লোকসভা ২০২৪- হিন্দু নহয় ! উত্তৰ-পূবত খ্ৰীষ্টানহে ফেক্টৰ...

উত্তৰ-পূবত যিকোনো দলে জয় ধ্বজ্জা উৰুৱাবলৈ হ'লে খ্ৰীষ্টান ধৰ্মৰ ভোটাৰক একাষৰীয়া কৰিলে জয় একপ্ৰকাৰৰ অসম্ভৱ...
লোকসভা ২০২৪- হিন্দু নহয় ! উত্তৰ-পূবত খ্ৰীষ্টানহে ফেক্টৰ...

ডিম্পুল বৰগোঁহাই

বিজেপি চৰকাৰৰ দিনত হিন্দু ধৰ্মৰ প্ৰৱল প্ৰসাৰ হৈছে বুলি ক'লে বহুতৰে হয়তো দ্বিমত নাথাকিব। শতিকাজোৰা বাক-বিতণ্ডাৰ অন্ত পেলাই ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰা বিজেপি চৰকাৰখনেও বহু সময়ত হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ কথা প্ৰায়ে উনুকিয়াই।

হিন্দু ৰাজনীতি কৰিয়েই আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ এবাৰ গাদী দখলৰো পৰিকল্পনা কৰিছে বিজেপিয়ে। কিন্তু বিজেপিৰ এই হিন্দু ৰাজনীতিৰ আঁৰে আঁৰে সমগ্ৰ দেশ তথা উত্তৰ-পূবত অতিপাত গতিত বৃদ্ধি পাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা। যোৱা কিছুবছৰৰ পৰা তলে তলে অসমৰ কেইবাখনো জিলাত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকৰ তালিকাখন দ্ৰুতগতিত দীঘল হৈছে।

মোডীৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত এজনো খ্ৰীষ্টান ধৰ্মৰ মন্ত্ৰী নাই যদিও ৰাজ্যসভা আৰু লোকসভাৰ দুয়োখন সদনত প্ৰায় ২৭গৰাকী সাংসদ খ্ৰীষ্টান ধৰ্মাৱলম্বী। ইয়াৰে অধিক সংখ্যক সাংসদেই উত্তৰ-পূবৰ। শেহতীয়া লোকপিয়ল অনুসৰি, ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ২.৩শতাংশ লোক খ্ৰীষ্টান ধৰ্মৰ। প্ৰায় ২৭কোটি ৮লাখ ১৯হাজাৰ ৫৮৮গৰাকী খ্ৰীষ্টান ধৰ্মৰ লোক আছে ভাৰতবৰ্ষত।

জানি আচৰিত হ’ব যে, সমগ্ৰ বিশ্বৰ মুঠ জনসংখ্যাৰ ভিতৰত ৩১.৪শতাংশ লোকেই খ্ৰীষ্টান ধৰ্মৰ। বিশ্বৰ প্ৰায়বোৰ পশ্চিমীয়া দেশৰ অধিক সংখ্যক লোক খ্ৰীষ্টান ধৰ্মৰ। ভাৰতবৰ্ষত খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ কম আছিল যদিও শেহতীয়া এটা দশকত অতিপাত গতিত বৃদ্ধি পাইছে এই ধৰ্মৰ প্ৰভাৱ। বিশেষকৈ অসমত এই ধৰ্মৰ প্ৰভাৱ সময়ৰ গতিত অধিক তীব্ৰতৰ হৈছে।

একেবাৰে শেহতীয়া তথ্য অনুসৰি, অসমত মুঠ জনসংখ্যাৰ ৩.৭৪শতাংশ লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। ২০১১চনৰ লোকপিয়ল অনুসৰি অসমত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা মুঠ লোকৰ সংখ্যা হৈছে ১১.৬৬লাখ।

এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে, অসমত মুঠ ১কোটি ৭৪লাখ লোক ইছলাম ধৰ্মৰ। অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩২শতাংশ লোক ইছলাম ধৰ্মাৱলম্বী বুলি কাগজে-কলমে উল্লেখ আছে।

১৯০১চনত অসমত খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা আছিল ১৩হাজৰ ৬৩৮গৰাকী। ১৯৪১চনৰ লৈকে অসমত এই সংখ্যা আছিল ৩৭হাজাৰ। কিন্তু ১৯৫১চনৰ পৰা অসমত অধিক হাৰত বৃদ্ধি পালে খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা।

১৯৪১চনৰ পৰা ১৯৫১চনৰ এই মাজৰ ১০বছৰত প্ৰায় ৩০০শতাংশ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকৰ সংখ্যা অসমত বৃদ্ধি পালে। ১৯৫১চনত অসমত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকৰ সংখ্যা হ'লগৈ ১লাখ ৬০হাজাৰ ৪৩৮গৰাকী।

ইয়াৰ পিছৰে পৰা ক্ৰমান্বয়ে অসমত বৃদ্ধি পালে খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা। বৰ্তমান অসমত থকা খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা হৈছে ১১লাখ ৬৫হাজাৰ ৮৬৭গৰাকী। অসমত সৰ্বাধিক খ্ৰীষ্টান লোক আছে কাৰ্বি আংলং জিলাত। ৯.৫লাখ জনসংখ্যা থকা জিলাখনত খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা আছে ১.৬লাখ।

শোণিতপুৰ জিলাত খ্ৰীষ্টান ধৰ্মৰ লোক আছে ১.৩৮লাখ। ঠিক তেনেদৰে, ওদালগুৰিত আছে ১.১০লাখ, কোকৰাঝাৰত ১.১লাখ, গোৱালপাৰাত ৭৭হাজাৰ, তিনিচুকীয়াত আছে ৭৬হাজাৰ, ডিমা হাচাওত আছে ৬৩হাজাৰ, ডিব্ৰুগড়ত আছে ৫২হাজাৰ, গোলাঘাটত আছে ৫০,৫৮২গৰাকী খ্ৰীষ্টান ধৰ্মৰ লোক।

ঠিক তেনেদৰে, চিৰাঙত ৪৯, ৭৪৭গৰাকী, লখিমপুৰত ৪৬,২১৭গৰাকী, কাছাৰত ৩৭,৬৩৫গৰাকী, কামৰূপত ৩৩,২৯৭গৰাকী, শিৱসাগৰত ৩৩,১৪৭গৰাকী, বাক্সাত ২৭,০৭৬গৰাকী, নগাঁৱত ২৬, ৮৪৪গৰাকী, যোৰহাটত ২১,০৫১গৰাকী, কামৰূপ মেট্ৰ'ত ১৮,৮১০গৰাকী , কৰিমগঞ্জত ১১,৯৯০গৰাকী, ধেমাজিত ৮,৭১১গৰাকী, হাইলাকান্দিত ৮,৪৮০গৰাকী খ্ৰীষ্টান ধৰ্মৰ লোকে বাস কৰি আছে।

বঙাইগাঁও জিলাত ৭লাখ জনসংখ্যাৰ ভিতৰত ৫,৯২৪গৰাকী লোক খ্ৰীষ্টান ধৰ্মৰ। সেইদৰে, ধুবুৰীত ৪,১০৭গৰাকী, দৰঙত ১,৬৮৮গৰাকী, বৰপেটাত ১,০২০গৰাকী, মৰিগাঁৱত ৮৩৪গৰাকী, নলবাৰীত ৪২৯গৰাকী। ২০১১চনৰ লোকপিয়ল মতে অসমৰ জিলাসমূহত ইমান সংখ্যক খ্ৰীষ্টান লোক আছে বুলি উল্লেখ কৰা হৈছে যদিও বিগত এটা দশকত অসমত প্ৰায় ৪লক্ষাধিকৰো অধিক লোক খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে বুলি তথ্য পোৱা গৈছে। এই জিলাসমূহৰ ভিতৰত মাজুলীত বিশেষকৈ খ্ৰীষ্টান ধৰ্মৰ অগ্ৰাসন মনকৰিবলগীয়া। নলবাৰী, শোণিতপুৰ, মৰিগাওঁ, শিৱসাগৰ দৰে জিলাতো খ্ৰীষ্টান ধৰ্মৰ প্ৰভূত্ব দিনক-দিনে বৃদ্ধি পাইছে।

অসমত মিচিং সম্প্ৰদায়ৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.২শতাংশ লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। এই তালিকাত শীৰ্ষত আছে গাৰোসকল। গাৰোসকলৰ মুঠ জনসংখ্যাৰ ৯৫শতাংশই খ্ৰীষ্টান ধৰ্মৰ। ইয়াৰ বিপৰীতে কুকিসকলৰ ৯৪.৫৩শতাংশ লোক খ্ৰীষ্টান ধৰ্মৰ।

খাচীসকলৰ ৮৭শতাংশ, নগাসকলৰ ৬৬শতাংশ, কাৰ্বি সকলৰ মুঠ জনসংখ্যাৰ ১৮শতাংশ লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। এইখিনিতে এটা কথা উল্লেখ নকৰি নোৱাৰি যে, ২০০১-২০১০ৰ মাজৰ সময়চোৱাত অসমত মাত্ৰ ০.০৪শতাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি পাইছিল যদিও ২০১১চনৰ পৰা ২০২১চনৰ লৈকে এই পৰিমাণ হৈছিলগৈ প্ৰায় ৮০শতাংশ।

উত্তৰ-পূবৰ কেউখন ৰাজ্যত খ্ৰীষ্টান ধৰ্মৰ প্ৰভূত্ব মনকৰিবলগীয়া। মেঘালয়ত খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা হৈছে ২২.১৩লাখ। ৰাজ্যখনত মুঠ জংসংখ্যাৰ ৭৪.৫৯শতাংশ লোকেই খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ। মেঘালয়ত মুঠ জনসংখ্যা ২৯.৬৭লাখ।

মণিপুৰত মুঠ জনসংখ্যাৰ ৪১.২৯শতাংশ লোক খ্ৰীষ্টান ধৰ্মৰ। ২৮.৫৬লাখ জনসংখ্যা থকা দেশখনত ১১.৭৯লাখ লোকেই হৈছে খ্ৰীষ্টান ধৰ্মৰ। মিজোৰামত প্ৰায় ৯.৫৬লাখ মানুহ খ্ৰীষ্টান ধৰ্মৰ। মুঠ ১০.৯৭লাখ জনসংখ্যা থকা মিজোৰামত ৮৭.১৬শতাংশ লোকেই খ্ৰীষ্টান ধৰ্মৰ।

অৰুণাচল প্ৰদেশতো খ্ৰীষ্টান ধৰ্মৰ বিশেষ প্ৰভাৱ আছে। ১৩.৮৪লাখ জনসংখ্যা থকা পাহাৰীয়া ৰাজ্যখনত ৪.১৯লাখ লোকেই খ্ৰীষ্টান ধৰ্মৰ। ৰাজ্যখনত মুঠ ১৯.০৪শতাংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ। নাগালেণ্ডৰ প্ৰায় সংখ্যক লোক খ্ৰীষ্টানধৰ্মৰ বুলি কলেও ভুল কোৱা নহ'ব। ১৯.৭৯লাখ জনসংখ্যাৰ নাগালেণ্ডত ১৭.৪০লাখ অৰ্থাত ৮৭.৯৩শতাংশ লোকেই খ্ৰীষ্টান ধৰ্মৰ।

চিকিমত তুলনামূলকভাৱে খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা কম। মাত্ৰ ৬.১১লাখ জনসংখ্যাৰ ৰাজ্যখনত ৬০হাজাৰ গৰাকী অৰ্থাৎ ৯.৯১শতাংশ লোক খ্ৰীষ্টান ধৰ্মৰ। ত্ৰিপুৰাত খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা হৈছে ৪.৩৫শতাংশ। ত্ৰিপুৰাত ১.৬০লাখ লোক খ্ৰীষ্টান ধৰ্মৰ।

বৰ্তমান উত্তৰ-পূবত খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা ১ কোটিৰো অধিক হ'ব যদিও ২০১১চনৰ লোকপিয়ল মতে, সমগ্ৰ উত্তৰ-পূবত খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা প্ৰায় ৭৮লাখ। সমগ্ৰ দেশৰ খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ ২৮শতাংশ লোক উত্তৰ-পূবতে আছে বুলি এই তথ্যত উল্লেখ আছে।

বিগত এটা দশকত অসম তথা ভাৰতবৰ্ষত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকৰ সংখ্যা অত্যাধিকভাৱে বৃদ্ধি পাইছে। বিগত এটা দশকত অসমৰে বহু জিলাত পূৰ্বতকৈ প্ৰায় ১০গুণ বৃদ্ধি পাইছে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকৰ সংখ্যা।

ওপৰোক্ত তথ্যৰ পৰা এটা কথা স্পষ্ট যে, উত্তৰ-পূবৰ লোকসভা আসনকেইখনত এই খ্ৰীষ্টান ধৰ্মৰ ভোটাৰসকলে বিশেষ ভূমিকা পালন কৰে। বিজেপিয়ে যদিও হিন্দুৰ ৰাজনীতিৰে ২৪ৰ লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ'ব বিচাৰিছে, উত্তৰ-পূবত এই সমীকৰণত বিসংগতি সৃষ্টি হব পাৰে।

কিয়নো মেঘালয়, মিজোৰাম, নাগালেণ্ড, মণিপুৰৰ দৰে ৰাজ্যত খ্ৰীষ্টানৰ ভোটৰ অবিহনে জয়ৰ আশা কৰাটো মূৰ্খামি। গতিকে উত্তৰ-পূবত যিকোনো দলে জয় ধ্বজ্জা উৰুৱাবলৈ হ'লে খ্ৰীষ্টান ধৰ্মৰ ভোটাৰক একাষৰীয়া কৰিলে জয় একপ্ৰকাৰৰ অসম্ভৱ...

লোকসভা ২০২৪- হিন্দু নহয় ! উত্তৰ-পূবত খ্ৰীষ্টানহে ফেক্টৰ...
আই চি ইউত ৭০খন কলেজ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in