কৰ দি মৰ !

কৰ দি মৰ !

আৰু বাকী থাকিল কি ? জনতাৰ ওপৰত কৰৰ মাধমাৰ শোধোৱা এইখন চৰকাৰ লক্ষ্য আৰু উদ্দেশ্য কি সেয়া স্পষ্ট হৈ পৰিছে।শূণ্য ৰাজভৰাঁল পূৰাবলৈ কৌশলগতভাৱে চৰকাৰে ইটোৰ পাছত সিটো কৰ জাপি দিছে এতিয়া।

অথচ এই চৰকাৰৰ চখবোৰ আঁতৰা নাই। বিহুনৃত্যৰে অভিলেখ গঢ়িবলৈ শ শ কোটি টকা,চাকৰি নিযুক্তি পত্ৰ বিলোৱা অনুষ্ঠান পাতিবলৈ কোটি টকা ব্যয় কৰা চৰকাৰৰ হাতত যদি ধনৰে ইমান অভাৱ হৈছে তেনে সেইবোৰ পতাৰ প্ৰয়োজন আছিল ক’ত ?

ৰাইজৰ কোনো উপকাৰ নোহোৱা কামত পানীৰ দৰে ধন ব্যয় কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এবাৰ নিজেই অনুভৱ কৰক- চৰকাৰী পুঁজি শৰাধ তেওঁৰ পৃষ্ঠপোষকতাত কিমান হ’ল !

এতিয়াৰ পৰা কৰ সংগ্ৰহত নামিব আৰক্ষী। চৰকাৰৰ নতুন সিদ্ধান্ত অনুসৰি বিহু নাচিবলৈও ৰাইজে কৰ দিব লাগিব। ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি অনুমতিৰ নামত সেই ধন সংগ্ৰহ কৰিব আৰক্ষীয়ে।

সাংস্কৃতিক শোভাযাত্ৰা এটা,সাংস্কৃতিক অনুষ্ঠান এটা বা বিহু পাতিবলৈ স্থানীয় আৰক্ষীৰ পৰা অনুমতি ল’ব লাগে। পূৰ্বতে সেই অনুমতি কোনো মাচুল নোহোৱাকৈ আৰক্ষীয়ে প্ৰদান কৰিছিল যদিও এতিয়াৰ পৰা উদ্যোক্তাসকলে অনুমতিৰ বাবদ ৩০০টকা মাচুল দিব লাগিব।

গণতন্ত্ৰত ৰাজনৈতিক দল এটা ভূমিকা থাকে। শাসকীয় পক্ষৰ দৰে বিৰোধী পক্ষৰো দায়িত্ব বহু বেছি। চৰকাৰৰ ভুল-ক্ৰুটি আঙুলিয়াই দিয়ে বিৰোধীয়ে। এতিয়াৰ পৰা ৰাজনৈতিক দলবোৰে কোনো সমাবেশ বা সভা অনুষ্ঠিত কৰিবলৈ চৰকাৰক ২হাজাৰ টকা কৰ দিব লাগিব।

থিয়েটাৰ প্ৰদৰ্শনৰ বাবে আৰক্ষীৰ জৰিয়তে অনুমতি লাভৰ বাবে দিব লাগিব ৫হাজাৰ টকা। কোনোবাই নাটক এখন মঞ্চস্থ কৰিলেও চাগে সেই দিয়াটো বাধ্যতামূলক হ’ব।

গেছ এজেন্সি,পেট্ৰ’ল পাম্প বা আন ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ বাবেও অনুমতি বিচাৰি জনোৱা আবেদনৰ সৈতে কিমান ধন দিব লাগিব চৰকাৰে নিৰ্ধাৰণ কৰিছে। গেছ এজেন্সি আৰু পেট্ৰ’ল পাম্প স্থাপনৰ বাবে দিব লাগিব ১০হাজাৰ টকা। অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবদ সেই কৰৰ পৰিমাণ হ’ব ২৫হাজাৰ টকা।

গুৱাহাটীত ইয়াৰ পৰিমাণ দুগুণ কৰা হৈছে। কেৱল অনুমতিৰ বাবদ আদায় দিব লাগিব ৫০হাজাৰ টকা। খেল-ধেমালি অনুষ্ঠিত কৰিবলৈ অনুমতি দিবলৈ চৰকাৰে ল’ব ২হাজাৰ টকা।

সজাগতা,ৰেলী,বাইক ৰেলী আৰু বাটৰ নাটৰ বাবে অনুমতি কৰ হ’ব ৫০০টকা। বাণিজ্য মেলা,এক্সপ’ আদিৰ অনুমতি বাবদ দিব লাগিব ৫হাজাৰকৈ টকা।

কেৱল এয়াই নে ! ব্যক্তিগত প্ৰতিষ্ঠানৰ নিযুক্তি,বনকৰা লোকৰ ভেৰিফিকেচনৰ বাবদ ৩০০টকা, ভাড়াঘৰ আৰু পেইং গেষ্ট ভেৰিফিকেচনৰ বাবদ ৩০০টকা। কোনোবাই ড্ৰোণ উৰুৱালে ৩হাজাৰ টকা আদায় দিব লাগিব চৰকাৰক।

চৰকাৰৰ এনে সিদ্ধান্তই প্ৰতিফলিত কৰে যে কি পৰ্যায়ত আছে ৰাজ্যৰ আৰ্থিক অৱস্থা। তথাপিও কিন্তু বৰমূৰীয়াসকলৰ মুখৰ পৰা বৰ বৰ কথা আঁতৰা নাই।

সকলোবোৰতে কৰ লগালেই যেতিয়া বাকী যি দুই এটা বাকী আছে সেইবোৰোতো কৰৰ ব্যৱস্থা কৰিব পাৰে চৰকাৰে। যেনে ধৰক- কাৰোবাৰ ঘৰত বিয়া,জন্মদিন,শ্ৰাদ্ধ,সকাম আদি পাতিলে অনুমতি লোৱাতো বাধ্যতামূলক কৰি কিবা এটা টকা অনুমতিৰ নামত ধৰি দিলে আৰু দুটকামান টকা চৰকাৰে পাব !

ইতিহাসে কয়-অত্যাচাৰী শাসকসকলে সদায় কৰৰ বোজা জনতাৰ ওপৰত জাপি দিয়ে। যিকোনো প্ৰকাৰে জনতাক শোষণ কৰাটো তেওঁলোকৰ লক্ষ্য হৈ পৰে। কিন্তু তেওঁলোকে আমোদ-প্ৰমোদৰ মাজতে জীৱন অতিবাহিত কৰে। অৱশ্যে শেষ পৰিণতি সুখকৰ নহয়গৈ।

কৰ দি মৰ !
ভেজাল বন্ধু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in