APSC ৰ কেলেংকাৰীৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় ন'হল ৰাজ্য চৰকাৰৰ !

APSC ৰ কেলেংকাৰীৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় ন'হল ৰাজ্য চৰকাৰৰ !
APSC ৰ কেলেংকাৰীৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় ন'হল ৰাজ্য চৰকাৰৰ !

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় নাই ৰাজ্য চৰকাৰ। এনে পৰিপ্ৰেক্ষিততে বিপ্লৱ শৰ্মা আয়োগে আজি এ পি এছ চি কেলংকাৰীৰ প্ৰতিবেদন দাখিল কৰিলে সচিব তৰালী শৰ্মাৰ হাতত।

উল্লেখ্য যে, ২০১৪ বৰ্ষৰ এ পি এছ চিৰ কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ কৰি বিপ্লৱ শৰ্মা আয়োগে ৩৮৫ পৃষ্ঠাৰ এক প্ৰতিবেদন তৈয়াৰ চৰকাৰকলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও অসম চৰকাৰৰ পৰা এই সন্দৰ্ভত কোনো উত্তৰ নাপালে আয়োগে। ফলত ১ নৱেম্বৰ ২০২৩, বুধবাৰে আয়োগে সচিব তৰালী শৰ্মাৰ হাতত এই প্ৰতিবেদন দাখিল কৰে।

সচিব তৰালী শৰ্মাই এই প্ৰতিবেদন অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব নীৰজ বৰ্মাৰ হাতত প্ৰদান কৰে। উল্লেখ্য যে, ২০১৩ বৰ্ষৰ এ পি এছ চি কেলেংকাৰীৰ তদন্ত সামৰি ইয়াৰ প্ৰতিবেদন আয়োগে আজিৰ পৰা প্ৰায় ডেৰ বছৰ আগতেই ৰাজ্য চৰকাৰৰ হাতত দাখিল কৰিছিল যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

ইয়াৰ পাছত ২০১৪ ৰ প্ৰতিবেদন গ্ৰহণ কৰিলে পুনৰ এই বিষয়ত উত্তৰ প্ৰদানৰ ভয়তে চৰকাৰে প্ৰতিবেদনখন গ্ৰহণ নকৰিলে বুলি চৰ্চা চলিছে। ২০১৪ বৰ্ষৰ এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদনত মুঠ ১৫ গৰাকী বিষয়াৰ নাম সন্নিৱিষ্ট আছে। ইয়াৰ ভিতৰত আছে ৰাজ্যৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ পত্নীৰ নাম।

২০১৩ বৰ্ষৰ প্ৰতিবেদনত আছিল ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম। ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে বিপ্লৱ শৰ্মা আয়োগে প্ৰেৰণ কৰা ২০১৩ বৰ্ষৰ এ পি এছ চি কেলেংলাকীৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰাৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত কৈছিল, ২০১৪ বৰ্ষৰ প্ৰতিবেদন লাভ কৰাৰ পাছত দুয়োখন প্ৰতিবেদন চাইহে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

কিন্তু ২০১৪ ৰ প্ৰতিবেদন সম্পূৰ্ণ হোৱাৰ পাছতো চৰকাৰে এই প্ৰতিবেদন গ্ৰহণ নকৰিলে। জানিব পৰা মতে আয়োগে আটাইকেইগৰাকী অভিযুক্ত বিষয়াৰ বিৰুদ্ধে সংগ্ৰহ কৰা তথ্য এটা ট্ৰাংকত ভৰাই চৰকাৰলৈ প্ৰেৰণ কৰিছে। আনহাতে বিষয়াকেইগৰাকীৰ নাম, তেওঁলোকৰ বিৰুদ্ধে প্ৰস্তুত কৰা প্ৰতিবেদন আন দুটা বন্ধ টোপোলাত জমা দিছে।

ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা এ পি এছ চি কেলেংকাৰীৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তত গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ তদন্ত অন্ত পৰিল যদিও চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোনো সদিচ্ছা প্ৰকাশ কৰা নাই। যাৰ বাবে বক্ৰ পথেৰে চাকৰি লোৱাসকল সাৰি যাব বুলি ধাৰণা কৰা হৈছে।

নিয়ম অনুসৰি আয়োগৰ প্ৰতিবেদন লাভ কৰাৰ ছয় মাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিও কি কাৰণত ২০১৩ বৰ্ষৰ কেলেংকাৰীৰ প্ৰতিবেদন দাখিল কৰাৰ ডেৰ বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰিলে অথবা ২০১৪ ৰ প্ৰতিবেদন সম্পূৰ্ণ হোৱাৰ পাছতো কিয় গ্ৰহণ নকৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱাই নহয়, দুৰ্নীতি শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ সদিচ্ছাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

APSC ৰ কেলেংকাৰীৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় ন'হল ৰাজ্য চৰকাৰৰ !
ঢকুৱাখনাত নিচামুক্তি কেন্দ্ৰৰ উদ্বোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in