জোনমণি আৰক্ষীৰে ষড়যন্ত্ৰৰ বলি হ'ল !

জোনমণি আৰক্ষীৰে ষড়যন্ত্ৰৰ বলি হ'ল !
জোনমণি আৰক্ষীৰে ষড়যন্ত্ৰৰ বলি হ'ল !

মৃদুল কুমাৰ সন্দিকৈ

জোনমণি ৰাভাৰ অকাল মৃত্যুৰ পাছত বহু কথাই পোহৰলৈ আহিছে। কোনবোৰ কথা সঁচা, কোনবোৰ কথা মিছা সেই সত্য নিৰূপণ কৰাৰ দায়িত্ব আৰক্ষীৰ। জোনমণি ৰাভাক কাঠগড়াত উঠায়ো সামগ্ৰিক ভাৱে পোহৰলৈ অহা তথ্যবোৰ বিশ্লেষণ কৰিলে এটা দিশ পৰিস্ফুট হয় যে, এই সমগ্ৰ কাণ্ডৰ সৈতে আৰক্ষীৰে বহু বিষয়া জড়িত হোৱাৰ সন্দেহ ঘনিভূত হয়।

ভাইৰেল হৈছে হাছিনা বেগম নামৰ এগৰাকী মহিলাৰ এটা অডিঅ' ক্লিপ। য'ত মহিলাগৰাকীয়ে লখিমপুৰৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ সৈতে পতা কথা কিছু শুনাৰ পাছত এই কথা বোধগম্য হয় যে, নকল সোণ আৰু জলনোটৰ সৰবৰাহ কৰাসকলৰ সৈতে ক'ৰবাত নহয় কৰ'বাত আৰক্ষীৰো কিছু ছফ্ট কৰ্ণাৰ আছে।

লক্ষ্যণীয় যে, লখিমপুৰ জিলাৰ আৰক্ষীৰ উপ-অধীক্ষক হিচাপে কৰ্মৰত ৰুণা নেওগ নামৰ এই বিষয়াগৰাকীক ২০২২ চনৰ ১১ নম্বেৱৰত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি দিয়া হৈছিল একোখন জিলাতে। সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে ৰুণা নেওগক লখিমপুৰ জিলাৰ উপ-আৰক্ষী সদৰৰ পৰা বদলি কৰাৰ পাছত এই পদবীত তেওঁ কৰ্মৰত আছিল।

ইতিমধ্যে লখিমপুৰ জিলাত দীৰ্ঘসময় ধৰি কৰ্মৰত ৰুণা নেওগ নামৰ আৰক্ষী বিষয়াৰ সৈতেই হাছিনা বেগমৰ এই কথোপকথন জোনমণি ৰাভাৰ মৃত্যুৰ পাছত আৰক্ষীৰ দৃষ্টি কোণেৰেই এক লক্ষ্যণীয় বিষয় হিচাপে চিহ্নীত হৈছে। এই কথোপকথনৰ পৰা এটা প্ৰতিয়মান হয় যে, হাছিনা বেগম নামৰ মহিলাগৰাকীয়ে দাবী কৰাৰ দৰে নকল সোণ আৰু জালনোটৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে তথ্য যোগান ধৰা বুলি দাবী কৰা মহিলাগৰাকীকে আন গোচৰত জেলত ভৰাই দিয়াৰ হুংকাৰ দিয়া হৈছিল।

এই কথোপকথনৰ নিশ্চয় কাৰণ আৰু উদ্দেশ্য আছে। উল্লেখযোগ্য যে, ৰুণা নেওগ নামৰ এইগৰাকী আৰক্ষী বিষয়াক ইয়াৰ পূৰ্বেও লখিমপুৰৰ পৰা বদলি কৰাৰ ৩ টাকৈ নিৰ্দেশ কাৰ্যকৰী কৰা হোৱা নাছিল। ৰুণা নেওগ আছিল ডি আৰ ২০১৫ বেটছৰ অসম আৰক্ষী সেৱাৰ বিষয়া।

জুনিয়ৰ গ্ৰেডৰ এইগৰাকী আৰক্ষী বিষয়াই ২০১৮ চনত যি লখিমপুৰত খুঁটি পুতিলে তাৰ পাছত তেওঁক কোনেও লখিমপুৰৰ পৰা ল'ৰাব পৰা নাই। তেওঁক পূৰ্বতে কংগ্ৰেছী আৰু বৰ্তমানৰ বিজেপিৰ একে উপাধিধাৰী মন্ত্ৰীৰ ঘনিষ্ঠ বুলি ক'ব খোজে এক সূত্ৰই।

নাওবৈচা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত দুই নম্বৰী কাৰবাৰৰ কৰা চোৰাং ব্যৱসায়ীসকলৰ মূৰৰ ওপৰত আছে এনেধৰণৰ একাংশ আৰক্ষী বিষয়াৰ আশীৰ্বাদ। লক্ষ্যণীয় কথাটো হ'ল যে, লখিমপুৰ এৰিব নোখোজা এইগৰাকী আৰক্ষী বিষয়াক এই ঘটনাৰে নাম সাঙোৰ খোৱাৰ পূৰ্বেই অতি শেহতীয়াকৈ আহিছিল আন এক বদলিৰ নিৰ্দেশ।

৯ মে' ২০২৩ ত অসম চৰকাৰী গৃহ বিভাগৰ সচীবে স্বাক্ষৰ কৰা জাননী নম্বৰ eCF7-7927/1/171888/2023-B জৰিয়তে তেওঁক লখিমপুৰ সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰা ভিলেজ ডিফেঞ্চ অৰ্গেনাইজেশ্যনৰ চিনিয়ৰ ষ্টাফ অফিচাৰ ৰূপে বদলি কৰা হৈছিল। কিন্তু ৰাজনৈতিক ক্ষমতাৰে বলিয়ান, চোৰাং সোণ, জালনোট বেপাৰীৰ মৰম, আদৰ পাই থকা এইগৰাকী আৰক্ষী বিষয়াই সেই নিৰ্দেশকো মনা নাছিল।

জোনমণি ৰাভাৰ কাণ্ডৰ পাছত এটা অডিঅ' ক্লিফ ভাইৰেল হোৱাৰ পাছতহে তেওঁক আৰক্ষীৰ উৰ্ধ্বতম কৰ্তৃপক্ষই এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈহে পুনৰ নিৰ্দেশ দিবলগীয়া হয়। অসম আৰক্ষীৰ বিভাগীয় নিয়ম অনুসৰি এইগৰাকী আৰক্ষী বিষয়াই কেতিয়াবাই নতুন দায়িত্বত যোগ দিব লাগিছিল যদিও তেওঁ সেয়া কৰা নাছিল।

জোনমণি ৰাভাৰ মৃত্যুক লৈ হোৱা চি বি আইৰ তদন্তৰ সময়ত এইবোৰ বিষয়ো সামৰি লোৱাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে। একেদৰে নাওবৈচাৰ আৰক্ষী চকীৰ আই চি সঞ্জিত বৰাৰ ভূমিকাও তদন্তৰ আওতালৈ আহিব লাগে।

এতিয়া কেৱল জোনমণি ৰাভাকেই অপৰাধী সজাই বাকীবোৰ ধোঁৱা তুলসীৰ পাত হ'লে নহ'ব। একেদৰে তদন্তলৈ আহিব লাগে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু তেওঁক লখিমপুৰৰ অভিযানৰ বাবে পঠিওৱা আন আৰক্ষী বিষয়াসকলো।

আৰক্ষীৰ নিয়ম অনুসৰি সংশ্লিষ্ট থানাৰ এটা অঞ্চলত অভিযান চলাওতে সেই থানাৰ আৰক্ষীক অৱগত কৰিব লাগে। কিন্তু সেয়া কৰা নাছিল নাওবৈচাৰ অভিযানৰ কালত জোনমণিয়ে। তেওঁৰ দৰে এগৰাকী উপ-পৰিদৰ্শকক এনে কৰিবলৈ কোনে সাহস দিছিল?

জোনমণি ৰাভাৰ মৃত্যু হ'ল। এই মৃত্যুৱে সঠিক তদন্ত কৰিলে চোৰাং নকল সোণ, জালনোটৰ কাৰবাৰৰ সৈতে নেক্সাচ কৰা আৰক্ষীক এক পক্ষৰ মুখা যে খোল খাই পৰিব সেয়া নিশ্চিত। মানুহৰ মনত সেই সন্দেহ হৈছে। ইয়াক সঁচা বা মিছা বুলি প্ৰতিষ্ঠা কৰাৰ দায়িত্ব এতিয়া অসমৰ সন্মানীয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ।

জোনমণিৰ মৃত্যুত কেৱল কোনো লোকক ধৰা, উৎকোছ লোৱা এইবোৰ কথাই জড়িত হৈ থকা নাই। ইয়াত অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া একাংশ আৰক্ষীৰ ব্লুপ্ৰিণ্টো পোহৰলৈ অহাত এই সমগ্ৰ কাণ্ডক ৰাজ্য চৰকাৰেও গুৰুত্বসহকাৰে লোৱাটো প্ৰয়োজন হৈ পৰিছে।

জোনমণি আৰক্ষীৰে ষড়যন্ত্ৰৰ বলি হ'ল !
লখিমপুৰলৈ ৰাওনা CID ৰ দলঃ জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত হৈছে নকল সোণৰ প্ৰসংগও...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in