/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e5e48dac-fe76-4793-843f-7c481f8c3978/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
ভাস্কৰ শৰ্মা
সমগ্ৰ দেশজুৰি চলি আছে নিৰ্বাচনী বতাহ। সকলো ব্যস্ত দেশৰ সাধাৰণ নিৰ্বাচনকলৈ। নিৰ্বাচনী সমীকৰণ চলিছে ৰাজনৈতিক দলসমূহৰ মাজত।
ইতিমধ্যে ৰাজনৈতিক দলসমূহে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা। দলসমূহে সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত কৰি আছে সাংগঠনিক সভা। নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন। আয়োগে ঘোষণা কৰা সময়সূচী অনুসৰি মুঠ ৭ পৰ্যায়ত দেশজুৰি অনুষ্ঠিত হ'ব ভোটগ্ৰহণ পৰ্ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/81e59513-a664-43aa-9f19-4c564e0ad5c8/23c5b3df_843f_4892_a351_fc5aa3f48d18.jpg)
অসমৰ ১৪ টা সমষ্টিত ৩টা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ পৰ্ব। আয়োগৰ ঘোষণাৰ পাছৰে পৰা নিৰ্বাচনী বতাহজাকে সৰ্বসাধাৰণ ৰাইজকো চুই গৈছে। তথ্য অনুসৰি অসমৰ মুঠ ভোটাৰৰ সংখ্যা ২.৪১ কোটি।
অৱশ্যে বৰ্তমানৰ সমীক্ষামতে বাঢ়িব পাৰে। এই পৰিপ্ৰেক্ষিতত গৰিষ্ঠসংখ্যক ভোটাৰ খাটিখোৱা, দিন-হাজিৰা কৰা, ব্যৱসায়-বাণিজ্য আদি কৰি দুবেলা-দুসাঁজ খাই চলি থকা বিধৰ। আনহাতে চাকৰি কৰা তথা আৰ্থিকভাৱে সবল ভোটাৰৰ হাৰ এইসকলতকৈ কম।
এইসকলো কথাৰ মাজতে কিন্তু নিভাঁজ সত্যটো হ'ল- সকলো ভোটাৰৰ ভোট মূল্য বহুমূলীয়া। ৰাইজে বিচাৰে উন্নয়ন। উন্নয়নকামী জনতাৰ তৰ্জনীয়ে নিৰ্ধাৰণ কৰে- কোনে কৰিব শাসন, কোন আহিব চৰকাৰত। যিটো দলৰ প্ৰতি নাইবা প্ৰাৰ্থীৰ প্ৰতি ৰাইজৰ আস্থা আৰু আগ্ৰহ বাঢ়ে সেই দলকে ৰাইজে ৰাজপাটত বহুৱায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/be846a3a-6d56-4399-acb9-38d4b8316858/71d6c72f_6f6b_4338_b3b4_89599959b5b5.jpg)
নিৰ্বাচনী বতাহ বলি থকাৰ মাজতে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ প্ৰতিনিধি গৈছিল মহানগৰীৰ ব্যস্ততাপূৰ্ণ এলেকাসমূহলৈ। এই এলেকাসমূহৰ ভিতৰত আছিল বেলতলা বজাৰ ,অনুৰাধা- বামুণীমৈদাম ক'লনী বজাৰ, কটন কলেজৰ আশে-পাশে থকা ব্যস্ততাপূৰ্ণ স্থানসমূহ। উদ্দেশ্য আছিল ৰাইজৰ মতামত লোৱা।
গুৱাহাটী মহানগৰীৰ উল্লেখিত স্থানসমূহৰ পাচলি ব্যৱসায়ী, মুৰ্গী বেপাৰী, ৰিক্সা চালকক সুধিছিলো- লোকসভা নিৰ্বাচনৰ কথা গম পায় নে, কাক বিচাৰে শাসনত আদি কেইবালানি প্ৰশ্ন। এইসকল লোকৰ ভিতৰত ভালেকেইগৰাকীয়ে উত্তৰত কৈছিল বিজেপিৰ কথা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/56ffb9bf-3d3a-4570-a227-fafb10e51e55/93bdbdfa_55be_4894_bc18_3b6756476dae.jpg)
তেওঁলোকৰ মতে -বিজেপিয়ে শাসনত আহিব লাগে। ইয়াৰ কাৰণ তেওঁলোকে কৈছিল বিজেপিয়ে ৰাস্তা নিৰ্মাণ কৰিছে, অৰুণোদয় দিছে, ঘৰ দিছে, শৌচালয় দিছে আদি বিভিন্ন ধৰণৰ তেওঁলোকে বিচৰাখিনিৰ উপৰি বিনামূলীয়া চাউল দিছে।
ইয়াৰ মাজতে মুৰ্গী বেপাৰী এগৰাকীয়ে উচ্চ স্বৰত কৈছিল- বিজেপিৰ দিনত বহুলোকক চৰকাৰী চাকৰি দিছে। অৱশ্যে ইছলাম ধৰ্মাৱলম্বী লোকজনে বিজেপিৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰি কৈছিল যে, দলটোৰ একাংশ নেতাই হেনো সাম্প্ৰদায়িক কথাত গুৰুত্ব দিয়ে। যি কথাই তেওঁলোকক দুখ দিয়ে। বাকী অন্য কাৰণত বিজেপিক বেয়া নাপাই বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/98b75316-bda0-404f-b163-a225cfe2d30e/2d700dda_802c_413b_a805_fcc821d95d12.jpg)
এনদৰে গৰিষ্ঠসংখ্যক খাটিখোৱা লোকৰ মতামতৰ পাল্লা ঢাল খাইছিল বিজেপিৰ দিশে। তেওঁলোকৰ ভাষ্যত প্ৰকাশ পাইছিল বিজেপিৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস। বিপৰীতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ প্ৰতি যেন তেওঁলোকৰ সেই বিশ্বাস কোনোবাখিনিত নাইকিয়া হৈ গৈছে।
অৱশ্যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ পৰা অহা এগৰাকী পাচলি ব্যৱসায়ীয়ে কৈছিল যে,কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ তেওঁৰ পচণ্ডৰ প্ৰাৰ্থী। কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী হোৱা হেতু বৰঠাকুৰৰ প্ৰতি ব্যৱসায়ীগৰাকীৰ সমৰ্থন নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/b98ef9a0-831e-42a0-a262-395dd0a753a7/9860e616_81e7_4d00_a49c_07b06555d897.jpg)
যদি তেওঁ বিজেপি প্ৰাৰ্থী হ'লহেঁতেন তেন্তে তেওঁ বিবেচনা কৰিলেহেঁতেন। অৱশ্যে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিক যদিও চিনি নাপাই বা তেওঁ কোৱা মতে নাম শুনা নাই; দলটোৰ খাতিৰতে তেঁওৰ সমৰ্থনত যোগাত্মক মন্তব্য প্ৰদান কৰে।
কটন বিশ্ববিদ্যালয়ৰ ওচৰৰ এগৰাকী জ্যেষ্ঠ নাগৰিকে বিজেপিৰ সাম্প্ৰতিক কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰে। উৰণসেতু নিৰ্মাণ কৰা, দুখীয়াক বিনামূলীয়া চাউল দিয়া, অযথা হিতাধিকাৰী সৃষ্টি কৰা আদি কেতবোৰ কাম-কাজত তেঁও ক্ষুন্ন। প্ৰসংগক্ৰমে বিজেপিৰ বিকল্প কংগ্ৰেছ হ'ব নোৱাৰে বুলিও মতামত ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/59ed8d5b-70a8-4c55-bdef-0adc88d9724a/421a0b03_367c_4d2e_9168_aa03859b2587.jpg)
ইয়াৰ মাজতে এচাম চাকৰি কৰা ব্যক্তিয়ে লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে। মনকৰিবলগীয়া যে, একাংশ উচ্চ শিক্ষিত তথা ২৫ৰ পৰা ৩০বছৰৰ ভোটাৰখিনিৰ নিৰ্বাচন সন্দৰ্ভত জ্ঞানশূণ্য কথাটো বৰ আশ্চৰ্যকৰ বিষয়। যুৱপ্ৰজন্মৰ স্তৰটোত আছে সৰ্বাধিক সংখ্যক ভোটাৰ। তেনেস্থলত নিৰ্বাচন সম্পৰ্কে যুৱপ্ৰজন্মৰ ভোটাৰৰ অজ্ঞতা ইতিবাচক নহয়।
স্নাতকোত্তৰ মহলাত শিক্ষাগ্ৰহণ কৰি থকা এজন ছাত্ৰই নাজানে নিৰ্বাচনৰ কথা। ইয়াৰ বিপৰীতে এগৰাকী অট'চালকে দিয়া মন্তব্যই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
চাকলজনে উল্লেখ কৰিছিল চৰকাৰে নিৰ্বাচনৰ আগে আগে আধাৰশিলা স্থাপন, ভূমি পূজন আদি কাৰ্যৰ প্ৰৱণতাৰ কথা। এইদৰে প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন, ভূমিপূজন এইকাৰণে কৰে যাতে; চৰকাৰখনে পুনৰ ক্ষমতালৈ আহিব পাৰে তাৰ এক কৌশলহে মাত্ৰ।
নিৰ্বাচনৰ আগে আগে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত খন্দা নলা-নৰ্দমা, উৰণসেতু নিৰ্মাণৰ বাবে সৃষ্টি হোৱা যান-জঁটে ৰাইজৰ দৈনন্দিন জীৱন-যাপন কৰাত নানান সমস্যাই দেখা দিয়ে। তেওঁ কৈছিল যে, এনেবোৰ কাম-কাজ নিৰ্বাচনৰ আগেয়ে সম্পূৰ্ণ কৰিব নোৱাৰাটো চৰকাৰৰ ব্যৰ্থতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/be8661a2-0600-49ec-82ac-42ffb6f58391/c75a2261_5b91_474f_a8e2_e1d3a218c231.jpg)
ইয়াৰোপৰি চালকজনে যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টি সন্দৰ্ভতো মতামত ব্যক্ত কৰে। তেওঁ কৈছিল যে, যোৰহাটত বিজেপি প্ৰাৰ্থী তপন গগৈ আৰু কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। কিয়নো গৌৰৱ গগৈৰ আছে গৰিষ্ঠ সংখ্যক জনসমৰ্থন। লগতে তেওঁৰ ব্যক্তিত্ব আৰু কথা-বতৰাই সহজে জনতাক আকৰ্ষিত কৰে। বিপৰীতে তপন গগৈৰ তেনেকুৱা কোনো লক্ষণ নাই বুলি কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/bc5abd8d-2879-4f17-b17b-6b519f79e768/7af27a8b_2fb2_465b_9bec_f64105aaab2d.jpg)
ইফালে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈ সম্পৰ্কে মন্তব্য কৰি কয় যে, জাতীয় নায়কখ্যাত সোণোৱালে চৰকাৰত থকা দিনত বৰ বিশেষ একো কৰিব নোৱাৰিলে। তাৰোপৰি মুখ্যমন্ত্ৰীৰ আসনখনো দ্বিতীয় কাৰ্যকালৰ বাবে ধৰি ৰাখিব নোৱাৰিলে।
ৰাইজে তেওঁক একালত ভালপাইছিল যদিও এনেবোৰ কাৰণৰ বাবে অসন্তুষ্ট একাংশ ভোটাৰ সোণোৱালৰ প্ৰতি আস্থাহীন। অৱশ্যে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সক্ৰিয় ৰাজনীতিত ভৰি দিয়া লুৰীণৰ যদিও জনপ্ৰিয়তা আছে কিন্তু দিল্লী যাত্ৰা সহজ নহ'ব বলি আওপকীয়াকৈ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d5e7cfe3-2dc4-469e-bda7-e7285b8a6e36/f4fe2ff7_6d30_4b75_95e4_0466f9fa66a3.jpg)
এয়া আছিল এটা দিনৰ বাবে চলা বিশ্লেষণত কেইগৰাকীমান জনতাৰ মতামত। এমুঠি সজাগ, সচেতন ভোটাৰে শাসনাধিষ্ঠিত চৰকাৰৰ কেতবোৰ কাম-কাজত অসন্তুষ্ট যদিও ভালেসংখ্যক খাটিখোৱা লোকৰ মনত বিজেপিয়ে দখল কৰিছে সুকীয়া আসন।
সেইসকল লোকৰ মহিলাসকলৰ মাজতো বিজেপিয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এই সামগ্ৰীক ঘটনাপ্ৰবাহৰ পৰা লক্ষ্য কৰিলে দেখা যায়- পদুমেই খাটিখোৱাৰ বাবে প্ৰিয় প্ৰতীক ! অৱশ্যে তাৰমাজত বহুসংখ্যকৰ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতি ক্ষোভো নথকা নহয়।
Also Read: যদি নিৰ্বাচনী বণ্ডৰ ধন আহে, ইডি, আই টি আৰু নাহে !