১০ জন এনে মানুহ লাগে...

সামাজিক মাধ্য়মত নিতৌ চৰ্চা হয় নতুন নতুন বিষয়ক লৈ। নতুন বিষয়ে তল পেলাই পুৰণি বিষয়ক। ইয়াৰ মাজতে বাদ পৰি যায় কিছুমান ভাল খবৰ। যি খবৰ প্ৰয়োজনীয় সমাজৰ প্ৰতিগৰাকী লোকৰ বাবে।

author-image
Asomiya Pratidin
New Update
১০ জন এনে মানুহ লাগে...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এইবাৰ নাহিদ! এটা ইচ্ছ্যু ওলালে আন এটা ইচ্ছ্যু তল পৰে। সেয়া লাগিলে যিমানেই গুৰুত্বপূৰ্ণ নহওক। অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা 'নিজানৰ গান' নামৰ ছবি খনৰ বাবে নাহিদ আফ্ৰিন আনচাৰিক শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান দিয়া হৈছিল।

প্ৰশ্ন উঠিছে যিটো গানৰ বাবে নাহিদক এই বঁটা দিয়া হৈছিল সেই গানটো হেনো তেওঁ গোৱাই নাছিল।অৱশ্যে বঁটা প্ৰদানৰ সময়ত স্ক্ৰীণত বজাই থোৱা গীতটো আছিল জুবিন গাৰ্গ আৰু ৰূপজ্যোতি দেৱীয়ে গোৱা।

বিভিন্ন পক্ষই কথাবোৰ স্পষ্ট কৰিছে। যি সকল জুৰীয়ে নাহিদক এই সন্মানৰ বাবে নিৰ্বাচিত কৰিছিল তেওঁলোকে 'নিজানৰ গান' নামৰ ছবিখনৰ বাবে পৰিচালকে মনোনীত কৰা নাহিদকেই এই বঁটাৰ বাবে যোগ্য বিবেচিত কৰিছিল।

ভুল কাৰোবাৰ কৰবাত হৈছে। অভিজ্ঞ জুৰী সকলে নিশ্চয় গীতবোৰ চাইছিল। তেওঁলোকে সেই সময়ত 'নীলাতে লুকা-ভাকু' গীতটো কোনে গাইছে সেয়া নিশ্চয় গ'ম পাইছিল। তাৰ পাছতো এই গীতৰ বাবে নাহিদক শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী(মহিলা) বাবে দিয়া হৈছে বুলি উল্লেখ কৰা আৰু নাহিদে বঁটা লোৱা সময়ত সেই গীতটো বজোৱাত এই বিতৰ্কৰ সৃষ্টি হ'ল।

এয়া বিতৰ্ক কৰিব লগা বিষয় নহয় যদিও সমগ্ৰ প্ৰক্ৰিয়াটোত যে কিছু অৱহেলা হৈছে সেই কথা স্বীকাৰ কৰিব লাগিব সংশ্লিষ্ট লোক সকলে। সামাজিক মাধ্য়মত বিষয়টো এনেদৰে চৰ্চা হৈছে যে নাহিদকে ধৰি জুৰীৰ সদস্য, ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আদিক কাঠগৰাত উঠাইছে বহুতে।

ইয়াৰ পূৰ্বে চৰ্চা চলিছিল ছেবাকলৈ। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ পৰিছিল। সামাজিক মাধ্যমত দুদিনমান মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ আলোচনা চলিল। ছাত্ৰ-শিক্ষকক গ্ৰেপ্তাৰ কৰা হ'ল। তেওঁলোকৰ মোবাইলৰ জৰিয়তে মেট্ৰিকৰ প্ৰশ্ন কাকত ভাইৰেল হৈছিল।

কিন্তু তেওঁলোক মূল অপৰাধী হয়নে? ছেবাৰ দায়িত্বশীল বিষয়া সকলক গালি গালাজ পাৰিয়েই এই বিষয় এৰি নাহিদৰ পাছত আমি নামি পৰিলো।যেন নাহিদে বচাই দিলে ছেবাক।

প্ৰশ্ন কাকত ফাদিল আজিয়ে নহয়,আগতো হৈছিল বুলি কোৱা শিক্ষামন্ত্ৰীৰ ঘনিষ্ঠ এজনৰ পুত্ৰকো ইয়াৰ অপৰাধত আৰক্ষীয়ে আটক কৰিলে। যি সকল ছাত্ৰই সেয়া ভাইৰেল কৰিছে তেওঁলোক অপৰাধী। কিন্তু তেওঁলোকৰ হাতলৈ কৰ পৰা আহিছিল প্ৰশ্ন কাকত?

এখন বিদ্যালয়লৈ এটা বিষয়ৰ প্ৰশ্নকাকতৰ পেকেট কমকৈ আৰু আন এটা প্ৰশ্ন কাকতৰ পেকেট বেছিকৈ পঠোৱাৰ বাবে দায়ী কোন? এইবোৰ গভীৰতালৈ আমি নাযাঁও বা যাব নোখোজো। মেট্ৰিকৰ গণিত বিষয়ৰ প্ৰশ্ন কাকতৰ প্ৰশ্ন কাকত সন্দৰ্ভতো সন্দেহ উপজিছে।

সেইবোৰ বিষয় নিশ্চয় সামৰি লোৱা হ'ব। সামাজিক মাধ্যমত চৰ্চা হোৱা বিষয়বোৰ অতি কম সময়ৰ বাবে চৰ্চিত হয় কিন্তু তাৰ কোনো ফলাফল নাথাকে। চেম্পুকলৈ চৰ্চা হোৱাৰ সময়ত বন্দনাৰ হত্যাকাণ্ডই তাক তল পেলালে। তাৰ পাছত আহিল পে পে পে গোৱা ছোৱালী জনী, ইয়াৰ পাছত সেই চৰ্চা তল পেলালে আন এটা বিষয়ে। সুৰাসক্ত দৰা তল হ'ল। তাৰ পাছত আহিল ছেবা আৰু শেহতীয়াকৈ নাহিদ।

এনেকৈয়ে এটা এটা বিষয় আহিব, ট্ৰল হ'ব, ৰাইজে মতামত দিব, সংবাদ মাধ্য়ম তাৰ পাছত পৰিব। এই কাৰবাৰবোৰে আমাক কোনো এক বিষয় গুৰুত্ব সহকাৰে উপলব্ধি কৰাৰ পৰা আঁতৰাই ৰখাৰ পৰিৱেশ সৃষ্টি হৈছে।আমি সকলোৱে এই মানসিকতাৰ বলি হৈছো। চকুৰ সন্মুখতে ঘটি থকা বহু গুৰুত্বপূৰ্ণ ঘটনা আজিকালি খবৰেই নহয়।

প্ৰকৃতিৰ জমাদাৰ বুলি কোৱা হয় শগুণক। লেতেৰা মৰাশ খাই পৃথিৱীখন পৰিষ্কাৰ কৰি ৰাখে শগুণে। বিভিন্ন দল সংগঠনে অসমতো শগুণৰ সংৰক্ষণৰ বাবে নিজা উদ্যোগত কাম কৰি আছে। সেই ধৰণে কাম কৰা এজন যুৱক মানস প্ৰতীম দত্ত। তেওঁ উল্লেখযোগ্য এক তথ্য সামাজিক মাধ্যম যোগে উল্লেখ কৰিছে।

মানস প্ৰতীম দত্তৰ সৈতে যোগাযোগ কৰোতে গ'ম পোৱা গ'ল আন এজন যুৱকৰ সৈতে মিলি তেওঁলোকে এই কাম কৰি আছে। মানসে জনোৱা মতে অসমত ৭৩ দিনত তেওঁলোকৰ হাতত তথ্য অনুসৰি ৫৯ টা শগুণৰ মৃত্যু হৈছে।

শগুণৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পোৱাতো শুভলক্ষণ নহয়। তেওঁলোকে সংগ্ৰহ কৰা তথ্য অনুসৰি ১ জানুৱাৰী ২০২৩ ৰ পৰা ১৪ মাৰ্চ ২০২৩ লৈ ৭৩ দিনত ৫৯ টা শগুণৰ মৃত্যু হয়।

ইয়াৰ কাৰণ মানুহ। মানস আৰু তেওঁৰ আন এজন সহযোগীয়ে ৰখোৱা তথ্য অনুসৰি ২৩ জানুৱাৰী ২০২৩ ত শিৱসাগৰ পানবেচাৰ বৰবিল অঞ্চলত ২৫ টা শগুণৰ মৃত্যু আৰু ৮ টা শগুণ অসুস্থ হৈ পৰিছিল।

২২ ফেব্ৰুৱাৰী ২০২৩ ত মাজুলী জেংৰাইমুখৰ বোকাবিল অঞ্চলত ৬ টা শগুণৰ মৃত্যু আৰু ১১ টা শগুণৰ অসুস্থ হোৱাৰ খবৰ আহিছিল। কোনো লোকে বিহ দি এই শগুণ নিধনযোগ্য পাতিছে।

২৪ ফেব্ৰুৱাৰী ২০২৩ ত কামৰূপৰ ছয়গাঁওৰ বামুনীগাঁৱত ২টা শগুণৰ মৃত্যু হয়। ১৪ মাৰ্চ ২০২৩ ত ডিব্ৰুগড়ৰ জামিৰা পাত্ৰ গাঁৱত ২০ টা শগুণৰ মৃত্যু আৰু ৭০ টা শগুণ অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছিল।

মানসহঁতৰ আহ্বান আছিল কিবা কাৰণত শগুণৰ মৃত্যু হ'লে বা অসুস্থ হ'লে আমি সজাগ হ'ব লাগে। তেওঁলোকে এই সজাগতাৰ লক্ষ্যৰে এখন গ্ৰন্থ প্ৰণয়নৰো কাম চলাই আছে। এই ক্ষেত্ৰত সংবাদ মাধ্যম, সামাজিক মাধ্যমৰ ভূমিকা থাকিব লাগিব।

এইবোৰ খবৰ জানো খবৰ হয়। অতি নীৰৱে তেওঁলোকে এই কাম কৰি আছে। বিশ্বজুৰি শগুণ ৰক্ষা কৰাৰ বাবে অভিযান চলিছে। অসমতো নীৰৱে এই ক্ষেত্ৰত কাম কৰি থকা লোক, সংস্থা আছে। তাৰ উদাহৰণ মানসহঁতৰ দৰে সজাগ যুৱক সকল।

আমি নাহিদ, ছেবা, কৰিষ্মা , সুৰাসক্ত দৰা, বন্দনা আদিৰ পাছত লাগি থাকোতেই গৈছে। কেতিয়ালৈকে আমাৰ সেই সচেতনতাবোধ আহিব। গভীৰ দৃষ্টিকোনেৰে আমি সামাজিক মাধ্য়মত উপযুক্ত বিষয় সমূহ মানুহৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিব পাৰিম।

অন্তত ১০ জন এনে লোক নোলাবনে, যি সকলে মানসহতৰ দৰে নীৰৱে কাম কৰা লোক সকলক নহয় তেওঁলোকৰ কৰ্মাৰাজিৰ উদ্দেশ্য মানুহৰ মাজলৈ নি সঁচা অৰ্থত প্ৰয়োজনীয় এক গণসচেতনতা সৃষ্টি কৰিব পাৰিব...

Also Read: ক'ত হেৰাল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

assam Vulture