লেখকৰ বাবে আশীৰ্বাদ নে অভিশাপ ডিজিটেল মাধ্যম ?

লেখকৰ বাবে আশীৰ্বাদ নে অভিশাপ ডিজিটেল মাধ্যম ?

প্ৰস্তুতি সম্পূৰ্ণ। চানমাৰীত ২৯ ডিচেম্বৰ, শুকুৰবাৰৰ পৰা বিয়পিব গ্ৰন্থৰ সুবাস। শীত আগমণৰ লগে-লগে যিদৰে ৰাজ্যজুৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে, বনভোজৰ বাবে নৈৰ পাৰত, পাহাৰৰ দাঁতিত লোকে লোকাৰণ্য হয়; ঠিক সেইদৰেই প্ৰতি বছৰে ডিচেম্বৰৰ ২৯ তাৰিখৰ পৰা ৯ জানুৱাৰীলৈ কিতাপ ভালপোৱা, অধ্যয়ন পিপাসুসকলে চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ভিৰ কৰাটো এক নিয়মত পৰিণত হৈছে।

অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে এই সময়ছোৱাত অনুষ্ঠিত কৰি আহিছে অসম গ্ৰন্থমেলা। এই গ্ৰন্থমেলাৰ বাবেই বছৰ ধৰি অপেক্ষা কৰি থাকে বহু পাঠকে। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাৰ পৰাই এই গ্ৰন্থমেলালৈ আগমণ ঘটে হাজাৰ হাজাৰ গ্ৰন্থপ্ৰেমীৰ।

যিসময়ত কিতাপৰ প্ৰতি মানুহৰ আগ্ৰহ হ্ৰাস পাইছে বুলি এক ধাৰণা গঢ়লৈ উঠিছে সেই সময়তো এই গ্ৰন্থমেলাত ১২ টা দিনত কোটিৰ ঘৰত কিতাপ বিক্ৰী হোৱা বিষয়টোৱে এই ধাৰণা যে সম্পূৰ্ণ শুদ্ধ নহয় তাক প্ৰমাণ কৰিছে যেন অনুভৱ হয়। একেদৰে অসমীয়া ভাষাৰ প্ৰতি সংকট নামি অহাৰ যি কথা কোৱা হৈছে, সেই সংকটকো অসমীয়াই হেলাৰঙে অতিক্ৰম কৰি আগুৱাই যাব পাৰিব বুলিও এক যোগাত্মক বাৰ্তা দি আহিছে এই গ্ৰন্থমেলাই।

কিয়নো গ্ৰন্থমেলাক লক্ষ্য কৰিয়েই শতাধিক গ্ৰন্থ প্ৰকাশ পাইছে। অসমীয়া ভাষাৰ সংকটৰ মাজতো, অসমীয়া পাঠকৰ আগ্ৰহীনতাৰ অভিযোগ থকাৰ পাছতো প্ৰকাশকে কিতাপ প্ৰকাশ কৰিয়েই আছে, লেখকে লিখিয়েই আছে। অৱশ্যে তাৰ মাজতো সাহিত্যৰ নামত কোনোবাই যি মন গৈছে তাকে লিখি গল্প, উপন্যাস হিচাপে ছপা কৰি পাঠকৰ মাজলৈ এৰি দিয়াৰো অভিযোগ নুঠা নহয়। তেনে লেখকক পাঠকে চিনি থৈছে।

কিন্তু তাৰ মাজতো চিন্তা হয়, সময়ৰ সৈতে হেৰাই যাব নেকি মানুহৰ কিতাপ পঢ়াৰ অভ্যাস ! এতিয়া ডিজিটেল যুগ। বহুতেই ক'ব বিচাৰে সময়ৰ লগে লগে কিতাপৰ প্ৰচলন আৰু অধিক হ্ৰাস হৈ প্ৰায় নোহোৱাৰ দৰেই হ'ব। তাৰ স্থানত ডিজিটেলিয়েই সকলো উপলব্ধ হ'ব।

এই সন্দেহকো অৱশ্যে এৰাই চলিব নোৱাৰি। যিদৰে পঢ়ুৱৈৰ মাজৰ পৰা এখন এখনকৈ আলোচনী, কাকত প্ৰায় নোহোৱা হৈছে ঠিক সেইদৰে ডিজিটেল মাধ্যমত তেনে আলোচনীৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

পুৱা যিখন কাকত নহ'লে মুখলৈ চাহৰ কাপটো আগবাঢ়ি যোৱা নাছিল এতিয়া সেই কাকতখনো বিচনাতে শুই শুই মোবাইলতে ডিজিটেলি চাব পৰা এক ব্যৱস্থা হৈ উঠিল। ঠিক সেইদৰে বহু মূল্যৱান গ্ৰন্থও এতিয়া ডিজিটেল মাধ্যমত উপলব্ধ। বিচাৰিলেই পোৱা ডিজিটেল লাইব্ৰেৰীত উপলব্ধ বহু মূল্যবান গ্ৰন্থ।

এতিয়া গ্ৰন্থৰ চাহিদা নাই বুলিয়েই লেখকে কিতাপ লিখি উপাৰ্জন কৰিব নোৱাৰে। এই একেই অৱস্থা আজিৰ পৰা কিছু বছৰৰ আগতে হৈছিল শিল্পীসকলৰ সৈতে। চিডিৰ আগমণৰ পাছত ব্যাপক হাৰত পাইৰাছি আৰম্ভ হোৱাত সম্পূৰ্ণ উদ্যোগটোৱেই ধ্বংস হৈ পৰিছিল।

কিন্তু সামাজিক মাধ্যমৰ বহুল প্ৰচাৰৰ লগে লগে সেই উদ্যোগৰ সৈতে জড়িত বহু লোকে আজিৰ তাৰিখত ভাল উপাৰ্জন কৰে। কোনোবা গায়কে এটা গান ইউটিউবত আপলোড কৰি লাখে লাখে টকা উপাৰ্জন কৰিছে।

কোনোবা নৃত্য শিল্পীয়ে ২ মিনিটৰ নৃত্যৰ ভিডিঅ' আপোলড কৰিও সেইদৰে উপাৰ্জন কৰি আছে। এইদৰেই এসময়ত যে গুণগত লেখাৰ বাবেও লেখকে ভালদৰেই উপাৰ্জন কৰিব পাৰিব সেয়া নিশ্চিত।

ডিজিটেল মাধ্যম শক্তিশালী হোৱাৰ ফলত সকলো দিশৰ পৰা এখন বৃহৎ বজাৰ গঢ়লৈ উঠিছে। প্ৰতিটো ৱেবচাইট খুলিলেই বিভিন্ন প্ৰতিষ্ঠানৰ বিজ্ঞাপন দেখা যায়। এই বিজ্ঞাপনবোৰৰ বিনিময়তে ধন উপাৰ্জন হয়।

বহুজাতিক প্ৰতিষ্ঠানসমূহে এতিয়া বিজ্ঞাপনৰ বাবে ডিজিটেল মাধ্যমত অধিক বিনিয়োগ কৰে। কাৰণ কম খৰচত অধিক মানুহৰ কাষ চাপেগৈ তেওঁলোকৰ প্ৰতিষ্ঠানৰ বিজ্ঞাপন। সেয়ে বহুতেই ডিজিটেল মাধ্যমক ইতিমধ্যে আকোঁৱালি লৈছে। এয়া মাত্ৰ এটা উদাহৰণহে।

অৱশ্যে হাতত এখন কিতাপ লৈ এটা গল্প বা এখন উপন্যাস পঢ়াৰ যি মাদকতা সেই মাদকতা হাতত এটা মোবাইল অথবা লেপটপ, কম্পিউটাৰৰ সন্মুখত বঢ়ি পঢ়াত নাই। হাতত কিতাপ লৈ পঢ়াৰ আমেজেই সুকিয়া। ডিজিটেল মাধ্যমে সেই মাদকতা, আমেজ এগৰাকী পঠাকক দিব নোৱাৰে।

অৱশ্যে পাঠকৰ ওপৰতেই নিৰ্ভৰ কৰিব কিতাপৰ ভৱিষ্যত। যদি পাঠকে কিতাপ হাতত লৈ পঢ়াটোকে প্ৰাধান্য দিয়ে তেন্তে ডিজিটেল মাধ্যমৰ সমান্তৰালকৈ কিতাপ প্ৰকাশ হৈ থাকিব। যদিহে পাঠকে কিতাপ ক্ৰয় কৰিবলৈ এৰে, তেন্ত বিকল্প হিচাপে ডিজিটেল মাধ্যমেই অধিক শক্তিশালী হৈ পৰিব। প্ৰকাশকে কিতাপ প্ৰকাশ কৰিবলৈ এশবাৰ চিন্তা কৰিব লাগিব।

এইবাৰ অসম গ্ৰন্থমেলাৰ বাবে পাঠকৰ মনৰ চাহিদা পূৰাবলৈ দেশ-বিদেশৰ শতাধিক প্রকাশন গোষ্ঠীৰ বিপণী সাজু হৈছে। আহিছে দিল্লী, কলকাতা, ঝাৰখণ্ড আৰু ঢাকাৰ প্ৰকাশন গোষ্ঠী। ইতিমধ্যে অসম প্ৰকাশন পৰিষদে হাফলং, তিনিচুকীয়া, শিৱসাগৰ, নলবাৰী আৰু শিলচৰত অসম গ্রন্থমেলা অনুষ্ঠিত কৰি সফলতা লাভ কৰিছে বুলি পৰিষদৰ সচিবগৰাকীয়ে জনাইছে।

চানমাৰীৰ অসম গ্ৰন্থমেলা এইবাৰ উদ্বোধন কৰিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উপস্থিত থাকিব বিশিষ্ট লেখক, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জে. সাই দীপক, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্ত, সাহিত্য একাডেমীৰ সচিব ড° কে শ্রীনিবাস বাও, জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা।

এই উদ্বোধনী অনুষ্ঠানতে প্ৰদান কৰা হ'ব অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা। এইবাৰ এই বঁটা লাভ কৰিছে বিশিষ্ট সাহিত্যিক ড০ ধ্ৰুৱজ্যোতি বৰাই। তেওঁৰ 'ইনাৰ লেণ্ডস্কেইপছ' গ্ৰন্থখনৰ বাবে এই বঁটা লাভ কৰিছে। আনহাতে এই গ্ৰন্থখনৰ প্ৰকাশক অসম পাব্লিছিং কোম্পানীলৈ আগবঢ়োৱা হৈছে অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা।

ইয়াৰোপৰি প্ৰতিটো দিনতে আছে সাহিত্যৰে জড়িত বিভিন্ন অনুষ্ঠান। প্ৰতিটো অনুষ্ঠানতে মনোজ্ঞ আলোচনা অনুষ্ঠিত হ'ব। য'ত বহু প্ৰবীন, নবীন লেখক, সাহিত্যৰ শিক্ষাৰ্থী আৰু অনুৰাগীৰ সমাহাৰ ঘটিব।

লেখকৰ বাবে আশীৰ্বাদ নে অভিশাপ ডিজিটেল মাধ্যম ?
আৰু কিমান অসমীয়াই প্ৰাণ হেৰুৱাব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in