অসম আৰক্ষীৰ খাকী পোচাকত লগা দাগ চাফা কৰিব কোনে...

অসম আৰক্ষীৰ খাকী পোচাকত লগা দাগ চাফা কৰিব কোনে...
অসম আৰক্ষীৰ খাকী পোচাকত লগা দাগ চাফা কৰিব কোনে...

তুষাৰ প্ৰতিম

মুখ্যমন্ত্ৰীয়ে কৈছিল এনকাউণ্টৰ বুলি কোনো শব্দ নাই। বিধানসভাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই এক প্ৰশ্নৰ উত্তৰত কৈছিল, অসমত কোনো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱা নাই।

ন-বিজেপি ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য আকৌ আৰু এঢাপ ওপৰত আছিল। তেওঁৰ মতে মুখ্যমন্ত্ৰীয়ে যদি কৈছে এনকাউণ্টাৰ হোৱা নাই তেনে নাই হোৱা। কেইদিনমানৰ আগলৈকে বিধানসভাত দিয়া তথ্যকে সত্য বুলি ধাৰণা কৰা হৈছিল।

বিধানসভাৰ অধিৱেশনত বিধায়কে বিভিন্ন বিষয়ত প্ৰশ্ন উত্থাপন কৰে আৰু চৰকাৰী পক্ষৰ মন্ত্ৰীয়ে সেই প্ৰশ্নৰ উত্তৰ দিয়ে। মন্ত্ৰীয়ে দিয়া উত্তৰ অসুদ্ধ হোৱাৰ ঘটনা খুব কমেই আছিল।

কিন্তু এতিয়া সময় সলনি হ'ল। বিধানসভাতো চৰকাৰক সুৰক্ষা দিয়াৰ স্বাৰ্থত, সমালোচনাৰ পৰা ৰক্ষা পোৱাৰ স্বাৰ্থত দিয়া হয় ভুল উত্তৰ অথবা অশুদ্ধ তথ্য। ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ তথ্যই অসম বিধানসভাত যে, চৰকাৰী পক্ষই ভুল তথ্য দাখিল কৰিছিল সেয়া স্পষ্ট কৰিলে। সমান্তৰালকৈ স্পষ্ট কৰিলে অসমৰ সচেতন ৰাইজৰ সন্দেহ যে, ভুল নাছিল।

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ প্ৰতিখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, পৰিদৰ্শক, উপ-পৰিদৰ্শকসকলক লৈ এক বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকতে তেওঁ কৈছিল গুলী চলোৱাটো আৰক্ষীৰ ষ্টাইল হ'ব লাগে।

সেয়াই আৰম্ভণি। ইয়াৰ পিছত প্ৰথমটো এনকাউণ্টাৰ (!)ৰ ঘটনা সংঘটিত হৈছিল নগাঁৱত। নগাঁৱৰ তেতিয়াৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গুলীবিদ্ধ কৰিছিল।

ইয়াৰ পিছত যেন সমগ্ৰ ৰাজ্যখনত আৰক্ষীৰ গুলীচালনা এক নিত্য নৈমিত্তিক সাধাৰণ কথালৈ ৰূপান্তৰ হৈছিল। প্ৰায় প্ৰতিদিনেই আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ জিম্মাৰ পৰা আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰে ড্ৰাগছ সৰবৰাহকাৰী।

ফলত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয়। কেৱল ড্ৰাগছ সৰবৰাহকাৰীয়েই নহয়, ধৰ্ষণকাৰী, অপহৰণকাৰী, নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষাকাৰী সকলোৱেই সুপ্ৰশিক্ষিত আৰক্ষীৰ জিম্মাৰ পৰা অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰাটো আছিল তেনেই সাধাৰণ কথা।

ৰাইজৰ সন্দেহ হৈছিল। সন্দেহ হৈছিল আৰক্ষীয়ে প্ৰতিটো গুলী চলোৱা ঘটনাৰ পিছত আগবঢ়োৱা ভাষ্যত। সকলোৰে একেটাই কথা। আৰু সেই সন্দেহক অধিক প্ৰাসংগিক কৰি তুলিছিল ৩ টা তথাকথিত এনকাউণ্টাৰৰ ঘটনাই।

তাৰে দুটা এনকাণ্টাৰৰ ঘটনা ঘটিছিল নগাঁৱত। ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰ আৰু বটদ্ৰৱা থানা জ্বলাই দিয়াৰ আঁৰত থকা মূল অভিযুক্ত আশ্বিকুল ইছলামৰ এনকাউণ্টাৰ।

আনহাতে তৃতীয়টো তেনে এনকাউণ্টাৰ আছিল আলফাৰে সম্পৰ্ক ৰক্ষা কৰাৰ অপৰাধত গুলীয়াই আহত কৰা এজন যুৱক পৰৱৰ্তী সময়ত হাস্পতালত মৃত্যু হোৱাৰ ঘটনা।

এই তিনিওটা তথাকথিত এনকাউণ্টাৰে সমগ্ৰ ৰাজ্যখনত চলি থকা আৰক্ষীৰ এনকাউণ্টাৰক লৈ প্ৰশ্ন উত্থাপন হৈছিল। কীৰ্তি কমল বৰা পৰৱৰ্তী সময়ত নিৰ্দোষী আছিল বুলি প্ৰমাণ হ'ল। একেদৰে আলফাৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত আৰক্ষীৰ গুলীত নিহত হোৱা যুৱকজনৰ পত্নীলৈ অসম চৰকাৰে আগবঢ়ালে চৰকাৰী চাকৰি আৰু অৰ্থ সাহায্য।

শেহতীয়াকৈ অসম আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে সংঘটিত কৰি অহা তথাকথিত এনকাউণ্টাৰৰ স্বৰপ উদঙাই দিলে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে। খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে এজন অভিযুক্তক সংঘৰ্ষৰ নামত গুলীয়াই হত্যা কৰা ঘটনাৰ তদন্ত কৰি মানৱ অধিকাৰ আয়োগে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতি আৰু চক্ৰ পৰিদৰ্শক অচ্যুত দত্তক দোষী সাব্যস্ত কৰিলে।

২০২১ ৰ ১০ আগষ্টত ৩০৮/২০১৮ আৰু ২৩৫/২০২১ নম্বৰত ৰুজু হৈ থকা দুটা গোচৰৰ অধীনত নিশা গ্ৰেপ্তাৰ কৰিছিল বিছদিয়া গাঁৱৰ মহম্মদ আশা বাবু নামৰ এজন লোকক। এই লোকজনকে আৰক্ষীয়ে লুকুৱাই থোৱা অস্ত্ৰ-শস্ত্ৰ বিচাৰিবলৈ লগত লৈ অভিযানলৈ যায়। কিন্তু এই দুয়োটা গোচৰেই নাছিল অস্ত্ৰ-শস্ত্র সংক্রান্তীয়।

ইয়াৰ পিছতে আৰক্ষীৰ জিম্মাত থকা আশা বাবুৱে আৰক্ষীলৈ গুলী চলাই পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীয়াবলৈ বাধ্য হয়। ফলত ১১ আগষ্টত তেওঁৰ মৃত্যু হয়।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ৭.৬৫ এম এমৰ এটা পিষ্টলসহ লডেড মেগজিন। তাৎপৰ্যপূৰ্ণ ভাৱে গ্রেপ্তাৰৰ সময়তে আশা বাবু অসুস্থ হোৱাৰ লগতে ঘৰতে ছেলাইন লৈ আছিল।

এই এনকাউণ্টাৰৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ এক গোচৰ লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। তদন্তৰ দায়িত্ব দিয়া হৈছিল জিলা দণ্ডাধীশক। জিলা দণ্ডাধীশে দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে তদন্ত কৰি প্ৰতিবেদন দাখিল কৰে।

চক্ৰ বিষয়াই অভিযুক্তৰ পত্নী মনোৱাৰা বেগমকে ধৰি বিভিন্ন পক্ষৰ সাক্ষ্য লৈ পৰৱৰ্তী সময়ত দাখিল কৰে তদন্তৰ প্ৰতিবেদন। এই তদন্তৰ প্ৰতিবেদনতেই স্পষ্ট হয় যে, দুই আৰক্ষী বিষয়াই ভুৱা এনকাউন্টাৰ সংঘটিত কৰিছিল।

মানৱ অধিকাৰ আয়োগে এই দুই আৰক্ষী বিষয়াক ২ মাহৰ ভিতৰত ভুক্তভোগীৰ পৰিয়ালক ৭ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। লগতে ৰাজ্য চৰকাৰক এই দুই আৰক্ষী বিষয়াক শীঘ্ৰেই কঠোৰ শাস্তি দিবলৈও কোৱা হৈছে।

অসম আৰক্ষীৰ তথাকথিত এনকাউণ্টাৰৰ ঘটনাক লৈ সচেতন লোকৰ সন্দেহ আছিল। আনকি ন্যায়ালয়েও ক'বলৈ বাধ্য হৈছিল আৰক্ষীৰ বাহনত চি চি কেমেৰা ল'গাব লাগে বুলি।

অস্ত্ৰ, সস্ত্ৰৰে সু-সজ্জিত আৰক্ষীৰ জিম্মাৰ পৰা কিদৰে হাতত হেণ্ডকাফ লগাই থোৱা অপৰাধীয়ে অস্ত্ৰ কাঢ়ি পলাবলৈ সক্ষম হয় সেয়া সকলোৰে বাবে হৈ পৰিছিল এক নুবুজা সাঁথৰ। মানুহে ক'বলৈ বাধ্য হৈছিল অসম আৰক্ষীৰ জোৱান, বিষয়াক দিয়ক উন্নত প্ৰশিক্ষণ।

অতিমাত্ৰা সকলোৰে বেয়া। যিকোনো পৰিস্থিতিতেই অপৰাধ নিয়ন্ত্ৰণ কৰিবই লাগিব। অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষী কঠোৰতকৈ কঠোৰ হ'ব লাগিব। প্ৰয়োজনত অসম আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে চলাব লাগিব গুলী।

কিন্তু সেই বুলি মাৰণাস্ত্ৰ হাতত লৈ আইন ৰক্ষাকাৰীৰ পৰা আইন ভংগকাৰীলৈ ৰূপান্তৰ হোৱা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। অপৰাধ নিয়ন্ত্ৰণৰ নামত আৰক্ষীয়ে যিদৰে এনকাউণ্টাৰ কৰিবলৈ আৰম্ভ কৰিলে, অসমৰ আকাশ বতাহ গুলীৰ শব্দৰে কঁপাই তুলিলে সেয়া কাৰোৰে কাম্য নহয়।

একাংশ আৰক্ষী বিষয়াই এনকাউণ্টাৰ কৰি যিদৰে চাফাই দিবলৈ ধৰিলে তাৰ পৰা নিশ্চিত হৈছিল ক'ৰবাত কিবা এটা খেলিমেলি আছে। আৰু মানৱ অধিকাৰ আয়োগৰ তদন্তত সেয়াই প্ৰমাণিত হ'ল।

অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষীক ৰাইজৰ কাষলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। আৰক্ষী অধীক্ষকৰসকলৰ কাৰ্যালয়ত মানুহৰ সমস্যাৰ কথা শুনিবলৈ, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ দেখুৱাবলৈ এজন বিষয়াক প্ৰতি দিনেই থকাটো বাধ্যতামূলক কৰিছে এয়া খুবেই আশাৰ খবৰ।

এনেবোৰ প্ৰচেষ্টাই অসম আৰক্ষীক নিশ্চয় ৰাইজৰ মাজলৈ লৈ যাব। কিন্তু সমান্তৰালকৈ অসম আৰক্ষীৰ একাংশ বিষয়া, জোৱানৰ কৰ্মকাণ্ডই যি দুৰ্নাম আৰ্জিলে তাকো ধুই নিকা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব ভুৱা এনকাউণ্টৰ সংঘটিক কৰা প্ৰতিজন আৰক্ষীৰ। এনে এক পৰিৱেশৰ সূচনা কৰিব লাগিব য'ত ৰাইজে আৰক্ষীক সন্দেহৰ পৰিৱৰ্তে বিশ্বাসৰ চকুৰেহে চাবলৈ আৰম্ভ কৰিব। মানুহে আৰক্ষীক দেখিলে ভয়ৰ পৰিৱৰ্তে সুৰক্ষিত অনুভৱ কৰিব।

অসম আৰক্ষীৰ খাকী পোচাকত লগা দাগ চাফা কৰিব কোনে...
ফেচবুকৰ প্ৰমে ! নাবালক প্ৰেমিকে নাবালিকা প্ৰেমিকক সোনাগছিত বিক্ৰী কৰিলে ৪০ হাজাৰত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in