নকল কৰা বেয়া কথা...

নকল কৰা বেয়া কথা...

ভাস্কৰ শৰ্মা

নকল কৰা বেয়া কথা। সৰুতে আই-পিতাই বাৰম্বাৰ কৈছিল- বোপা নকল নকৰিবি। পৰীক্ষা দিবলৈ যাওতে হওক নাইবা আন কাম-কাজতে হওক নকল কৰা আৰু চুৰি কৰা একেই কথা।

কিন্তু এই কথা জানি-বুজিওচোন ভুল কৰে এচাম লোকে। নকল কৰি ধৰাত পৰিলেচোন বৰ লাজ লাগে। গাল-মুখ ৰঙা পৰি যায় লাজত।

লেখা-মেলা কৰা লোক তথা কিতাপ-পত্ৰৰে জড়িত লোকসকলক মানুহে বিশেষ দৃষ্টিভংগীৰে চায়। তেঁওলোকৰ বাবে সমাজত থাকে সুকীয়া স্থান। তেঁওলোকক ৰাইজে সমীহ কৰে।

কিন্তু ভেজাল বস্তুক জানো মানুহে আদৰি লয় ! সি যিয়েই নহওক কিয়, নকল সদায় নকলেই। হেৰাই যাই সমাজত বৰ্তি থকা ভাবমুৰ্তি। লাঘৱ হয় সন্মান।

গ্ৰন্থৰ নামত নকল কৰা কাৰ্য গ্ৰহণযোগ্য নহয়। কিন্তু আজিকালি গ্ৰন্থ নকল কৰি ছপা কৰা ঘটনা প্ৰায়েই শুনিবলৈ পোৱা যায়।

বিভিন্ন সময়ত গ্ৰন্থৰ লেখক তথা প্ৰকাশকৰ অনুমতি অবিহনে পি ডি এফ আকাৰে প্ৰস্তুত কৰি সামাজিক মাধ্যম তথা ই-মেইলত উপলব্ধ কৰে। এয়াও জানো এক অন্যায় নহয় !

যাৰ বাবে লেখক তথা প্ৰকাশক বিমূৰত পৰে। নান সমস্যাৰ সন্মুখীন হয়। সংবাদমেল পৰ্যন্ত সম্বোধন কৰি এনে দুষ্কাৰ্যৰ বিৰুদ্ধে ঠিয় দিব লগা হয় প্ৰকাশন তথা লেখকসকল। এনেবোৰ বে-আইনী কাৰ্যকলাপ সংঘটিত হৈ থকাৰ সময়তে পোহৰলৈ আহিছে আন এক ঘটনা।  

গ্ৰন্থৰভূমি পাণবজাৰত নকল কিতাপৰ সন্ধানত শুকুৰবাৰে চলিল এন চি ই আৰ টি আৰু অসম আৰক্ষীৰ যৌথ অভিযান। গ্ৰন্থ জালিয়াতি কৰাৰ অভিযোগত প্ৰায় ৩খনৰো অধিক গ্ৰন্থ বিপণীত অভিযান চলাই আৰক্ষীয়ে।

এই অভিযানত বিনিময়, নভেল্টি আৰু কিতাপ ভৱন নামৰ গ্ৰন্থ বিপণী কেইখনৰ পৰা জালিয়াতিৰে প্ৰকাশ কৰা ভালেসংখ্যক গ্ৰন্থ আৰক্ষী তথা এন চি ই আৰ টিৰ দলে জব্দ কৰে। ইয়াৰোপৰি দুঘণ্টা ধৰি চলোৱা অভিযানৰ পাছত সোধা-পোচাৰ বাবে আটক কৰা হ’ল ৬গৰাকী বিক্ৰেতাক।

অভিযোগ মতে এন চি ই আৰ টিৰ নাম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছিল জব্দকৃত গ্ৰন্থখিনি। এন চি আৰ টিৰ কিতাপ প্ৰকাশ পোৱাৰ পূৰ্বেই বিপণী কেইখনত উপলব্ধ হৈছিল সেই কিতাপ। গণিতকে ধৰি কেইবাটাও বিষয়ৰ কিতাপ উদ্বাৰ কৰা হৈছে বিপণী কেইখনৰ পৰা। এতিয়া বিপদ পৰিছে বিপণী কেইখনৰ স্বত্বাধিকাৰী।

এই কিতাপ জালিয়াতিৰ ঘটনাৰে জড়িত থকা চক্ৰটোক ইতিমধ্যে আৰক্ষীয়ে সোধা-পোচাৰ বাবে আটক কৰিছে। কি সঁচা, কি মিছা সেয়া অৱশ্যে আৰক্ষীয়ে কৰা তদন্তৰ অন্ততহে পোৰলৈ আহিব।

উক্ত ঘটনা সন্দৰ্ভত এন চি আৰ টিৰ বিষয়া এগৰাকীয়ে উল্লেখ কৰে যে, কিতাপ জালিয়াতি কৰা খবৰ কিছুদিন পূৰ্বেই লাভ কৰিছিল। খবৰ পোৱাৰ পাছৰে পৰা চেষ্টা চলিছিল যদিও আজিহে সবিশেষ তথ্য পোহৰলৈ আহে।

লগতে কয় যে, জালিয়াতি কৰা কিতাপ ইমানবোৰ ওলাব বুলি ভবা নাছিল। এক বা দুই বাণ্ডিল কিতাপ ওলাব বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে যিকেইখন বিপণীত জালিয়াতিৰে প্ৰকাশ কৰা কিতাপ উদ্ধাৰ হৈছে, সেই আটাইকেইখন দোকান পুৰণি। পাণবজাৰ তথা অসমৰ গ্ৰন্থ বিপণীৰ ক্ষেত্ৰত নাম থকা প্ৰতিষ্ঠান।

তেনেস্থলত এনে সম্ভ্ৰান্ত একোখন বিপণীৰ গৰাকীয়ে কিদৰে সংঘটিত কৰিব পাৰে এনে দুষ্কাৰ্য ! কিতাপৰ সুবাস লৈ থকা এইসকল বিক্ৰেতাৰ মন-মগজুত কিদৰে সোমাল বিষবাষ্প, তাকে লৈ এতিয়া সচেতন মহলত প্ৰশ্ন হৈছে।

পাণবজাৰৰ ঐতিহ্য-গৰিমাত ছাঁই সনা বিক্ৰেতা কেইগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এচাম সভ্য লোকে। এই সন্দৰ্ভত এন চি আৰ টিৰ আন এগৰাকীয়ে বিষয়াই আক্ষেপ প্ৰকাশ কৰে।

তেখেতে কয়- তেঁওলোক জনা-বুজা মানুহ। নতুন কোনোবা অনভিজ্ঞ ব্যক্তিয়ে এনে কৰিলে সেয়া বেলেগ কথা। অৱশ্যে গ্ৰন্থ ক্ৰয় কৰাৰ ক্ষেত্ৰত পঢ়ুৱৈ তথা গ্ৰাহকসকলকো সজাগ আৰু সচেতন হ’বলৈ বিষয়াগৰাকীয়ে আহ্বান জনায়।

আনহাতে বিপণী এখনৰ কৰ্মচাৰী এগৰাকীয়ে কয় যে বিদ্যালয় তথা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিমানখিনি কিতাপৰ প্ৰয়োজন, সিমানখিনি যোগান ধৰিব পৰা নাই। প্ৰকাশো হোৱা নাই।

যাৰ বাবে শিক্ষাৰ্থী-তথা অভিভাৱকসকল সমস্যাৰ সন্মুখীন হ’ব লগা হয়। চাহিদা অনুপাতে কিতাপ যোগান ধৰিব পৰা নাই এন চি ই আৰ টিয়ে। সেয়েহে নতুন দিল্লীৰ পৰা ডুপ্লিকেট কিতাপ আনি দোকানত বিক্ৰীৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে। শিক্ষাৰ্থীসকলৰ কথা ভাবিয়েই প্ৰায় ৩ লাখ নকল কিতাপ যোগান ধৰাৰ ব্যৱস্থা তেঁওলোকে কৰা বুলি মন্তব্যত উল্লেখ কৰে।

আনহাতে আন এখন বিপণীৰ কৰ্মচাৰীয়ে মন্তব্য কৰা মতে পাটনাৰ পৰা দল এটাই পুৰণি কিতাপৰ চাপ্লাই দিয়াৰ বাবে চেম্পল লৈ অহাৰ কথা উল্লেখ কৰে। ইয়াৰোপৰি সেই পুৰণি কিতাপৰ ঠাইত পাটনাৰ পৰা নতুন কিতাপ দিয়া বুলি তেঁও উল্লেখ কৰে। অৱশ্যে বিপণীখনৰ পৰা জব্দ কৰা নকল কিতাপবোৰ ফৰেনচিকত নিয়াৰ পাছতহে সকলো তথ্য পোহৰলৈ আহিব বুলি তেঁও কয়।

এইসমূহ কথা পৰা লক্ষ্য কৰিলে দেখা যাই যে কিতাপৰ বজাৰখনত একাংশ দুষ্ট চক্ৰ জড়িত হৈ আছে। যিসকলে এনেদৰে কিতাপবোৰ বিপণীয়ে বিপণীয়ে যোগান ধৰাৰ ব্যৱস্থা কৰে।

প্ৰশ্ন হয় সঁচাকৈয়ে জানো এন চি ই আৰ টিয়ে পৰ্যাপ্ত পৰিমাণৰ কিতাপ যোগান ধৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি ? যদিহে তেঁওলোক ব্যৰ্থ হৈছে, তেন্তে এন চি ই আৰ টিৰ কাৰ্যালয়ৰ লগত গ্ৰন্থ বিপণীসমূহে পোনপোটীয়াকৈ যোগাযোগ কৰাত সমস্যা কি ? এতিয়া অপেক্ষা মাথো সময়লৈ। কি সত্য, কি অসত্য সকলো উচিত তদন্তৰ পাছতহে পোহৰলৈ আহিব !

নকল কৰা বেয়া কথা...
চৰ খাই কেনেকৈ ভোট দিওঁ বদৰভাই ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in