হাত নালাগে, লাগে হাতী !

হয়তো বিহুৰ পিচতে যাত্ৰা কৰিব পুনৰ আমবাৰী অভিমুখে। হাত এৰি হাতীমুখী হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ কথাও নুই কৰিব নোৱাৰি। অপেক্ষা সময় লৈ। হয়তো অগপ নেতৃত্বও দুৱাৰ মুকলি ৰাখিছে- উভতি আহিব অপূৰ্ব !
হাত নালাগে, লাগে হাতী !

ভাস্কৰ শৰ্মা

কিনো তই বিচাৰি আজি কিনো পালি...। জীৱনৰ ১১টা বছৰ কংগ্ৰেছৰ নামত। বহু উত্থান-পতনৰ সাক্ষী তেওঁ। আশা আছিল কংগ্ৰেছৰ হৈ বিধানসভা নিৰ্বাচন খেলাৰ। তাকো যে এই ১১টা বছৰে পূৰ্ণ নহ'ল।

২০১৩ৰ পৰা প্ৰায় ১১ বছৰে কংগ্ৰেছত থাকি অৱশেষ সুদা হাত লৈ বিদায় মাগিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। বিদায় জনালে কংগ্ৰেছক। কংগ্ৰেছ হাইকমাণ্ডৰ প্ৰতি থকা ক্ষোভৰ বহিঃ উদগীৰণ ঘটিয়েই যেন আজি আনুষ্ঠানিভাৱে দলক বিদায় জনালে জ্যেষ্ঠ নেতাগৰাকীয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ হাতত অৰ্পণ কৰিলে পদত্যাগ পত্ৰ।

তেওঁৰ পদত্যাগে দলৰ ক্ষতি কৰে নে নকৰে, তেওঁৰ অভাৱ দলত অনুভৱ হয় নে নহয় সেয়া ৰাজীৱ ভৱনৰ ভিতৰচ'ৰাৰ কথা। কিন্তু ভট্টাচাৰ্যই সংবাদমেলত দিয়া ভাষ্য অনুসৰি দলটোৰ কাৰণে তেওঁ বহু দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিছিল। সদ্যসমাপ্ত ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনতো তেওঁক দিয়া হৈছিল তত্বাৱধায়কৰ দায়িত্ব।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ তেজপুৰ সমষ্টিৰ পৰা বিচাৰিছিল টিকট। ইয়াৰ পৰাও বঞ্চিত হৈছিল তেওঁ। তেনেস্থলতো দলৰ প্ৰচাৰৰ দায়িত্ব সুন্দৰভাৱে চলাই গৈছিল। সংবাদমেলত তেওঁ উল্লেখ কৰিলে- বহুবাৰ টিকট বিচাৰি নোপোৱা সত্বেও দলক বিশ্বাসঘাটকতা কৰা নাছিলোঁ। ১১ বছৰে দলৰ ক্ষতি হোৱা কোনো কামেই কৰা নাই।

আবেগ বিহ্বল কণ্ঠৰে ক'লে- ২০১৩ চনৰ ৩১ জুলাইত তৰুণ গগৈৰ আহ্বানত অগপ এৰি কংগ্ৰেছত যোগদান কৰিছিলোঁ। তৰুণ গগৈৰ জাতীয়তাবাদী চিন্তাই আকৃষ্ট কৰিছিল।

দলৰ হাইকামাণ্ডে হেনো নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ কমিটিৰ তালিকা প্ৰস্তুত কৰিছিল। সেই তালিকাৰ পৰাও আঁতৰোৱা হ'ল অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ নাম। এই কথাই তেওঁক বাৰুকৈয়ে অনুভৱ কৰালে। অৱহেলিত হৈ থকাত কৈ আতৰি অহাই ভাল বুলি বিবেচনা কৰিলে ভট্টাচাৰ্যই। যি স্থানত আস্থা, বিশ্বাস, মৰ্যদা নাথাকে তাত থকা উচিত নহয় বুলি সংবাদমেলত উল্লেখ কৰিলে সদ্য় কংগ্ৰেছ ত্যাগী ভট্টাচাৰ্যই।

বাৰে বাৰে কংগ্ৰেছ হাইকমাণ্ডে গ্ৰহণ কৰা কৌশলী স্থিতিত যেন উজুতি খাইছে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য। অস্তিত্বও যেন ক'ৰবাত হেৰাই গৈছে নেতাগৰাকীৰ। আৰু বা কিমান নেতা আছে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ দৰে সমস্যাৰ সন্মুখীন হোৱা। কাৰ কাৰ বুকুত জ্বলি ক্ষোভৰ অগনি। কোনোবাই প্ৰকাশ কৰে, আন কোনোবাই নকৰে। শুনি থাকে নীৰৱে। বাট চাই ৰৈ থাকে সময় লৈ।

তেওঁ উল্লেখ কৰা মতে স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ কথাও নৰজে দলটোত। হাইকমাণ্ডৰ সিদ্ধান্তই যেন একমাত্ৰ আৰু শেষ। যাৰ বাবে জনমানসত দলটোৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে বুলি মন্তব্য কৰে ভট্টাচাৰ্যই।

কংগ্ৰেছৰে ১১ বছৰীয়া সম্পৰ্কৰ অৱসান ঘটাই হয়তো পুনৰ উভতি আহিব পাৰে পূৰ্বৰ দল অসম গণ পৰিষদৰ মজিয়ালৈ। সংবাদমেলতো যেন তাৰেই ইংগিত দিলে সদ্য কংগ্ৰেছ ত্যাগী ভট্টাচাৰ্যই। অগপ দলৰ পৰা আহ্বান আহিছে, দুদিনৰ ভিতৰত চূড়ান্ত কৰিম। অগপৰ নেতৃত্ব সলনি হৈছে। গতিকে যোৱাৰ পথ আছে বুলি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই মত প্ৰকাশ কৰে।

হয়তো বিহুৰ পিচতে যাত্ৰা কৰিব পুনৰ আমবাৰী অভিমুখে। হাত এৰি হাতীমুখী হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ কথাও নুই কৰিব নোৱাৰি। অপেক্ষা সময় লৈ। হয়তো অগপ নেতৃত্বও দুৱাৰ মুকলি ৰাখিছে- উভতি আহিব অপূৰ্ব !

হাত নালাগে, লাগে হাতী !
শান্ত হৈ পৰিব চহৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in