
এখন ঘৰ বা এটা পৰিয়াল পৰিচালনা কৰিবলৈ ধনৰ প্ৰয়োজন। সেই ধন আহে ঘৰখনৰ বা পৰিয়ালটোৰ সদস্যসকলৰ উপাৰ্জনৰ মাধ্যমেৰে। উপাৰ্জন যিমানেই হ'ব সিমানেই সেই পৰিয়ালটোৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাৰ লগতে ধাৰ, ঋণৰ পৰা মুক্ত হ'ব।
সেইদৰে উপাৰ্জনহীন এটা পৰিয়াল ক্ৰমান্বয়ে ঋণগ্ৰস্ত হৈ যোৱাৰ লগতে জীৱন পৰিক্ৰমা জটিল হৈ পৰে। উপাৰ্জনৰ অনুপাতে খৰচৰ মাত্ৰা বৃদ্ধি হয় তেন্তে সেই পৰিয়ালটোৱে হয়তো ল'ব লাগিব ঋণ নতুবা বিক্ৰী কৰিব লাগিব স্থাৱৰ, অস্থাৱৰ সম্পত্তি।
এই কথা বুজিবলৈ অৰ্থনীতিৰ সূত্ৰ জনাৰ কোনো প্ৰয়োজন নাই। নিৰক্ষৰ লোকেও এই কথা অনুভৱ কৰে বাবেই এটা নিৰ্দিষ্ট় হিচাপৰ মাধ্যমেৰে পৰিয়াল পৰিচালনা কৰে। কিন্তু এই কথাকেই বুজিবলৈ নিবিচাৰে আমাৰ জনপ্ৰতিনিধিয়ে।
এটা পৰিয়াল বা এখন ঘৰৰ দৰেই চৰকাৰ বা ৰাজ্যও পৰিচালনা হয়। ৰাজ্য এখন চলিবলৈ, পৰিচালনা কৰিবলৈ চৰকাৰক টকাৰ প্ৰয়োজন হয়। টকা অবিহনে এখন ৰাজ্য পৰিচালনা কৰাটো অসম্ভৱ।
ৰাজ্য চৰকাৰ এখনে ৰাজ্য পৰিচালনা কৰিবলৈ সেই ধন বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰে। তেনে এক উৎস হৈছে চৰকাৰে প্ৰয়োগ কৰা বিভিন্ন কৰ-কাটল। কিন্তু কেৱল জনতাৰ মূৰত মাধমাৰ মাৰি নিত্য নতুন কৌশলেৰে কৰ আৰোপ কৰিয়েই চৰকাৰ পৰিচালনা কৰাৰ যি মানসিকতা, সেই মানসিকতা কেতিয়াও এখন কল্যাণকামি চৰকাৰৰ হ'ব নোৱাৰে।
যদি সেই মানসিকতা কোনো শাসকগোষ্ঠীৰ মনত থিতাপি লৈছে তেনে তেওঁলোক হৈ পৰিছে কেৱল শোষক। সেই চৰকাৰ বা শাসকগোষ্ঠীয়ে জনতাৰ ওপৰত কেনেকৈ নতুন নতুন কৌশলেৰে শোষণ চলাব পাৰি তাৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে।
অসম চৰকাৰৰ শেহতীয়া কৰ্মকাণ্ডই এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। ৰাজ্যখনক শাসন কৰাৰ সুবিধা পোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এতিয়া যেন কেৱল শোষণ কৰাৰতহে মনোনিৱেশ কৰিছে।
কেৱল মাত্ৰ ক্ষমতা দখলৰ নিমিত্তে দলীয় স্বাৰ্থক আগত ৰাখি নিত্য, নতুন কৰ-কাতল আৰোপ কৰি, বিভিন্ন কৌশলেৰে জনতাৰ ধন হৰলুকি কৰাতহে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। তাৰেই শেহতীয়া উদাহৰণ ৰাজ্যৰ ১৯ খন জিলাৰ ৪৭ টা ৰাজহ গাঁৱৰ অঞ্চলক ৰাজহ নগৰ হিচাপে ঘোষণা কৰা কাৰ্য।
ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে অসম ভূমি ৰাজহ পুনৰ মূল্যায়ন আইন,১৯৩৬ ৰ অধীনত ১৯ খন জিলাৰ নিৰ্বাচিত কিছু অঞ্চলক ৰাজহ গাঁৱৰ পৰা ৰাজহ নগৰ হিচাপে ঘোষণা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ অন্তৰালত লুকাই আছে চৰকাৰৰ নিকৃষ্ট মানসিকতা।
ৰাজহ গাঁৱৰ পৰা যিমূহ অঞ্চলক নিৰ্বাচিত কৰি ৰাজহ নগৰ হিচাপে ঘোষণা কৰিব সেইসমূহ অঞ্চলৰ ৰাইজে বৰ্তমানে দি অহা ভূমিৰ খাজনাই দিব লাগিব এতিয়াতকৈ ১০ ৰ পৰা ১৫ শতাংশ অধিক। কেৱল সেয়াই নহয়, এই অঞ্চলসমূহ ৰাজহ নগৰ হিচাপে ঘোষণা কৰাৰ পাছত এই অঞ্চলৰ লোকসকলে পৰ্যাপ্ত সা-সুবিধা অবিহনেই আদায় দিব লাগিব পৌৰসভা, টাউন কমিটীয়ে ধাৰ্য কৰা সম্পত্তি কৰো।
কৰ আৰোপ কৰি সুখ লাভ কৰা এই চৰকাৰখনে ইতিমধ্যে ২৫ শতাংশলৈ বৃদ্ধি কৰিছে পৌৰ কৰো। সেই অনুপাতেই নতুনকৈ নগৰ হিচাপে ঘোষণা কৰিবলগীয়া অঞ্চলসমূহেও কৰ আদায় দিব লাগিব।
যদিও ৰাজ্য চৰকাৰে ভূমি ৰাজহ পুনৰ মূল্যায়ন আইন অনুসৰি কোনো এটা অঞ্চলৰ ৫০ শতাংশৰো অধিক ভূমি কৃষি কাৰ্যত ব্যৱহাৰ নহয় তেন্তে সেই অঞ্চলক নগৰ ঘোষণা কৰিব পাৰে তথাপিও ৰাজ্যচৰকাৰৰ শেহতীয়া এই সিদ্ধান্তক মানি ল'ব নোৱাৰি। কিয়নো ৰাজ্য চৰকাৰে কোনোধৰণৰ জৰীপ নকৰাকৈ কেৱল উচ্চহাৰত কৰ আদায় কৰাৰ লক্ষ্যৰেই এই অঞ্চলসমূহক ৰাজহ নগৰ হিচাপে ঘোষণা কৰিবলৈ চেষ্টা চলাইছে।
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগব্যৱস্থাপনা বিভাগে শেহতীয়াকৈ গ্ৰহণ কৰা এই সিদ্ধান্তৰ আঁৰত আছে এক বিশেষ কাৰণ। কেৱল হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়া, হিতাধিকাৰী আঁচনিৰে চমক দিয়া, লাখে লাখে হিতাধিকাৰী সৃষ্টি কৰি গৌৰৱবোধ কৰা চৰকাৰখনৰ আৰ্থিক অৱস্থা শূচনীয় হৈ পৰিছে।
১ লাখ ৩৭ হাজাৰ কোটি টকা ঋণৰ বোজা বহন কৰি থকা অসমক কেন্দ্ৰয়ো আৰ্থিক সহযোগিতা দিয়াৰ পৰা বিৰত আছে। কেন্দ্ৰৰ পৰা প্ৰাপ্য আদায় কৰি আনিবলৈ দিল্লীত মূৰ তুলি কথা ক'ব পৰা, গৰ্জন দিব পৰা নেতাও আজিৰ তাৰিখত নাই।
এনে পৰিস্থিতিত চৰকাৰ চলাবলৈ প্ৰয়োজনীয় ধন আহৰণ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে আটাইতকৈ পূৰণি আৰু সহজ কৌশল। ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে জনতাৰ ওপৰত বিভিন্ন কৰ-কাটল আৰোপ কৰাৰ দৰেই শাসনাধিস্ত চৰকাৰখনে নিত্য, নতুন কৰ কাটল আৰোপ কৰাৰ পন্থাকে গ্ৰহণ কৰিছে।
যাৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক চলিত বিত্তীয় বৰ্ষতে ১ হাজাৰ ৪৩৭ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। সেই ৰাজহ সংগ্ৰহৰ উদ্দশ্যৰেই এতিয়া ৰাজহ গাঁৱক ৰাজহ নগৰলৈ ৰূপান্তৰৰ কৌশল গ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্টকৈ কৈছে- ৰাজ্যৰ বিজেপি চৰকাৰৰ লক্ষ্যই হৈছে হিতাধিকাৰী সৃষ্টি কৰা৷ হিতাধিকাৰী সৃষ্টি কৰিম বুলিয়েই আমি চৰকাৰত আহিছোঁ৷
এইদৰে হিতাধিকাৰী সৃষ্টি কৰাৰ লক্ষ্যৰে শাসনলৈ অহা চৰকাৰখনে আন নহলেও নিজৰ লক্ষ্যত সফলতাৰে উপনীত হ'বলৈ সক্ষম হৈছে। আজিৰ তাৰিখত ৰাজ্যৰ প্ৰতিঘৰ মানুহেই হিতাধিকাৰী আঁচনিত অন্তৰ্ভুক্ত হৈছে।
অৰুণোদয় নামৰ এই আঁচনিখনৰ আজিৰ তাৰিখত মুঠ হিতাধিকাৰী আছে প্ৰায় ২৮ লাখ। এইসকল মহিলাক প্ৰতিমাহে ১৪০০ টকা দি আহিছে ৰাজ্য চৰকাৰে। আনহাতে ৰাজ্যৰ ৩ লাখ ২৭ হাজাৰ মহিলা আত্মসহায়ক গোটৰ ৩৬ লাখ মহিলালৈ চৰকাৰে আগবঢ়াইছে পোনপটিয়াকৈ ধন।
সৰুসজাইত বিহুৰ বিশ্বৰেকৰ্ডত ভাগ লোৱাসকলকো হিতাধিকাৰী হিচাপেই গণ্য কৰিছে চৰকাৰে। এই অনুষ্ঠানত ভাগ লোৱা মুঠ ১১,৩০৪গৰাকী বিহুৱা-বিহুৱতীলৈ চৰকাৰে আগবঢ়াইছে ২৫ হাজাৰ টকা।
ক্ষুদ্ৰ বিত্তীয় সংস্থাৰ পৰা ঋণ লোৱা মহিলাসকলকো ৫০ হাজাৰ টকালৈ ঋণ ৰেহাই দিয়া আঁচনি গ্ৰহণ কৰিছে। ১৯ লাখ হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ মজুৰী ক্ষতিপূৰণ ১৫ হাজাৰ টকা, চাহ বাগিচাৰ মহিলা আত্মসহায়ক গোটলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে।
কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰীলৈও হোষ্টেল আৰু হাত খৰচ, মেধাৱী শিক্ষাৰ্থীলৈ ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটী, দৰিদ্ৰ্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীলৈ মাচুল ৰেহাই, বুক গ্ৰাণ্ট আদিৰ আঁচনিও গ্ৰহণ কৰিছে। ৰাজ্যৰ ২ লাখ নিবনুৱালৈ ১ লাখ টকাৰ অনুদানৰো আন এক আঁচনি ৰাজ্যত চলি আছে।
এই আঁচনিবোৰৰ অধিকাংশই মহিলা আৰু যুৱ সমাজক লক্ষ্য কৰি গ্ৰহণ কৰা হৈছে। কিয়নো ৰাজ্যৰ মুঠ ভোটাৰৰ ১,১৯,৮২,৪০৪ গৰাকী মহিলা। ইয়াৰ বিপৰীতে পুৰুষ ভোটাৰ হৈছে ১,২১,২৮,৫৪৩ জন।
গতিকে ভোটৰ অংকতে যে এই আঁচনিসমূহ গ্ৰহণ কৰিছে সেয়া স্পষ্ট। আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যত আছে মুঠ ৬৪,০৬,৪৭১ টা ঘৰ। অৰুণোদয় আঁচনিয়ে স্পৰ্শ কৰা ২৮ লাখ মহিলা আৰু আত্মসহায় গোটে স্পৰ্শ কৰা ৩৮ লাখ মহিলা মিলাই মুঠ হিতাধিকাৰী মহিলাৰ সংখ্যা হয়গৈ ৬৪ লাখ।
সেই অনুসৰিয়েই আজিৰ তাৰিখত ৰাজ্যৰ প্ৰায় প্ৰতিঘৰতে আছে একোজনকৈ হিতাধিকাৰী। এই হিতাধিকাৰী আঁচনিবোৰ চলাই থাকিবলৈ, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন, ভাত্তা আদি দিবলৈ চৰকাৰক এতিয়া ধনৰ প্ৰয়োজন।
নিজা আয়ৰ কোনো উৎস নথকা চৰকাৰখন ঋণ লৈ লৈ ভাগৰুৱা হৈ পৰিছে। ঋণ পৰিশোধ কৰা দূৰৰে কথা, হিতাধিকাৰী আঁচনি কেইখন চলাই থাকিবলৈকে প্ৰয়োজন হৈছে পূৰ্বতকৈ অধিক ধন। সেয়ে নতুন নতুন কৰ আৰোপ কৰাটোৱেই আয়ৰ উৎস হিচাপে ধৰি লৈছে।
আজিৰ তাৰিখত অসম চৰকাৰৰ ওপৰত ঋণৰ বোজা আছে ১ লাখ ৩৭ হাজাৰ কোটি টকা। অসম চৰকাৰ মুঠ বাজেটৰ ধনৰ ৫৫ শতাংশই কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে। অসমৰ নিজা ৰাজহৰ পৰিমাণ মাত্ৰ ২৭.২ শতাংশ।
ৰাজহৰ ১৮ শতাংশ আহে ঋণৰ পৰা। অসমৰ নিজা ৰাজহৰ যি ২৭.২ শতাংশ ধন আহে সেই ধনেৰে কেৱল দৰমহা আৰু পেঞ্চনৰ নামত মাত্ৰ ৮ মাহতে আদায় দি শেষ হয়।অৰ্থাৎ নিজা ৰাজহৰ জৰিয়তে অসম চৰকাৰে কৰ্মচাৰীৰ এবছৰৰ দৰমহাও সম্পূৰ্ণকৈ আদায় দিবলৈ সক্ষম নহয়।
এনে পৰিস্থিতিত নাও বুৰিলেও টিঙৰ পৰা নামিবলৈ নিবিচৰা চৰকাৰখনে কেৱল জনতাক মাধমাৰ দিয়েই ৰাজত্ব কৰি থকাৰ পথ বাচি লৈছে। এয়াই আজিৰ তাৰিখত অসম চৰকাৰৰ তথাকথিত কল্যাণকামী চৰিত্ৰ।