তামুলপুৰত খো খোৰ মহাৰণ...

তামুলপুৰত খো খোৰ মহাৰণ...
তামুলপুৰত খো খোৰ মহাৰণ...

তুষাৰ প্ৰতিম

প্ৰাচীন ভাৰতৰ ৰজা, মহাৰজাসকলৰ সময়তেই হওক বা ইয়াৰ পৰৱৰ্তী সময়তেই হওক ভাৰতত পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে বিভিন্ন খেল-ধেমালি। ৰামায়ণ, মহাভাৰতৰ সময়তো বিভিন্ন খেল, ধেমালিৰ প্ৰচলনৰ কথা মহাকাব্যৰ পাতে পাতে লিপিবদ্ধ হৈ আছে।

মল্লযুঁজ এক উদাহৰণ হিচাপে ল'ব পাৰি। সময়ৰ পাক চক্ৰত প্ৰাচীন ক্ৰীড়াই নতুনত্ব লাভ কৰি আজিৰ পৰ্যায়ত আহি উপনীত হৈছে। অসমত আহোমসকলৰ আগমণে ক্ৰীড়াক অধিক প্ৰাসংগিক কৰি তুলিলে।

আহোমসকলেই পৰম্পৰাগত বিভিন্ন খেলক পৃষ্ঠপোষকতা কৰাৰ লগতে খেলৰ প্ৰতি মানুহক অধিক আকৃষ্ট কৰি তুলিছিল। কাল ক্ৰমত পৰম্পৰাগত বহু খেল হেৰাই যোৱাৰ বিপৰীতে আন বহু খেলে আধুনিক যুগত নতুনত্ব লাভেৰে বিশ্ব ক্ৰীড়াংগণত স্থান লাভ কৰিলে।

পৰম্পৰাগত তেনে এক খেল আছিল খো খো। ভাৰতৰ অতি প্ৰাচীনতম এই খেলবিধে এতিয়া বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰিছে। এই দলীয় খেল বিধত ৯ জন খেলুৱৈৰ উপৰিও থাকে প্ৰশিক্ষক, পৰিচালক আৰু অন্যান্য সহায়কাৰী।

দুটা দলৰ মাজত খেলা এই খেল বিধৰ আছে বহু নিয়ামৱলী। ভাৰতৰ এই প্ৰাচীনতম খেলবিধ এতিয়া ভাৰততে সীমাবদ্ধ হৈ থকা নাই। বিশ্বৰ বিভিন্ন দেশে এই খেলবিধক আকোৱালি লৈছে।

বিভিন্ন দেশে এই খেলবিধৰ পৃষ্ঠপোষকতা কৰি আহিছে। আজিৰে পৰা তামুলপুৰত অনুষ্ঠিত হৈছে এছিয়ান খো খো প্ৰতিযোগিতা। এছিয়াৰ মুঠ ১২ খন ৰাষ্ট্ৰৰ খেলুৱৈ আহিছে বাক্সা জিলাৰ অন্তৰ্গত তামুলপুৰলৈ। প্ৰতিযোগিতাখনৰ বাবে বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ইৰাণ, ইৰাক, মালয়েছিয়া, নেপাল, পাকিস্তান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু শ্ৰীলংকাৰ পৰা আহিছে খেলুৱৈ, প্ৰশিক্ষক, চাপৰ্টিং ষ্টাফৰ সৈতে প্ৰায় ৮০০ লোক।

অসম খো খো সন্থাই অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই এছিয়ান প্ৰতিযোগিতাখনৰ বাবে পূৰ্বৰে পৰা ব্যাপক প্ৰস্তুতি চলোৱা হৈছিল। সেই অনুসৰি প্ৰতিযোগিতাখনৰ বাবে শীৰ্ষ সংগীত প্ৰস্তুত কৰি তোলা হৈছিল মুঠ ১৬ টা ভাষাত।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিখন দেশৰ খেলুৱৈক আদৰিবলৈ ড০ সংগীতা কাকতি আৰু অনুষ্কা বৰুৱাই কণ্ঠদান কৰা এই শীৰ্ষগীতে সকলোকে মুগ্ধ কৰিছে। এই শীৰ্ষ গীতটো অসমীয়া, ইংৰাজী, বড়ো, হিন্দী ভাষাৰ লগতে বিদেশী ৰাষ্ট্ৰকেইখনৰ ভাষাটো বাণীবদ্ধ কৰা হৈছে।

এই আটাইকেইটা ভাষাতে গীতটোত কণ্ঠদান কৰিছে ড০ সংগীতা কাকতিয়ে। তেওঁক সহযোগ কৰিছে অনুষ্কা বৰুৱাই। অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাৰ পৰিকল্পনা আৰু মৌচম বৰাৰ সংগীতেৰে এই বিশেষ গীতটো তৈয়াৰ কৰা হৈছে।

তামুলপুৰত অনুষ্ঠিত হোৱা এই মেগা ইভেণ্টখনত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অসমৰ মহিলা খো খো খেলুৱৈ ৰঞ্জনা শইকীয়াই। ২৩ মাৰ্চলৈকে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন কৰা ভাৰতীয় পুৰুষ মহিলা দলটো দুটাৰ ভিতৰত ৰঞ্জনা শইকীয়া একমাত্ৰ অসমীয়া খেলুৱৈ হিচাপে বিবেচিত হৈছে।

তামুলপুৰৰ জীয়ৰী ৰঞ্জনাই ১৫ জনীয়া ভাৰতীয় দলটোত স্থান লাভ কৰাত তামুলপুৰত এই প্ৰতিযোগিতাৰ মাদকতা দুগুণ বৃদ্ধি পাইছে। ১৮ বছৰীয়া ৰঞ্জনা ভাৰতীয় খো খোৰ মূল দলত স্থান লাভ কৰা অসমৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপেও বিবেচিত হৈছে।

ইয়াৰ পূৰ্বে ২০১৬ ত গুৱাহাটীত অনুষ্ঠিত হোৱা ছাফ গেমছত ভাৰতীয় মহিলা খো খো দলত স্থান লাভ কৰিছিল অসমৰ সুপ্ৰীয়া গগৈয়ে। সেইবাৰ ভাৰতীয় দলটোৱে সোণক পদক লাভ কৰিছিল।

আনহাতে ভাৰতীয় দলৰ হৈ ঘৰৰ মাটিতে ইংলেণ্ডৰ বিৰুদ্ধে খেলাৰ সুযোগ লাভ কৰিছিল পিংকু ডেকাই। বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাই ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

বিশেষকৈ গুৱাহাটীৰ পৰিৱৰ্তে তামুলপুৰৰ দৰে স্থানত এই মেগা ইভেণ্টখন অনুষ্ঠিত কাৰ্যই অসমৰ গ্ৰামাঞ্চলৰ ক্ৰীড়াক অধিক আগুৱাই নিব বুলি আশা কৰা হৈছে। প্ৰতিযোগিতাখনত খেলাৰ সুযোগ লাভ কৰা তামুলপুৰৰ জীয়ৰী ৰঞ্জনা শইকীইয়ো ভাৰতীয় মহিলা দলটোৰ হৈ উজ্জিৱীত প্ৰদৰ্শনেৰে ৰাজ্যবাসীক গৌৰৱাম্বিত কৰিব তুলিব বুলি আশা কৰিছে স্থানীয় লোকসকলে।

তামুলপুৰত খো খোৰ মহাৰণ...
ঢকুৱাখনাৰ ধৰ্মপ্ৰাণ মহিলা ৰেণু চমুৱাৰ বিয়োগত শোক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in