ঢকুৱাখনাৰ ধৰ্মপ্ৰাণ মহিলা ৰেণু চমুৱাৰ বিয়োগত শোক...

ঢকুৱাখনাৰ ধৰ্মপ্ৰাণ মহিলা ৰেণু চমুৱাৰ বিয়োগত শোক...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ ধৰ্মপ্ৰাণ মহিলা ৰেণু চমুৱাৰ বিয়োগত শোক...

ঢকুৱাখনাৰ ধৰ্মপ্ৰাণ মহিলা ৰেণু চমুৱাৰ বিয়োগত শোক...

ডিজিটেল সংবাদ ঢকুৱাখনা:  ঢকুৱাখনা মহকুমাৰ ১নং বানতৌ গাঁও নিবাসী ধৰ্মপ্ৰাণ  সৰবৰহী মহিলা ৰেণু ফুকন চমুৱাৰ সোমবাৰে বিয়লি ৩-২৫ বজাত পৰলোকপ্ৰাপ্তি ঘটে। বিগত কিছুদিন ধৰি জ্বৰ, কাহ, বিষ আদি সাধাৰণ ৰোগত আক্ৰান্ত হৈ স্বগৃহত চিকিৎসাধীন হৈ থকা বিদুষী মহিলাগৰাকীয়ে সোমবাৰে স্বাভাৱিক ভাবেই কথা পাতি,খাই পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ পৰৱৰ্তী সময়ত আকস্মিক ভাবে ইহলীলা সম্বৰণ কৰে ।

Advertisment

ধৰ্ম পৰায়ন ,মিষ্টভাষী চমুৱাৰ আকস্মিক বিয়োগত সমগ্ৰ ঢকুৱাখনাতে শোকৰ ছাঁ পৰিছে । স্বামী ভুৱন চমুৱা , জ্যেষ্ঠ পুত্ৰ ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱাসহ ২ পুত্ৰ ,৩ গৰাকী কন্যাসহ অজস্ৰ ইষ্ট কুটুম্ব আৰু গুণমুগ্ধক ইহ সংসাৰত এৰি গৈছে।

ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ বিয়োগৰ খবৰ পাই বহু সংখ্যক গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনা কৰে। মৃত্যুৰ সময়ত চমুৱাৰ বয়স হৈছিল প্ৰায় ৮২ বছৰ।

অঞ্চলটোৰ মহিলা সমিতি, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও বিভিন্ন সামাজিক কাম কাজৰ সতে জড়িত চমুৱাৰ শেষকৃত্য মঙলবাৰে পুৱা সম্পন্ন কৰা হ'ব।

Also Read: কোকৰাঝাৰত নৃশংস ঘটনাঃ টকাৰ বাবেই মোমায়েকক হত্যা কৰি গোহালিত পুতি থলে ভাগিনীয়েকে...

ঢকুৱাখনা