বিশ্বৰ শীৰ্ষত নহয়, শেষত থাকক গুৱাহাটী...

বিশ্বৰ শীৰ্ষত নহয়, শেষত থাকক গুৱাহাটী...

তুষাৰ প্ৰতিম

৮ ফেব্ৰুৱাৰী ২০২৩, বুধবাৰ। গুৱাহাটীত পুৱা তেতিয়া চৌদিশে কুঁৱলী সদৃশ আৱৰণ। অৱশ্যে সেয়া যে কুঁৱলী নাছিল সেয়া সকলোৱেই বুজি পাইছিল। ৭ বজাৰ পৰাই গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা যায় বিভিন্ন শিক্ষানুষ্ঠানৰ বাহন।

৮ বজাৰ পৰা গুৱাহাটীৰ ৰাজপথত আৰম্ভ হৈছিল যান-জট। তেতিয়ালৈ মুকলি হোৱা নাছিল গুৱাহাটীৰ আকাশ। সময় বাগৰি দিনৰ ১১ বাজি পাৰ হোৱাৰ পিছতো একেই থাকিল আকাশ। বৰঞ্চ লাহে লাহে বাঢ়ি আহিল এজাক ফিৰফিৰিয়া বতাহ আৰু বতাহৰ সৈতে ধূলিকণা।

২ বজাৰ পিছত সমগ্ৰ গুৱাহাটীত ধূলিৰ ধুমুহা সদৃশ এক পৰিস্থিতি। কুঁৱলী সদৃশ ধূলিৰ আৱৰণে গুৱাহাটীক এনেকৈ আৱৰি ধৰিলে যে, ৰাজপথৰ বাহনে লাইট জ্বলাই লোৱাৰ বাহিৰে বেলেগ একো উপায় বিচাৰি নাপালে।

পৰিস্থিত ইমানেই ভয়াবহ হৈ পৰিল যে অফিচ, কাছাৰি এৰি সকলো যিমান পাৰে শুনকালে ঘৰাঘৰি যাবলৈ বাধ্য হ'ল। ৮ ফেব্ৰুৱাৰীৰ সেই নিৰ্দিষ্ট দিনটোত সৃষ্টি হোৱা পৰিস্থিতিৰ পিছতহে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ বিষয়টোৱে চৰ্চা লাভ কৰিলে।

জোৰ পুৰি হাত পোৱাৰ পিছত সকলোৰে চকু মেল খালে যদিও এতিয়াও অৱশ্যে সংশ্লিষ্ট বিভাগ আৰু চৰকাৰৰ চকু মেল খোৱা নাই। সংবাদ মাধ্যমতো বিষয়টোৱে নিৰ্দিষ্ট কেইটামান দিনত দিনে, নিশাই চৰ্চা লাভ কৰিলে যদিও পুনৰ বিষয়টোৱে টাপ মাৰিলে। হত্যা, হিংসাৰ ঘটনাইহে অধিক স্থান পালে।

কিন্তু গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সমস্যা, সমস্যাই হৈ থাকিল। প্ৰতিদিনেই এয়াৰ কুৱালিটি ইনডেক্স অনুসৰি গুৱাহাটীৰ বায়ুৰ মান অতি উদ্বেগজনক হৈ পৰিল। ২২ ফেব্ৰুৱাৰী বুধবাৰে নিশা অহা এজাক বৰষুণৰ বাবে আজিৰ দিনটোত গুৱাহাটীৰ এয়াৰ কুৱালিটি ইনডেক্স ২০০ ৰ তলত। তথাপিও বায়ুৰ মান Poor ।

বুধবাৰৰ দিনটোৰ বিয়লিৰ ভাগত গুৱাহাটীৰ এয়াৰ কুৱালিটি ইনডেক্সে দেশৰ সকলো চহৰকে অতিক্ৰম কৰি শীৰ্ষ স্থানত উপনীত হৈছিলগৈ। বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত ১০ খন চহৰৰ ভিতৰত গুৱাহাটী আছিল নৱম স্থানত। এয়াই সত্য।

গুৱাহাটীৰ বায়ুৰ প্ৰদূষণৰ এই ভয়াৱহতাৰ কাৰণ কি? প্ৰাকৃতিক ভাৱে গুৱাহাটীৰ যি অৱস্থান সেই অৱস্থানে আজিও পৰ্যটকক আকৰ্ষিত কৰি আহিছে। বিদেশী পৰ্যটকে গুৱাহাটীত ভৰি দিয়েই আনন্দত আত্মহাৰা হৈ পৰে।

ওখ ওখ সেউজীয়া পাহাৰ, বুঢ়া লুইতৰ সৌন্দৰ্যই গুৱাহাটীক দেশৰ আন মহানগৰৰ তুলনাত একক আৰু অনন্য কৰি ৰাখিছে। পাহাৰ আৰু বুঢ়া লুইতৰ পাৰত অৱস্থিত গুৱাহাটীৰ এই দুৰৱস্থাৰ আঁৰত কোন? প্ৰাকৃতিক ভাৱে চহকী গুৱাহাটীখনক মানুহৰ বসবাসৰ অনুপযোগী কৰি তুলিলে কোনে?

গুৱাহাটীত আজিও আছে ৬ খন সংৰক্ষিত বনাঞ্চল। সংকুচিত হ'লেও এই বনাঞ্চল কেইখনে এতিয়াও বহন কৰি আছে বনাঞ্চলৰ বৈশিষ্ট। মানুহৰ অত্যাচাৰত মৃত্যুৰ দিশলৈ গতি কৰিলেও গুৱাহাটীৰ মাজেৰে এতিয়াও প্ৰবাহমান ভৰলু, বশিষ্ট নদী।

কাষৰে গৈছে পামহী, খানাজান, কালমণি আদি নদী। আছে দীপৰবিল, বৰশলা, সৰুশলা, শিলসাঁকো আদি জলাশয়। এই জলাশয়সমূহৰ সৌন্দৰ্যই আজিও সকলোকে হাত বাউলি মাতে। নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰীত এই জলাশয়ৰ পাৰত ভিৰ কৰেহি হাজাৰ হাজাৰ পৰ্যটকে।

যিদৰে হৰিণাৰ মংসই বৈৰী ঠিক সেইদৰে গুৱাহাটীৰ সৌন্দৰ্যই যেন গুৱাহাটীৰ বাবে হৈ পৰিছে আহুকাল। পৰিকল্পিত ভাৱেই গুৱাহাটীক আৰু গুৱাহাটীৰ সৌন্দৰ্যক হত্যা কৰিবলৈ উঠি, পৰি লাগিছে একাংশ।

প্ৰদূষণৰ মাত্ৰা গুৱাহাটীত এনেকৈ ক্ৰমান্বয়ে বৃদ্ধি পাইছে যে, যোৱা কেইটা বছৰত দীপৰবিললৈ অহা নাই আলহী পক্ষী। এইবাৰ নাহিলেই বুলিব পাৰি। পাহাৰবোৰত এফালৰ পৰা চলিল মানুহৰ অত্যাচাৰ।

সেউজীয়া পাহাৰৰ বুকু ভেদি নিৰ্মাণ কৰা হৈছে এটাৰ পিছত আন এটা অট্টালিকা। গুৱাহাটীৰ মাজৰ পাহাৰবোৰত এতিয়া পাবলৈ নাই গছ-গছনি। আছে কেৱল অট্টালিকা।

বন্য জীৱৰ বাসস্থান ধ্বংস কৰি উন্মাদ মানুহে তৈয়াৰ কৰিছে নিজৰ বাসস্থান। প্ৰশাসনৰো মৌন সহযোগিতা। চৰকাৰ কেৱল ৰাজনীতিত ব্যস্ত। গুৱাহাটীৰ পানী লুইতলৈ কঢ়িয়াই নিয়া ভৰলু, বশিষ্ট নদীক দেখুৱাই আজিৰ শিশুক সুধিলে হয়তো ওলোতাই প্ৰশ্ন কৰিব নদীখন ক'ত?

গুৱাহাটীৰ চৌদিশে এতিয়া চলিছে নিৰ্মাণ কাৰ্য। জালুকবাৰীৰ পৰা গুৱাহাটীলৈ সোমাই আহিলে মালিগাঁৱৰ উৰণীয়া সেতু, চিৰিয়াখানাৰ কাষত জুৰোডৰ উৰণীয়া সেতু আৰু খানাপাৰাৰ পৰা জালুকবাৰীলৈ গোটেই পথচোৱাত চলিছে নিৰ্মাণ কাৰ্য। গুৱাহাটীৰ মাজত কেইবামহলীয়া অট্টালিকাবোৰৰ কথাটো আছেই। এই নিৰ্মাণ কাৰ্যই প্ৰদূষণ বৃদ্ধিত মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

ধুনীয়া গুৱাহাটীখনে আৰু কিমান সহ্য কৰিব ! গুৱাহাটী এতিয়া কেৱল উত্তৰ পূৰ্বাঞ্চলৰে নহয়, দক্ষিণ পূৱ ভাৰতৰে কৰিড'ৰলৈ পৰিণত হৈছে। ৩২৮ বৰ্গ কিলোমিটাতকৈ অধিক মাটিকালিৰ গুৱাহাটীত আজিৰ সময়ত ১০ লাখৰো অধিক জনসংখ্যা।

গুৱাহাটীত প্ৰতি বৰ্গ কিলোমিটাৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব ২৭০০। সেয়ে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাটো স্বাভাৱিক বুলিয়েই কোনোৱে ক'ব বিচাৰিব। কিন্তু গুৱাহাটীৰ কাষৰীয়া কলকাতাৰ বায়ুৰ প্ৰদূষণৰ খবৰ ৰাখিছেনে?

বিশ্বৰ জনবহুল চহৰসমূহৰ শীৰ্ষৰ ফালে থকা কলকাতাৰ জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰত ২৪ হাজাৰ। কিন্তু কলকাতাৰ এ কিউ আই সদায়েই ২০০ ৰ তলত। কিন্তু গুৱাহাটীৰ এ কিউ আই আজিৰ দিনটোক বাদ দি বিগত প্ৰায় প্ৰতিদিনেই ২০০ ৰো অধিকেই নহয় ৩০০ ৰ সীমাও অতিক্ৰম কৰিছে।

প্ৰাকৃতিক ভাৱে চহকী গুৱহাটীখনক সজাই পৰাই আটকধুনীয়া কৰাৰ পৰিৱৰ্তে পৰিকল্পনাহীন ভাৱে চলাই যোৱা নিৰ্মাণে আজিৰ এই পৰিস্থিতিৰ সূচনা কৰিলে। পথ বহল কৰাৰ নামত, উৰণীয়া সেতু নিৰ্মাণৰ নামত, অট্টালিকা নিৰ্মাণৰ নামত গুৱাহাটীৰ প্ৰকাণ্ড প্ৰকাণ্ড হাজাৰ হাজাৰ গছ কাটি পেলোৱা হ'ল।

কিন্তু আজিও তাৰ স্থানত পৰিকল্পিত ভাৱে ৰোপণ কৰা হোৱা নাই গছপুলি। নিৰ্মাণ কাৰ্যৰে গুৱাহাটীৰ যিসমূহ ঠাই লেতেৰা কৰা হৈছে তাত নিয়ম মতে পানী ছটিয়াই ধূলি নিৰ্বাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিও সেয়া কৰা হোৱা নাই।

প্ৰকৃতিৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবেও নাই বৰষুণ। শুকাইছে বুঢ়া লুইতখনো। এনে পৰিস্থিতিত গুৱাহাটীৰ বায়ু প্ৰদূষণ নোহোৱাকৈ থাকিব পাৰেনে? পৰিস্থিতিৰ ভয়াৱহাতাৰ কথা চিন্তা কৰি চৰকাৰ প্ৰশাসনে সঠিক পদক্ষেপ গ্ৰহণ কৰাৰ সময় এয়া।

সংবাদ মাধ্যমেও হত্যা, হিংসাৰ বাতৰি অহৰহ প্ৰচাৰ চলাই থকাৰ মাজতেই সময় উলিয়াই গুৱাহাটীৰ কথা ভাবক। জবাবদিহী কৰক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডক। ৰাজনৈতিক দল বোৰেও চিন্তা কৰক কথাবোৰ।

জধে, মধে গছ কাটি চলোৱা নিৰ্মাণ কাৰ্য শেষ হওক। প্ৰয়োজন সাপেক্ষে গুৱাহাটীৰ ৰাজপথত যান-বাহনৰ চলাচল হ্ৰাস কৰাৰ ব্যৱস্থা কৰক। চৰকাৰী, বেচৰকাৰী কাৰ্যালয়লৈ যোৱা কৰ্মচাৰীক ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহনত অহা যোৱা কৰাৰ ব্যৱস্থাও গুৱহাটীৰ যান-জটৰ সমস্যা আৰু প্ৰদূষণৰ সমস্যা হ্ৰাস কৰাৰ এক উপায় হ'ব পাৰে।

মুকলি ঠাই বোৰত বন বিভাগে বনানিকৰণৰ ব্যৱস্থা কৰক। নিৰ্মাণকাৰ্যত চকু ৰাখক। পানী ছটিয়াই নিৰ্মাণকাৰ্যস্থলী পৰিস্কাৰ কৰি ৰখাৰ ব্যৱস্থা কৰক। আনহাতে জনাসাধাৰণৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি সজাগ হৈ এই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰক।

সময় টাকৰ। এতিয়াই ব্যৱস্থা নল'লে হয়তো গুৱাহাটীখন গুৱাহাটী হৈ নাথাকিব। ইয়াত ওখ ওখ অট্টালিকা ঠিকেই থাকিব, নাথাকিব সৌন্দৰ্য। মানুহৰ ভিৰ থাকিব কিন্তু সুস্থ, সৱল মানুহ বিচাৰি হাহাকাৰ কৰিব লাগিব।

বিশ্বৰ শীৰ্ষত নহয়, শেষত থাকক গুৱাহাটী...
অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেললৈ ভাৰত ! ৰণকৌশল সম্পূৰ্ণ, যুঁজলৈ অপেক্ষা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in