ফেচবুকৰ প্ৰমে ! নাবালক প্ৰেমিকে নাবালিকা প্ৰেমিকক সোনাগছিত বিক্ৰী কৰিলে ৪০ হাজাৰত...

ফেচবুকৰ প্ৰমে ! নাবালক প্ৰেমিকে নাবালিকা প্ৰেমিকক সোনাগছিত বিক্ৰী কৰিলে ৪০ হাজাৰত...

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যম ফেচবুকত প্ৰথম চিনাকী। তাৰ পিছত বন্ধুত্ব। আৰু সেই বন্ধুত্বই পৰৱৰ্তী সময়ত ৰূপান্তৰ হয় প্ৰেমেলৈ। কিন্তু নাবালিকা প্ৰেমিকাই হয়তো বুজি পোৱা নাছিল সেই প্ৰেমৰ আঁৰত প্ৰকৃত উদ্দেশ্য কি আছিল?

তেওঁক যে ৪০ হাজাৰ টকাৰ বিনিময়ত সোনাগছিত বিক্ৰী কৰি দিয়া হ’ব সেয়া হয়তো কল্পনাৰো অগোচৰ আছিল। এক ভয়ংকৰ ঘটনা। এজন নাবালক প্ৰেমিকৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ।

নাবালিকা প্ৰেমিকাক সোনাগছিৰ নিষিদ্ধ অঞ্চলত ৪০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগে কঁপাইছে চুবুৰীয়া পশ্চিমবংগ। এই গুৰুতৰ অভিযোগেৰে ২৪ পৰগনাৰ সুন্দৰবন আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে।

এই অভিযোগক গুৰুত্বসহকাৰে লৈ আৰক্ষীয়ে তদন্ত চলাই ইতিমধ্যে উদ্ধাৰ কৰিছে নাবালিকাক। আনহাতে গ্ৰেপ্তাৰ কৰিছে প্ৰতাৰক নাবালক প্ৰমিকক।গ্ৰেপ্তাৰ কৰা হৈছে সোনাগছৰি এজন যৌন কৰ্মী আৰু যিয়ে এই নাবালিকাগৰাকীক ৪০ হাজাৰ টকাত ক্ৰয় কৰিছিল।

ঢোলা আৰক্ষী থানাৰ সূত্ৰত প্ৰকাশিত খবৰ মতে নাবালিকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছত তেওঁক বিয়াৰ প্ৰস্তাৱ দিছিল নাবালক প্ৰেমিকে।সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল নাবালিকা প্ৰেমিকায়ো।

ইয়াৰ পিছত বিগত ৩১ জানুৱাৰীত আৰক্ষী থানাত নাবালিকাৰ মাতৃয়ে এক গোচৰ তৰে। প্ৰাথমিক পৰ্যায়ত আৰক্ষীয়ে গোচৰটোৰ আধাৰত তদন্ত আৰম্ভ কৰে। এই তদন্তৰ মাজতে আৰক্ষীয়ে কলকাতাৰ ধৰ্মতলাৰ পৰা উদ্ধাৰ কৰে নাবালিকাগৰাকীক।

ইয়াৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। নাবালিকাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি তেওঁ যিজন ল'ৰাৰ সৈতে আহিছিল সেই ল'ৰাজনে তেওঁক বিক্ৰী কৰি দিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে নাবালক প্ৰেমিকক গ্ৰেপ্তাৰ কৰে।

নাবালকজনক সোধপোছ কৰাৰ অন্তত সেই ঘটনাৰ সৈতে আন এজন লোক জড়িত থকাৰ কথা পোহৰলৈ আহে। আৰক্ষীয়ে লগে লগে সেই ব্যক্তিজনৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰত প্ৰকাশিত খবৰ মতে নাবালিকাক বিক্ৰীৰ কৰা ঘটনাৰ সৈতে জডি়ত আছে মেহৰানা খাতুন ওৰফে তানিয়া নামৰ সোনাগছিৰ এগৰাকী যৌন কৰ্মী। এই যৌন কৰ্মীগৰাকীয়েই নাবালিকা গৰাকীক বিশ্বজিত নামৰ এজন লোকৰ হাতত ৪০ হাজাৰ টকাত বিক্ৰী কৰিছিল।

তেওঁ পুনৰ কয় যে, বিশ্বজিত নামৰ লোকজনৰ পৰা নাবালিকাগৰাকীক জাইদুল নামৰ আন এজন ব্যক্তিয়ে ক্ৰয় কৰিছিল। আৰক্ষীয়ে তদন্ত কৰি নাবালিকাগৰাকীক ক্ৰয় কৰা এই দুজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে।

ধৃত প্ৰাপ্তবয়স্ক দুই অভিযুক্তকে মঙ্গলবাৰে ন্যায়ালয়ত হাজিৰ কৰা হৈছে। ন্যায়ালয়ে দুয়োকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ফেচবুকৰ জৰিয়তে নাবালক, নাবালিকাৰ প্ৰেম আৰু সেই প্ৰেমৰ আঁৰত লুকাই থকা ইমান জঘন্য চিন্তাৰ ঘটনাই এতিয়া প্ৰতিজন অভিভাৱককে চিন্তিত কৰি তুলিছে।

আনহাতে এজন নাবালকৰ মনত কি দৰে ইমান অপৰাধ প্ৰৱণতাই গা কৰি উঠিব পাৰে সেয়াও চিন্তাৰ বিষয় হৈ পৰিছে।

ফেচবুকৰ প্ৰমে ! নাবালক প্ৰেমিকে নাবালিকা প্ৰেমিকক সোনাগছিত বিক্ৰী কৰিলে ৪০ হাজাৰত...
তেজপুৰ, যোৰহাট, ডিব্ৰুগড়ৰ পৰা সদায়েই বিমানেৰে আহিব পাৰিব গুৱাহাটী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in