'বিপৰ্যয়'ৰ বিপৰ্যয়

'বিপৰ্যয়'ৰ বিপৰ্যয়

author-image
Asomiya Pratidin
New Update
'বিপৰ্যয়'ৰ বিপৰ্যয়

ভাস্কৰ নিলীমা

Advertisment

গুজৰি-গুমৰি আহিছে প্ৰাকৃতিক দুৰ্যোগ। বিভীষিকা-ত্ৰাস সৃষ্টি কৰি আহিছে 'বিপৰ্যয়' নামৰ ঘূৰ্ণী বতাহ আৰু বানপানী। কি খাব, ক'ত থাকিব আলৈ-আঁথানি সৰ্বসাধাৰণ জনতা।

বাৰিষা আহিল মানেই দুৰ্যোগৰ অঘোষিত প্ৰতিযোগিতা। সম্প্ৰতি সংবাদ মাধ্যম কিম্বা সামাজিক মাধ্যম সকলোতে বাতৰিৰ শিৰোণাম দখল কৰিছে 'বিপৰ্যয়' নামৰ ঘূৰ্ণী বতাহজাকে।

এই বতাহজাকৰ অভিকেন্দ্ৰ আৰৱ সাগৰ। বিশেষজ্ঞই জনোৱা মতে, তুলনামূলকভাৱে আন বতাহতকৈ ইয়াৰ গতিবেগ প্ৰচুৰ। ই উপকূলীয় অঞ্চলসমূহত বিস্তৰ ক্ষতিসাধন কৰিব পাৰে।

যিকোনো মূহুৰ্ততে ই অধিক ভয়াৱহ হৈ উঠিব পাৰে। ইতিমধ্যে 'বিপৰ্যয়ে' গুজৰাটৰ বিভিন্ন স্থানত ভূমিস্খলনৰ সৃষ্টি কৰিছে,সৃষ্টি কৰিছে প্ৰবল বৃষ্টিপাতৰ । ফলত উপকূলীয় অঞ্চলটোৰ এচাম খাটিখোৱা লোকৰ বিলৈ-বিপত্তি নোহোৱা হৈছে।

'বিপৰ্যয়'ৰ ফলত প্ৰায় ১২০-১৪০ৰো অধিক গতিবেগত অহা ধুমুহাই নিমিষতে তচ-নচ কৰি পেলাইছে ৰাজ্যখনৰ বিভিন্ন অঞ্চল। ধাৰাসাৰ বৰষুণৰ ফলত আলৈ-আঁথানি ভুক্তভোগী জনতাৰ।

ইতিমধ্যে 'বিপৰ্যয়ে' বিপৰ্যয় সৃষ্টি কৰিছে ৰাজস্থানতো। শুকুৰবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন জিলাত হৈছে প্ৰচুৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। যিকোনো মূহুৰ্ততে সংঘটিত হ'ব পাৰে অনাকাঙ্খিত ঘটনা।

উপকূলীয় অঞ্চলসমূহত দুৰ্যোগ প্ৰশমন বিভাগে মোতায়ন কৰিছে এছ ডি আৰ এফ তথা এন ডি আৰ এফ বাহিনী। সাম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰোপৰি আনবোৰ উপকূলীয় অঞ্চলসমূহতো 'বিপৰ্যয়ে' ত্ৰাসৰ সৃষ্টি কৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী প্ৰদান কৰিছে।

প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰিছে অসমকো। অসমৰ বাবে বানপানী কোনো নতুন কথা নহয়। প্ৰতিবছৰে বানপানীয়ে সৃষ্টি কৰি আহিছে নানান বিপৰ্যয়ৰ। দুখ-দুৰ্দশাৰ আদি অন্ত নাই অসমৰ জনসাধাৰণৰ। বানপানীয়ে পোহনীয়া জীৱ-জন্তুকে ধৰি ঘৰ-বাৰী মূহুৰ্ততে চূৰ্ণ-বিচূৰ্ণ কৰা ছবিখন অসমবাসীৰ বাবে পৰিচিত এখন ছবি।

সৌ সিদিনা ৰঙালী বিহুত সকলোৱে আনন্দত ৰঙীণ হৈ পৰিছিলহে মাত্ৰ। কোনেনো জানে তামোলৰ পাগত ওঁঠ ৰঙা পৰা হাঁহিত চকুলোৰ ধল ব'ব বুলি।

বাৰিষা পৰা লগে লগে বৰষুণ। তিনি-চাৰিদিন নেৰা-নেপেৰা বৰষুণৰ ফলতে ছিগি গ'ল নাওবৈচাৰ শিঙৰা নৈৰ মথাউৰি। চকুৰ পচাৰতে নাওবৈচাৰ হাঁহি থকা মুখবোৰত সানিলে ক'লা ছাঁই।

মুহুৰ্ততে উটি গ'ল গোহালিৰ গৰু,ভঁৰালৰ ধান,ঘৰ-দুৱাৰ। নিমিষতে সকলো ঠান-বান। কাৰ দুখ কোনো বুজিব। কাৰোবাৰ অনুভৱ বুজিবলৈ সময়েবা ক'ত। প্ৰায় ২০ হাজাৰ পৰিয়ালৰ আৰ্তনাদ।

গৃহহাৰা-বস্ত্ৰহাৰাৰ কৰুণ বিননি। টি ভিৰ পৰ্দাত এগৰাকী অসহায় নাৰীৰ কৰুণ বিননী-"সকলো শেষ হৈ গ'ল।", প্ৰায় ৮-৯ বছৰীয়া ছাত্ৰীৰ আবেগভৰা কণ্ঠেৰে সংবাদ মাধ্যমৰ সন্মুখত কৈছে-"পঢ়ি আছিলো...নিমিষতে সকলো শেষ হৈ গ'ল।" থোকা-থুকি মাত শুনাৰ ধৈৰ্য আছেনে মন্ত্ৰী-বিধায়কৰ !

যিখনত অসমত বিহুৱে বিশ্ব জিনিলে,সেই মূলুকতে প্ৰজাৰ আৰ্তনাদ,অসহায় অৱস্থা। হয়;প্ৰকৃতিয়ে উচ্চ-নীচ,ধনী-দুখীয়া বিচাৰ নকৰে। কাকো একো ভু নিদিয়াকৈ নিমিষতে সকলো শেষ কৰিব পাৰে বাবেই প্ৰাকৃতিক দুৰ্যোগ। কিন্তু অৱস্থা চাই ব্যৱস্থা ল'ব পৰাৰ ক্ষমতা কিন্তু ৰজাঘৰীয়াৰ হাতত আছে।

সাম্ভাৱ্য বিপদৰ কথা চিন্তা কৰি উক্ত মথাউৰিটো পুনঃনিৰ্মাণ কৰিব পৰাৰ সামৰ্থ হয়তো চৰকাৰৰ আছিল। জানিব পৰা মতে,জলসম্পদ বিভাগে উক্ত মথাউৰিটো পুনঃনিৰ্মাণৰ বাবে পুঁজি আৱন্টন দিছিল। কিন্তু যথা সময়ত মথাউৰিটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ নুঠিল বুলি সচেতন ৰাইজৰ অভিযোগ।

সকলো সময়তে চৰকাৰক দোষাৰোপ কৰাতো উচিত নহয়। নিৰ্দিষ্ট অঞ্চল এটাৰ সমস্যা অথবা অঞ্চলটোৰ ৰাইজৰ দুখ-দুৰ্দশাৰ কথা নিগৰাই লৈ অহা বিভাগীয় বিষয়া-কৰ্মচাৰীৰো দায়িত্ব। বানপানী আজিৰ সমস্যা নহয়।

প্ৰতিবছৰে বানপানীয়ে অসমত সৃষ্টি কৰা তাণ্ডৱৰ কথা প্ৰাথমিক শ্ৰেণীত পঢ়ি থকা শিশু এটিয়ো জানে। অৱশ্যে শুই থকা মানুহকহে জগাব পাৰি,শুৱাৰ ভাঁও ধৰি থাকিলে কোনেনো জগাব পাৰে...!

Also Read: আজমল-কেজৰিৱালক হিংসা কৰিলে কি হ’ব

Biparjay assam flood