দুটা নিঠৰুৱা বৰটোকোলা পোৱালিৰ কাহিনী

দুটা নিঠৰুৱা বৰটোকোলা পোৱালিৰ কাহিনী

মৰিগাঁও জিলাৰ দমাল নামৰ গাঁৱখনত আজিৰ পৰা প্ৰায় চাৰিমাহৰ পূৰ্বে এজন লোকে ঘৰৰ চৌহদত থকা এজোপা গছ কাটিছিল। গছজোপাত আছিল বৰটোকোলা চৰাইৰ বাহ।

ডাঙৰ বৰটোকোলা কেইটা উৰি গ’ল যদিও সেই গছজোপাত থকা দুটা পোৱালি বৰটোকোলা আহত হৈছিল। সেই গাঁৱৰে এজন যুৱকে আহত পোৱালি বৰটোকোলা দুটাৰ খবৰ প্ৰকৃতি মঞ্চ,অসম নামৰ বেচৰকাৰী সংস্থাটোৰ বিষয়ববীয়াক দিছিল।

সেই খবৰ পাইয়েই প্ৰকৃতি মঞ্চৰ সম্পাদক ধীৰাজ পাটৰ আৰু সভাপতি হিতেশ শৰ্মাসহ কেইজনমান লোক গৈ বৰটোকোলাৰ পোৱালি দুটা উদ্ধাৰ কৰিছিল। ৪ডিচেম্বৰ ২০২৩ৰ কথা আছিল এয়া।

গুৰুতৰভাৱে আহত পোৱালি দুটাৰ দায়িত্ব লৈছিল ধীৰাজ পাটৰে। নিজে খাব নোৱাৰা আৰু আহত পোৱালি দুটাৰ যতন আৰু চিকিৎসাৰ ব্যৱস্থা কৰিছিল তেওঁ। ঘৰতে থকা ডাঙৰ কুকুৰাৰ গড়াল এটাত বৰটোকোলাৰ পোৱালি দুটাক ৰখাই নিজ হাতে সৰু সৰু মাছ খুওৱাব লগা হৈছিল পাটৰে।

প্ৰায় দুই-আঢ়ৈ সপ্তাহৰ ভিতৰত এই পোৱালি দুটা সুস্থ আৰু নিজেই খাব পৰা হৈছিল। পাটৰৰ ঘৰৰ কাষতেই এখন বিল থকাত সেই বিলত সিহঁতক চৰিবলৈ এৰি দিছিল যদিও দৈনিক পাটৰে দুয়োকে মাছৰ ব্যৱস্থা কৰি দিছিল।

ৰাতি ঘৰৰ মূধচত কটোৱা বৰটোকোলা দুটাই পুৱা মাছ খাবলৈ পাটৰৰ চোতাললৈ নামি আহিছিল। প্ৰথমে আধা কেজি মাছেৰে দুয়োৰে পেট ভৰিছিল যদিও শেষলৈ এদিনত এই বৰটোকোলা দুটাক ৩.৫কেজি মাছৰ প্ৰয়োজন হৈছিল।

বৰটোকোলা দুটা পাটৰৰ ঘৰৰ সদস্যৰ দৰে আৰু পোহনীয়া পখীসদৃশ হৈ পৰিছিল। পাটৰক দেখিলে সিহঁত দুয়োটাই আগবাঢ়ি আহি তেওঁৰ কাষ পাইছিল।

উৰিব পৰাকৈ সক্ষম আৰু প্ৰাপ্তবয়স্ক হোৱাৰ পাছত পাটৰ আৰু প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ উদ্যোগত এক সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি তেওঁলোকৰ উদ্যোগত ২৭মাৰ্চ ২০২৪ত বৰটোকোলা দুটাক কৰ্দৈ বিলত মুকলি আকাশলৈ এৰি দিয়া হয়। মৰিগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মাই নিজ হাতে এই বৰটোকোলা দুটাক এৰি দিলে মুকলি আকাশৰ বুকুলৈ।

দুয়োটা বৰটোকোলাই প্ৰকৃতিৰ বুকুলৈ উৰা মাৰিলে। সেই সময়ত সেমেকি উঠিছিল ধীৰাজ পাটৰৰ দুচকু। তেওঁৰ এই অনুভৱ ব্যক্ত কৰি ক’লে- ইমান দিন লগত থকাৰ পাছত সিহঁতক আঁতৰাই পঠাবলৈ মনত দুখ লগাটোৱেই স্বাভাৱিক। কিন্তু প্ৰকৃতিৰ বুকুত জলাশয়ৰ জীৱনত অভ্যস্ত বৰটোকোলা দুটাক সুস্থ কৰি উভতাই পঠাবলৈ পাই মই অত্যন্ত সুখী।

অসমৰ গাঁৱে-ভূঁঞে বৰটোকোলা দেখিবলৈ পোৱা গৈছিল যদিও এতিয়া আগৰ দৰে এই পখী বিধ দেখিবলৈ পোৱা নাযায়। জলশয়বোৰ নষ্ট হোৱাৰ লগতে চৰাইবিধৰ আশ্ৰয় স্থলো কমি আহিছে।

সেয়েহে আশ্ৰয়স্থল আৰু খাদ্য সংকটৰ সমস্যাৰে ভাৰাক্ৰান্ত এই পখীবিধ। তেনে সময়ত এনে উদ্যোগ নিদৰ্শনীয় আৰু প্ৰশংসনীয়। সেই উদ্যোগক উৎসাহিত কৰিলে মৰিগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।

লক্ষ্যণীয় যে, প্ৰকৃতিপ্ৰেমী মঞ্চ,অসম নামৰ বেচৰকাৰী সংস্থাটোৱে প্ৰকৃতিৰ সৈতে জড়িত বিভিন্ন কাম-কাজ কৰে। ২০০২ চনতে গঠন কৰা এই সংগঠনটোৱে গছপুলি ৰোপণ, জীৱ-জন্তু সংৰক্ষণ আদি কাম নীৰৱে কৰি আহিছে।

৫০জন সদস্যৰে গঠিত এই সংগঠনটোৰ সদস্যসকলে যেনেকৈ সময় মিলে, তেনেকৈয়ে প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰিবলৈ সময় দিয়ে। কিয়নো তেওঁলোকৰ সদস্যসকলৰ কোনোবা এজন যদি হাজিৰা কৰে, কোনোবা এজনে খেতি বা মিস্ত্ৰী কাম কৰে।

ধীৰাজ পাটৰৰো জীৱিকাৰ মূল উৎস খেতি। তাৰ মাজতে এনেদৰে তেওঁলোকে প্ৰকৃতিৰ সংৰক্ষণৰ বাবে একোজন ৰণুৱা হৈ আগবাঢ়ি আহিছে।

দুটা নিঠৰুৱা বৰটোকোলা পোৱালিৰ কাহিনী
ধন আৰু মন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in