ডাঙৰ লেখক...

ডাঙৰ লেখক...

অসমীয়া ভাষাত কিতাপ লিখা কোনজন লেখকৰ কিতাপ আটাইতকৈ বেছি বিক্ৰী হৈছে? সেই লেখকজন কোন আৰু তেওঁৰ বিক্ৰী হোৱা কিতাপৰ সংখ্য কিমান? এইটো বৰ সহজ প্ৰশ্ন নহয়। আজিৰ পৰা দুদিনৰ আগলৈকে এই প্ৰশ্নৰ উত্তৰ ভাবিলে কেইবাজনো সাহিত্যিকৰ নাম মনলৈ আহিছিল।

'অসীমত যাৰ হেৰাল সীমা'ৰ স্ৰষ্টা কাঞ্চন বৰুৱাৰ পৰা আৰম্ভ কৰি ভবেন্দ্ৰ নাথ শইকীয়া, চন্দ্ৰপ্ৰসাদ শইকীয়া, চৈয়দ আব্দুল মালিক, হোমেন বৰগোঁহাই, ৰঞ্জু হাজৰিকা, অনুৰাধা শৰ্মা পূজাৰী আদিৰ নাম মনলৈ আহে। কিন্তু সেইসকলৰ মাজৰ পৰা সঠিক বুলি ক'ব পৰা এটা নাম আনুষ্ঠানিকভাৱে এতিয়ালৈকে চৰ্চা হোৱা নাই বা তেওঁলোকৰ বিক্ৰী হোৱা কিতাপৰ পৰিসংখ্যাও সদৰী হোৱা নাই।

সামাজিক মাধ্যমৰ কৃপাত অতি শেহতীয়াকৈ বহু কিতাপ বিক্ৰী হোৱা বুলি তৰুণ প্ৰজন্মৰ কেইবাগৰাকী লেখক, লেখিকা নাম চৰ্চালৈ আহে। 'মোৰো এটা সপোন আছিল' নামৰ ৰুবুল মাউটৰ কিতাপখনো পাঠকে আদৰি লৈছিল আৰু লৈয়ে আছে। ইঞ্জিনীয়াৰিং কলেজৰ এটা কাহিনীৰ আধাৰত ইন্দ্ৰাণী শৰ্মাই লিখা 'অৰ্ণৱ, আস্থা আৰু জে ই চি'য়ে পাঠকৰ মৰম বুটলিছিল।

এইবোৰ মাত্ৰ উদাহৰণহে। আন এখন কিতাপ লিখিছিল এজন নাইট চুপাৰৰ ড্ৰাইভাৰে। কিতাপখনৰ নাম আছিল 'লাইফ অফ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে' কিতাপখন লিখিছিল ৰূপন দত্তই। এইখন কিতাপো যথেষ্ট চলিছিল। কিতাপখনৰ প্ৰকাশক আছিল 'অসমীয়া ভাষা আৰু ছফ্‌টৱেৰ বিকাশ কেন্দ্ৰ'।

২০২০ চনৰ ২৪ ডিচেম্বৰত প্ৰথম প্ৰকাশ পোৱা কিতাপখনৰ প্ৰকাশকৰ মতে এতিয়ালৈকে ৩৮ টা সংস্কৰণ প্ৰকাশ আৰু ৩৮ হাজাৰ কপি এই কিতাপখন বিক্ৰী হৈছে। এই সময়ছোৱাত আটাইতকৈ বেছি বিক্ৰী হোৱা কিতাপবোৰৰ ভিতৰত সম্ভৱতঃ এইখনো অন্যতম। মৃণাল কলিতাৰ 'বকুল ফুলৰ দৰে'ক পাঠকে আদৰি লোৱা আন এখন উপন্যাস।

কিতাপ কিমান বিক্ৰী হৈছে সেই পৰিসংখ্যাই এজন লেখকৰ মান হয়তো নিৰূপণ কৰা হ'লে জে কে ৰাউলিঙৰ 'হেৰিপটাৰ'-এ পৃথিৱীৰ সকলো সন্মান আৰু স্বীকৃতি আজুৰি আনিব লাগিছিল। চেতন ভগত, বিক্ৰম শেঠৰ দৰে লেখকৰো কম পাঠক নাই, সেয়া কোটিৰ ঘৰত।

সেই বুলি কাহানিও তেওঁলোকে নিজকে ৰবীনন্দ্ৰনাথতকৈ ওপৰত বুলি কেতিয়াও কোৱাৰ ধৃষ্টতা কৰা নাই। ৩৮ হাজাৰৰো অধিক কপি উপন্যাস বিক্ৰী হ'ল বুলিয়েই অসমৰ শ্ৰেষ্ঠ ১০ জন ঔপন্যাসিকৰ তালিকা প্ৰস্তুত কৰিলে সেই তালিকাত কেৱল কিতাপৰ বিক্ৰী হোৱা সংখ্যা চাই 'লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে'ৰ লেখকজনক স্থান দিব জানোঁ পাৰি?

বিভিন্ন সময়ত আদৰ্শগত বা আন কাৰণত কাৰোবাৰ সৈতে মত পাৰ্থক্য হ'ল বুলিয়েই তেওঁৰ প্ৰজ্ঞা, সাধনা আৰু জাতি, ভাষাৰ প্ৰতি থকা আন্তৰিকতাক আওকান কৰিব নোৱাৰি। কিন্তু এচাম ক্ষমতাশালী আৰু মতগৰ্বী লোক আছে যিসকলে সেইসকল মহীৰূহৰ সৈতে নিজকে তুলনা কৰি ভাল পায়।

তেওঁলোকৰ এনে দৃষ্টিভংগীৰ কাৰণ হ'ল তেওঁলোকৰ সাম্প্ৰদায়িক আৰু তৰল ৰাজনীতিক এইসকল প্ৰজ্ঞাৰ সাধকে সমালোচনা কৰে। তেওঁলোকে ভবাৰ দৰেই এইসকল বিবেকবান লোক পুতলা নাচৰ পুতলা হ'বলৈ নাযায়। সেয়েহে এই সংঘাতৰ সুযোগ লৈ ভদ্ৰতা পৰিহাৰ কৰি অশিষ্ট ভাষাৰে বা উপমাৰে তেওঁলোকক তাচ্ছিল্য কৰাতো এই চাম লোকৰ অভ্যাসত পৰিণত হৈছে।

নিৰ্বাচনৰ বতৰত তেওঁলোকৰ বিৰুদ্ধাচাৰণ কৰি ৰাইজক সজাগ কৰিছে। তাৰ বাবেই আৰ্বান নক্সাল উপমা দিছে এই জাতিৰ পুৰোধাসকলক। তেওঁলোকৰ জ্ঞান, গৰিমা জগতজোৰা। বিশ্বৰ প্ৰসিদ্ধ সমাজ বিজ্ঞানীয়ে এজন অসমীয়াক যিধৰণে মূল্যায়ন কৰিছে তাৰ বিপৰীত আচৰণ এই ক্ষমতাশালী পক্ষই কৰি যোৱাত আচৰিত হ'বলগীয়া একো নাই।

বৰঞ্চ কাউৰীয়ে ময়ূৰ হোৱাৰ প্ৰৱণতাৰে ময়ূৰৰ খোজ অনুকৰণ কৰাজনহে হাঁহিয়াতৰ পাত্ৰ হৈছে। নিজ মুখেই তেওঁৰ এখন কিতাপ ড০ হীৰেন গোঁহাইৰ কিতাপতকৈ বহু অধিক গুণ চলে বুলি যি যুক্তিৰে নিজকে প্ৰতিষ্ঠা কৰিব খুজিছিল সেই যুক্তিয়েই ভিত্তিহীন। তেওঁৰ এখন কিতাপ ৫০ হাজাৰ, ৬০ হাজাৰৰ পৰা লাখৰ ঘৰত বিক্ৰী হয়।

সেই সংখ্যা হীৰেন গোঁহাইৰ কোনোবা এখন কিতাপে চুব পৰা নাই বুলি যি সন্তুষ্টি লভিছে, সেই সন্তুষ্টিত পতনৰ বীজ ৰোপণ হৈ আছে। যিগৰাকী লেখকৰ এই দাবী সেই লেখকগৰাকীয়ে পাঠকৰ মাজলৈ তেওঁ কিতাপবোৰ নিজা প্ৰশাসন যন্ত্ৰ ব্যৱহাৰেৰে বিনামূলীয়াকৈ প্ৰেৰণ কৰিছে নে আগ্ৰহেৰে দোকানত বিচাৰি পাঠকে ক্ৰয় কৰি নিছে সেই কথা বিচাৰ কৰিবলগীয়া।

ড০ হীৰেন গোঁহায়ে সম্ভৱতঃ কোনো পাঠকলৈ বিনামূলীয়াকৈ তেওঁৰ কিতাপবোৰ প্ৰেৰণ নকৰে। কোনোবাই যদি তেখেতৰ পৰা কোনোবা এখন কিতাপ উপহাৰ হিচাপে পাইছে সেয়া সেই লোকজনৰ বাবে পৰম সৌভাগ্যৰ কথা হয়।

শিক্ষিত চামে হীৰেন গোঁহাইৰ কিতাপৰ নাম মুখস্থ ৰাখে। বিভিন্ন সময়ত তেখেতৰ সেই কিতাপবোৰ হয় গৱেষক, অধ্যয়নশীল লোকৰ বাবে উৎসৰ আধাৰ। ৬০ হাজাৰৰ পৰা ১ লাখ কপি কিতাপ বিক্ৰী হোৱাজনৰ কিতাপবোৰ কিমান দিনৰ বাবে পাঠকৰ ওচৰত মূল্যবান হৈ থাকে সেয়া সন্দেহৰ বিষয়।

হঠাৎ এখন কিতাপ ডাকত বা কোৰিয়াৰত আহে, সেই কিতাপখন মুখ্যমন্ত্ৰীয়ে লিখে আৰু পাঠকে বিনামূলীয়াকৈ লাভ কৰে। তাত কিতাপৰ কি মাদকতা আছে? প্ৰয়োজন থকাজনে নিজেই কিতাপ বিচাৰি ক্ৰয় কৰে। অপ্ৰয়োজনীয়ভাৱে কিমান কিতাপ প্ৰচলন হৈছে তাৰ পৰিসংখ্যা বৃদ্ধিৰ বাবে হকে বিহকে, যালৈ তালৈ কিতাপ এখন পঠাই কোনোবাই মোৰ কিতাপ লাখৰ ঘৰত চলে বুলি গৰ্ব কৰাৰ জানোঁ যুক্তি থাকে?

এইসকল লোকে ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী হৈ সকলোবোৰ একাকাৰ কৰিবলৈ যাওঁতে ভৰিৰ তলৰ মাটিখিনিৰ কথাই পাহৰি যায়। তেওঁলোকে ভাল লিখিলে পাঠকে আদৰি ল'ব। অসমতে বহু ৰাজনীতিবিদ আছিল, আছে যিসকল একো একোজন সুলেখক। লেখক, কবি হিচাপে তেওঁলোক সুপ্ৰতিষ্ঠিত।

কোনোদিনেই তেওঁলোকে তেওঁৰ কিতাপ কিমান চলে সেই পৰিসংখ্যা দাঙি কোনো বিশিষ্ট লেখক বা বুদ্ধিজীৱিক তুচ্ছ তাচ্ছিল্য কৰা নাই। সেই পৰম্পৰা ভংগ কৰি যিসকলে এই অহংবোধত ডুব গৈছে তেওঁলোকে কি বুজিব হীৰেন গোঁহাইৰ দৰে ব্যক্তিৰ ব্যক্তিত্ব আৰু পাণ্ডিত্যক।

ডাঙৰ লেখক...
চিনেমা, ৱেব ছিৰিজঃ মনোৰঞ্জনৰ বাবে নে অপৰাধৰ পৰিকল্পনাৰ বাবে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in