আজমল-কেজৰিৱালক হিংসা কৰিলে কি হ’ব

আজমল-কেজৰিৱালক হিংসা কৰিলে কি হ’ব

মৃদুল কুমাৰ সন্দিকৈ

নীটৰ ফলাফল দিলে। কোন এই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ল,তাৰ চৰ্চা চলিছে। কোনো কোনোৱে এই শৈক্ষিক ফলাফলৰ সৈতে ধৰ্মীয় দৃষ্টিকোণৰ সম্পৰ্ক বিচাৰিছে। কিয়নো সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নীটৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাত পৰীক্ষাৰ বাবে সাজু কৰা ৩৫০ গৰাকীতকৈয়ো অধিক শিক্ষাৰ্থীয়ে চিকিৎসক হোৱাৰ পথ মুকলি কৰিলে।

এই পৰীক্ষাত আজমল ছুপাৰ-৪০ৰ পৰা জাইয়েট আফ্ৰিদীয়ে মুঠ ৭২০ নম্বৰৰ ভিতৰত ৬৯০ নম্বৰ লাভেৰে সফলতা বুটলিলে। আজমল ফাউণ্ডেচনৰ উদ্যোগত আজমল ছুপাৰ-৪০য়ে মেধা সম্পন্ন শিক্ষাৰ্থীসকলক এই পৰীক্ষাৰ বাবে সাজু কৰাই।

২০২০ বৰ্ষত আজমল ছুপাৰ-৪০ৰ পৰা ৮৪ গৰাকীয়ে,২০২১ বৰ্ষত ১৫০ গৰাকীয়ে আৰু ২০২২ বৰ্ষত ২৪০গৰাকীয়ে নীটত স্থান লাভ কৰিছিল। সংখ্যালঘুৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজনীতিৰ বিপৰীতে আজমলে এই কাম কৰি গৈছে।

আজমলৰ দৰে ধনী অসমত আন বহুলোক আছে। কিন্তু,চকুত পৰা বিধৰ তেনে উদ্যোগ কোনোৱে লৈছে বুলি ক’ব নোৱাৰি। অৱশ্যে গহপুৰৰ দৰে এক অঞ্চলত এখন আৱাসিক বিদ্যালয় স্থাপনেৰে তেনে প্ৰচেষ্টা আৰম্ভ কৰিছে উদয়াদিত্য গোস্বামীয়ে। প্ৰথমবাৰতেই সেই বিদ্যালয়ৰ পৰা ৩গৰাকী অতি দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে নীটত সেই সফলতা লাভ কৰিছে।

মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত চৰকাৰী,বেচৰকাৰী বা ব্যক্তিগত উদ্যোগ দায়বদ্ধতাৰে গ্ৰহণ কৰাটো সমাজৰ বাবে অতি ভাল কথা। দিল্লীৰ চৰকাৰে দাবী কৰি আহিছিল তেওঁলোকৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষা ব্যৱস্থা অতি উন্নত।

প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবলৈ আৰু সফলতা বুটলিবলৈ সক্ষম হোৱাকৈ ছাত্ৰ-ছাত্ৰীসকলক দিল্লীৰ চৰকাৰী বিদ্যালয়ে সাজু কৰে। চলিত বৰ্ষত অৰ্থাৎ ২০২৩ৰ নীটত দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ পৰা ১০৭৪ গৰাকীয়ে উত্তীৰ্ণ হ’ল।

২০২০ বৰ্ষত সেই সংখ্যা আছিল ৫৬৯গৰাকী। ২০২১ বৰ্ষত ৪৯৬,২০২২ বৰ্ষত ৬৮৪ আৰু ২০২৩ বৰ্ষত প্ৰায় দুগুণ ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানৰ পাঠাক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিলে।

সামাজিক মাধ্যমত এই বিষয়বোৰকলৈ ভিন্ন চৰ্চা হৈছে। আজমলে যদি পাৰে,আনে কিয় নোৱাৰে বুলিয়ো প্ৰশ্ন উঠিছে। একেদৰে দিল্লী চৰকাৰে যদি অসম্ভৱকো সম্ভৱ কৰি তুলিছে চৰকাৰী বিদ্যালয়ত। কিন্তু অসমত সেয়া সম্ভৱ কৰিব পৰা নাই কিয় ?

মন্ত্ৰী পীযুষ হাজৰীকাই অসমীয়া ল’ৰা-ছোৱালীয়ে ভালদৰে নপঢ়িলে আজমলৰ সন্তানে অসম দখল কৰিব বুলি মন্তব্য কৰিছে। কিন্তু সেই মন্তব্যই জানো দায়িত্ব শেষ কৰে।

অসমৰ চৰকাৰী বিদ্যালয়সমূহত যি পাঠদান হয়,সেই পাঠদানে দিল্লীৰ দৰে এক মেধাসম্পন্ন ছাত্ৰক এইধৰণৰ সফলতাৰ বাবে সাজু কৰি তুলিব নোৱাৰাৰ কাৰণ কি ? এতিয়া কাৰোবাক মোগল,ঔৰংগজেৱ বুলি গালি পাৰি ৰাজনীতি স্বাৰ্থ কিছুদিনৰ বাবে সিদ্ধি কৰিব পাৰিলেও প্ৰকৃতাৰ্থত এইবোৰে আমাক সম্বৃদ্ধ নকৰে।

অসমীয়া জাতি,অসমক সম্বৃদ্ধ কৰিবলৈ এনে ভাল খবৰবোৰৰহে প্ৰয়োজন। এইবোৰত ৰাজনীতি নাথাকে। ৰাজনীতিৰ পৰা ঊৰ্ধলৈ গৈ মানুহ হোৱাৰ কৃৰ্তিত্বৰ গৰাকী সকলো হ’ব নোৱাৰে।

আমি আজমলক গালি পাৰিব পাৰো,সমালোচনাৰে থকা-সৰকা কৰি হাঁহিব পাৰো কিন্তু এনেবোৰ উদ্যোগে নীৰৱে তেওঁলোকক প্ৰতিষ্ঠা কৰি গৈছে। ইয়াত ঈৰ্ষা কৰি লাভ নাই। একোটা পিছপৰা অঞ্চলত প্ৰকৃতাৰ্থত শৈক্ষিক উত্তৰণৰ বাট মুকলি কৰিবলৈ আন্তৰিকতা আৰু চেষ্টা লাগে।

ৰাজনীতিয়ে সকলো নহয়। আমি কেৱল সন্তুষ্টি লৈ জীয়াই থাকোঁ। আমাক চৌদিশৰ পৰা চেপি ধৰা শৈক্ষিক-সামাজিক বাতাৱৰণৰ মাজত কেইদিনলৈ আমাৰ অস্তিত্ব থাকিব সেয়ায়ো এক ডাঙৰ প্ৰশ্ন।

আজমল-কেজৰিৱালক হিংসা কৰিলে কি হ’ব
মানি লৈছে বহুতে; 'শনি' লাগিছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in