কি হৈছিল সেইদিনা...

 জোনমণি ৰাভা..
জোনমণি ৰাভা..

মৃদুল কুমাৰ সন্দিকৈ

এজন আৰক্ষীৰ স্বীকাৰোক্তি। পোহৰলৈ আহিছে আন এটা অডিঅ' ক্লীপ। য'ত জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত নতুন দিশ উন্মোচিত হৈছে। অনুমান কৰা মতে সেই কথাখিনি (এক প্ৰকাৰ স্বীকাৰোক্তি) কৈছে এজন আৰক্ষী কনিষ্টবলে।

ফোনকলত কৈছিল যে, ''জোনমণি মৰা আগত তাই নগাঁৱত ৩ পাক মান ঘূৰিছে। তাইৰ গাড়ীত কোন আছিল? তাৰপাছত অ' চি, এছ পি, এ এছ পিয়ে কি আলোচনা কৰিছিল? তাৰ আধাঘন্টামান পাছত অ' চি থানালৈ আহি ঘূৰি ফুৰিছিল(জোনমণিৰ মৃত্যুৰ আগৰ ঘটনা)।

তাৰ পাছত নিতুল বৰাৰ লগত ওলাই গ'ল বৰঘাট। অ' চিয়ে প্ৰত্যেক থানাৰ গেট বন্ধ কৰিব দি বৰঘাটৰ পৰা ৰহা পালেগৈ। আকৌ বৰঘাত পালে। ড্ৰাইভাৰ ঘূৰি আহিলে। তেতিয়া তাইক কোনোবাই মাৰি আছে। ৰডেৰে মাৰি আছে। নগাঁও টাউনৰ ভিতৰতে ১২ টা মান বজাত মাৰিছে। আমি বিচাৰি ফুৰিছিলো।

অ' চিয়ে এছ পিক ফোন কৰিছে। ১২.১৫ ত ৰিজাৰ্ভ ক্লজ অৰ্ডাৰ আহিছে। ২.১৫ মানত খবৰ আহিছে তাই স্পট ডেথ। তাৰপাছতে এছ পিয়ে তালাচী চলাইছে। আচলতে মৰাৰ আগত নহয়, মৰাৰ পাছত তালাচী চলাইছিল।

যেতিয়া প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন ৰখাৰ ১০ মিনিট পাছত ট্ৰাকে খুন্দা মাৰিছে। তাইৰ জোতাযোৰ ভৰিত লাগি থাকিব লাগিছিল।দুটা মানুহ আছিল। চাগে ধৰ্ষণো কৰিছে। তাই মৰাৰ সময়ত ৰাভা নামৰ আৰক্ষীজন লগত আছিল''।

মানুহে যি ধৰণে সন্দেহ কৰিছিল ঠিক একেই সুৰতে এই সমগ্ৰ ঘটনাৰ বৰ্ণণা দিছে ব্যক্তিজনে। তেওঁৰ এই ভাষ্য জোনমণি কাণ্ডৰ তদন্তত চি আই ডিৰ বাবে অতি গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয়। ব্যক্তিজনে দাবী কৰা মতে জোনমণিক হত্যা কৰা হৈছিল। এতিয়া দায়িত্ব চি আই ডিৰ সেই ব্যক্তিজনক সোধপোচ কৰি প্ৰকৃত সত্য পোহৰলৈ অনাৰ।

কথাবোৰ বাঢ়ি গৈ আছে। বিভিন্ন দৃষ্টিকোণেৰে জোনমণি ৰাভাৰ মৃত্যু কেন্দ্ৰিক ঘটনাৰ দৃষ্টিপাত হৈছে।তাৰে কিছুৰ দৃষ্টিকোণ আৱেগিক আৰু আন কিছুৰ দৃষ্টিকোণ ধাৰণাকেন্দ্ৰিক।

সকলোৱে অপেক্ষা কৰিছে নিৰপেক্ষ আৰু সঠিক অনুসন্ধানলৈ। ই এতিয়া কেৱল এটা দুৰ্ঘটনা নে হত্যা কেন্দ্ৰিক ঘটনা তাতেই সীমাবদ্ধ হৈ থকা নাই। তাৰ মাজতে এনে কিছু ভাষ্য ভাইৰেল হৈছে যে, সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা বুলি দাবী কৰা এজন যুৱকে এই দুৰ্ঘটনাৰ দৃশ্য মাজৰাতি দেখা বুলি মন্তব্য কৰিছে।

প্ৰণৱ দাস নামৰ যুৱকজনে কেমেৰাৰ সন্মুখত কোৱা কথাকেইটাৰ সাৰাংশ হ'ল- গুৱাহাটীৰ পৰা তেওঁ এখন বাহন চলাই গৈ থকাৰ সময়ত দুৰ্ঘটনাস্থলীৰ পৰা অলপ নিলগত তেওঁ ৰৈছিল।এখন দোকান খোলা আছিল বুলি দাবী কৰি যুৱকজনে ৰৈ থকা জোনমণিৰ বাহনখনত ট্ৰাকখনে খুন্দা মৰা বুলি উল্লেখ কৰিছিল।

তেওঁ হেনো স্বচক্ষে দেখিছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা এজন ক'লা জোতা আৰু ক'লা পেন্ট পৰিধান কৰা যুৱক নামি গৈছিল।যুৱকজনৰ এই ভাষ্য মানুহে আৱেগিক ভাৱেই মানি লৈ এয়া যে, এক হত্যাকাণ্ড সেয়া বিশ্বাস কৰাৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে।

যুৱকজনৰ কথাবোৰ সঁচা বা মিছা সেয়া তদন্তত ওলাব। দুৰ্ঘটনা সংঘটিত কৰা উত্তৰ প্ৰদেশৰ ট্ৰাকখনৰ চালকজনৰ সন্ধান এতিয়ালৈকে নাই। তেওঁক আটক কৰি জেৰা কৰিলে দুৰ্ঘটনাৰ সামগ্ৰিক দৃশ্যপট পোহৰলৈ আহিব।

আমি সন্ধান কৰিছিলো এনে বিস্ফোৰক ভাষ্য দিয়া যুৱকজন কোন। সেই সন্ধানত পোহৰলৈ অহা কেইটামান কথা এই বিশ্বাস কৰা বা অবিশ্বাস কৰাৰ প্ৰেক্ষাপটত প্ৰাসংগিক হয়তো হ'ব।

এই বিস্ফোৰক ভাষ্য দিয়া যুৱকজনৰ ঘৰ বোকাখাতৰ ৰজাবাৰীত। তেওঁৰ পিতৃৰ নাম উমা দাস। সম্প্ৰতি গাড়ী চলাই জীৱন নিৰ্বাহ কৰা যুৱকজনক গাঁৱৰ মানুহে মাতে নালীয়া বুলি। নালীয়াৰ ভাষ্যক লৈ এটা সিদ্ধান্তত উপনীত হ'ম নে আৰক্ষীয়ে ইয়াক উপযুক্তভাৱে তদন্ত কৰাকলৈ বাট চাম সেয়াও বিচাৰ্য বিষয় হৈ পৰিছে।

এইটোও ঠিক যে জোনমণি ৰাভাৰ মৃত্যুত কাৰোবাৰ ষড়যন্ত্ৰৰ হাত আছে। সেই ষড়যন্ত্ৰ কি পৰ্যায়ৰ আৰু কেনেধৰণৰ সেয়া আৰক্ষীয়ে সঠিকভাৱে তদন্ত নকৰিলে পোহৰলৈ অহাৰ সম্ভাৱণা ক্ষীণ। এনে এক খবৰো পোহৰলৈ আহিছে যে ঘটনা সংঘটিত হোৱাৰ দিনা মাতৃৰ দাবী অনুসৰি জোনমণি ৰাভাৰ সৈতে আভাজ্যোতি ৰাভা নামৰ আৰক্ষী বিষয়াজন আছিল।

বিষয়াজনে এই কথা অস্বীকাৰ কৰিছে। তেওঁক চি আই ডিয়ে এই সন্দৰ্ভত জেৰা কৰিছে। ঘটনাৰ পাছত নগাঁও ১৪৮ জন কনিষ্টবলক বদলি কৰা হৈছে। জোনমণি ৰাভাৰ সেইদিনা হত্যা কৰি ইয়াক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল নেকি কোনোবাই এই কথাও এতিয়া আলোচনা হৈছে।

প্ৰশ্ন উঠিছে জোনমণি ৰাভাই পিন্ধি থকা জোতাযোৰৰ এপাত জোতা কেনেকৈ গাড়ীৰ পাছফাললৈ গ'ল? ৰাতি জোনমণি ৰাভাৰ গাড়ী নগাঁও চহৰত কিয় ঘূৰি আছিল? জোনমণি ৰাভাক বিচাৰি নগাঁও আৰক্ষীৰ কোন কোন বিষয়া তৎপৰ হৈছিল? সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এই বিষয়ে কি জানে?

নকল সোণ আৰু জালনোটৰ বিৰুদ্ধে অভিযানে জোনমণিৰ কাল হ'ল। কিন্তু কিয়?লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চল নকল কাৰবাৰৰ এক ঘাটী। বহু বছৰ ধৰি নকল সোণ, জাল নোটৰ চোৰাং কাৰবাৰ এই অঞ্চলটোত সংগঠিত ৰূপত চলি আহিছে।

লখিমপুৰৰ উচ্চ পদস্থ আৰক্ষী বিষয়াৰ, স্থানীয় কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আশীৰ্বাদ সেই দুষ্টচক্ৰটোৱে ধনৰ বিনিময়ত লাভ কৰি আহিছে। শাসকীয় বিজেপিও ধোঁৱা তুলসীৰ পাত নহয়। এনে নকল কাৰবাৰৰ সৈতে জড়িত চোৰাং ব্যৱসায়ীকেই বুকুলৈ চপাই আঁকোৱালি লৈছিল বিজেপিয়ে। তাৰ প্ৰমাণৰ ভিতৰত শেহতীয়াকৈ পোহৰলৈ অহা আবু চহিদ ওৰফে লম্বু।

এইজন চোৰাং ব্যৱসায়ী বিজেপিৰ লখিমপুৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ কোষাধ্যক্ষ। সেই সূত্ৰে আৰক্ষীৰ ৰুণা নেওগৰ দৰে বিষয়াৰ সুদৃষ্টি সদায় তেওঁলোকৰ ওপৰত পৰি আহিছে। চি আই ডিয়ে তদন্ত কৰাৰ সময়ত এইবোৰ দিশ পৰীক্ষা কৰক।

বঙালমৰাৰ বৰচলা, আহমেদপুৰ আদি অঞ্চললৈ সঘনে আহে মণিপুৰ, অৰুণাচল, নাগালেণ্ড আদি ৰাজ্যৰ আলহী। কেমেৰাৰ সন্মুখত স্থানীয় ৰাইজে মুখ নুখুলিলেও অনানুষ্ঠানিকভাৱে সকলোৱে জানে সেইসকল বহিঃ ৰাজ্যৰ লোক কিয় তালৈ আহে।

আৰক্ষী আৰু এই চোৰাং কাৰবাৰ কৰা ব্যৱসায়ীসকলৰ সৈতে আছে মধুৰ সম্পৰ্ক। সেই স্থানৰ পৰা নকল সোণৰ নাও, জাল নোট সংগ্ৰহ কৰি বহুতে ঘৰলৈ ঘূৰি যাব নোৱাৰে। বিক্ৰী কৰা সকলেই আৰক্ষীক খবৰ দি হেনো ধৰাই দিয়ে তেওঁলোকক।

তাৰ বিনিময়ত যি চক্ৰই এইবোৰ বিক্ৰী কৰে তেওঁলোকে লাভ কৰা ধনৰ ভাগ-বতৰা হৈ আহিছে। কেইবাটাও পক্ষই এই কাৰবাৰবোৰ কৰাৰ ফলত এটা পক্ষই আনটো পক্ষৰ হৈ চোৰাংচোৱাগীৰিটো নামে।

তেনে এক পক্ষৰ খবৰৰ ভিত্তিতেই জোনমণি ৰাভাই লখিমপুৰত অভিযান চলাবলৈ গৈছিল। জোনমণি ৰাভাৰ সৈতে মুঠ ৮ জনৰ বিৰুদ্ধে আমিনা খাতুনে এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰত নাম আছিল বিহপুৰীয়া গোঁহাই দলনীৰ নুৰ মহম্মদ কালিয়াৰ, ১ নং আহমেদপুৰৰ আজিমুদ্দিন,আহমেদপুৰৰ মুস্তাক আহমেদ, পাভচাৰিআলিৰ মুক্তাব হুচেইন, ১ নং বৰচলাৰ আতাবুৰ ৰহমান, নজৰুল ইছলাম আৰু খলিলুৰ ৰহমান।

স্থানীয় আৰক্ষী বিষয়া এইসকলকে এই কাৰবাৰৰ সৈতে জড়িত বুলি ক'ব খোজে। আনহাতে নগাঁও আৰক্ষীৰ বাবে এইসকল আছিল খবৰ দিওঁতা। নকল সোণ প্ৰস্তুত কৰি থকা ভি ডিঅ'ত থকা আৰু চিনাক্ত হোৱা লোককো স্থানীয় আৰক্ষীয়ে ক্লীনশ্বিট দিব খোজাতো হাস্যকৰ আৰু ৰহস্যজনক।

বৰা উপাধিধাৰী আৰক্ষী বিষয়াজনৰ ভূমিকাকলৈও যথেষ্ঠ সন্দেহ সৃষ্টি হৈছে। আৰক্ষী আৰু আৰক্ষীৰ মাজতেই সৃষ্টি হ'ল নেকি পেচাগত ইগ' কেন্দ্ৰিক সংঘাত? সেই দৃষ্টিৰেও এই ঘটনা বিচাৰ কৰিবলগা।

এচাম আৰক্ষীয়ে তেওঁলোকক যে ৰক্ষণা-বেক্ষণ দিবলৈ চেষ্টা চলাইছিল সেই প্ৰমাণ খোদ লখিমপুৰ জিলা সদৰৰ দায়িত্বত থকা আৰক্ষী অধীক্ষকগৰাকীৰ ভাইৰেল হোৱাৰ ফোন কলেই যথেষ্ঠ।

এগৰাকী মহিলাৰ সৈতে তেওঁ কৰা বাৰ্তালাপত মহিলাগৰাকীক মুখ নুখুলিবলৈ দিয়া ভাবুকি আৰু মহিলাগৰাকীয়ে উচ্চপদস্থ আৰক্ষী বিষয়াক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'লে তথ্য প্ৰমাণসহ অভিযোগ দিম বুলি কৰা মন্তব্য আৰক্ষীয়ে গুৰুত্ব সহকাৰে ল'ব লাগে।

এই চক্ৰ অতি শক্তিশালী। ইমানদিনে লখিমপুৰৰ বঙালমৰা অঞ্চলৰ পৰাই বা নাওবৈচাত গঢ় লৈ উঠা অপৰাধী চক্ৰৰ জৰিয়তে নকল সোণ আৰু জাল নোটৰ ব্যৱসায় চলি আহিছে।

লখিমপুৰ আৰক্ষীয়ে কিয় এই চক্ৰক উৎখাত কৰিব পৰা নাই। ধাৰাবাহিকভাৱে কিয় অভিযান নচলাই আৰক্ষীয়ে? কিয় লখিমপুৰত ৫-৬ বছৰ থাকিও এৰি যাব নোখোজে এই জিলাখন? ইয়াৰ নিশ্চয় কাৰণ থাকিব।

জোনমণি ৰাভা এই ঘটনাৰ অভিকেন্দ্ৰ। কিন্তু ইয়াৰ শিপা বহুদূৰলৈকে আছে। আনকি এইবোৰ চৰ্চাৰ মাজতেই অতি শেহতীয়াকৈ বালিপাৰাত জব্দ হৈছে নকল সোণ।সেয়াও হেনো বঙালমৰাৰ পৰাই সৰবৰাহ হোৱা।

কেৱল জোনমণি ৰাভাই সেই চক্ৰটোৰ পৰা লাভ কৰা ধন লৈছিল নে? তেওঁৰ সৈতে সেইদিনা কোন কোন অভিযানত গৈছিল? কোন উচ্চপদস্থ আৰক্ষী বিষয়াই তেওঁলোকক গাইড কৰিছিল? নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত খোদ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গৈ কিয় জোনমণি ৰাভাৰ মৰিকলঙৰ বাসগৃহত অভিযান চলাইছিল?

এই অনুসন্ধানত সেইবোৰ প্ৰশ্নৰ উত্তৰো ওলাব লাগিব। গোচৰ নিষ্পত্তি কৰাৰ নামত লখিমপুৰৰ কোনোবা আৰক্ষী বিষয়াই জোনমণি ৰাভাৰ সৈতে দৰদাম কৰিছিল নেকি? হোৱাটছএপ যোগে কোনোবা আৰক্ষী বিষয়াই কাৰোবাৰ সৈতে কথা পাতিছিল নেকি? যদি পাতিছিল কি পাতিছিল। চিআইডিয়ে এইবোৰ কথাও বিচাৰি উলিয়াব পাৰিব লাগিব।

বহু কথা এতিয়া চৰ্চা হৈছে। পূৰ্বতে কোৱা হৈছে কিছু কথা সঁচা, কিছু কথা মনে সজা বা অনুমানৰ ভিত্তিত। সত্যতা নিৰূপনৰ বাবে তথ্য প্ৰমাণসহ এই ঘটনাৰ অনুসন্ধান কৰোতে জালখন ডাঙৰকৈ মেলাতো প্ৰয়োজন হৈ পৰিছে।

ক'ত এতিয়া এই এজাহাৰ দাখিল কৰা আমিনা খাতুন,আজগৰ আলী? আৰক্ষীয়ে সত্যতা নিৰূপনৰ বাবে কেতিয়া ভাষ্য় ল'ব প্ৰণৱ দাসৰ? জোনমণি ৰাভাৰ পৰিয়ালে বহু অভিযোগ উত্থাপন কৰিছে।

সেই অভিযোগবোৰৰো ভিত্তি নথকা নহয়। ওলাবনে এই কাণ্ডৰ আচল কাৰণ? এতিয়া অপেক্ষাত সকলো। নে আনবোৰ ঘটনাৰ দৰেই এইবোৰ ঘটনাও মানুহে পাহৰি যাব।নে সময় পাৰ হোৱাৰ লগে লগে অতীত হৈ ৰৈ যাব জোনমণি ৰাভাৰ এই মৃত্যু কাহিনী।

 জোনমণি ৰাভা..
জোনমণি আৰক্ষীৰে ষড়যন্ত্ৰৰ বলি হ'ল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in