এজন ছাত্ৰ হিচাপে ৰাজকমল শৰ্মা বেয়া নাছিল। আন নহ’লেও পৰীক্ষাত কেনেদৰে নম্বৰ লাভ কৰিব পাৰি তাৰ কিটিপ ভালদৰে জানিছিল। সি কেনেকৈ পঢ়ে আৰু পৰীক্ষাত কিমান নম্বৰ পায় লগৰবোৰৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও চকু ৰাখিছিল।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজকমলে যথেষ্ট ভাল ফলাফল কৰিলে। ঘৰৰ মানুহৰো আশা বাঢ়ি গ’ল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজকমলে আৰু ভাল ফলাফল লাভ কৰিব পাৰিব সেই বিশ্বাস অভিভাৱকৰ মনত জন্মিল। মাক-দেউতাকে মনৰ ভিতৰতে পুত্ৰৰ পৰা এনে এটা ফলাফল আশা কৰি থলে।
ৰাজকমলৰো আত্মবিশ্বাস যথেষ্ট বাঢ়িল। মনে মনে ভাৱি থলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰি সকলোকে আচৰিত কৰি পেলাব। তেনে ইংগিত সি প্ৰথম বৰ্ষৰ পৰাই লগৰবোৰক,ঘৰৰ মানুহক দিলে।
প্ৰথম বছৰটোত ৰাজকমলে পঢ়া-শুনাতকৈ আন বাহিৰা কথা-বতৰাতহে বেছি সময় দিলে। সি ইমান ধুনীয়াকৈ কথাবোৰ ক’ব জানে যে, তাৰ কথা শুনিলে সকলো সন্মোহিত হৈ পৰে। কাক,কেতিয়া,কেনেকৈ ইম্প্ৰেছ বা সন্তুষ্ট কৰিব লাগে সেই গুণ ৰাজকমলে ইতিমধ্যে আয়ত্ত কৰি লৈছিল।
প্ৰথম বছৰ পৰীক্ষা হ’ল। পৰীক্ষাৰ অন্তত মাকে তাক সুধিলে-‘কেনে হ’ল ?’ ৰাজকমলে মাকক জনালে- '৯৮ শতাংশৰ ওপৰত নম্বৰ থাকিব।' তাৰ উত্তৰত মাক-দেউতাক দুয়ো বৰ সুখী হ’ল। সি কৈছে যেতিয়া পাবই বুলি দেউতাকে মাকৰ সন্মুখত তাক সমৰ্থন কৰিলে।
প্ৰথম বৰ্ষৰ পৰীক্ষাৰ ফলাফল ওলাল। নম্বৰ তালিকাও পালে ৰাজকমলে। ৯৮ শতাংশ ওপৰৰ নম্বৰ পাম বুলি কোৱা ল’ৰাটোৱে কোনোমতেহে ৬৮ শতাংশ নম্বৰ লাভ কৰিলে। তথাপিও দেউতাকে বিশ্বাস নেৰিলে। ক’ত কি হ’ল সেই চিন্তা বাদ দি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে তাক ভালদৰে পঢ়িবলৈ উৎসাহ যোগালে।
সময় পাৰ হ’ল। গছৰ আগৰ পৰা কিন্তু নানামিল ৰাজকমল। চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিলে সি। অসমৰ ভিতৰত ফাৰ্ষ্ট ষ্টেণ্ড কৰিম বুলি ভাৱি থকা ল’ৰাটোৱে দ্বিতীয় বিভাগহে পালে।
মাক-দেউতাক হতাশ হ’ল। তাকলৈ চিন্তাত পৰিল। দুবছৰতে মেট্ৰিকত দেখুওৱা ফলাফলৰ বিশ্বাস আৰু আশা মৰহি গ’ল।
বিজ্ঞান শাখাৰ পৰা আঁতৰাই আনি কলা শাখাত ৰাজকমলক স্নাতক শ্ৰেণীত নাম লগাই দিলে। অত্যাধিক আত্মবিশ্বাস,অলীক সপোন আৰু মানুহৰ প্ৰয়োজনাধিক আশাই কেনেদৰে এজন সম্ভাৱনাপূৰ্ণ মেধাৱী ছাত্ৰক অধোগতি দিয়ে তাৰ উদাহৰণ হৈ ৰৈ গ’ল ৰাজকমল শৰ্মা।
ৰাজনীতিতো এনে হয়। অত্যাধিক বিশ্বাস,আত্মপ্ৰত্যয় আৰু প্ৰচাৰে নেতাৰ কেৰিয়াৰতো প্ৰভাৱ পেলায়। নিজকে শ্ৰেষ্ঠৰূপে প্ৰতিষ্ঠা কৰিবলৈ যাওতে উজুতি খোৱাৰ ভয় পদে-পদে থাকে।
ক্ষমতাত থকা নেতাসকলক লৈ বিভিন্ন সংবাদ প্ৰতিষ্ঠান আৰু সংস্থাসমূহে সমীক্ষা চলায়। নেতাসকলৰ বাবে সেয়া পৰীক্ষা সদৃশ। ছাত্ৰ জীৱনৰ পৰীক্ষাৰ দৰে নেতাসকলৰ এই পৰীক্ষাত তেওঁলোকৰ কাম-কাজৰ মূল্যায়ন কৰে সাধাৰণ জনতাই।
দেশৰ এখন প্ৰতিষ্ঠিত আলোচনী ইণ্ডিয়া টুডে। তেওঁলোকে ২০২৩ বৰ্ষৰ জানুৱাৰী আৰু আগষ্টত প্ৰকাশ কৰিছিল ‘মুড অৱ দ্যা নেশ্যন’ শীৰ্ষক সমীক্ষাৰ ফলাফল। অলপতে আলোচনীখনে প্ৰকাশ কৰা শেহতীয়া সমীক্ষাত বৰ ভাল ফলাফল লাভ নকৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এই সমীক্ষাত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ কাম-কাজক সাধাৰণ লোকে কি ধৰণে লৈছে আৰু মুখ্যমন্ত্ৰী বা তেওঁ নেতৃত্বাধীন চৰকাৰৰ কাম-কাজকলৈ জনতা সন্তুষ্ট নে সেই প্ৰশ্নৰ উত্তৰ বিচাৰে। ইয়াৰ উত্তৰ দিয়ে ৰাজ্যসমূহৰ সংশ্লিষ্ট ৰাইজে।
ইণ্ডিয়া টুডেৰ ‘মুড অৱ দা নেশ্যন’ৰ জানুৱাৰী সমীক্ষাত অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ কাম-কাজত ৰাজ্যখনৰ ৬৮ শতাংশ লোকে সন্তুষ্ট বুলি মত ব্যক্ত কৰিছিল। কিন্তু ৮মাহৰ পাছত একেখন আলোচনীয়ে চলোৱা একেই শীৰ্ষক সমীক্ষাত ড০ শৰ্মাৰ কাম-কাজত সন্তুষ্ট হোৱা লোকৰ সংখ্যা ৪৯ শতাংশলৈ কমিল।
সাধাৰণ লোকৰ মাজত জনপ্ৰিয়তা আৰু সন্তুষ্টিত যোৱা ৮মাহত ১৯ শতাংশ কমাটো লক্ষ্যণীয়। ইণ্ডিয়া টুডেৰ এই সমীক্ষাতে এদিন বিজেপি শাসিত ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ আৰু অতি জনপ্ৰিয় স্থানত আছিল মুখ্যমন্ত্ৰী ড০ শৰ্মা। সেই স্থান এতিয়া দখল কৰিলে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেলে।
কথাবোৰ মন কৰিব লগা। দলীয় অসন্তুষ্টি,মূল্যবৃদ্ধি,চাকৰিৰ দালাল আদি মৌলিক সমস্যাবোৰ এতিয়াও সমাধান হোৱা নাই। সেই সময়বোৰ সাধাৰণ লোকৰ কাষ পাইছেগৈ। অৱশ্যে শ্ৰেষ্ঠতৰ সফলতাৰ গ্ৰাফডাল নিম্নমুখী সঁচাকৈ হৈছে নে সেয়া প্ৰতিজন লোকে নিজে অনুভৱ কৰিব।
ৰাজকমল শৰ্মা নামৰ অত্যাধিক আত্মবিশ্বাসী আৰু আত্মকেন্দ্ৰিক হৈ পৰা মেধাৱী ছাত্ৰজনৰ দশা মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত নোহোৱাটোৱেই তেওঁৰ ওপৰত বিশ্বাস থকাসকলে বিচাৰিলে।
এতিয়া এনেবোৰ গুণগুণনি উঠছে- ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পাচত কিবা পৰিৱৰ্তনৰ ফলাফল ওলাব। সেইবোৰ কথাই ৰাইজৰ মনত ক্ৰীয়া কৰিবলৈ আৰম্ভ কৰিছে। সঁচা কথাটো হ’ল-ইণ্ডিয়া টুডেয়ে পতা সন্তুষ্টি পৰীক্ষাত জানুৱাৰীত প্ৰথম বিভাগ পোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগষ্টত দ্বিতীয় বিভাগহে পালে !