শান্ত হৈ পৰিব চহৰ...

শান্ত হৈ পৰিব চহৰ...

 একুৰা জুইৰ চাৰিওফালে এজাক মানুহে বহি কথা পাতিছে। মাজে মাজে ভাহি আহিছে পিঠা পনাৰ গোন্ধ। কোনোবাই জুহালত মাছ বনাইছে, কোনোবাই মাংস। এয়া অসমীয়া লোক জীৱনৰ উৰুকাৰ দিনাৰ এক চিনাকী দৃশ্য। মাজত মাত্ৰ এটা দিন। উৰুকালৈ বাট চাই আছে অসমীয়াই।

অসমীয়াৰ হেঁপাহৰ বিহু ভোগালী। লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে সকলো। কিমান যে আনন্দ।  চহৰৰ যান্ত্ৰিকতাৰ বিপৰীতে ভোগ আছে গাঁৱত। সেয়ে ভোগালী বুলি ক'লে সকলোৱে গাঁৱলৈ বুলি ঢাপলি মেলে। সকলোৰে উৰ্ধত এই বিহু।

ধনী দুখীয়া সকলোৰে ওচৰত দুমুঠি খাবলৈ থাকে। সকলোৱে সাধ্য অনুসৰি যোগাৰ কৰে আনন্দমনে এসাঁজ খায়। দূৰত থকা ঘৰৰ মানুহ জনো ঢপলিয়াই আহে। চহৰৰ আভিজাত্যই এই বিহুত স্থান নাপায়। টকা-পইচা, সা-সম্পত্তিৰে চহৰত পয়োভৰ হৈ থাকিলেও গাঁৱলৈয়ে মনত কৰিছে সকলোয়ে।

পূৰ্বতে পৰম্পৰা আছিল। নৰাই ভৰি পৰা পথাৰত সজা হৈছিল ভেলাঘৰ। সাজিছিল মেজি। উৰুকাৰ নিশা ভেলাঘৰত ভোজ খাই পুৱাই জ্বলাই দিছিল মেজি।এই মেজি সজাৰো আছে নিয়ম।

কিন্তু এতিয়া যেন সলনি হ'ল সকলো। মেজি সজাক লৈ হয় প্ৰতিযোগীতা। এতিয়া গাঁৱৰ ডেকাই আগৰ দৰে মেজি সাজি আনন্দ কৰাৰ দৃশ্য সুলভ। ৰীতি-নীতি পৰম্পৰা এতিয়া কেৱল স্মৃতি। এতিয়া গোহালীত গৰু নাই, ঘৰত ভঁৰাল নাই। এনেকৈয়ে সলনি হয় পৰম্পৰা। সময়ে সলনি কৰে সকলোকে। সলনি কৰিছে অসমীয়াৰ বিহুটিকো।

চহৰতো এতিয়া বিহু পাতে। দৈ, চিৰা,মিঠৈ, ক্ৰীম, পিঠা, লাড়ুৰে ভৰি পৰিছে বজাৰ। অসমীয়াই দৌৰ মাৰিছে ভোগালী মেলালৈ। আকাশলংঘী দামত কিনিছে পিঠা, লাড়ু। পিছ পৰি ৰোৱা নাই মেজিও। এতিয়া বজাৰত পাই ৰেডিমেট মেজি।

চহৰত যেন কেৱল টকাৰ খেল। টকা নহ'লে যেন চহৰত মিছা ভোগালী। ১০ খন পিঠা ১০০ৰ পৰা ১৫০ টকা, ১০ টা লাড়ুত ৬০ৰ পৰা ১০০ টকা, ক্ৰীমৰ কিলো ৬০০ ৰ পৰা ৭০০ টকা, দৈৰ কিলো ১৮০ ৰ পৰা ২০০।

এতিয়া যেন এটা চামৰ বাবে বিহু পতা পাহাৰ এখন বগোৱাৰ সমান। হাতত ১০০০ টকা এটা নাথাকিলেই যেন নহ'বই বিহুৰ বজাৰ। তাৰ মাজতো ভোগালী বিচাৰি মানুহ ওলাই আহিছে বজাৰলৈ।

আচলতে, গাঁৱত আছে ভোগালী। সেয়ে চহৰৰ মানুহবোৰ ভোগালীৰ বাবে গাঁওমুখী হৈছে। মাদকতা কমি গ'লেও বিহুক লৈ থকা আৱেগ অনুভূতিবোৰ গাঁৱতহে পোৱা যায়। গাঁৱৰ শাক-পাচলি, মাছ আদিৰ কথাই সুকীয়া। গৃহিনীয়ে ঢেঁকিশালত দিনটো কটাই পিঠাগুৰি খুন্দিছে। জুইশালত বহি পিঠা লাড়ু বনাইছে।

আধুনিকতাই জগতখন গ্ৰাস কৰিব খুজিলেও সেয়ে হয়তো মানুহে গাঁৱক বিচাৰি যায়। ব্যস্ত জীৱন, যান্ত্ৰিকতাময় সময়ৰ মাজেদি মানুহবোৰ হয়তো সেয়ে গাঁওমুখী হয়।

ভোগালীৰ বিহুক লৈ বহু পৰম্পৰা কমি গ'লেও ইয়াৰ স্বকীয়তা আধুনিকতাই গঢ়কিব পৰা নাই। মাটি,মানুহ আৰু গাওঁৰ পৰিৱেশে দিয়া ভোগালীৰ মাদকতা নগৰৰ বজাৰত বিক্ৰী নহয় ।

ভোগালী থাকে গাওঁত । ভোগ থাকে নিজ হাতেৰে মাটিৰ উৰ্বৰাৰ বুকুত উৎপাদন কৰা শস্যত । পৰম্পৰা ধৰি চলি অহা ভোগালীৰ উৰুকাৰ ভোজে সোঁৱৰাই দিয়ে আমাক সমন্বয়ৰ কথা । মানুহ য'তেই নাযাঁওক কিয়, শিপা বিচাৰি যাবই। ভোগালীয়ে গাঁৱলৈ লৈ যায় সকলোকে টানি। সেয়ে এতিয়া ২-৩ দিনৰ বাবে চহৰখন হৈ পৰিব শান্ত, ভৰি পৰিব গাঁৱৰ প্ৰতিখন ঘৰ...

শান্ত হৈ পৰিব চহৰ...
ভোগালীত হেৰাব ভোগ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in