এইডছ ! দেশৰ ভিতৰতে শীৰ্ষত উত্তৰ-পূব

এইডছ ! দেশৰ ভিতৰতে শীৰ্ষত উত্তৰ-পূব

ভাস্কৰ শৰ্মা

দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে এইডছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। এইডছৰ ভয়াৱহতাই শংকিত কৰি তুলিছে জনসাধাৰণক। ড্ৰাগছ আসক্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাবলৈ ধৰিছে।

অসুৰক্ষিত যৌন সম্পৰ্কও ইয়াৰ ঘাই কাৰণ। অসুৰক্ষিতভাৱে একাধিক যৌন সংগম, ড্ৰাগছ,চিৰিঞ্জ আদিৰ ব্যৱহাৰে বিপদৰ দুৱাৰডলিলৈ ঠেলি দিছে একাংশক। এইডছ আই ভি ৰোগত আক্ৰান্তৰ দিশলৈ চালে দেখা যায় যে, ঘাইকৈ যুৱ প্ৰজন্মৰ সৰহসংখ্যে ইয়াৰ চিকাৰ হ'ব লগা হৈছে।

প্ৰায় ২০ৰ পৰা ৩০ বছৰীয়া উঠি অহা একাংশ যুৱক-যুৱতীয়ে ভোগ কৰিব লগা হৈছে । মাৰাত্মক ড্ৰাগছৰ কবলত পৰি ধ্বংস হৈ গৈছে একোটা একোটা সম্ভাৱনা। কাঢ়ি নিছে অলেখ সপোন। জীৱনৰ সুদীৰ্ঘ বাটছোৱাত আদবাটতে আঁকোৱালি লৈছে পংগুত্বৰ জীৱন।

এইডছ ৰোগ হেনো সংস্পৰ্শৰ দ্বাৰা বিয়পে। সচৰাচৰ গ্ৰাম্যাঞ্চলৰ একাংশ লোকৰ মনত উদয় হোৱা ই এক ভ্ৰান্ত তথা ধোঁৱা বৰণীয়া ধাৰণা। এই সম্পৰ্কে চিকিৎসকসকলে কয় যে, এই ৰোগৰ সংক্ৰমণ সংস্পৰ্শৰ দ্বাৰা নিবিয়পে। ই তেতিয়াহে সংক্ৰমিত হয় যেতিয়া অসুৰক্ষিত শাৰীৰিক সম্পৰ্ক স্থাপন কৰা যায়। নাইবা ড্ৰাগছ, একেটা বেজী ব্যৱহাৰ কৰা যায়।

সেয়ে এই ৰোগত আক্ৰান্ত লোকক ঘৃণাৰ দৃষ্টিৰে নাচাই,মৰমেৰে আঁকোৱালি ল'ব লাগে। ঘৃণাৰ দৃষ্টিয়ে একো একোজন ৰোগীক জীয়াই থকা দিনকেইটা বৰ কষ্টকৰ কৰি তোলে। তেনে পৰিপ্ৰেক্ষিত আক্ৰান্তসকলৰ প্ৰতি মৰম,ভালপোৱা,আন্তৰিকতাৰ মাজেৰে আদৰ সাদৰ কৰিলে তেওঁলোকে লাভ কৰে মনোবল আৰু জাগে জীয়াই থকাৰ হেঁপাহ।

এই ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত দায়িত্ব সকলোৰে আছে। ৰজাঘৰৰ পৰা প্ৰজাঘৰলৈকে সকলোৰে। ব্যক্তি বিশেষেও আছে প্ৰতিগৰাকীৰ দায়িত্ব। বিভিন্ন সংগঠন, অনুষ্ঠান আদিয়ে সজাগতা সভা অনুষ্ঠিত কৰি এইডছ সন্দৰ্ভত বিভিন্ন গঠনমূলক কাৰ্য্যসূচী হাতত লৈ আহিছে। এইসমূহ সজাগতা সভাৰ দ্বাৰা ইয়াৰ প্ৰতিৰোধৰ বাবে দিহা-পৰামৰ্শ প্ৰদান কৰে।

ইয়াৰোপৰি ড্ৰাগছৰ অবাধ প্ৰচলনৰ ক্ষেত্ৰতো চৰকাৰে ল'ব লাগিব বিশেষ পদক্ষেপ। উত্তৰ-পূৰ্বাঞ্চলক ক'ৰিডৰ হিচাপে লৈ ম্যানমাৰ,থাইলেণ্ড আহি বহিঃৰাষ্ট্ৰৰ পৰা সমগ্ৰ দক্ষিণ-পূব এছিয়ালৈ ড্ৰাগছৰ অবাধ সৰবৰাহ অৱ্যাহত আছে। শেহতীয়াকৈ অসমত যদিও ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি প্ৰশাসনে গ্ৰহণ কৰিছে, তাৰপাছতো এই ড্ৰাগছ সৰবৰাহৰ মাত্ৰা হ্ৰাস হোৱা নাই।

ম্যানমাৰক কেন্দ্ৰ কৰি একাংশ উগ্ৰপন্থী সংগঠনেও ড্ৰাগছৰ এই ৰমৰমীয়া বেহাৰ সৈতে জড়িত হৈ আছে। ফলস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলত সহজলভ্য হৈ পৰা ড্ৰাগছৰ বাবেই উত্তৰ-পূব এতিয়া দেশৰ এইডছ আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত শীৰ্ষত উপনীত হৈছেগৈ।

অসমকে ধৰি উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ একাংশই মুকলিকৈ ড্ৰাগছ সেৱন কৰে। তাৰোপৰি বেজীৰেও ড্ৰাগছ গ্ৰহণ কৰে। ইয়াৰ বাবে প্ৰশাসনে ল'ব লাগিব বিশেষ ব্যৱস্থা।

এইডছ নিয়ন্ত্ৰণ ব'ৰ্ডে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, অসমৰ ক্ষেত্ৰত সংখ্যালঘুৰ একাংশ লোক ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত যদিও সংখ্যালঘুৰ প্ৰভাৱ থকা জিলাসমূহত কিন্তু ড্ৰাগছ আক্ৰান্ত আৰু ড্ৰাগছ সেৱনৰ ফলত এইছ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা অতি কম। উদাহৰণস্বৰূপে দক্ষিণ শালমাৰাত নাই এজনো এইছ আই ভি পজিটিভ ৰোগী।

২০২৩ৰ সমীক্ষা অনুসৰি দেশৰ ভিতৰত উত্তৰ-পূবতে এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বাধিক। অৰুণাচলত আছে সৰ্বাধিক এইডছ আক্ৰান্ত ৰোগী। তাৎপৰ্য্যপূৰ্ণভাৱে মিজোৰামক পিচ পেলাই অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা।

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাইলৈকে অসমত বেজীৰে ড্ৰাগছ লোৱা লোকৰ দেহত এইডছ আই ভি পজিটিভ ৫৮শতাংশ বৃদ্ধি পাইছিল। যোৱা ৩বছৰত অসমত এইছ আই ভিত আক্ৰান্তৰ সংখ্যা এনে হাৰত বৃদ্ধি পাইছে যে,যিটো অতি উদ্বেগৰ কাৰণ হৈ পৰিছে।

২০১৮-১৯ বৰ্ষত ৰাজ্যখনত ১,৭১৫গৰাকী এইছ আই ভিত আক্ৰান্ত লোক চিনাক্ত হৈছিল। ২০২০-২১ বৰ্ষত এই সংখ্যা ২,৩৬৬লৈ বৃদ্ধি পায়। ২০২২-২৩ বৰ্ষত সেয়া হয়গৈ ৪০১৮। আনহাতে ২০২৩-২৪ বৰ্ষত এপ্ৰিলৰ পৰা জুলাইলৈকে মাত্ৰ ৪ মাহত অসমত ২৩২১জন এইছ আই ভি ৰোগী ধৰা পৰিছে। অতি মাৰত্মক ৰূপত এইডছ সংক্ৰমণৰ সংখ্যা এই গতিত বৃদ্ধি পাই থাকিলে কিছুদিনৰ ভিতৰত দেশৰ ভিতৰতে এইডছ আক্ৰান্তৰ সংখ্যা অসমত সৰ্বাধিক হ’বগৈ।

ইফালে আন এটি দিশ মনকৰিবলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই মিজোৰামক পিচ পেলাই অসমত এইছ আই ভিত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। বিভিন্ন হোষ্টেল বা ভাড়াঘৰত আশ্ৰয় লোৱা এইসকল বহিঃৰাজ্যৰ যুৱক-যুৱতীয়েও ৰাজ্যখনত এইডছ সংক্ৰমণৰ ক্ষেত্ৰত অন্যতম কাৰকৰ ভূমিকা পালন কৰিছে। চৰকাৰে এই দিশত গুৰুত্ব দিয়াটো উচিত। নহ'লে এইডছ আৰু ড্ৰাগছে অসমৰ উঠি অহা প্ৰজন্মক নিঃশেষ কৰিবলৈ আৰু বেছি সময় নালাগিব।

এইডছ ! দেশৰ ভিতৰতে শীৰ্ষত উত্তৰ-পূব
গীনিজেই নেকি সফলতাৰ চূড়ান্ত পৰ্যায়...!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in