নীলা জাৰ্চী লৈ আৰু কিমান দূৰ...

নীলা জাৰ্চী লৈ আৰু কিমান দূৰ...

ভাস্কৰ শৰ্মা

তেওঁক লৈ সপোন দেখে অসমবাসীয়ে। সপোন দেখে অসমৰ ক্ৰীড়া অনুৰাগীয়ে। এটাই সপোন নীলা জাৰ্চী পিন্ধক তেওঁ। প্ৰতিনিধিত্ব কৰক ভাৰতীয় চিনিয়ৰ ক্ৰিকেট দলক। ৰোহিত,বিৰাট,জাডেজা,পাণ্ডিয়াহঁতৰ লগত একেলগে ড্ৰেচিং ৰূম শ্বেয়াৰ কৰক। একেলগে খেলক। সপোন নেদেখিবইনো কিয় ;সপোন দেখাৰ থল থাকিলেহে কোনোৱে সপোন দেখে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটত প্ৰচুৰ সম্ভাৱনাৰ এটি চিনাকি নাম ৰিয়ান পৰাগ। অসম সন্তান ৰিয়াগ পৰাগে বিগত সময়তো দেখুৱাই আহিছে তেওঁৰ উন্নতমানৰ প্ৰদৰ্শন। বিজয় হাজাৰে কিম্বা শেহতীয়াকৈ চলি থকা চৈয়দ মুস্তাক আলী ট্ৰফী প্ৰতিযোগিতা; দুয়োখন প্ৰতিযোগিতাতে উজলি উঠিছে ৰিয়ান পৰাগ। ৰিয়ান উজলিলেই আৰম্ভ হয় গুণাগঁথাৰ- 'এইবাৰ পাব ভাৰতীয় দলত স্থান !'

পূৰ্বৰ ছিজন বোৰৰ দৰেই তেওঁ ব্যৰ্থ হৈছিল ২০২৩ ৰো আই পি এলত। বেটত নাই ৰাণ, বলিঙতো মুঠেই নহয় সন্তোষজনক প্ৰদৰ্শন। সেয়ে প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা আদি কৰি ঋতুগত ক্ৰীড়াপ্ৰেমীৰ সমালোচনাৰ সন্মুখীন হৈছিল তেওঁ। সামাজিক মাধ্যমত তেওঁকলৈ সৃষ্টি কৰা হৈছিল ব্যংগৰ ('মিম')।

এই সময়ছোৱা ৰিয়ানৰ বাবে আছিল হতাশ-চিন্তা-অৱসাদেৰে পাৰ কৰা একো একোটা কণ্টকময় মুহূৰ্ত। সমালোচনাৰ প্ৰত্যুত্তৰ সন্দৰ্ভত নিমাত আছিল ৰিয়ান। সংবাদ মাধ্যমৰ পৰাও আছিল দূৰৈত।

পিতৃ পৰাগ দাসে শিকাইছিল সমালোচনা হজম কৰাৰ মূলমন্ত্ৰ। মাতৃয়ো যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ক্ৰীড়াবিদ সেয়ে ৰিয়ানে জানিছিল উত্থান-পতনত কেনেদৰে নিজক চম্ভালিব লাগে। ক্ৰিকেটৰ দৰে এই শিক্ষাও ভালদৰে আয়ত্ত কৰিছিল তেওঁ।

সময়ে ৰিয়ানক শিকালে। সমালোচনাৰ জুয়ে পুৰি সোণলৈ ৰূপান্তৰ কৰিলে ৰিয়ানক। সময় যে গতিশীল। সদায় দিন একেই নাথাকে। উত্থান-পতন জীৱনৰে এটি অংগ। ৰিয়ানৰ ক্ষেত্ৰতো একেই।

বিশ্বকাপৰ মাজতে সমান্তৰালকৈ বি চি চি আয়ে আয়োজন কৰিছে ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা। টি-২০ আৰ্হিত অনুষ্ঠিত হৈছে চৈয়দ মুস্তাক আলী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাই যেন বাট চাই আছিল ৰিয়ানলৈ। আৰম্ভ হ'ল মুস্তাক আলী প্ৰতিযোগিতা। অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচক মণ্ডলীয়ে ৰিয়ানক দিলে গুৰুদায়িত্ব। অসম দলটোৰ নেতৃত্বৰ ভাৰ দিয়া হ'ল ২১ বছৰীয়া ৰিয়ান পৰাগক।

প্ৰতিটো শক্তিশালী অথবা তুলনামূলকভাৱে দুৰ্বল দলৰ বিৰুদ্ধে চলিল ৰিয়ানৰ অশ্বমেধ বেটিং আক্ৰমণ। এই আক্ৰমণৰ পৰা ৰক্ষা নপৰিল কোনো এগৰাকী বলাৰ। ৰিয়ানৰ প্ৰহাৰত ধৰাশায়ী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বলাৰলৈ বিভিন্নজন।

বেটে-বলে উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ। অধিনায়কৰ দায়িত্ব লৈয়ো বেটে-বলে অলৰাউণ্ডাৰ প্ৰদৰ্শন দাঙি ধৰি একছত্ৰী সম্ৰাটেৰে আগুৱাই নিলে অসম ক্ৰিকেট দলক। ২১ বছৰীয়া ৰিয়ানৰ পূৰঠ নেতৃত্বত পইণ্ট তালিকাৰ ঊৰ্ধমুখী যাত্ৰালৈ দোপে-দোপে আগুৱাই গৈছে অসম ক্ৰিকেট দল।

চলিত চৈয়দ মুস্তাক আলী ট্ৰফীত ৰিয়ানে গঢ়িলে অভিলেখ। টি-২০ সংস্কৰণত তেঁৱেই একমাত্ৰ বেটছমেন যিয়ে ধাৰাবাহিকভাৱে খেলিছে ৬টাকৈ অৰ্ধশকীয় ইনিংছ। সম্প্ৰতি ৭খন মেচৰ ৭টা ইনিংছত তেওঁৰ নামত আছে ৬টা অৰ্ধশতক। প্ৰথমখন মেচৰ পৰা বৰ্তমানলৈকে তেওঁৰ ৰান এনেধৰণৰ- ৪৫,৬১,৭৬(অপ),৫৩(অপ),৭৬,৭২ আৰু ৫৭(অপ)।

ৰিয়ানৰ অধিনায়কত্বৰ সন্মুখত দিশহাৰা হৈছে সঞ্জু চেমচেনৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰৰ অধিনায়কত্বৰ শক্তিশালী কেৰালা দলো। টুৰ্ণামেণ্টখনত বল হাতত লৈ তেওঁ দখল কৰিছে ৯ টা উইকেট। তেওঁৰ এই ঈৰ্ষণীয় সফলতাৰে গঢ়িছে আন এক কৃতিত্ব।

সম্প্ৰতি প্ৰতিযোগিতাৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী খেলুৱৈ হিচাপে তালিকাত শীৰ্ষস্থান দখল কৰি আছে। সেয়ে হয়তো বিশ্বকাপ চলি থকাৰ মাজতো অসমবাসীয়ে খবৰ ৰাখিছে ৰিয়ানৰ; ৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে ব্যাপক চৰ্চা। অনুৰাগীয়ে পুনৰ দেখিছে সপোন ! ভাৰতীয় দলত খেলিব ৰিয়ানে ! অৱশ্যে ৰিয়ানৰ বাবে ইমানো সহজ নহ'ব এই যাত্ৰা।

ঘৰুৱা প্ৰতিযোগিতাত যিদৰে ধাৰাবাহিকতা ৰক্ষা কৰি ৰিয়ানে ৰাণ কৰিবলৈ সক্ষম হৈছে ঠিক সেইদৰে আই পি এলৰ দৰে টুৰ্ণামেণ্টত ৰিয়ানৰ বেটৰ পৰা ৰাণ আহিব লাগিবই। ভাৰতীয় দলত স্থান প্ৰাপ্তিৰ বাবে আজিৰ তাৰিখত আই পি এলৰ প্ৰদৰ্শন অতি গুৰুত্বপূৰ্ণ।

ৰিয়ানে আই পি এলত যিমান সুযোগ পাইছে, নিজ ফ্ৰেন্সাইজিৰ পৰা যিমান সমৰ্থন পাইছে সেয়া আন বহু ক্ৰিকেটাৰে পোৱা নাই। বহুতৰ বাবে ৰিয়ানে লাভ কৰা সমৰ্থন ঈৰ্ষাৰো কাৰণ। তাৰ পাছতো ৰিয়ানৰ বেটৰ পৰা ৰাণ নহাত স্বাভাৱিকতে সমালোচনাৰ সন্মুখীন হৈছে।

ৰিয়ানে এই কথাবোৰ উপলব্ধি কৰিব পাৰিব লাগিব। খেলুৱৈৰ দেহত অহংকাৰে শোভা নাপায়। কথাৰে নহয়, নিজৰ প্ৰদৰ্শনেৰে কথা ক'ব লাগে খেলুৱৈয়ে। ৰিয়ানৰ পৰাও আমি সেয়াই বিচাৰো।

টুইটাৰত পূৰ্বানুমান লিখি ৰিয়ানে বিজয় হাজাৰে অথবা চৈয়দ মুস্তাক আলীত ৰাণ কৰা নাই। বিশাল ছিক্সাৰ কোবোৱা নাই। অধিনায়কৰ দায়িত্ব চম্ভালি দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰাৰ খবৰ মানুহে নিজেই লৈছে। আই পি এলৰ সময়তো সেয়াই হওক। টুইটাৰৰ পৰিৱৰ্তে ৰিয়ানে খেলপথাৰত ছিক্সাৰ কোবাই ভাৰতীয় নিৰ্বাচকৰ দুৱাৰ খুলি লওঁক।

নীলা জাৰ্চী লৈ আৰু কিমান দূৰ...
অখিলে এৰিব, লুৰিণে খেলিব !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in