ৰাইজৰ দুখ বুকুতঃ কুকুৰ পাছত বিৰোধী...

১০ মাৰ্চ ২০২৩ ৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। বহু কেইটা গুৰুত্ব পূৰ্ণ বিষয় উত্থাপন কৰিবলৈ অৱকাশ নহ'ল বিৰোধী বিধায়কৰ। কুকুৰৰ প্ৰসংগতে সদন স্থগিত হ'ল।
ৰাজ্যৰ দুখ বুকুতঃ কুকুৰ পাছত বিৰোধী...
ৰাজ্যৰ দুখ বুকুতঃ কুকুৰ পাছত বিৰোধী...

মৃদুল কুমাৰ সন্দিকৈ

এদিন তেওঁলোক অসমলৈ আলহী হৈ আহিছিল। অসম চৰকাৰ আৰু অসমীয়া আতিথ্য লৈ ৰেডিছন ব্লুত বাহৰ পাতিছিল। ৰাজনৈতিক সমীকৰণ মিলাত তেওঁলোক মহাৰাষ্ট্ৰলৈ ঘূৰি গৈছিল। একনাথ সিন্দে শিবিৰৰ এজন বিশস্ত বিধায়ক আছিল তেওঁ। নাম বাচু কাডু।

মহাৰাষ্ট্ৰত বাটে-পথে ঘূৰি ফুৰা কুকুৰৰ সন্ত্ৰাস চলিছে। কুকুৰৰ সংখ্যা ইমানেই বাঢ়িছে যে সেই কথা বিধানসভাত চৰ্চা চলিছিল। কেনেকৈ এই সমস্যাৰ পৰা সমাধান পাব পাৰি তাৰ উত্তৰ দিবলৈ গৈ এইগৰাকী মহাৰাষ্ট্ৰৰ বিধায়কে এক পৰামৰ্শ আগবঢ়ালে।

বিধানসভাত তেওঁ ক'লে, মহাৰাষ্ট্ৰৰ পথৰ কুকুৰবোৰ অসম আৰু উত্তৰ-পূৱৰ ৰাজ্য সমূহলৈ পঠাই দিব লাগে। তেওঁ যুক্তি দিলে অসমৰ মানুহে হেনো কুকুৰৰ মাংস খায়। অসম-অসমীয়াৰ আতিথ্য লাভ কৰি মহাৰাষ্ট্ৰলৈ ঘূৰি যোৱাৰ পাছত তেওঁ অসমৰ সন্দৰ্ভত ইয়াকেই বুজিলে, এয়াই জানিলে।

এয়া অসম আৰু অসমীয়াৰ প্ৰতি চৰম অপমান। অসমীয়া মানুহৰ প্ৰতি বাহিৰৰ মানুহৰ ধাৰণাৰ এক নমুনা। অসমীয়া মানুহ খাদ্যৰসিক। অসমীয়া মানুহে কুকুৰটো নাখাইয়েই, যিবোৰ খাদ্য খাই সেইবোৰৰ বিজ্ঞান সন্মত এক ভিত্তি থাকে।

এনে খাদ্যভাস বহু লোকৰে নাই। অসমীয়াক এইদৰে অপমান কৰাৰ বাবে এই বিধায়ক গৰাকী আইনগত ভাৱে দোষী। তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ পদক্ষেপ লোৱাতো প্ৰয়োজন। তেওঁটো কোনো কংগ্ৰেছ, চিপিআই বা আন বিৰোধী দলৰ বিধায়ক নহয় যে বিমানৰ পৰা নমাই অসম আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ যাব।

বিজেপিৰ এই বিধায়ক গৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিৰোধী দল সমূহে মাত মাতিব লাগিব। অসম, অসমীয়াক অপমান কৰা কাডু নামৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰ দায়িত্ব আছিল কংগ্ৰেছ, এ আই ইউ ডি এফ বা আন বিৰোধী শক্তিৰ।

১০ মাৰ্চ ২০২৩ ৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। অসমৰ নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ ভাষণেৰে বাজেট অধিৱেশন আৰম্ভ হৈছিল। পূৰ্বৰ দৰেই বিৰোধীয়ে ৰাজ্যপাল গৰাকীৰ ভাষণত বাধা দি প্ৰতিবাদ সাৱ্যস্ত কৰিলে।

এটা সময়ত কেইটামান পৃষ্ঠা পঢ়িয়েই ৰাজ্যপাল গৰাকীয়ে ভাষণ অন্ত পেলালে। মাত্ৰ ১৫ মিনিটতে ৰাজ্যপালৰ ভাষণ শেষ। বিৰোধী বিধায়কে কুকুৰৰ প্ৰসংগ উত্থাপন কৰি বিধানসভা ত্যাগ কৰিলে।

প্ৰথমে বিষয়টো কংগ্ৰেছ বিধায়ত কমালক্ষ দে পুৰস্কায় বিধানসভাৰ মজিয়াত উত্থাপন কৰি কাডুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে। তেওঁ আঙুলিয়াই দিলে যদি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য় কৰাৰ বাবে নতুন দিল্লীৰ বিমান বন্দৰত বিমানত বহি থকা কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ কৰিব পাৰে, কিয় মহাৰাষ্ট্ৰৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা নল'লে।

এ আই ইউ ডি এফৰ বিধায়কে দাবী কৰিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিষয়টো নিজাকৈ গ্ৰহণ কৰি অসম বিধানসভাৰ মজিয়াত তেওঁক ক্ষমা খুজিবলৈ বাধ্য কৰিব লাগে।

কুকুৰক লৈ সদন গৰম। আন বিষয়বোৰকলৈ বিৰোধী নৰম। কুকুৰ খোৱা বুলি বিজেপি বিধায়ক জনে কৰা মন্তব্যক লৈ আৰু বহু গুৰুত্বপূৰ্ণ বিষয় বিৰোধীয়ে উত্থাপন কৰাৰ অৱকাশ আছিল।

গুৱাহাটী শিলসাঁকোত উচ্ছেদ চলোৱাৰ সময়ত সৃষ্টি হোৱা পৰিস্থিত হয়তো বিৰোধীয়ে পাহৰিলে। উচ্ছেদ চলি থকা সময়ত খবৰবোৰ দেখি ঘৰিয়ালৰ চকু পানী টুকা বিৰোধী দলবোৰে নতুন বিষয় পালে কুকুৰ।

শৰনীয়া-কছাৰী সকলে জনজাতীয় মৰ্যদা হেৰুৱাব। এক গুৰুত্বপূৰ্ণ ৰায়দান উচ্চ ন্যায়ালয়ে দিয়াৰ পাছতে শৰনীয়া কছাৰী সকলক চৰকাৰে যি অনুসূচিত জনজাতি মৰ্যদা প্ৰদান কৰিছিল সেয়া প্ৰত্যাহাৰ কৰা হয়।

২৮ ফেব্ৰুৱাৰী ২০২৩ ত অসম চৰকাৰক জনজাতি পৰিক্ৰমা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে শৰনীয়া কছাৰী সকলক জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ পূৰ্ব নিৰ্দেশ প্ৰত্যাহাৰ কৰে। এইবোৰ বিষয়ক লৈ বিৰোধী নিৰ্বাক।

চৰকাৰক প্ৰশ্ন কৰিবলৈ বিৰোধীয়ে যেন ভয় কৰে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দল সমূহে কোনো খা খবৰে নাৰাখে। তথ্য সহ সদনত কিমান মূল্যবৃদ্ধি হৈছে, কি সামগ্ৰীৰ দাম কিমান বাঢ়িছে সেয়া তুলি ধৰাৰ সুযোগ আছিল।

এনকাউন্টাৰৰ নাম কি হৈছে। কোকৰাঝাৰত কি হৈ গ'ল। এইবোৰ বিষয় বিৰোধীয়ে সদনৰ মজিয়াত উত্থাপন কৰিব নোৱাৰিলেহেতেন নে । ৰাজ্যপালৰ ভাষণৰ প্ৰতিবাদ কৰক। কিন্তু কুকুৰ বিষয়ক লৈ নহয়। নিযুক্তিৰ নামত গণ্ডগোল লাগিছে। কৰৰ পাছত কৰ চৰকাৰে জাপি দিছে।

পৌৰ নিগমৰ কৰ এহাজাৰ গুণ বাঢ়িছে। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূ্ল্যবৃদ্ধি হৈছে। বাহিৰৰ পৰা গামোচা অহাতো বন্ধ কৰিম বুলি ঘোষণা কৰিছে যদিও থলুৱা ভাৱে উৎপাদিত সামগ্ৰীয়ে সেই বজাৰৰ অভাৱ পূৰণ কৰাৰ ব্যৱস্থা কিবা লৈছেনে।

গামোচাৰ দাম হুৰ হুৰাই বাঢ়িছে। প্ৰাপ্য অধিকাৰৰ দাবীত কৃষকে ৰাজপথ উত্তাল কৰিছে। সংখ্যালঘু লোকসকলে নিৰাপদ অনুভৱ নকৰা বুলি অভিযোগ উঠিছে। বিত্তীয় সংকটত পৰা দুই পাৰ্বত্য জিলাত ৩ মাহে কৰ্মচাৰীয়ে দৰমহা পোৱা নাই। এইবোৰ কি গুৰুত্বপূৰ্ণ বিষয় নাছিল।

বানপানী আহি আছে। ঋণৰ বোজা দিনক দিনে বাঢ়ি গৈ আছে। আনে নালাগে অনুষ্ঠিত হৈ থকা উচ্চতৰ মাধ্য়মিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰো প্ৰশ্ন কাকত ফাদিল হৈছে। লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলি বহু পৰীক্ষা কেন্দ্ৰত পৰীক্ষা বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে।

কুকুৰতকৈ এইবোৰ বিষয় আমাৰ বাবে গুৰুত্বপূৰ্ণ হয় নে নহয়। বিৰোধীৰো এতিয়া মতি গতি সলনি হৈছে। আগতে বিৰোধী বুলি ক'লে শাসক পক্ষই ভয় কৰে। এতিয়া বিৰোধীক শাসক পক্ষই ঠাট্টা ইতিকিঙেৰে উৰুৱাই দিয়ে।

মহাৰাষ্ট্ৰৰ বিধায়ক জনৰ বিৰুদ্ধে কোনোবা বিৰোধী দলৰ বিধায়ক বা নেতাই এটা গোচৰ তৰিছেনে। এইবোৰ কাম আইনক এৰি দি সদনত ৰাজ্যবাসীৰ প্ৰকৃত সমস্যা আৰু প্ৰসংগ বিৰোধীয়ে তুলি ধৰক।এদিন সদনত চৰ্চা চলিছিল কাউৰীৰ। এইবাৰ চলিল কুকুৰ।

ৰাজ্যৰ দুখ বুকুতঃ কুকুৰ পাছত বিৰোধী...
লাচিতৰ বন্দনাৰে বিশ্ব অভিলেখ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in