এনেকৈয়োতো কৰিব পাৰি ৰাজনীতি !

এনেকৈয়োতো কৰিব পাৰি ৰাজনীতি !

ভাস্কৰ শৰ্মা

নেতা আহে, নেতা যায়। নেতা হোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা- নেতা হৈ ৰাইজৰ মনত এক সুকীয়া আসন দখল কৰাটো।  থাকি যায় জনমানসত নেতাই কৰা কামবোৰ। থাকি যায় নেতাৰ আচৰণ কিম্বা ব্যৱহাৰবোৰ।

দেশজুৰি বলিছে নিৰ্বাচনী বতাহ। এই বতাহে চুই গৈছে ভোটাৰৰ পৰা আদিৰ কৰি নেতা তথা মন্ত্ৰী আমোলা; সকলোকে। অসমতো নিৰ্বাচনী বতাহজাক বৰকৈ বলা পৰিলক্ষিত হৈছে। তিনিটা পৰ্যায়ত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

প্ৰথম পৰ্যায়ত উজনি অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যিহেতু চলিত মাহতে অনুষ্ঠিত হ’ব সেয়েহে উক্ত অঞ্চলৰ লোকসভা সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচী তুংগত উঠা পৰিলক্ষিত হৈছে।

উজনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ডিব্ৰুগড় লোকসভা সমষ্টি। এই সমষ্টিটোত নিৰ্বাচনী যুঁজখন মুখ্যতঃ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজতে হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে। অৱশ্যে উক্ত সমষ্টিটোত আপৰ প্ৰাৰ্থী গৰাকীয়েও অংকত আউল লগোৱাৰ সম্ভাৱনা আছে।

আপ নেতাগৰাকীৰ লগতে আন দুয়োগৰাকী নেতাৰ সমাজত আছে যোগাত্মক ভাবমূৰ্তি। দুয়োগৰাকী নেতাক ৰাইজে অসাধাৰণভাৱে ভালপায়। ভোট দিয়ক বা নিদিয়ক এটা কথা নুই কৰিব নোৱাৰি যে, দুয়োগৰাকীকে ৰাইজে আদৰ কৰে।

অৱশ্যে ভোটদানৰ ক্ষেত্ৰত বহু কথাই বিবেচনা কৰা হয়। কোনোৱে চাই ব্যক্তি তথা প্ৰাৰ্থীগৰাকীক আৰু আন কোনোৱে প্ৰাৰ্থীতকৈ চাই পাৰ্টি। এইদৰেই ভোটাৰে সিদ্ধান্ত লয় কাক দিব ভোট !

অসমীয়া ৰাইজ হেনো বৰ আবেগিক। আবেগৰ জোখাৰেই প্ৰায় সকলো সময়তে সিদ্ধান্ত লোৱা দেখা যায়। ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ হয়তো ৰাইজ আবেগৰ জোখাৰেই দুয়োগৰাকী নেতাক বিশ্লেষণ কৰিব !

কিয়নো দুয়োগৰাকী নেতাৰে জনমানসত এক সুকীয়া স্থান আছে। দুয়োগৰাকী নেতাৰ ভাষণত ফুটি নুঠে দম্ভ-অহংকাৰ। দম্ভ-অহংকাৰেৰে ৰাইজৰ মন জয় কৰা নেতাৰ নাথাকে স্থায়িত্ব।

লুৰীণ অথবা সৰ্বানন্দৰ বিনয়ী ভাষণে দৃষ্টি কাঢ়ে জনতাৰ। সেয়ে এইবাৰ জনতা এক দোদুল্যমান স্থিতিত পৰাটো একো ডাঙৰ কথা নহয়। সেয়েহে ডিব্ৰুগড় সমষ্টিৰ নিৰ্বাচনী যুঁজখন তীব্ৰতৰ হ’ব বুলি একাংশই ক’ব খোজে।

সৌসিদিনা লুৰীণজ্যোতি গগৈয়ে ভোট ভিক্ষাৰ বাবে উপস্থিত হৈছিল সৰ্বানন্দৰ সোণোৱালৰ মুলুকগাঁৱৰ বাসগৃহত। প্ৰতিদ্বন্দ্বী সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ পৰা বিচাৰিছিল আশীৰ্বাদ।

যি দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। বহুতে আলোচনাও কৰিছিল- ৰাজনীতিৰ ঊৰ্দ্ধতো থাকে মূল্যবোধ। লুৰীণজ্যোতি গগৈয়ে দেখুৱাই দিছিল তেঁও কিটো পৰ্যায়ৰ ৰাজনীতিক। নেতাৰ এনেবোৰ কৰ্মই অনুপ্ৰাণিত কৰে সকলোকে।

সৰ্বানন্দ সোণোৱালৰ বাসগৃত উপস্থিত হোৱা লুৰীণক আশীৰ্বাদ দি জ্যেষ্ঠ ভাতৃ দীপক সোণোৱালে কৈছিল- লুৰীণক আশীৰ্বাদ দিছোঁ। যাতে জয়যুক্ত হয়। ৰাইজৰ মন কোনেও কিনিব নোৱাৰে। তেঁও যিদৰে বিচাৰিছে শুভ হওক।  

মানুহৰ মাজত আদৰ্শগত পাৰ্থক্য থকাটো স্বাভাৱিক। কিন্তু আদৰ্শৰ অচিলা লৈ ৰাজনীতিকে নিম্ন পৰ্যায়ৰ সমালোচনাৰে ব্যক্তিগত আক্ৰমণ কৰাটো কোনোৱে নিবিচাৰে।

ভোট ভিক্ষাৰ সময়চোৱাত লুৰীণে কৈছিল- সাম্প্ৰতিক সময়ত মূল্যবোধৰ ৰাজনীতিৰ অৱক্ষয় ঘটিছে। উদাৰণ দিছিল বিমলা প্ৰসাদ চলিহা আৰু খগেন বৰবৰুৱাৰ মাজৰ ৰাজনৈতিক যুঁজৰ। কিদৰে বিমলা প্ৰসাদ চলিহাই নিজৰ জীপখন খগেন বৰবৰুৱাক নিৰ্বাচনী সভাত যাবলৈ দিছিল।

বৰ্তমান ৰাজনৈতিকক্ষেত্ৰত তেনে এক পৰিৱেশৰ ছবি অতিকৈ দুৰ্লভ। নেতাই নেতাক কি পৰ্যায়ত বাক্যবাণ মাৰে সেই কথা সততে দেখিবলৈ পোৱা যায়। টি ভিৰ টকশ্ব’বোৰতো একাংশ নেতাই ডিঙিৰ সিৰ ফুলাই সমালোচনা কৰা দেখা যায়।

এতিয়া যেন এনেবোৰ ছবিয়েই সুলভ হৈ পৰিছে। নেতা হ'লেই যেন কৰিব লাগিব কুটু সমালোচনা আৰু কটাক্ষ। তেতিয়াহে ৰাইজে তেঁওক চিনি পাব। ডাঙৰ নেতা হিচাপে বিবেচনা কৰিব যেন ধাৰণাৰ সৃষ্টি কৰি লোৱা হৈছে।

লুৰীণজ্যোতি গগৈৰ এনে মূল্যবোধৰ ৰাজনীতিয়ে পুনৰ এবাৰ তেঁওক ৰাইজৰ ওচৰ চাপি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি বোধ হয়। সৰ্বানন্দ সোণোৱালৰো আধ্যাত্মিক চিন্তা আৰু ভাষণত ফুটি উঠা বিনয়ী সুৰে ভবাই তোলে জনতাক।

প্ৰায়বোৰ জনসভাত দিয়া ভাষণত তেঁও কয়- আজি সৰ্বানন্দ সোণোৱাল যি হৈছে সেয়া ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বলতে হৈছে। ৰাইজৰ প্ৰতি তেঁওৰ কৃতজ্ঞতাসূচক মন্তব্যবোৰে ৰাইজৰ ওচৰলৈ যোৱাত সহায় কৰে। অতি নম্ৰ আৰু ভদ্ৰতাৰে ব্যাখ্যা কৰে সকলোবোৰ কথা তথা সমস্যাৰাজি।

প্ৰকৃতাৰ্থত ব্যক্তি হিচাপে দুয়োগৰাকীয়ে নমস্য। অৱশ্যে ৰাজনৈতিক দৰ্শনত কথাবোৰ পৃথক হৈ পৰে। কিন্তু এইবোৰৰ মাজতো এটা কথা ঠিক যে, ভোটৰ সংখ্যাৰে জোখা নহয় নেতাৰ ব্যক্তিত্ব। ৰাজনীতিৰ ঊৰ্দ্ধতো থাকে প্ৰমূল্যবোধ কিম্বা নৱজাগৰণৰ চিন্তা-চেতনা। যিয়ে জনতাৰ মনত সাঁচ বহুৱাই যায় প্ৰকৃততে নেতা হিচাপে।

ডিব্ৰুগড়ত কোন জয়ী হ'ব সেয়া সময়ে ক'ব। কিন্তু অসমৰ আনবোৰ সমষ্টিতকৈ ডিব্ৰুগড়ত সৰ্বা-লুৰীণে চলোৱা প্ৰচাৰ,আচৰণ, ভাব-ভংগীমাই প্ৰকৃতাৰ্থত এক মূল্যবোধসম্পন্ন পৰিৱেশৰ সৃষ্টি কৰিছে। সচেতন ভোটাৰে সেয়েহে আজি সমস্বৰে কৈছে- এনেকৈয়োতো কৰিব পাৰি ৰাজনীতি...

এনেকৈয়োতো কৰিব পাৰি ৰাজনীতি !
যুঁজ এখন হ'ব বাপু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in