সত্ৰাধিকাৰে লিখা এখন ৰাজনৈতিক চিঠি...

সত্ৰাধিকাৰে লিখা এখন ৰাজনৈতিক চিঠি...

এখন চিঠি। নতুনকৈ এটা দলত যোগদান কৰা এজন নেতালৈ লিখা এই চিঠিখন মূলতঃ অভিনন্দন পত্ৰ। বিজেপিত যোগদান কৰা কংগ্ৰেছৰ নেতাজনলৈ এই পত্ৰৰ জৰিয়তে অভিনন্দনৰ লগতে আশীৰ্বাদ বৰ্ষণ কৰিছে এজন সত্ৰাধিকাৰে।

৩ মাৰ্চ, ২০২৪ ত শ্ৰী শ্ৰী কাথবাপু সত্ৰ, কৰঙা যোৰহাটৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী প্ৰভাত চন্দ্ৰ মহন্তই এই পত্ৰখন প্ৰেৰণ কৰিছিল ৰাণা গোস্বামীলৈ। সত্ৰাধিকাৰগৰাকীয়ে লিখা এই অভিনন্দ পত্ৰখনে চিন্তাৰ খোৰাক যোগাব পাৰে।

ব্যক্তিগত এই পত্ৰখনত ৰাজনৈতিক ধ্যান আৰু গতি-প্ৰকৃতি সন্দৰ্ভত এক আভাসো দি যায়। সচেতন লোকসকলে পত্ৰখন পঢ়িলেই বুজি পাব এই পত্ৰ কিমান উৎসাহেৰে লিখিছে।

সত্ৰৰ ভকত-বৈষ্ণৱ আৰু সত্ৰীয়া গুৰুসকলৰ হৈ সত্ৰাধিকাৰ মহন্তই লিখিছে- ''মৰমৰ ৰাণা, আন্তৰিক অভিনন্দন আৰু শুভাশীষ জনালো। ৩ মাৰ্চ, ২০২৪ তাৰিখে (এখন কাকতৰ নাম উল্লেখ) কাকতত বাতৰিটো পঢ়ি তোমালৈ ততাতৈয়াকৈ এই অভিনন্দন পত্ৰখনি লিখিলোঁ।

ৰাজনৈতিক ক্ষেত্ৰখনত তোমাৰ অপৰিসীম সাফল্য আৰু প্ৰতিভা দেখা শাসকগোষ্ঠীয়ে তোমাক অতি আদৰেৰে আদৰিলে। দলীয় আনুগত্যতাতকৈ জনগনৰ প্ৰতি থকা অনুগত্য অধিক শ্ৰেয়, তাক বিজ্ঞ লোকসকলে বুজি পায়। তাৰ এয়াই এক জ্বলন্ত নিদৰ্শন। তোমাক কেৱল আদৰাই নহয়, উপযুক্ত সন্মান দি অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদতো সপিলে। এয়া তোমাৰ পৰম প্ৰাপ্তি।

অদূৰ ভৱিষ্যত তোমাৰ উজ্বল। তোমাৰ এই অভাৱনীয় সাফল্যই ইয়াকে সূচাই যে তোমাৰ ৰাজনৈতিক চিন্তাধাৰা অতি উচ্চ। ইয়াক শত্ৰুয়েও প্ৰশংসা নকৰাকৈ নোৱাৰে। ৰাজনৈতিক ক্ষেত্ৰখনত জনতা আৰু ৰাণা গোস্বামী যেন একেটা মুদ্ৰাৰ দুটা পিঠিহে। তাক সহজে অনুমান কৰিব পাৰি।

তোমাৰ দৰে এজন বহল গণভিত্তি থকা সফল ৰাজনৈতিজ্ঞ লাভ কৰাতো শাসক পক্ষৰ বাবে পৰম প্ৰাপ্তি বুলি গন্য হ'ব। আমি অত্যন্ত সুখী হৈছোঁ। পৰম পুৰুষ ভগৱন্ত প্ৰভুৱে যেন তোমাক কৃপা কৰে আৰু অফুৰন্ত শক্তি দিয়ক যেন সততা, নিষ্ঠা আৰু দক্ষতাৰে তোমাৰ এই নতুন যাত্ৰা যুগমীয়া হওক।

নিষ্ঠা, সততা আৰু সাধনাত বৰ্তি লোক কোনো কালেই বিফল হ'ব নোৱাৰে। এই সত্যকেই হৃদয়ত স্থান দি আগবাঢ়ি যোৱা। ভগৱন্ত তোমাৰ সহায় হওক। এই কামনাৰে স্নেহাশীষ আৰু শুভকামনাৰে''।

এইখনেই সত্ৰাধিকাৰ প্ৰভাত চন্দ্ৰ মহন্তই লিখা পত্ৰ। চিঠিখনৰ পৰাই বুজা যায় ৰাণা গোস্বামী বিজেপিত যোগদান আৰু তেওঁক বিজেপিৰ উপ-সভাপতি নিযুক্তিৰ খবৰ পাই আহ্লাদিত হৈ পৰিছে। যেন সাত জাঁপ মাৰি তেওঁ নাচিবহে।

সত্ৰসমূহৰ বহু সত্ৰাধিকাৰে সত্ৰসমূহৰ স্বকীয়তাক ৰক্ষা কৰিব নোৱাৰা অভিযোগ আছে। আনকি হিন্দুত্ব আৰু বৈষ্ণৱবাদক একাকাৰ কৰি পেলাইছে। এনে সত্ৰাধিকাৰ নামধাৰী এচাম এতিয়া চৰকাৰী ঠিকাদাৰ হোৱাৰ দৰেই। ভক্তৰ কথা চিন্তা কৰাতকৈ তেওঁলোকৰ চিন্তা বাটে পথে চলি থকা নিজৰ ডাম্পাৰ কেইখনক লৈ।

সকলোবোৰ একে নহলেও সত্ৰীয়া এই পৰম্পৰাক ৰক্ষা কৰা এচামৰ এনে লালসা, ক্ষমতাবানজনৰ প্ৰতি প্ৰয়োজনতকৈ অধিক স্নেহ বা সমৰ্থন মন কৰিবলগীয়া হৈ পৰিছে। ৰাণা গোস্বামীয়ে এইগৰাকী সত্ৰাধিকাৰৰ পৰা এনে এখন প্ৰমাণ পত্ৰ বিচৰা নাছিল।

কিন্তু তেওঁ বাতৰি কাকতত খবৰ পঢ়িয়েই অভিনন্দন পত্ৰ ৰূপত এই প্ৰমাণ পত্ৰ স্বেচ্ছাই পঠাই দিলে। ইয়াৰ পৰা কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা নেতাজনৰো কিছু ওজন বঢ়োৱাৰ সুযোগ আহিল।

নাগপুৰত অন্তত এই প্ৰমাণ পত্ৰ দেখুৱাই তেওঁ ক'ব পাৰিব সত্ৰাধিকাৰ প্ৰভু আজি সুখী। ফূৰ্তিতে লিখি দিলে এই চিঠি। খ্ৰীষ্টান-হিন্দুৰ মিলনভূমি ঘৰখনৰ পৰাই এতিয়া তেওঁ দিব পাৰিব হিন্দুত্বৰ শ্লোগান ।

সত্ৰাধিকাৰে লিখা এখন ৰাজনৈতিক চিঠি...
এষাৰ মাত, এসাঁজ ভাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in