ক'ত হেৰাল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

ক'ত গ'ল মুখ্যমন্ত্ৰী গৰাকী? সৰু সৰু বিষয়তো প্ৰতিক্ৰিয়া ব্যক্ত কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান পৰ্যন্ত প্ৰশ্নকাকত ভাইৰেলকলৈ কোনো মন্তব্য ব্যক্ত কৰা নাই।
ক'ত হেৰাল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

বৰষা শৰ্মা

ৰাজ্যজুৰি ক্ষোভৰ দাৱানল। লাখ লাখ ছাত্ৰ-ছাত্ৰী, অভিভাৱকক বিপাঙত পেলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল হোৱাকলৈ ৰাজ্যজুৰি ক্ষোভ, বিক্ষোভ। কেৱল প্ৰশ্নকাকত ফাদিল হোৱাতেই সীমাবদ্ধ নহয় , ছেবাৰ নাম সাঙুৰ খাইছে ধন লেন দেনৰ ক্ষেত্ৰতো।

বছৰত এবাৰো নিকাকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম নহয় ছেবা কৰ্তৃপক্ষ। এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ল ঠিকেই কিন্তু প্ৰতিদিনেই বিতৰ্কৰ সৃষ্টি হৈ আহিছে। পৰীক্ষাৰ পূৰ্বে ফাদিল হ'ল বিজ্ঞানৰ প্ৰশ্নকাকত। বাতিল হ'ল পৰীক্ষা।

চৰকাৰৰ হুচ আহিল, সাৰ পালে চৰকাৰে। ঘোষণা কৰিলে তদন্ত। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে প্ৰতিবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত দল সংগঠন, ছাত্ৰ-ছাত্ৰীৰ।

ৰাজ্যজুৰি দাবী উত্থাপন হ'ল পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে। পিছে পদত্যাগৰ দায়িত্ব পেগুয়ে ঠেলিলে মুখ্যমন্ত্ৰীৰ গালৈ। ক'লে মুখ্যমন্ত্ৰীয়ে ল'ব পদত্যাগৰ সিদ্ধান্ত।

আৰম্ভ হ'ল তদন্ত। চিআইডিয়ে জেৰা কৰিলে শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীক। বৰ্তমান পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা ৩ শিক্ষক-কৰ্মচাৰীক প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ জিম্মালৈ। সোধ পোছ অব্যাহত আছে ছেবাৰ।

কেৱল শিক্ষক- ছাত্ৰ-ছাত্ৰীকে জেৰা চলালে কি হ'ব। প্ৰশ্ন উত্থাপন হৈছে ছেবাৰ ওপৰতো। এটাও পৰীক্ষা ছেবাই সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে। তলব কৰা হৈছিল ছেবাৰ উচ্চ কৰ্তৃপক্ষকো।

হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনাৰ বাবে গঠন হোৱা ছেবাই বিগত সময়ত এই পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰি অহাত চৰম বিফলতাৰ সন্মুখীন হৈছে। আনহাতে এই স্বতন্ত্ৰ সংস্থাটোৰ অধ্যক্ষৰ দায়িত্বত থকা ৰমেশ চান্দ জৈনৰ দক্ষতা আৰু তেওঁৰ নিযুক্তিৰ সন্দৰ্ভতো বিভিন্ন জনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

কাৰ আশীৰ্বাদত ৰমেশ চান্দ জৈনে ছেবাত নিগাজিকৈ আসন তৈয়াৰ কৰিব পাৰিছে সেই বিষয়েও চৰ্চা হৈছে। ডাঃ ৰণোজ পেগুৱে কয়, ছেবাত চৰকাৰে উপযুক্ত মানুহকেই নিযুক্তি প্ৰদান কৰিছে।  ৰমেশ চান্দ জৈনৰ দিনত ছেবাত সংস্কাৰ হৈছে বুলি কয় শিক্ষামন্ত্ৰী গৰাকীয়ে।

এক কথাত ছেবাক ক্লীনছিট দিলে শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে। ছেবাৰ দোষ দেখুৱাই দিয়াৰ পৰিৱৰ্তে প্ৰশংসাৰেহে উপচাই দিলে ৰনোজ পেগুৱে।

ছেবাৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন আনিছে ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকান হাজৰিকাই। তেওঁ ছেবাৰ বিৰুদ্ধে মাত মাতি কয় যে পৰীক্ষাৰ্থীৰ নম্বৰ বৃদ্ধি কৰিবলৈ ছেবাত চলে দৰ-দাম। উত্তীৰ্ণৰ হাৰ কম বেছি কৰাৰ নামতো হয় তৈলমৰ্দন। এই তৈলমৰ্দন কৰে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে। সদিচ্ছা থাকিলেও ছেবাত সংস্কাৰ নহয়। ২০ হাজাৰ টকাৰ বিনিমত সৰ্বোচ্ছ নম্বৰ লাভ কৰিব পাৰি ছেবাত।

ছেবাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে উত্থাপন কৰা এই চাঞ্চল্যকৰ অভিযোগে বহু প্ৰশ্ন উত্থাপন কৰিছে। ভিত্তি নাথাকিলেও এই অভিযোগ চাগে সম্পূৰ্ণ ভিত্তিহীন নহয় বুলি সন্দেহ একাংশৰ।

আন এক অভিযোগ উত্থাপন হৈছে যে বিজ্ঞানৰ এটা-এটা প্ৰশ্নৰ বিনিময়ত হৈছিল দৰ-দাম। তদন্ত চলিয়েই আছে । কেতিয়া তদন্তৰ ওৰ পৰিব আৰু প্ৰকৃত দোষী ওলাই পৰিব সকলোৰে অপেক্ষা মাঁথো সেয়াই।

এই সময়চোৱাত জনতাই বাৰুকৈয়ে অভাৱ অনুভৱ কৰিছে এজন ব্যক্তিৰ। এজন এনেকুৱা ব্যক্তি যাৰ ওচৰত থাকে সকলো সমস্যাৰ সমাধান। কৰবাত কিবা সমস্যা হ'লেই ব্যক্তি জন সৰৱ হৈ উঠে।ছ'চিয়েল মিডিয়া হওক বা আন প্ৰকাৰে, কোনোবাই সহায় বিচাৰিলে কাকো বিমুখ নকৰে মানুহজনে।

মুঠতে, একাংশৰ মতে অসমৰ সমস্যাৰ সমাধান তেওঁ ওচৰত। বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ ওচৰত তেওঁ বেছিকৈ জনপ্ৰিয় 'মামা' হিচাপে। তেওঁ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যিকোনো পৰিস্থিতিতেই মুখ্যমন্ত্ৰী গৰাকী সকলোৰে ওচৰত থাকে। মামা -মামা বুলি ছাত্ৰ-ছাত্ৰী সকলে তেওঁ ওচৰত গৈ সমস্যাৰ কথা কয়।

কিন্তু এইবাৰ নীৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মেট্ৰিকৰ প্ৰশ্ন কাকত ভাইৰেল হ'ল, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উঠিল, চি আই ডিৰ তদন্ত আৰম্ভ হল' কিন্তু মৌন হৈ থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ক'ত গ'ল মুখ্যমন্ত্ৰী গৰাকী? একাংশ ছাত্ৰ-ছাত্ৰীয়ে মানসিক চাপত ভুগিছে এতিয়া। ছাত্ৰ-ছাত্ৰীক সকাহ দিবলৈ তেওঁলোকৰ 'মামা' ক'ত গ'ল? সৰু সৰু বিষয়তো প্ৰতিক্ৰিয়া ব্যক্ত কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান পৰ্যন্ত প্ৰশ্নকাকত ভাইৰেলকলৈ কোনো মন্তব্য ব্যক্ত কৰা নাই।

সকলোৰে আশা- মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া দিব, উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিব, দোষী জেললৈ যাব। কিন্তু নাই মুখ্যমন্ত্ৰীৰ কাণসাৰে নাই। নে এই বিষয়তো গুৰুত্বপূৰ্ণ নহয় মুখ্যমন্ত্ৰী গৰাকীৰ বাবে?

মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি জনতাৰ আস্থা আছে। গতিকে সেই আস্থা সৰগোত কৰি এই সময়ত পৰীক্ষাৰ্থী সকলৰ লগত থাকিব লাগিছিল তেওঁ। হয়তো জনতাই বাট চাই আছে তেওঁ কি সিদ্ধান্ত লয়। তাতে ৰনোজ পেগুয়েও তেওঁকেই দায়িত্ব দিছে পদত্যাগৰ সিদ্ধান্ত লোৱাৰ।

বিষয় যিয়েই নহওক, স্বাস্থ্য,শিক্ষা উন্নয়ন। মুখ্যমন্ত্ৰীৰ প্ৰতিটো বিষয়তে আমি হস্তক্ষেপ দেখি আহিছো। ৰাইজৰ সমস্যাক আগত ৰাখি প্ৰতিটো ক্ষেত্ৰতে হস্তক্ষেপ কৰা মুখ্যমন্ত্ৰী গৰাকী এতিয়া নাই।

অৱশ্যে তেওঁ এতিয়া ভীষণ ব্যস্ত। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন সমাগত। গতিকে অসমৰ মুখ্যমন্ত্ৰী ব্যস্ত কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত। উত্তৰ পূৱৰ চানক্য খ্যাত মুখ্যমন্ত্ৰী গৰাকীয়ে এখনৰ পাছত আন এখন ৰেলী সম্বোধন কৰি গৈছে । সেয়ে হয়তো পাহৰি গৈছে অসমৰ সমস্যাৰ কথা।

যিয়েই নহওক। ইমান দিনে মনে মনে থকা মুখ্যমন্ত্ৰীয়ে মুখ খোলক। আশ্বাস দিয়ক ৰাইজক যে দোষীক কৰায়ত্ব কৰা হ'ব। উচিত তদন্ত হ'ব। নিৰ্বাচনী ৰেলী যদি প্ৰয়োজন, প্ৰয়োজন ৰাইজৰ সমস্যাখিনিক প্ৰথম স্থান দিয়াতো। নহ''লে ছেবা, শিক্ষা বিভাগৰ দৰে মুখ্যমন্ত্ৰীৰ ওপৰতো আস্থা হেৰুৱাব সকলোৱে...

ক'ত হেৰাল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?
প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল : আঁৰত কোন আছিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in