ৰঙিয়া আবকাৰীত ভয়ংকৰ জালিয়াতিঃ পঞ্চায়তৰ ভুৱা NOC ৰে সুৰা বিপণী খোলাৰ যো জা...

ৰঙিয়া আবকাৰীত ভয়ংকৰ জালিয়াতিঃ
পঞ্চায়তৰ ভুৱা NOC ৰে সুৰা বিপণী খোলাৰ যো জা...
ৰঙিয়া আবকাৰীত ভয়ংকৰ জালিয়াতিঃ পঞ্চায়তৰ ভুৱা NOC ৰে সুৰা বিপণী খোলাৰ যো জা...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটী: ৰঙিয়াৰ আবকাৰী বিভাগত এক ভয়ংকৰ জালিয়াতিৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। এই দুষ্কাৰ্য সংঘটিত কৰিছে বিশ্ৱজিৎ কলিতাৰ মাৰফতত হৰেন কলিতা নামৰ এগৰাকী ব্যক্তিয়ে।

তেওঁৰ এই জালিয়াতিত ৰঙিয়াৰ আবকাৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, আবকাৰী বিভাগে শেহতীয়াকৈ এক নিৰ্দেশনা জাৰী কৰি কৈছিল যে, যিসকল আগ্ৰহী নিবনুৱাই ২০২২ চনৰ ১৭ মাৰ্চৰ পূৰ্বে গ্ৰামাঞ্চলত বিলাতী সুৰাৰ বিপণী খোলাৰ বাবে এক লাখ টকা আবকাৰী বিভাগক জমা দি অনলাইন আবেদন কৰিছিল তেওলোকক ‘অন’ শ্ৱপৰ পৰিৱৰ্তে ‘অফ’ শ্ৱপ বিপণী খোলাৰ সুবিধা কৰি দিয়া হ’ব।

ইয়াৰ বিপৰীতে ১৭ মাৰ্চৰ পিচৰ কোনো আবেদন গ্ৰামাঞ্চলৰ ক্ষেত্ৰত গ্ৰহণ কৰা নহ'ব। আৰু ইয়াৰে সুবিধা লৈ একাংশ সমাজবিৰোধী লোকে আবকাৰী বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি ভুৱা তথ্য পাতি আবেদনৰ লগত গাঠি দি সুৰা বিপণী খোলাৰ যো –জা কৰিছে।

ৰঙিয়া আবকাৰীৰ অধীনত বিষ্ণুপুৰ- বালিসত্ৰ গাওঁ পঞ্চায়তত তেনে এক জালিয়াতিৰ ঘটনা সংঘটিত হৈছে। সুৰা বিপণী খোলাৰ বাবে ভালেমান তথ্য পাতিৰ প্ৰয়োজন। তাৰ ভিতৰত গ্ৰামাঞ্চলত গাওঁ পঞ্চায়তৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ ( এন অ’ চি) প্ৰধান।

এই প্ৰমাণ পত্ৰখনেই জাল কৰিছে বিশ্ৱজিৎ কলিতা নামৰ এগৰাকী ব্যক্তিয়ে। প্ৰকৃততে বিশ্ৱজিৎ কলিতাৰ নাম লৈ এই দুষ্কাৰ্য সংঘটিত কৰিছে হৰেন কলিতাই। এইজন ব্যক্তিৰ নামে বেনামে ৰঙিয়া চহৰত ইতিমধ্যে দুখনকৈ সুৰাৰ বিপণী আছে।

এইবাৰ ৰঙিয়া আবকাৰীৰ অধীনত বিষ্ণুপুৰ- বালিসত্ৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত দিগিৰপাৰত বিশ্ৱজিৎ কলিতাৰ নামত তৃতীয়খন সুৰাৰ বিপণী খুলিবলৈ গৈ হৰেন কলিতাই পঞ্চায়তৰ মূল নথিখনেই জাল কৰি আবেদনৰ সৈতে গাঠি দিছে।

ইতিমধ্যে এই ভুৱা নথিযুক্ত ফাইল ৰঙিয়া আৰু আমিনগাৱৰ আবকাৰী বিভাগৰ সংশ্লিষ্ট বিষয়াৰ টেবুল বাগৰি আবকাৰী আয়ুক্তৰ কাৰ্যালয় পাইছেগৈ। উল্লেখ্য প্ৰায় ডেৰ বছৰ পূৰ্বে হৰেন কলিতাই বিশ্ৱজিৎ কলিতাৰ নামত সুৰাৰ বিপণী খোলাৰ বাবে বিষ্ণুপুৰ-বালিসত্ৰ গাওঁ পঞ্চায়তৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ বিচাৰি পঞ্চায়তৰ তদানীন্তন সচিব গোবিন্দ ভৰালীৰ কাষ চাপিছিল যদিও তেওঁ প্ৰদান নকৰিলে।

সুৰাৰ বিপণী খুলিব খোজা স্থান ঐতিহাসিক সত্ৰখনৰ নিচেই ওচৰত হোৱা বাবে তথা হাজো সমষ্টিৰ অন্তৰ্গত হোৱা বাবে আৰু স্থানীয় সচেতন ৰাইজৰ দুৰ্ঘোৰ আপত্তিৰ বাবে সচিব ভৰালীয়ে এন অ’ চি দিবলৈ অপাৰগতা প্ৰকাশ কৰে। প্ৰণিধান যোগ্য যে হাজো,মাজুলী আৰু বৰপেটাত সুৰাৰ বিপণী স্থাপন কৰিব নোৱাৰে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ দিনতে অধিসূচনা জাৰি কৰি থোৱা আছে ।

ইয়াত বিফল হৈ ধুৰন্ধৰ হৰেন কলিতাই উক্ত স্থানত এখন ৰেষ্টুৰেণ্ট খুলিম বুলি কৈ ‘বি কে ৰেষ্টুৰেণ্ট’ৰ নামত এখন এন অ’ চি উলিয়াই ল’য়। সেইখনেই কম্পিউটাৰত জাল কৰি সুৰা বিপণীৰ এন অ’ চি হিচাপে প্ৰস্তুত কৰে আৰু আবেদনৰ সৈতে গাঠি দিয়ে।

সুৰা বিপণী খুলিবলৈ প্ৰয়োজন হোৱা গাওঁ পঞ্চায়তৰ আপত্তিবিহীন প্ৰমাণ পত্ৰখনত মাটিৰ দাগ নং ,পট্টা নং তথা ক্ৰমিক নং আৰু ৰেফাৰেন্স নং উল্লেখ থাকিব লাগে যদিও ভুৱা এন অ’ চিখনত সেই বিলাকৰ উল্লেখ নাই।

সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত সংশ্লিষ্ট আবকাৰী পৰিদৰ্শকে বিপণী স্থাপন কৰিব খোজা স্থানলৈ নিজে গৈ সকলো বিষয় তন্ন তন্নকৈ পৰীক্ষা কৰিব লাগে আৰু তথ্য পাতিবোৰ আচল নে নকল সেয়া অনুসন্ধান কৰিব লাগে যদিও ৰঙিয়াৰ আবকাৰী পৰিদৰ্শক দুলাল শৰ্মাই সেই দায়িত্ব পালন নকৰিলে। স্থানীয় ৰাইজৰ প্ৰশ্ন বিশ্ৱজিৎ কলিতাৰ নামত সুৰাৰ বিপণী খুলিবলৈ গৈ ধুৰন্ধৰ হৰেন কলিতাই ৰঙিয়া আৰু আমিনগাঁৱৰ সংশ্লিষ্ট আৱকাৰী বিষয়াক কিমান লাখ টকাত মেনেজ কৰিলে ?

ৰাজ্যত লাখ লাখ শিক্ষিত নিবনুৱা থকাৰ পিচতো এজন ব্যক্তিক বেলেগ বেলেগ নামত তিনিখনকৈ বিলাতী সুৰাৰ বিপণী খুলিবলৈ সুবিধা কৰি দিয়া আবকাৰী বিভাগৰ এনে দুষ্কাৰ্যৰ খবৰ বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পায়নে বাৰু ? স্থানীয় সচেতন ৰাইজে এই জালিয়াতিৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in