নেতাৰ অভাৱ হ'লে ক'ব- আমি 'আছু'

নেতাৰ অভাৱ হ'লে ক'ব- আমি 'আছু'
নেতাৰ অভাৱ হ'লে ক'ব- আমি 'আছু'

অসম আৰু অসমীয়াক আটাইতকৈ বেছি প্ৰবঞ্চনা কোনে কৰিছে? কাৰ প্ৰৰোচনাত পৰি অসম আৰু অসমীয়াই সৰ্বস্ব হেৰুৱাইছে? এনোবেৰ প্ৰশ্ন আজিৰ তাৰিখত অতি প্ৰাসংগিক। অসম আৰু অসমীয়াই এই প্ৰশ্নবোৰ নিজেই নিজক কৰি ইয়াৰ উত্তৰৰ সন্ধান কৰা উচিত। অন্যথা বাৰে বাৰে প্ৰৱঞ্চনাৰ সন্মুখীন হৈ আহিব লাগিব অসমীয়া।

১২ ডিচেম্বৰ । ২০১৯ ৰ এই নিৰ্দিষ্ট দিনটোতে কাৰ্ফিউ উফৰাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰিবলৈ গৈ ৫ গৰাকীকৈ অসমীয়াই প্ৰাণ ত্যাগ কৰিলে। এই পাঁচোগৰাকী ছহিদে আজিও উচিত মৰ্যাদা নাপালে।

বৰঞ্চ আৱেগিক অসমীয়াক হাঠিয়াৰ কৰি 'কা' আন্দোলন কৰি কোনোবা যদি বিধায়ক হ'ল, কোনোবা নিগম, নিকায়ৰ অধ্যক্ষ হ'ল। কোনোবা কোনোবা আকৌ ৰাজনৈতিক দলৰ সদস্য হৈ চৰকাৰী পক্ষৰ লগত থাকি চৰকাৰী ঠিকা লাভৰ আশাত বন্দী। এই ধাৰা এতিয়াও শেষ হোৱা নাই।

১২ ডিচেম্বৰ ২০২৩। এই বিশেষ দিনটোতে পুনৰ ৰাজ্যৰ সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথসহ ৩০০ আছু কৰ্মীয়ে বিজেপিত যোগদান কৰিব।

সেই অনুসৰিয়েই ১৩ ডিচেম্বৰত প্ৰায় ৩০০ প্ৰাক্তন আছু নেতা, কৰ্মীয়ে ৰেলী কৰি বিজেপিত যোগদান কৰিলে। দীপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰাৰ কথা পূৰ্বৰে পৰা চৰ্চাত আছে যদিও এতিয়ালৈকে সেই আনুষ্ঠানিকতা সম্পন্ন হোৱা নাই।

অৱশ্যে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে যে সেয়াও নহ'ব তাত কোনো সন্দেহ নাই। এইগৰাকী দীপাংক কুমাৰ নাথেই বিজেপিৰ বিৰুদ্ধে ৰাইজক একত্ৰিত কৰিছিল। বিজেপি আৰু এজিপিৰ চৰকাৰ উফৰাই পেলাবলৈ অসম জাতীয় পৰিষদ গঠনত আগভাগ লৈছিল।

নিশাৰ ভিতৰতে শিবিৰ সলনি কৰিব পৰাকৈ আছু নেতৃত্বৰ এক 'দক্ষতা' আছে। আছুক অসমীয়া জাতীৰ ত্ৰাণ কৰ্তা হিচাপে ভাবি লোৱা এয়া অসমীয়া জাতিৰ বাবেই দুৰ্ভাগ্য। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমীয়া ৰাইজে সুদীৰ্ঘ দিন ধৰি আন্দোলন কৰি আহিছে।

বিদেশী খেদা আন্দোলনৰ পৰা নাগৰিকত্ব সংশোধনী আইন (কা)লৈকে। কিন্তু বাৰে বাৰে অসমীয়া ৰাইজক প্ৰতাৰণা কৰি আহিছে ইয়াৰ নেতৃত্বই। এই অভিযোগত কেৱল আছুৱেই জগৰীয়া নহয়। অন্যান্য সংগঠনো আছে। কিন্তু এই সকলো সংঠনৰে উৰ্ধত আছু।

জাতিৰ দুৰ্যোগৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই মাত মাতি আহিছে। ৰাজপথত অসম আৰু অসমীয়াৰ হকে সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰাম কৰি আছে। এই ছাত্ৰ সংগঠনটোৰ এক ইতিহাস আছে।

এই ইতিহাসে যিদৰে আছুক সংগ্ৰামী ছাত্ৰ সংগঠন হিচাপে পৰিচয় দি আহিছে ঠিক সেইদৰে নেতা বনোৱা কাৰখানা আৰু জাতিক প্ৰৱঞ্চনা কৰা একাংশৰ বিচৰনস্থলী হিচাপেও মানুহক ভাবিবলৈ বাধ্য কৰিছে।

বিদেশী খেদা আন্দোলনৰ ফচল আছিল অসম গণ পৰিষদ। এই অসম গণ পৰিষদে জাতিৰ সৈতে কি কৰিলে সেই বিষয়ে পুনৰ দোহৰাৰ অৱকাশ নাই। ৰাইজে জানে। গুপ্ত হত্যাকে ধৰি অসমীয়া জাতিয়ে অগপ চৰকাৰৰ আমোলত ভূগ কৰা দুৰ্দশাৰ কথা লিখিবলৈ গ'লে কিমান শব্দৰ প্ৰয়োজন হ'ব, কিমান পৃষ্ঠাৰ দস্তাবেজ হ'ব সেয়া কল্পনাও কৰিব নোৱাৰি।

এইসকলোবোৰ কিন্তু আছিল সদৌ অসম ছাত্ৰ সন্থাৰে ফচল। অগপৰ সভাপতি, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তই সদৌ অসম ছাত্ৰ সন্থাক একালত নেতৃত্ব প্ৰদান কৰিছিল। এওঁলোকে ক্ষমতাৰ ৰাগীত দলীয় আদৰ্শ, জাতিক দিয়া প্ৰতিশ্ৰুতি সকলো পাহৰিলে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আছিল আছুৰ নেতা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব লৈথকাৰ সময়তে লাভ কৰিছিল জাতীয় নায়ক হিচাপে স্বীকৃতি। অৱশ্যে 'কা' আন্দোলনৰ সময়ত টেলিভিশ্যন চেনেলৰ টক শ্ব'ত বহি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সোণোৱালৰ সেই স্বীকৃতি অসমীয়া ৰাইজে উঠাই লৈছে বুলিও মন্তব্য কৰিছিল।

প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক অমিয় কুমাৰ ভূঞা, ভৰত নৰহকে ধৰি কেইবাজনো প্ৰাক্তন আছু নেতা এতিয়া অসম বিধানসভাৰ সদস্য। সাংসদ তপন গগৈয়ো আছিল আছুৰ নেতা।

ইয়াৰোপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অন্যান্য জাতীয় সংগঠনৰ নেতৃত্ব প্ৰদান কৰি অসম বিধানসভাৰ সদস্য হোৱাৰ তালিকাত নাম আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰোণোজ পেগু, ভূৱন পেগু, অখিল গগৈ আদিৰ নাম। সাংসদ পল্লৱ লোচন দাসো চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন আটছাৰ নেতা আছিল। এয়া কেইবাটাও প্ৰজন্মৰ কেইজনমানৰ উদাহৰণহে মাত্ৰ। শংকৰ প্ৰসাদ ৰয়, মণি মাধৱ মহন্তৰ দৰে আকৌ একাংশক ৰাইজে অৱশ্যে প্ৰত্যাখান কৰিছে।

এতিয়া প্ৰশ্ন হয়, সদৌ অসম ছাত্ৰ সন্থা বা আন সংগঠনৰ নেতাই ৰাজনীতি কৰিব নোৱাৰে নেকি? নিশ্চয় পাৰে। এয়া তেওঁলোকক সংবিধানে প্ৰদান কৰা অধিকাৰ। আন দহজনৰ দৰে তেওঁলোকেও ৰাজনীতি কৰিব পাৰে। কিন্তু ইয়াৰ বাবে জনতাক হাঠিয়াৰ কৰি এইদৰে ৰাজনীতি কৰাত আপত্তি নিশ্চয় আছে।

আগ নিশালৈ বিজেপি অথবা কংগ্ৰেছৰ বিৰোধিতা কৰি, এই ৰাজনৈতিক দলসমূহৰ আদৰ্শক সমালোচনা কৰি পুৱা কিদৰে এই নেতাসকলে তেওঁলোকৰ আদৰ্শত বিলীন হয়? হিন্দুত্ববাদী আদৰ্শৰে অনুপ্ৰাণিত বিজেপি দল। তেওঁলোকে নিৰ্বাচনৰ পূৰ্বেই হিন্দু বাংলাদেশীক ভাৰতৰ নাগৰিকত্ব দিব বুলি স্পষ্টকৈ কৈছিল।

সেই মতেই তেওঁলোকে ক্ষমতাৰ জোৰত সংসদত গৃহীত কৰিলে এই আইন। এই আইনে যে অসমক ক্ষতি কৰিব সেয়া নিশ্চিত। সেয়েহে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ইয়াৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছিল অসমীয়া ৰাইজ। অসমীয়া ৰাইজক এই সন্দৰ্ভত সজাগ, সচেতন কৰিছিল এই সংগঠনসমূহৰে নেতৃত্বই।

সেই সময়ত বিজেপিৰ আদৰ্শক সমালোচনা কৰা, বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই পেলোৱা হুংকাৰ দিয়া নেতাবোৰে এতিয়া কিদৰে তেওঁলোকৰ আদৰ্শত বিলীন হ'ব পাৰে? বিজেপি, নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্বৰ মুৰ্দাবাদ, গ' বেক ধ্বনি দিয়াসকলে এতিয়া কি নাকেৰে তেওঁলোকৰ জিন্দাবাদ ধ্বনি দিছে?

একেই প্ৰশ্ন কংগ্ৰেছত যোগদান কৰাসকলৰ প্ৰতিও। কংগ্ৰেছৰ ১৫ বছৰীয়া অপশাসনৰ সময়ছোৱাত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বহুতেই কংগ্ৰেছতেই বিলীন হ'ল। সেয়া তেওঁলোকৰ কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি আকৰ্ষণ আছিল নে ৰাজনৈতিক উচ্চাকাংক্ষা?

আজি বিজেপিত যোগদান কৰা আছু নেতা, কৰ্মীসকলক এই প্ৰসংগত আচলতে প্ৰশ্ন কৰাৰ কোনো অৱকাশ নাই। তেওঁলোকে তেওঁলোকৰ পূৰ্বজসকলক অনুসৰণহে কৰিছে।

সংগঠনৰ মজিয়াত থাকি নেতা হোৱাৰ সকলো গুণ আয়ত্ব কৰিব পাৰিলেই তেওঁলোকে সংগঠন এৰি ৰাজনীতিত যোগদান কৰে। সাধাৰণ ৰাইজে এইবোৰ দেখি হুমুনিয়াহ কাঢ়ি জাতি ৰক্ষাৰ বাবে আকৌ ৰাজপথলৈ আহিবলৈ সাজু হয় আৰু পুনৰ এচাম ছাত্ৰ নেতাই ৰাজনৈতিক কেৰিয়াৰ গঢ়িবলৈ ককালত টঙালি বান্ধে। এনেকৈয়ে চলি থাকে জাতি ৰক্ষাৰ ৰাজনীতি।

নেতাৰ অভাৱ হ'লে ক'ব- আমি 'আছু'
সত্য প্ৰমাণিত হ'ল অসমীয়া প্ৰতিদিন ডিজিটেলৰ খবৰঃ অপসাৰিত আঙুৰলতা ডেকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in