মুখ্যমন্ত্ৰীৰ পত্নী !

মুখ্যমন্ত্ৰীৰ পত্নী !

মৃদুল কুমাৰ সন্দিকৈ

এবাৰ নহয়,দুবাৰ নহয়,৩বাৰ মুখ্যমন্ত্ৰী হৈছিল তেখেতৰ স্বামী। তেওঁ বাৰু কিমান ধনী ? কিমান স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী এইগৰাকী নাৰী ? জানিবলৈ মন যায় কেতিয়াবা এইবোৰ কথা।

ক্ষমতা থাকিলেই মানুহৰ লালসা বাঢ়ে। ক্ষমতা থাকিলেই মানুহে সহজে ধনী হ’ব পাৰে। টিলিকতে আহি যায় কোটি কোটি টকা আৰু সম্পত্তি। ক্ষমতাৱান যদি স্বামী হয়, পত্নী বাৰু কিয় নহ’ব ধনী ?

অসমৰ ৰাজনীতিত অন্যতম প্ৰভাৱশালী নেতা তথা সুদীৰ্ঘকাল শাসনত আছিল তৰুণ গগৈ। কেন্দ্ৰীয় মন্ত্ৰী,মুখ্যমন্ত্ৰী,সাংসদ আহি বহু পদবীৰ গৰাকী আছিল এইজন মানুহ।

তৰুণ গগৈৰ অনুপস্থিতিত কেনেদৰে অতিবাহিত কৰিছে তেওঁৰ পত্নী ডলী গগৈয়ে। সাম্প্ৰতিক সময়ৰ কিছু খবৰ দেখি, শুনি ১৫ বছৰ মুখ্যমন্ত্ৰী হৈ থকা মানুহজনৰ সহধৰ্মিনী কিমান শক্তিশালী আছিল এই কথাও জানিবৰ ইচ্ছা হয়।

তৰুণ গগৈৰ সৈতে ছাঁ দৰে লাগি থকা কেইবাজনো ব্যক্তিক এই বিষয়ে সুধিছিলো। তেওঁলোকৰ প্ৰতিজনৰ উত্তৰ আছিল এটাই। সেয়া আছিল- মুখ্যমন্ত্ৰীৰ পত্নী হিচাপে ডলী গগৈয়ে কেতিয়াও নিজকে ভবা নাছিল ! ৰাজনৈতিক সিদ্ধান্ত আৰু ক্ষমতাৰ পৰা নিজকে আতৰাই ৰাখি এক সাধাৰণ জীৱন কটাইছিল।

ইচ্ছা আছিল ডলী গগৈৰ এটা সাক্ষাৎকাৰ লোৱা। সেই পৰিয়ালটোৰ আটাইতকৈ ঘণিষ্ঠতম ব্যক্তিজনৰ জৰিয়তেও যোগাযোগ কৰাত সেই ইচ্ছা পূৰণ নহ’ল।

এতিয়া তেওঁ বেলতলাৰ অজন্তা পথতে থকা ঘৰতে থাকে। মন গ’লে থাকি আহেগৈ দিল্লীত পুত্ৰ গৌৰৱ গগৈৰ সৈতে।

নিজৰ কামবোৰ নিজেই আগৰ পৰা কৰি ভাল পায় তেওঁ । এতিয়াও তাৰ দেখো ব্যতিক্ৰম হোৱা নাই। ঘৰত সহায় কৰিবলৈ সহায়কাৰী এজন আছে। মাজতে ঘৰৰ পৰা হাউচ গাৰ্ড পৰ্যন্ত উঠাই নিছিলে। তাৰো কোনো আপত্তি নাছিল।

পিছত কিবা ভাবি নিৰাপত্তাৰক্ষী এজন পুনৰ দিলে। সেইবোৰলৈ কোনো ভ্ৰূক্ষেপ নাই তেওঁৰ। অতি সাধাৰণভাৱে তেওঁৰ স্বামী তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোতেও সময় পাৰ কৰিছিল,এতিয়াও একেদৰে সময় পাৰ কৰে।

বেলতলা অজন্তা পথলৈ আগতে মানুহৰ সোঁত বৈছিল। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱা সকলে তেওঁকো মাত দিছিল। কোনোবাই বৌ,কোনোবাই বাইদেউ সম্বোধন কৰিছিল। কিন্তু কোনোও তেওঁক ছাৰক অৰ্থাৎ তৰুণ গগৈকে এইটো কাম কৰি দিবলৈ আপুনি এবাৰ কৈ দিব নেকি বুলি অনুৰোধ কৰিবলৈ সাহস কৰা নাছিল।

সেই সুযোগ ডলী গগৈয়ে দিয়া নাছিল কেতিয়াও। সম্পত্তি,ধন আদিৰ প্ৰতি লোভ নকৰিছিল। বিসম্বাদে অতি গভীৰ ৰূপ লোৱাৰ সময়ত তেওঁ হেনো স্বামীক 'মুখ্যমন্ত্ৰীৰ পদটো এৰি শান্তিত নাথাকে কিয়' বুলিহে উপদেশ দিছিল।

ঘৰত থকাৰ সময়ত তেওঁলোক আছিল অতি ঘৰুৱা। পুৱা উঠি একেলগে চাহকাপ খাইছিল। তৰুণ গগৈ গুৱাহাটীত থাকিলে দুপৰীয়া ভাতসাঁজো দুয়ো একেলগেই খাইছিল। গগৈ গুৱাহাটীৰ বাহিৰত থাকিলে তেওঁৰ খোৱা-বোৱা আৰু ঔষধবোৰ যাতে সময় মতে খাই তাৰ প্ৰতি সচেতন দৃষ্টি ৰাখিছিল।

প্ৰয়োজন নহ’লে মুখ্যমন্ত্ৰী গগৈৰ সৈতে ফেৰ মিলাই কোনো সভা-সমিতিলৈ যোৱা নাছিল। বাধ্যত কেতিয়াবা দুই-এক অনুষ্ঠানলৈ গ’লেও দৰ্শকৰ আসনত বহিছিল। সম্বৰ্ধনা আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰূপে পৰিচয় দিবলৈ বেয়া পাইছিল।

বিদেশ ভ্ৰমণলৈ যোৱাৰ আগত তৰুণ গগৈয়ে গুৱাহাটীতে এবাৰ বজাৰ কৰিবলৈ গৈছিল। এটা চাৰ্ট তেওঁৰ খুব পচণ্ড হৈছিল। তৰুণ গগৈৰ লগত ছাঁ দৰে লাগি থকা বিপুল গগৈক চাৰ্টটোৰ দাম সুধিব দিছিল। সেইটো চাৰ্টৰ দাম ১২০০০ টকা বুলি কোৱাত সেইটো নিকিনাকৈ তৰুণ গগৈ উভতি আহিছিল। এই মানসিকতা গঢ় দিয়াৰ আছিল ডলী গগৈ।

দুই সন্তানক মানুহৰূপে প্ৰতিষ্ঠা কৰাটো তেওঁ প্ৰত্যাহ্বান হিচাপে লৈছিল। লাস-বিলাসৰ বিপৰীতে তেওঁলোকক বাস্তৱমুখী শিক্ষা দিছিল। কিমান ডাঙৰ মানুহৰ সন্তান সেই উপলব্ধি কৰিবলৈ দিয়া নাছিল।

টকা-পইছা যে জীৱনৰ বাবে মূল্যহীন বা সৰ্বস্ব নহয় সেই কথা বুজাইছিল। অসমৰ গাঁৱে-ভূঞে ঘূৰি অভিজ্ঞতা অৰ্জন কৰিবলৈ গৌৰৱ গগৈক উৎসাহিত কৰিছিল। মাজুলীলৈ ভ্ৰমণৰ বাবে পঠাইছিল।

এতিয়া তেওঁ পুত্ৰ গৌৰৱক লৈ সুখী। এদিন মাক হিচাপে তেওঁৰো চিন্তা আছিল-পাৰিবনে পুত্ৰ গৌৰৱে জীৱনৰ বাটত, ৰাজনৈতিক ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিব ! এইখিনি কথা এই পৰিয়লটোৰ অন্যতম ঘণিষ্ঠজনে কোৱা কথা।

কলিকতাত পঢ়িছিল তেওঁ। জীৱ বিজ্ঞানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। ১৯৭২ চনৰ ৩০ জুলাইত তৰুণ গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

ৰাজনীতি আৰু ক্ষমতাকেন্দ্ৰিক জগতখনৰ পৰা তেওঁ সদায় দূৰৈত ৰৈছিল। কিন্তু স্বামীক পৰ্য্যবেক্ষণত ৰাখিছিল। ভুল হ’লে স্পষ্টকৈ কৈছিল। এবাৰ এখন সংবাদমেলত খং উঠিছিল তৰুণ গগৈৰ। জাঙুৰ খাই উঠিছিল সাংবাদিকৰ ওপৰত। সংবাদমেল সম্বোধন কৰি ঘৰলৈ ঘূৰি যোৱাৰ সময়ত ডলী গগৈয়ে মুকলিকৈ ইয়াৰ বাবে তৰুণ গগৈক সমালোচনা কৰিছিল।

এনে আচৰণ যে গ্ৰহণযোগ্য নহয় সেই কথা বুজাইছিল। পিছদিনা তৰুণ গগৈয়ে পত্নীৰ সেই কথাৰ উদ্ধৃতিৰে আগদিনা তেওঁ কৰা আচৰণৰ বাবে ক্ষমা বিচাৰিছিল। বহু কথা কৈছিল ডলী গগৈৰ সন্দৰ্ভত।

তেওঁৰ সৰলতাত কৃত্ৰিমতা নাই। জটিলতা তেওঁ ভাল নাপায়। তৰুণ গগৈক তেওঁ সকলো ধৰণে সহায় কৰি গৈছিল। ১৫ বছৰ মুখ্যমন্ত্ৰী হৈ থকা মানুহজনক এটা বিলাসী অট্টালিকা সাজিবলৈ জোৰ নকৰিছিল। অজন্তা পথৰ সেই ঘৰটোত তৰুণ গগৈয়ে সাংসদ হৈ থাকোতেই নিৰ্মাণ কৰিছিল। আন ফ্লেট-মাটি-বাৰী ক্ৰয় কৰা নাছিল। দামী বস্তু কিনাতো ফেশ্বন নাছিল। মিতব্যয়ী হৈ চলিছিল। আনকি অজন্তা পথৰ ঘৰৰ এটা অংশ ভাৰাতহে দিছিল। সেই ভাৰাতীয়া আজিও সেই ঘৰতে।

এতিয়া তেওঁৰ স্বামী নাই। ক্ষমতাও নাথাকে চিৰকাল। নাই সা-সম্পত্তিৰ পাহাৰ। আছে তেওঁৰ সুখ। যি সুখ তেওঁ টকাৰে কিনা নাই। কিনি থৈছে সৰলতা আৰু সংযমতাৰে।

আগতে থকা নিৰাপত্তাৰক্ষী,কাম কৰা মানুহ,বিষয়া,কৰ্মচাৰীয়ে তেওঁৰ খবৰ লয়। সন্মান কৰে। এয়াই তেওঁৰ বাবে সকলো। তৰুণ গগৈয়ে নিজেও মিডনাইট পলিটিক্স কৰা নাছিল। তৰুণ গগৈক তেওঁ তৰুণ গগৈ ৰূপত গঢ়িছিল। কেতিয়াও তেওঁ মুখ্যমন্ত্ৰী পত্নী হোৱা নাছিল।

বুজিছিল ভালদৰে তেওঁ মানুহক বহু ধন,সম্পত্তিৰ প্ৰয়োজন নাই। সম্পত্তি ঘটিব পাৰি,ঘটিব নোৱাৰি সহজে ভাবমূৰ্তি। বুজিছিল ডলী গগৈয়ে নালাগে বহু ঘৰ-দুৱাৰ,টকা-পইছা,মাটি-বাগিছা। জীৱনৰ শেষ সময়ত যথেষ্ট ৬ফুট মাটিয়ে…।

মুখ্যমন্ত্ৰীৰ পত্নী !
ভূমি কেলেংকাৰী আৰু ৪০০ কোটিৰ ৰহস্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in