যুঁজ এখন হ'ব বাপু...

যুঁজ এখন হ'ব বাপু...

যি সময়ত আমাৰ মাত বন্ধ, সেই সময়ত এজনে মাত মাতিছে। চকুৰ সন্মুখত দেখি থকা কথাবোৰ গীতৰ মাধ্যমৰে মানুহক ক’বলৈ সাহস কৰিছে। শাসকীয় তথা ক্ষমতাৱান সকলৰ ৰঙা চকুলৈ পাৰোৱাৰ নকৰি একেই স্থিতিতেই থাকি আশা কৰিছে- ৰাইজে বিচাৰিলে যুদ্ধ হ’ব।

কম সময়ৰ ভিতৰতেই এটা গানে বিশেষ চৰ্চা লাভ কৰিছে। গানটোৰ শীৰ্ষ- যুঁজ। গীতৰ ভাষাৰে সন্মুখত এখন যুজঁ দেখা কথা তেওঁ উল্লেখ কৰিছে- যুঁজ এখন হ’ব বাপু, যুজঁ এখন হব। ৰাইজক মজা দিয়াবোৰক, ৰাইজে মজা দিব।

পিছে কি যুঁজ এয়া। অস্তিত্বৰ ৰক্ষা যুঁজ, নিৰ্বাচন হৰা-জিকাৰ যুঁজ নে ন্যায়-অন্যায়ৰ যুঁজ! সেই যুঁজখন বেছিভাল আৰু কম ভাল মাজত হ'ব। ৰাইজক প্ৰতাৰণা কৰা সকলৰ বিৰুদ্ধে এই যুঁজৰ প্ৰেক্ষাপট ৰচনা কৰা হৈছে।

এটা গীতে মানুহৰ মন জোকাৰি গৈছে। এয়াই এজন শিল্পীৰ কৃতিত্ব আৰু শক্তি। সমগ্ৰ বিশ্বতেই এনে বহু উদাহৰণ আছে। পল ৰবচন তাৰ উদাহৰণ হৈ চিৰকালৰ বাবে জিলিকি ৰৈছে। একেদৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত টেইলৰ ছুইফট এনে যুঁজৰে কাৰক হৈ পৰিছে। প্ৰশ্ন হৈছে, কাৰ পক্ষত থাকিব বিশ্বৰ জনপ্ৰিয় গায়িকা টেইলৰ ছুইফট।

২০২৩ত সমগ্ৰ বিশ্বত ইন্টাৰনেটৰ মাধ্যমত ষ্ট্ৰীম কৰা গায়িকাগৰাকীয়েই হৈছে টেইলৰ। তেওঁ খ্যাতি আৰু শৈলী মাৰ্কিন নিৰ্বাচনৰ অন্যতম কাৰক হৈ পৰিছে। প্ৰাইম মেগাজিনৰ ২০২৩বৰ্ষৰ ‘বছৰৰ ব্যক্তি’ আছিল চুইফট।

তেওঁৰ গীতত প্ৰতিশ্ৰুতি আছে। তেওঁৰ গীতক ভালপোৱা অনুৰাগী আছে। জল্পনা-কল্পনা চলিছে জ’ বাইডেনৰ পক্ষতে থাকিব তেওঁ। ছুইফটৰ এটা এটা ইষ্টাগ্ৰাম প'ষ্টে লাখ লাখ নতুন ভোটাৰক আকৰ্ষিত কৰে।

মাৰ্কিন যুৱ ভোটাৰসকলৰ মাজত তেওঁ অতিকৈ প্ৰভাৱশালী গায়িকা। এক্সুিভ পুলিঙত দেখা পোৱা গৈছে ১৮শতাংশ ভোটাৰে ছুইফটে সমৰ্থন কৰা প্ৰাৰ্থীকে ভোট দিয়াৰ সম্ভাৱনা আছে। সেয়েহে ছুইফট এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অন্যতম প্ৰভাৱাম্বিত কাৰক।

২০২০ৰ নিৰ্বাচনত তেওঁৰ ট্ৰাম্পৰ বিৰোধী স্থিতি লৈছিল। সেই নিৰ্বাচনী যুদ্ধ পৱিত্ৰ যুদ্ধৰ প্ৰতিশ্ৰতি দিছিল। এয়াই হৈছে এগৰাকী গায়িকা বা শিল্পীৰ প্ৰভাৱ। অসমতো এনে শিল্পী আছে। কিন্তু তেওঁলোকে ৰাজনীতি নকৰিবি বন্ধু-বুলি কৈ ভিতৰি ৰাজনীতি কৰে।

ৰাইজৰ পক্ষত আছো বুলি কৈ ৰাইজৰ পক্ষত নাথাকে। বন্ধ চেম্বাৰত ঠিকাৰ দৰদামতেই তেওঁলোকৰ জনতাৰ প্ৰতি থকা দায়িত্ববোধৰ ইতি পৰে। কিন্তু ইচ্ছা কৰিলে এইসকলে বুকু ফিন্দাই আমিয়েই জিকিম বুলি কোৱাসকলৰ বিৰুদ্ধে গীতৰ জৰিয়তে, অনুৰাগীৰ মাধ্যমেৰে ৰাইজে বিচাৰি থকা এখন পৰিৱৰ্তনকামী ৰাজনৈতিক যুদ্ধৰ সূচনা কৰিব পাৰিলেহেতেন।

সেই সকলে নকৰিলেও অসমৰ এজন শিল্পীয়ে সেই যুদ্ধ সূচনাৰ মানসিকতাৰে ৰাইজৰ বিচাৰ-বুদ্ধিৰ দুৱাৰখন মুকলি কৰি দিছে। সেই সুযোগ কোনে কেনেদৰে লব পাৰে বা ইয়াৰ ফলাফল কি হ''ব সেয়া ভৱিষ্যতে কব। কিন্তু আৰম্ভণি যে কিবা এটা হৈছে সেয়া নিশ্চিত।

জাতি-মাটি ভেটি ৰখাৰ মিছা শপত লৈছিল কিছুৱে! ৫টাকৈ লৰা মাৰি কা জাপি দিলে। তাৰ পিছত যুঁজ এখন কিয় নহ'ব! কবিতা এটা লিখিলেই জেলত ভৰাই থোৱাৰ পৰিৱেশ এতিয়া। কোনোবাই কষ্ট কৰি পঢ়া-শুনা কৰি চাকৰি এটা ল’ব, দৰমহা দিছো বুলিয়েই জানো চাকৰ বুলি ভাৱি ললে হ'ব! সেয়েহে ভৱা হৈছে এইবাৰ যুঁজ এখন হ’ব, ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব।

দাইলৰ দাম ১০০পাৰ হ’ল! মিঠাতেলৰ দাম ২০০ হ’ল। ৫কেজি চাউল দি  ভোটাৰৰ পৰা ভোট খুজি ল’ব পৰা পৰিৱেশ তেওঁলোকে ৰচনা কৰিলে। ইলেক্টৰেল বণ্ড বুলি চান্দা তুলি বিভিন্ন সা-সামগ্ৰীৰ দাম বৃদ্ধি কৰিলে। ঔষধৰ দাম আকাশলংঘী হ’ল। সুৰাপায়ী সকলৰ মূৰত আকৌ নাৰিকল পৰিল।

এনেবোৰ বহু বিষয় এই গীতৰ জৰিয়তে উস্থাপন কৰা হৈছে। এই গীত শ্লোগানধৰ্মী নহয়। শ্লোগান যেন লাগিলেও এয়া গীত। মানুহে ভৱা কথাৰে লিপিৱদ্ধ কৰা এয়া এক সময়ৰ গীত। যেতিয়াই শাসক শোষণকাৰী হব, তেতিয়াই এনে গীত প্ৰাসংগিক হৈ পৰিব। ৰাইজে আওৰাবলৈ ভাল পাব- ‘যুঁজ এখন হব বাপু, যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব’

মানস ৰবীনৰ যুঁজ শীৰ্ষক এই গীতেই হৈছে ৰাইজৰ কন্ঠ। আজি এজনে, কাইলৈ দহজনে আৰু এদিন লাখ লাখ মানুহে সমস্বৰে এই গীত গালে কাৰ সাধ্য আছে দিছপুৰ দিল্লীৰ মছনদ দখল কৰি থাকিবলৈ...

যুঁজ এখন হ'ব বাপু...
ৱাশ্বিং মেছিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in