উৎসৱৰ আনন্দত হেৰাই যায় দায়িত্ববোধ...

উৎসৱৰ আনন্দত হেৰাই যায় দায়িত্ববোধ...
উৎসৱৰ আনন্দত হেৰাই যায় দায়িত্ববোধ...

যি সময়ত সমগ্ৰ দেশত ফটকাৰ শব্দই গগণ ফালিলে সেই সময়ত সাতখনকৈ গাওঁ নিতাল মাৰি থাকিলে। এই গাওঁখনত দেখা পোৱা নগ'ল ফটকা। কোনেও শুনি নাপালে ফটকাৰ প্ৰচণ্ড শব্দ।

উৎসৱ উদযাপনৰ নামত এই গাওঁকেইখনত কোনেও সৃষ্টি কৰা নাই হুলস্থুলীয়া পৰিৱেশ। অথচ সকলোৱে উদযাপন কৰিলে পোহৰৰ উৎসৱ। তামিলনাডুৰ ইৰোডৰ পৰা ১০ কিলোমিটাৰ আঁতৰৰ এই গাওঁকেইখন।

গাওঁকেইখন আছে বিখ্যাত ভাগমাংগাম ভেলোড পক্ষী অভয়াৰণ্যৰ কাষত। এই অভয়াৰণ্যখলৈ এই সময়ছোৱাত আগমণ ঘটে বিভিন্ন পৰিভ্ৰমী চৰাইৰ। এই পৰিভ্ৰমী চৰাইবোৰ ইয়াত জানুৱাৰী মাহৰ প্ৰায় শেষৰ ভাগলৈকে থাকে।

সেয়েহে ফটকাৰ শব্দত এই পৰিভ্ৰমী চৰাইবোৰৰ হ'ব পৰা বিপদৰ কথা মনত ৰাখিয়েই গাওঁ কেইখনৰ বাসিন্দাই ফটকা নুফুটোৱাৰ সিদ্ধান্ত ল'লে। প্ৰায় ৯০০ বাসিন্দাৰে ভৰা এই গাওঁকেইখনৰ লোকসকলে পোহৰৰ উৎসৱ দেৱালীক কেৱল পোহৰৰ উৎসৱ হিচাপেই উদযাপন কৰিলে।

প্ৰকৃতি আৰু পৰিৱেশৰ কথা মনত ৰাখি এই গাওঁকেইখনৰ বাসিন্দাসকলে যি সিদ্ধান্ত ল'লে বা যিদৰে পোহৰৰ উৎসৱ উদযাপন কৰিলে তেনেকৈ যদি সমগ্ৰ দেশবাসীয়েই দেৱালী উদযাপন কৰিলে হয় তেন্তে কিছুমান সমস্যা, কিছুমান কথাৰ বিষয়ে পাতনি মেলাৰ কোনো প্ৰয়জনেই নাছিল।

ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণ দূৰৰে কথা। গুৱাহাটীৰ কথাকেই কওঁ। প্ৰায় কেই মাহমানৰ আগতে গুৱাহাটীৰ কথা মনত পেলাওকচোন। কিদৰে ভয়াৱহ বায়ু প্ৰদূষণে গুৱাহাটীক চানি ধৰিছিল। দিনৰ ১২ বজালৈকে মুকলি হোৱা নাছিল আকাশ ।

ধুলিৰ ধুমুহা, বায়ু প্ৰদূষণৰ কোবত বাহিৰলৈ ওলাব নোৱাৰা এক অৱস্থা। গুৱাহাটীৰ এনে বায়ু প্ৰদূষণক লৈ চিন্তিত হোৱা বহুতকে সেই পৰিস্থিতিৰ কথা পাহৰিবলৈ বৰ বেছি দিনৰ প্ৰয়োজন নহ'লেই। দীপাৱলীৰ দুটা দিনত দেখুৱাই দিলে তেওঁলোকৰ পৰিৱেশ, প্ৰকৃতিৰ প্ৰতি থকা সচেতনতা।

দীপাৱলীৰ পিছতেই গুৱাহাটীৰ বায়ু প্ৰদূষণ প্ৰায় ১০০ শতাংশ বৃদ্ধি পালে। প্ৰশাসনে বান্ধি দিয়া প্ৰায় সকলো নিৰ্দেশনা প্ৰশাসনৰ সন্মুখতে ভংগ কৰি বন্য উল্লাসত মত্ত হ'ল সকলো। পূৰ্বৰ দৰেই পোহৰৰ উৎসৱক শব্দৰ প্ৰতিযোগিতালৈ পৰিণত কৰিলে সকলোৱে।

নৱেম্বৰৰ মাহৰ প্ৰথম সপ্তাহতে দেশৰ উচ্চতম ন্যায়ালয়ে ফটকা নিষিদ্ধ কৰাৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। এই শুনানিত ন্যায়ালয়ে নিৰ্দেশ দি কৈছিল- কেৱল দিল্লীৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে ফটকা নিষিদ্ধ কৰাৰ আদেশ আছিল ন্যায়ালয়ৰ।

ন্যায়ালয়ে ফটকা নিষিদ্ধকৰণৰ ক্ষেত্ৰত দিল্লীৰ বাহিৰে আন আন ৰাজ্যত স্থানীয় চৰকাৰক বিষয়টোৰ ওপৰত সিদ্ধান্ত ল'বলৈ নিৰ্দেশ দিয়াৰ উপৰিও ফটকাৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ স্থানীয় প্ৰশাসনক ফটকা ফুটুৱাৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিবলৈ কৈছল।

গুৱাহাটী মহানগৰীত দীপাৱলী উদযাপনৰ বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে ৮ অক্টোবৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত এক বিশেষ বৈঠক অনুষ্ঠিত হৈছিল। জিলা আয়ুক্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ড০ ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ড০ হাজৰিকাই দীপাৱলীত ফটকা ফুটুৱাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ, ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয় আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দিয়া নিৰ্দেশৰ আধাৰত আৰক্ষী আয়ুক্তই কামৰূপ মহানগৰ জিলাৰ বাবে প্ৰস্তুত কৰা নীতি নিৰ্দেশনাসমূহৰ বিষয়ে উল্লেখ কৰিছিল৷

সেই অনুসৰি দীপাৱলীত কেৱল ভাৰতত নিৰ্মিত সেউজ ফটকাহে বিক্ৰী কৰাৰ নিৰ্দেশ দিয়াৰ উপৰি দীপাৱলীৰ নিশা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত কেৱল দুঘন্টাৰ বাবেহে ৰাইজে সেউজ ফটকা ফুটাব পাৰিব বুলি কোৱা হৈছিল।

নিশা ১০ বজাৰ পৰা পিছদিনা ৮ বজালৈ শব্দ সৃষ্টিকাৰী ফটকা ফুটুৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল৷ ইয়াৰোপৰি নিৰ্দেশ আছিল গুৱাহাটী উচ্চ ন্যায়ালয়, জি এম চি এইচ, অসম সচিবালয়ৰ দৰে Silent Zoneত কোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব৷

ইয়াৰোপৰি ফটকা বিক্ৰীৰ ক্ষেত্ৰতো আছিল বিভিন্নধৰণৰ নিষেধাজ্ঞা। এই নিৰ্দেশনাবোৰৰ অমান্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰো কথা ঘোষণা কৰিছিল প্ৰশাসনে। কিন্তু সময়ত এই সকলো ফুটুকাৰ ফেনলৈ পৰিণত হ'ল।

নিশা ১/২ বজাতো মহানগৰীত শুনিবলৈ পোৱা গ'ল ফটকাৰ শব্দ। কোনেও নামানিলে ছাইলেণ্ট জ'নত ফটকা ফুটুৱাত থকা নিষেধাজ্ঞাক। মহানগৰীৰ আকাশবতাহ কঁপাই নিশা এপৰলৈ ফটকা ফুটিল যদিও সকলো দেখিও নেদেখাৰ ভাও ধৰি থাকিল প্ৰশাসনে।

কিছুমান কথা ক'বলৈও ভয়, লিখিবলৈও ভয়। পোহৰৰ উৎসৱ দীপাৱলীক লৈ সকলোৰে থাকে উৎসুকতা। দীপাৱলীয়ে সকলোৰে মাজত আনন্দৰ বাৰ্তা কঢ়িয়াই আনে। দীপাৱলীৰ বন্তিয়ে মানুহৰ মনৰ এন্ধাৰ আঁতৰাই। মানুহে পোহৰ ভাল পায়। শব্দৰ অত্যাচাৰ নহয়।

জনস্বাস্থ্যৰ কথা মনত ৰাখিয়েই ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ আধাৰত প্ৰশ্ন কৰিলে আমাৰ মন্ত্ৰীয়ে ধৰ্মীয়ে কথা বতৰাৰে উৎসৱৰ মাদকতা অনিষ্ট কৰাৰ চেষ্টা কৰে। অশোক সিংহালৰ দৰে মন্ত্ৰীয়ে শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণৰ দৰে কথাবোৰত বিচাৰি পায় ধৰ্মীয় ৰাজনীতি।

হিন্দুত্বৰ কথা কোৱা এনে ৰাজনীতিবিদে বুজিবলৈ চেষ্টা নকৰে দীপাৱলীৰ তাৎপৰ্য অথবা মহত্ব। পোহৰৰ উৎসৱ দীপাৱলীক এনেধেৰণৰ মানসিকতাৰ এচাম মানুহেই শব্দ প্ৰদূষণৰ উৎসৱলৈ পৰিণত কৰা নাই নে?

তামিলনাডুৰ সেই ৭ খন গাঁৱৰ ৰাইজে যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্ত কিয় ল'ব নোৱাৰিলে দেশৰ আন আন প্ৰান্তৰ ৰাইজে?বায়ু প্ৰদূষণত দিক বিদিক হেৰুওৱা দিল্লীয়েই জানো মানি চলিলে ন্যায়ালয়ৰ নিৰ্দেশনা?

পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত দীপৰ বলিৰ কথা কোনেও কিয় চিন্তা নকৰিলে? এয়াই আমাৰ প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা? মহানগৰীৰ আকাশত হেলিকপ্টাৰ লৈ পৰিভ্ৰণ কৰা, জলাশয় সংৰক্ষণৰ বৰ বৰ ভাষণ দিয়া অশোক সিংহালৰ দৰে নেতাই ধৰ্মীয় কথা-বতৰাৰ বাহিৰত থাকি দিব পাৰিবনে ইয়াৰ উত্তৰ?

উৎসৱৰ আনন্দত হেৰাই যায় দায়িত্ববোধ...
পঢ়ুৱৈৰ হাতত ড০ শিৱনাথ বৰ্মনৰ কিতাপবোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in