল প্ৰখ্যাত বক্সাৰ মহম্মদ আলিৰ বিষয়ে এটি প্ৰবন্ধ।

সেই প্ৰবন্ধটো দেউতাকে ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ক্ষীণকায় ওখ-পাখ কন্যাক দিছিল পঢ়িবলৈ। প্ৰায় ১১-১২ বছৰীয়া কিশোৰীগৰাকী লেখাটো পঢ়ি আকৰ্ষিত হৈছিল। মন-মগজুত সোমাই ল'লে এটি মাত্ৰ শব্দ 'বক্সিং'। সেইয়াই আছিল তেওঁৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা।

তেওঁ হৈছে ২৫ বছৰীয়া অসম কন্যা তথা বক্সাৰ লাভলীনা বৰগোহাঁই। ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙৰ সৈতে যুটীয়াভাৱে লক্ষ-লক্ষ জনতাৰ সন্মুখত দাঙি ধৰিলে দেশৰ স্বাভিমান ত্ৰিৰংগ পতাকা।

ইয়াৰ পূৰ্বে কোনো অসমীয়া ক্ৰীড়াবিদৰ এই সৌভাগ্য হোৱাৰ নজিৰ নাই। সেয়ে আজি প্ৰতিগৰাকী অসমীয়া গৌৰাৱন্বিত। ইয়াৰোপৰি ৭গৰাকীকৈ অসম সন্তানে এইবাৰ এছিয়ান গেমছত দেশক প্ৰতিনিধিত্ব কৰিছে।

তেওঁলোক হৈছে- ক্ৰিকেটত উমা চেত্ৰী,বক্সিঙত লাভলীনা বৰগোহাঁই,শিৱ থাপা,ট্ৰেক এণ্ড ফিল্ডত অম্লান বৰগোহাঁই,সাঁতোৰত শিৱাংগী শৰ্মা,বেডমিণ্টনত অস্মিতা চলিহা আৰু ছেপাক টাক্ৰৰ শিতানত প্ৰীয়া দেৱীয়ে ভাগ লৈছে। ইয়ৰোপৰি মুঠ ৬৫৫ গৰাকী ভাৰতীয় খেলুৱৈয়ে এই প্ৰতিযোগিতাত ভাগ লৈছে।

শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা প্ৰথমটো দিনৰ অন্তত ভাৰতে ৫টা পদক দখল কৰি পদক তালিকা তৃতীয় স্থানত আছে। ভাৰতৰ পদকৰ সংখ্যা এনেধৰণৰ- ৩টা ৰূপ আৰু ২টা ব্ৰঞ্জ। অসমৰ খেলুৱৈৰ পৰাও আৰু ৩টা পদক নিশ্চিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে।

উল্লেখযোগ্য যে ভাৰতে ৰয়িং খেলত ৩টা আৰু এয়াৰ ৰাইফেল খেলত ২টা পদক লাভ কৰিছে। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফেলত ভাৰতীয় দলটোৱে লাভ কৰা ৰূপৰ পদকটোৱে 'এছিয়ান গেমছ-২০২৩'ত ভাৰতৰ বাবে প্ৰথম পদক। ৰমিতা, আশী চৌকশেই আৰু মেহুলী ঘোষৰ মহিলা ৰয়িংৰ দলটোৱে ভাৰতৰ বাবে আনিছে এই পদক।

আনহাতে পদক তালিকাৰ শীৰ্ষত আছে আয়োজক দেশ চীন। দেশখনে ১০টা পদক দখল কৰি সম্প্ৰতি শীৰ্ষস্থান অধিকাৰ কৰি আছে। সম্প্ৰতি তেওঁলোকৰ পদকৰ সংখ্যা হৈছে- ৯টা সোণ আৰু ১ টা ৰূপ।

ইফালে বাংলাদেশক পৰাস্ত কৰি এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে। নিম্ন স্ক'ৰীয় মেচখনত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰি সোমবাৰে ফাইনেলত অৱতীৰ্ণ হ'ব।

আনহাতে প্ৰতিযোগিতাৰ দ্বিতীয়টো দিনত ভাৰতৰ বাবে আন এক ভাল খবৰ। ভাৰতৰ পুৰুষ হকী দলটোৱে উজবেকিস্তানক ১৬-০ গ'লত পৰাস্ত কৰি পদক জয়ৰ দিশে অগ্ৰসৰ হয়। দেওবাৰে অনুষ্ঠিত হোৱা এই খেলখলত ভাৰতীয় পুৰুষ হকী দলটোৰ খেলুৱৈ মনপ্ৰিত, ললিত আৰু বৰুণে হেটট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ খেলুৱৈসকলেও পৰ্যায়ক্ৰমে নিজৰ নিজৰ শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াব। ৩কোটি অসমীয়াৰ সপোন- উজলি উঠিব আমাৰ খেলুৱৈসকল।

লাভলীনা-শিৱহঁতৰ ওপৰত প্ৰতিগৰাকী অসমীয়াৰ গভীৰ আস্থা আৰু আশাৰ বন্য়া। উল্লেখ্য যে,লাভলীনাই ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

তাৰ এবছৰ পিছত ২০১৮ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। বক্সাৰ শিৱ থাপাৰ পিছতেই অসমৰ দ্বিতীয়গৰাকী বক্সাৰ হিচাপে তেওঁ দেশক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁৰ আছে ঈৰ্ষণীয় সফলতা। তেওঁ হৈছে অলিম্পিকলৈ যোৱা প্ৰথমগৰাকী অসমৰ মহিলা খেলুৱৈ।

২০২১ চনৰ জাপানত অনুষ্ঠিত টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দেশবাসীৰ লগতে অসমবাসীকো গৌৰাৱন্বিত কৰি তুলিছিল। ২০২০ চনতে ভাৰত চৰকাৰে তেওঁলৈ আগবঢ়াইছিল সন্মানীয় অৰ্জুন বঁটা।

বিশ্বৰ মানচিত্ৰত অসমীয়া খেলুৱৈৰ বিজয় ধ্বজ্জা উৰি ৰওঁক,ৰৈ-বৈ যাওঁক জাতিৰ স্বাভিমান আৰু অসমীয়াৰ আস্থা। এছিয়ান গেমছ অভিমুখী সপ্তৰথীয়ে আজুৰি আনক পদক। উজলাই তোলক অসম তথা ভাৰতৰ মান-সন্মানৰ অগ্ৰগামী যাত্ৰা...।

এছিয়ান গেমছত অসমীয়া
অৰুণ দাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in