সূৰ্যোদয় নে সূৰ্যাস্ত হ'ল আজি...

এই আলোচনাৰ জৰিয়তে আলফাই অসম আৰু অসমীয়াৰ প্ৰধান আলোচ্য বিষয়সমূহক দিল্লীৰ সন্মুখত তুলি ধৰিলেও তাৰ ফলাফল কোনোবা আলফা নেতাৰ জেলৰ পৰা মুক্তি পোৱাৰ সন্তুষ্টিতেই সীমাবদ্ধ হৈ ৰ'ল।
সূৰ্যোদয় নে সূৰ্যাস্ত হ'ল আজি...

আজি সূৰ্যোদয় হ'ল। ১৯৭৯ চনত আৰম্ভ হোৱা ৰক্তাক্ত ৰাজনৈতিক আৰু খিলঞ্জীয়াৰ স্ব-অধিকাৰৰ সংগ্ৰামৰ অন্তত আকৌ এখন চুক্তি অসমৰ ৰাইজে লাভ কৰিলে। প্ৰায় ১০ সহস্ৰাধিকলোকৰ জীৱনৰ বিনিময়ত সুদীৰ্ঘ দিনৰ অন্তত স্বাক্ষৰিত এই চুক্তিয়ে অসমৰ খিলঞ্জীয়া লোকৰ ভৱিষ্যৎ কি দৰে সুৰক্ষিত কৰিব সেয়া সময়হে ক'ব পাৰিব।

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলফাৰ আলোচনাপন্থীৰ প্ৰতিনিধিৰ মাজত নতুন দিল্লীত স্বাক্ষৰিত এই ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হ'ল ২৯ ডিচেম্বৰ, ২০২৩ ত। অসমৰ সাধাৰণলোকৰ মনত এই চুক্তিয়ে কি প্ৰভাৱ বিস্তাৰ কৰিছে সেই আলোচনাতকৈ ১২ বছৰ আলোচনাৰ অন্তত স্বাক্ষৰিত এই চুক্তিয়ে পৰেশ বৰুৱাৰ অনুপস্থিতিয়ে চুক্তিখনৰ পূৰ্ণতা দাবী কৰিব নোৱাৰে বুলিহে আলোচনা চলিছে।

অৱশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনত সাম্প্ৰতিক সময়ৰ দৃষ্টিৰে ই এক ডাঙৰ সফলতাৰূপে মূল্যায়ন হ'ব। কিন্তু ভৱিষ্যতৰ ৰাজনীতিত এই চুক্তিখনে তেওঁৰ ৰাজনৈতিক সফলতাক এতিয়াই সাফল্য দলিল আখ্যা দিব নোৱাৰি।

মুখ্যমন্ত্ৰীয়ে চুক্তি স্বাক্ষৰ কৰাৰ পাছত ঘোষণা কৰিছে যে শান্তি আলোচনালৈ পৰেশ বৰুৱাৰ আগমনৰ বাট কৰ্ষণ কৰিবলৈকে আলোচনাপন্থী আলফা গোটৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰাতো প্ৰয়োজন হৈ পৰিছিল।

শান্তি সকলোৱে বিচাৰে। সেই শান্তি আৰু সশস্ত্ৰ সংগ্ৰামত জপিয়াই পৰা সকলৰ ত্যাগৰ ফল এই চুক্তিয়ে আনি দিব পাৰিবনে? আলফা-চৰকাৰৰ মাজৰ শান্তি আলোচনাৰ বাবে ২০০৫ চনতেই পিচিজি গঠন কৰা হৈছিল।

আলফাই তেতিয়া স্বাধীন অসমৰ দাবীত অচল-অটল হৈ আছিল। ইয়াৰ পূৰ্বে ১৯৯১-৯২ চনতো শান্তি আলোচনাৰ প্ৰেক্ষাপট ৰচনা হৈছিল। কিন্তু সেইবোৰে একো ফল ধৰা নাছিল। চুক্তিৰ পৰ্যায়লৈকে কোনো এক আলোচনাই গতি লাভ কৰা নাছিল। বাংলাদেশৰ পৰা অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ এটা অংশ গৃহমুখী হোৱাৰ পাছত চৰকাৰী পক্ষৰ সৈতে আলোচনাৰ নতুন বাট মুকলি হৈছিল।

আলফাৰ আলোচনা পন্থীৰ ৮ জন নেতাই প্ৰতিনিধিত্বমূলকভাৱে এই চুক্তিত স্বাক্ষৰ কৰিছে। চুক্তিত কেন্দ্ৰীয় চৰকাৰৰ হৈ কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ উপস্থিতিত গৃহ বিভাগৰ উত্তৰ পূৱৰ দায়িত্বত থকা অতিৰিক্ত সচিব পিযুষ গোৱেলে স্বাক্ষৰ কৰিছে।

ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চুক্তিৰ স্বাক্ষৰকাৰী হৈছে ৰাজ্যৰ মুখ্য সচিব পবন বৰঠাকুৰ। সমগ্ৰ প্ৰক্ৰিয়াটোত উপস্থিত থাকিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।

অসমৰ বিকাশ আৰু খিলঞ্জীয়ালোকৰ স্বাৰ্থ তথা অধিকাৰ ৰাজনৈতিক ,সামাজিক আৰু সাংস্কৃতিকভাৱে সুৰক্ষিক কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।প্ৰায় ডেৰলাখ কোটি টকাৰ আৰ্থিক পেকেজৰ কথা কৈছে চুক্তি স্বাক্ষৰকাৰীসকলে।

৫ বছৰৰ ভিতৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আৰু চুক্তিত থকা দফাসমূহ দাড়ি, কমা নথকাকৈ পূৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। চুক্তিত স্বাক্ষৰ কৰাৰ পাছত আলফাৰ নেতৃত্বৰ মতে আটাইতকৈ ডাঙৰ সফলতা হ'ল খিলঞ্জীয়ালোকৰ ভূমি অধিকাৰ সুৰক্ষিত, অন্তত ৬০ বছৰলৈ ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকিব।

নিযুক্তি আৰু উন্নয়নৰ অন্যান্য দিশ সমূহতো ইয়াৰ ফল ৰাজ্যবাসীয়ে পাব বুলি দাবী কৰে আলফাৰ আলোচনাপন্থী নেতৃত্বই। অসমৰ মুখ্যমন্ত্ৰীৰ মতে এই চুক্তি ৰাজ্যৰ বাবে এক মাইলৰ খুঁটি হ'ব।

চুক্তিয়ে ৰাজ্যখনত স্থায়ী শান্তি স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে মত ব্যক্ত কৰিছে। কিন্তু এইটো ঠিক যে যি ধৰণে আলফাক লৈ অসমৰ খিলঞ্জীয়ালোকৰ আশা আৰু সম্ভাৱণা আছিল সেয়া কিছু পৰিমাণে হ'লেও সময়ৰ সোঁতত ম্লান হৈ পৰিছে।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত, উচ্চ সদন স্থাপন আদি বিষয়বোৰৰ ক্ষেত্ৰত চুক্তিত বিশেষ একো উল্লেখ নাথাকে। অসমৰ আৰ্থিক আৰু সামাজিক স্থায়ী ভেঁটি নিৰ্মাণৰ বাবে কাৰ্যকৰী কোনো বুজাপৰা এই চুক্তিত আছে বুলি ক'ব নোৱাৰি। এই চুক্তিয়ে কি দিলে বুলি প্ৰশ্ন কৰিলে উত্তৰ হ'ব জনজাতিকৰণ সন্দৰ্ভত কোনো সহমতত উপনীত নহ'ল, সীমান্ত শক্তিশালীকৰণত গুৰুত্ব, ৭ জিলাত সাংস্কৃতিক একাডেমী আৰু গৱেষণা কেন্দ্ৰ স্থাপন, ৬০ টা মেগা প্ৰকল্পৰ প্ৰতিশ্ৰুতি, এন আৰ চিৰ পুনৰীক্ষণ, ৫ বছৰৰ ভিতৰত উন্নয়নৰ প্ৰকল্পৰ বাবে ৫০০০ কোটি টকাৰ পেকেজ, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে অগ্ৰাধিকাৰ, কৃষি ভূমি সংৰক্ষণ, থলুৱা ভূমিহীনক মাটি দিবলৈ লেণ্ডবেংক গঠন আদি।

এই আলোচনাৰ জৰিয়তে আলফাই অসম আৰু অসমীয়াৰ প্ৰধান আলোচ্য বিষয়সমূহক দিল্লীৰ সন্মুখত তুলি ধৰিলেও তাৰ ফলাফল কোনোবা আলফা নেতাৰ জেলৰ পৰা মুক্তি পোৱাৰ সন্তুষ্টিতেই সীমাবদ্ধ হৈ ৰ'ল।

তেওঁলোকৰ ভাষ্যতেই এনেবোৰ প্ৰতিক্ৰিয়া অসমবাসীয়ে শুনাৰ পাছত সেয়া অসমবাসীৰ বাবে কৰা চুক্তি নে আলফাৰ কোনো নেতাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে কৰা চুক্তি তাকলৈও প্ৰশ্নৰ অৱকাশ নিশ্চয় ৰৈ যাব।

ভূটানত সন্ধানহীন হোৱা আলফাৰ নেতাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ আলোচনাত কি ফলাফল ওলাল সেয়া অসমৰ ৰাইজে সচেতনতাৰে লক্ষ কৰিব। একেদৰে এই ৰক্তাক্ত সংগ্ৰামত শ্বহীদ হোৱা পৰিয়াল আৰু নিৰ্যাতনৰ বলি হোৱা সকলে চুক্তি কি দৰে গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব।

চুক্তি স্বাক্ষৰ কৰাৰ পাছতে আলফা নেতা শশ চৌধুৰীয়ে ঘোষণা কৰিছে তেওঁলোকে ৰাজনীতিত অংশ নলয়। বহুধা শিবিৰত বিভক্তি হৈ পৰা আলফা এতিয়া এক জাতীয় শক্তি হৈ নাই। বিভিন্ন সময়ত আলফাই কৰা ভুলৰ বাবে অসমৰ সাধাৰণ ৰাইজে আলফাক নিলগাই ৰখাৰো উদাহৰণ আছে।

সেয়ে হয়তো এনে এখন চুক্তি স্বাক্ষৰ কৰাৰ পাছতো অসমত স্বতঃস্ফূতভাৱে আনন্দৰ বন্যা বলা নাই। ফুটা নাই ফটকা। ই এক মন কৰিবলগীয়া দিশ। আলোচনাপন্থী আলফাৰ সদস্যসকলে আৰ্থিক পেকেজ , সংস্থাপন হয়তো লাভ কৰিব। কিন্তু এই আলোচনাপন্থীৰ গণ্ডীৰ বাহিৰত ৰৈ যোৱা অথচ মূলসূঁতিলৈ উভতি অহা আন আলফা সদস্যসকলৰ ক্ষেত্ৰত এই চুক্তিয়ে আশাৰ বতৰা কঢ়িয়াব পাৰিবনে সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন।

আৰ্থিক পেকেজ, উন্নয়ন, আদিৰ বাবে এনে ৰক্তাক্ত সংগ্ৰামৰ পোষকতা কৰা নাছিল আলফাই। অসম চুক্তিৰ ৬ নং দফাৰ আংশিক কাৰ্যকৰী কৰা সিদ্ধান্ত ইতিমধ্যে চৰকাৰে লৈছে। সেই পদক্ষেপৰ সৈতে এই শান্তি চুক্তিক সানমিহলি কৰি ইয়াক আলফা-চৰকাৰৰ আলোচনাৰ ফল বুলিও চৰকাৰে কৌশলী ঘোষণা নিশ্চয় কৰিব।

আলোচনাপন্থী আলফাই প্ৰদান কৰা দাবী চনদৰ কিমান শতাংশ চৰকাৰে মানি ল'লে তাৰো পৰ্যালোচনা চলিব। চৰকাৰৰ সৈতে দৰ-দাম কৰা আলোচনাৰ টেবুলত আলফাৰ ভৰ বেছি আছিল এদিন। আজি সেই পৰিৱেশ আৰু ভৰ আলফাৰ পক্ষত নাই। সেয়েহে যি পাইছে তাতেই সন্তুষ্টি লভাৰ প্ৰৱণতা আলফাৰ নেতৃত্বৰ ভাষ্যতেই পৰিস্ফুট হৈছে।

ইয়াৰ পাছত পৰেশ বৰুৱা এই প্ৰক্ৰিয়াত চামিল হ'বনে নহয় সেয়াও বিচাৰ্য বিষয় হ'ব অনাগত দিনত। তথাপিও অৰবিন্দ ৰাজখোৱাৰ পন্থীৰ সৈতে স্বাক্ষৰিত হৈ চুক্তিক লৈ সাধাৰণ ৰাইজে সন্তুষ্টি ব্যক্ত কৰিছে। কিন্তু পূৰ্বৰ অভিজ্ঞতাই সেই সন্তুষ্টিক আবেগ আৰু বিশ্বাসলৈ ৰূপান্তৰিত কৰিব পৰা নাই।

এতিয়া একাংশই যদিও ইয়াক ঐতিহাসিক আখ্যাৰে অসমৰ আকাশত আলফাৰ অৰ্ধ সূৰ্যৰ পূৰ্ণ উদয় আখ্যা দিব খোজে কিন্তু আন একাংশৰ মতে এয়া আলফাৰ সূৰ্যাস্তৰ সময়। পোৱা-নোপোৱাৰ দোমোজাত এই বিপ্লৱ তথা সংগ্ৰামৰ যৱনিকা পৰিলেও আচৰিত হ'ব লগা একো নাথাকিব।

সূৰ্যোদয় নে সূৰ্যাস্ত হ'ল আজি...
লেখকৰ বাবে আশীৰ্বাদ নে অভিশাপ ডিজিটেল মাধ্যম ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in