পণ্ডিত !

পণ্ডিত !

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা বিভা ভৰালী বাইদেউ বৰ সাদৰী মানুহ। সহজ-সৰল বাইদেউৰ সৰলতাই যিকোনো লোককে প্ৰথম সাক্ষাততে আকৰ্ষিত কৰে।

প্ৰচুৰ অধ্যয়নশীল বাইদেউৱে সেইদিনা বৰ গুৰুত্বপূৰ্ণ কথা এটা ক’লে। বাইদেউৰ মতে 'পণ্ডিত' নামৰ অভিধা হেৰাই যোৱাৰ পথত। আগতে 'পণ্ডিত'সকলে সকলো কথা হাতে-কামে জানিছিল। এতিয়া যিকোনো এটা বিষয়ত বিশেষজ্ঞ হোৱা লোকহে পোৱা যায়। প্ৰসংগক্ৰমে তেওঁ কৃষ্ণকান্ত সন্দিকৈৰ কথা কৈছিল। বিশ্বৰ প্ৰায়বোৰ প্ৰধান ভাষা জানিছিল সন্দিকৈয়ে। এনেদৰে ড০ মহেশ্বৰ নেওঁগৰ প্ৰসংগতো বহু কথা আলচ হৈছিল।

এতিয়া নতুনকৈ এচাম পণ্ডিতৰ জন্ম হৈছে। সেইসকলৰ একাংশৰ দুৰাত্মাই ইতিহাস সলনি কৰি পেলাইছে। অতি শেহতীয়াকৈ এই শ্ৰেণীৰ লোকৰ গভীৰতা দেখি হাত-ভৰি লুকুওৱা অৱস্থা হৈছে। ইতিহাস-বুৰঞ্জীৰ নুন্যতম জ্ঞান নথকা এই সকলেই চেলিব্ৰেটী ৰূপত যি ইচ্ছা তাকে কৈ এটা জাতিৰ বুৰঞ্জীকে নতুনকৈ লিখাৰ অপপ্ৰয়াস কৰিছে।

তেওঁলোকৰ নিজা কাম-কাজ আৰু পৰিৱৰ্তনশীল সময়ৰ সৈতে আগবাঢ়িব খোজা প্ৰচেষ্টাৰ প্ৰতি আমাৰ শুভ ইচ্ছা আছে। তেওঁলোকৰ লাখ লাখ অনুৰাগী থকা বাবে মানুহেও যিকোনো কামত এই সকলক বিচাৰে। তাৰমানে জানো এইটো যে নুন্যতম ৰুচিবোধো ত্যাগ কৰি তেওঁলোকে উভতগোৰে নাছিলে কোনোবাই মাত নামাতিব ?

বহু অধ্যাৱসায় লাগে জীৱনত প্ৰতিষ্ঠা লাভৰ বাবে। গভীৰ অধ্যায়ন আৰু সঞ্চিত অভিজ্ঞতাৰ আধাৰত নিৰৱে নিজ কৰ্মক্ষেত্ৰত কাম কৰি যোৱা সকলৰ তুলনা কেমেৰাৰ সন্মুখত ল’ৰা ধেমালি কৰা সকলৰ সৈতে জানো হয় ?

এইবোৰ সাময়িক আৰু ক্ষন্তেকীয়া স্ফূৰ্তিৰ তথা টাইম পাছ কৰা বিনোদনৰ উৎস হ'ব পাৰে। ইয়াৰ জৰিয়তে কোনো সমৃদ্ধিৰ আশা কৰাতো ভুল। অথচ এই মাধ্যমক সাম্প্ৰতিক সময়ত উপযুক্তভাৱে ব্যৱহাৰ কৰিলে সেয়া তথ্য আৰু জ্ঞানৰ এক ভাণ্ডাৰ হৈ পৰা পূৰ্ণ সম্ভাৱণা আছে।

এতিয়া ইউটিউবাৰৰ যুগ। ব্লগ-ভিজিঅ' নিৰ্মাণৰে যি কোনো এক বিষয়ক বিশ্বমুখী আৰু জনমুখী কৰিবলৈ সহজ সুবিধা তথ্য-প্ৰযুক্তিয়ে দিছে। সেই ইতিবাচক দৃষ্টি আমাৰ সকলৰ আছেনে? বেছি ভাগেই খোৱা-বোৱা বা আন দৈনন্দিন ইটো-সিটোক লৈ ব্যস্ত।

গদাধৰ সিংহই কেইগৰাকী বিয়া পাতিল? সেই হিচাব ভুলকৈ দি ক্ষমা খোজা সকলক ক্ষমা কৰি দিও কব লাগিব- কিবা এটা বিষয়ত কিবা এটা কথা কব লাগে বুলিয়েই কৈ দিলে ৰাইজেও সুদাই নেৰে। অন্তত সত্যতা জানি লৈ স্পৰ্শকাতৰ কথাবোৰ সঠিকভাৱে উপস্থাপন কৰক। কাৰোবাৰ পৰা লাভ কৰা দুটামান ধনৰ বিনিময়ত নজনা কথা বিজ্ঞৰ দৰে উপস্থাপন কৰাৰ প্ৰৱণতাৰ পৰা মুক্ত হওক।

নহ'লে যি ৰাইজে মৰম দিছে, সেই ৰাইজেই গৰম হৈ যাব। জনপ্ৰিয়তাৰ ফুলি থকা বেলুনটো ফুটিবলৈ বৰ বেছি সময় নালাগিব। মানুহক আকৃষ্ট কৰিবলৈ, ভিডিঅ'ৰ ভিউজ বঢ়াবলৈ গ্ৰহণ কৰা পন্থাবোৰ অলপ সমাজমুখী হোৱাতো ভাল।

তেওঁলোকৰ স্বাধীনতা আছে। সেই স্বাধীনতাৰ এডাল লক্ষ্মণ ৰেখা নিজেই নিজৰ বাবে টানি লোৱা উচিত। সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰাৰ নামত যি তি কৰি সদায়ে তিষ্টি থাকিব পাৰিব জানো?

এচামে আহোম জাতিৰ পৰম্পৰাক লৈ তুচ্ছ-তাচিল্য কৰা ভিডিঅ' ক্লিপ এটাও চৰ্চাত আছিল। অসমত থাকি অসমৰ বতাহ-পানী থাই, নিজেই অসমীয়া হৈও যি ধৰণে দুগৰাকীয়ে নিজক প্ৰক্ষেপ কৰিছিল তাত তেওঁলোকৰ আধুনিকতা প্ৰকাশ নাপালে। মুৰ্খই হয়তো এনেকুৱাই কৰে। নিজেই বহুত জনা বুলি প্ৰতিষ্ঠা কৰিবলৈ যাঁওতে অজ্ঞাতে তেওঁলোকৰ মুৰ্খামিৰ বহিঃপ্ৰকাশ ঘটে।

কথাবোৰ বুজিলে ভাল। অতি বেছিতো কাল। যি সকলে আন্তৰিকতাৰে এই কাম দায়বদ্ধতাৰে কৰিছে তেওঁলোকৰ বিপৰীতে ৰাক্ষসৰ দৰে ভাত-শাক খাই, কাৰোবাক গালি-গালাজ দি , বিতৰ্কিত কথা কৈ ভিউজ বঢ়াব খোজা সকলক সময়ত নিজেই ফিউজ হৈ যাব।

পণ্ডিত !
৬৫ বছৰ ধৰি প্ৰতিদিনেই ডায়েৰী লিখা মানুহজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in