শ্বিলং নাযাব !

শ্বিলং নাযাব !
শ্বিলং নাযাব !

মৃদুল কুমাৰ সন্দিকৈ

কেতিয়া আহিব সমন্বয়ৰ খবৰ? অশান্ত আজি সীমান্ত। চৌদিশে কেৱল বিদ্বেষ আৰু সংঘৰ্ষ। ক'ৰ পৰা কথাবোৰ ক'লৈ গৈছে, সেই কথা উপলব্ধি কৰাৰ ক্ষমতা যেন আমি হেৰুৱাই পেলাইছো।

প্ৰসংগ অসম-মেঘালয় সংঘৰ্ষ। লক্ষ্য সাধাৰণ জনতা হামৰেণৰ খেৰণীৰ মুক্ৰত সংঘটিত ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধানৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ লগত অসম চৰকাৰ আলোচনা চলি আছে।

আশা কৰা হৈছে, এই আলোচনাৰ মাধ্যমেৰেই সীমান্তৰ সমস্যাসমূহ সমাধান হ'ব। মুক্ৰত অবৈধভাৱে বন ধ্বংসৰ অভিযান চলোৱা অপৰাধীক কৰায়ত্ত কৰাৰ পিছতে আক্ৰমণ, প্ৰত্যাক্ৰমণ ঘটনা সংঘটিত হ'ল।

মুঠ ৬ জনকৈ লোকৰ মৃত্যু হোৱা এই খবৰবোৰে শেহতীয়াকৈ দুই ৰাজ্যৰ জনসাধাৰণৰ মাজত এক সংঘাতপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিলে। অসমৰ আৰক্ষী আৰু বন বিভাগৰ দাবী সেই বনাঞ্চলখনত মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ীয়ে অনাধিকাৰ প্ৰৱেশ কৰি মূল্যৱান গছ-গছনি কাটি আহিছে।

ইয়াক বাধা দিওতেই মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাৰ সীমান্তবৰ্তি অঞ্চলটোত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। লক্ষ্যণীয় যে, এই মুক্ৰ অঞ্চলটোত অসমে নিজৰ বুলি দাবী কৰাৰ বিপৰীতে মেঘালয়েও তেওঁলোকৰ বুলিহে দাবী কৰে।

এনেবোৰ কাৰণতে ইয়াৰ পূৰ্বেও বহুবাৰ সংঘাত হৈছে। ২২ নৱেম্বৰ ২০২২ ৰ পৰা অসম আৰু মেঘালয়ৰ ৬ জনকৈ লোকৰ মৃত্যু হ'ল এই সংঘাতত। এখন ট্ৰাকত এই বনাঞ্চলৰ কাঠ কাটি, মেঘালয়ৰ অভিমুখে লৈ যোৱাৰ সময়ত নৈশ তহলদাৰি বনৰক্ষী আৰু গৃহৰক্ষী জোৱানে সেই ট্ৰাকখন জব্দ কৰাৰ চেষ্টা কৰিছিল।

বন বিভাগৰ দলটোৱে পলাই সাৰিব খোজা ট্ৰাকখনলৈ লক্ষ্য কৰি গুলী বৰ্ষণ কৰাত এই ঘটনাৰ সূত্ৰপাত হয়। বনবিভাগৰ লোকে ৩ জনকৈ মেঘালয়ৰ চোৰাং কাঠ সৰবৰাহকাৰীক আটক কৰিছিল যদিও বন্দুকৰ গুলীৰ শব্দ শুনি হাতে হাতে অস্ত্ৰ লৈ মেঘালয়ৰ কেইবাশ লোক ওলাই আহি অসমৰ বন বিভাগ আৰু নিৰাপত্তাৰক্ষী দলটোক চাৰিও ফালৰ পৰা ঘেৰাও কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাৰ্বি আংলং আৰক্ষী আৰু বনসুৰক্ষা কৰ্মীৰ দলে মেঘালয়ৰ আক্ৰমণকাৰীৰ ওপৰত গুলীচালনা কৰাৰ বিপৰীতে মেঘালয়ৰ আক্ৰমণকাৰীসকলৰ পৰাও গুলীৰে প্ৰত্যাক্ৰমণ কৰা হৈছিল। এই ঘটনাত অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথে নিহত হৈছিল।

মেঘালয়ৰ থালচাদাপ, নিকবি আৰু চিকতালাম ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত মেঘালয়ৰ আন দুজন আক্ৰমণকাৰী তাল নাৰথিয়াম আৰু চিৰোপ তুমেৰৰ মৃত্যু ঘটে। মেঘালয়ৰ আক্ৰমণকাৰীসকলে অসমৰ গৃহৰক্ষী জোৱানজনৰ মৃতদেহ আৰু তেওঁৰ থ্ৰী-নট-থ্ৰী ৰাইফলটোও লৈ যায়।

ঘটনাস্থলীৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ নিলগত মকৈলুং আৰক্ষী চকী। আৰক্ষীয়ে আটক কৰা চোৰাং কাঠৰ সৰবৰাহ কৰা মেঘালয়ৰ কাঠ বেপাৰী কেইজনকো নিজৰ জিম্মাত ৰখাব নোৱাৰিলে।

এয়া মেঘালয়ৰ আগ্ৰাসন বুলি বহুতে ক'ব খোজে। মুক্ৰ বন বিভাগত থকা এটা বন শিবিৰ জ্বলাই দি শিবিৰটোত থকা এখন বাহন আৰু কেইবাখনো বাইক ভস্মিভূত কৰে। এই ঘটনাৰ পাছতে সমগ্ৰ ঘটনাৰ বাবে দায়ী অসমৰ বন বিভাগ আৰু আৰক্ষীক কৰা হ'ল।

ঘটনাৰ পাছতেই পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক তাৎক্ষণিক ভাৱে চৰকাৰে বদলি কৰে। ইফালে জিৰিকিন্দিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথ আৰু খেৰণী ফৰেষ্ট ৰেঞ্জৰ বন সুৰক্ষা বিষয়া চিকাৰী ইংহিক নিলম্বন কৰিছে ৰাজ্য চৰকাৰে।

যদি সঁচাকৈয়ে অসমৰ বন ভূমিত কোনো দুৰ্বৃত্তই বন ধ্বংস চলোৱাৰ বিৰুদ্ধে, ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, তেনেহ'লে এয়া কিয় কৰা হ'ল? মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসমৰ ওপৰতে সমস্ত দোষ জাপি দিছে। অমৰ মুখ্যমন্ত্ৰীয়ে সেয়া স্বীকাৰ কৰি লৈয়ে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে নেকি?

এই ঘটনাৰ পাছতেই অসম মেঘালয়ৰ মাজত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। অসমৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীত যোৱা পৰ্যটককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। শ্বিলঙমুখী সেই পৰ্যটকৰসকলৰ লগতে অসমৰ এখন বলেৰ', ছুইফ্ট ডিজায়াৰ আৰু ৱাগানাৰ জ্বলাই দিয়াৰ খবৰো আহিছে।

অসম আৰক্ষীয়ে মেঘালয়ত অনাধিকাৰ প্ৰৱেশ কৰা অভিযোগ সঁচানে? ইয়াৰ জুই বিভিন্ন স্থানলৈ বিয়পি পৰিল। সামাজিক মাধ্যমত বিভিন্ন ওৰা বাতৰি বিয়পিল। মেঘালয়ৰ সকলো জিলাতে ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

২৩ নৱেম্বৰ ২০২২ ত গুৱাহাটীতো মেঘালয়ত পঞ্জীয়নভুক্ত গাড়ী দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি লৈছে। মেঘালয়ৰ মাজেৰে যোৱা পথেদি অসমৰ গাড়ী অহা যোৱা কৰাত বাধা দিয়া হৈছে।

এই উদিগ্নজনক পৰিস্থিতিয়ে কোনো সমস্যা সমাধানৰ পথ বাহিৰ নকৰে। জোৰাবাটত থকা আৰক্ষীয়ে মেঘালয়ত প্ৰৱেশ কৰিব খোজা অসমৰ চালক আৰু বাহনক বাধা দি ৰাখিছে।

সীমান্তৱৰ্তী অঞ্চলসমূহৰ সংঘাত কেতিয়ালৈ সমাধান হ'ব? এখন দেশৰ ভিতৰতে সেই দেশসমূহৰ প্ৰদেশৰ নিজ নিজ মানুহৰ মাজত এনে ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য।

তাৰ সুযোগ আন চুবুৰীয়া ৰাজ্যয়েও গ্ৰহণ কৰিছে। সীমান্তৱৰ্তী অঞ্চলৰ নাগালেণ্ডৰ লোকেও সুযোগ গ্ৰহণ কৰাৰ খবৰ আহিছে। অৰুণাচলেও সময়ে সময়ে তেনে সুযোগ গ্ৰহণ কৰি পৰিস্থিতি জটিল কৰি তুলিছে।

মিজোৰামৰ পৰাও তেনে প্ৰত্যাহ্বান অসম আৰক্ষীয়ে গ্ৰহণ কৰি পৰিস্থিতি চম্ভালিবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া ঘটনা এতিয়া অতীত হ'লেও প্ৰসংগক্ৰমে এইবোৰ চৰ্চালৈ আহিছে। সংঘাতে কেতিয়াও সমস্যাৰ সমাধামৰ পথ কৰ্ষণ নকৰে।

শ্বিলঙলৈ নাযাব !তাতে নেকি দায়িত্ব শেষ আমাৰ? সীমান্তৰ এই সমস্যাবোৰ কেতিয়াবা সমাধান হ'বনে? দুখন ৰাজ্যৰ মাজত যদি এই সমন্বয়েই নাথাকে তেনেহ'লে এখন দেশৰ বাসিন্দা হৈ আমি ভাৰতীয় বুলি গৌৰৱ কৰাৰ অৱকাশ ক'ত থাকিব?

সংঘাত সকলোৱে পৰিহাৰ কৰক। যি ৰাজ্যৰে নাগৰিক নহওক কিয়, দোষীক দোষী বুলি গণ্য কৰি শাস্তি দিব পৰা এক পৰিৱেশ ৰচনা হওক। আলাপ আলোচনাৰ মাজেৰে, এৰা-ধৰা কৰি হ'লেও সীমা বিবাদৰ নিষ্পত্তিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰি উদ্যোগ লওক।

এই পৰিস্থিতিৰ ফলত দুই ৰাজ্যৰ সীমান্তৱৰ্তী নাগৰিকৰ লগতে সাধাৰণ নাগৰিকসকলেও ইয়াৰ কুফল ভোগ কৰিবলগীয়া হৈছে। অসম-মেঘালয়ৰ মাজত যুদ্ধ নালাগে। লাগে দুই ৰাজ্যৰ মাজত সমন্বয় আৰু সম্প্ৰীতি।

মেঘালয়ৰ বিৰুদ্ধে অসম আৰু অসমীয়াৰ কোনো বিদ্বেষ নাই। আমি ওচৰ-চুবুৰীয়া। ওচৰ চুবুৰীয়াই মিলাপ্ৰীতিৰে পৰস্পৰৰ নিৰ্ভৰশীল হৈয়ে সৰ্বাংগী বিকাশৰ লক্ষ্যৰে আগুৱাই যাব লাগিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in