কাণখোৱা !

কাণখোৱা !
কাণখোৱা !

মৃদুল কুমাৰ সন্দিকৈ

''বগা বগা বগলী/ ফৰিং খাৱ বুটলি/ ধুনীয়া খোজ দিবলৈ/ ক'ত বাৰু শিকিলি?'' - শিশুৰ মনত সৃষ্টি হোৱা কৌতুহলৰ এক পদ্যৰ ৰূপ এয়া। ঠিক একেদৰে কাউৰীক কেন্দ্ৰ কৰি শিশুৰ কৌতুহলী মনত জাগ্ৰত হোৱা প্ৰশ্নবোৰৰ পদ্য ৰূপ হ'ব পাৰে এনেধৰণৰ- 'ক'লা ক'লা কাউৰী/ ক'ৰ পৰা আহিলি?/ বাঢ়ি থোৱা বগা ভাত/ কিয় বাৰু নাখালি?'

ফেঁচা, বাদুলি, চিলনী, কেতেকী, ভাটৌ, কুলি, বালিমাহী আৰু শালিকী চৰাইক লৈ লিখা আধাকুৰি সুৰীয়া পদ্য পঢ়ি ডাঙৰ সৰু সকলো পাঠকে এক মাদকতা লাভ কৰিব। এই পদ্যসমূহ ৰচনা কৰিছে অসমী গগৈ বৰুৱাই।

৩ জুন ২০২৩ সংখ্যাৰ এখন শিশু আলোচনীত প্ৰকাশ পোৱা এই গুণগত আৰু উচ্চ মানৰ পদ্যবোৰে আমাক শৈশৱলৈ ঘূৰাই লৈ যায়। 'কাণখোৱা' নামৰ অকণিহঁতৰ বাবে প্ৰকাশ কৰা অনলাইন আলোচনীখন যিয়েই এবাৰ দৰ্শন কৰিছে তেওঁ অনুভৱ কৰিব কিমান সৰ্বাংগ সুন্দৰৰূপত অতি দায়িত্বসহকাৰে আৰু দায়বদ্ধতাৰে শিশুৰ বাবে এই কাম কৰা হৈছে।

আলোচনীখনত আছে বিভিন্ন শিতান। যেনে- সাধু/গল্প, জানোঁ আহা, অকণিৰ ছবি, কুইজ, তোমালোকৰ বাবে শেহতীয়াকৈ কি লৈ আনিছো ছোৱা আদি। শেহতীয়াকৈ হাতত পৰা লিংকটো খুলি এই অনলাইন আলোচনীখনৰ প্ৰতিটো লেখা আগ্ৰহেৰে পঢ়াৰ পাছত এই কথা ক'ব পাৰি যে, সময়ৰ সৈতে খোজ মিলাই এনে এখন অনলাইন শিশু আলোচনীৰ প্ৰয়োজনীয়তাকেই যেন সকলোৱে অনুভৱ কৰি আহিছিল।

পদ্য, কবিতাৰ শিতানত নুপুৰ মোমাইদেউৱে লিখা জগৰাবাৰীৰ ভূতৰ কাণ্ড পদ্যটোত লিখিছে- জগৰাবাৰী ভূতৰ হাবি/ কৈ থৈ আজি খালী/ ৰংমেলা চাবলৈ ওলাল সকলো/ চহৰৰ নেহৰুবালি। শিশুৰ কাল্পনিক পৃথিৱীখনত ভূতৰ এক প্ৰভাৱ আছে। তাকেই এই কবিতাটোৰ মাধ্যমেৰে তুলি ধৰোঁতে কবিয়ে ভূত কেন্দ্ৰিক অন্ধবিশ্বাসৰ সেই দিশটোক আওকান কৰি গৈছে।

কবিতাটোৰ মাজত সন্নিৱিষ্ট কৰিছে প্ৰাসংগিকতা থকা ছবি। লগতে এই লেখাটোত ব্যৱহাৰ কৰা দুটিমান শব্দৰ অৰ্থও শেষৰ ফালে দিয়া হৈছে। তাত উল্লেখ কৰা কন্ধ আৰু কোমোৰা, বাক আদি শব্দৰ অৰ্থ লিখি এই কথাও উল্লেখ কৰা হৈছে যে, এইবোৰ মানুহৰ অন্ধ বিশ্বাস।

সাধুৰ শিতানত সেউজপুৰৰ ধন নামৰ গল্পটো প্ৰকাশ কৰিছিল ১৭ জুন ২০২৩ সংখ্যাত। এলিজাৰাণী দাসৰ গল্পটোৰ ভাষা ইমান সাৱলীল আৰু পাঠকক আকৰ্ষিত কৰে যে, শেষলৈকে নপঢ়াকৈ কোনো পাঠক থাকিব নোৱাৰে। গল্পটোৰ আৰম্ভণি কৰিছে গল্পকাৰ এইদৰে- 'ধন, অ' ধন। উঠ আকৌ ৰাতি পুৱাল নহয়। গোপাল পাবহি এতিয়া। তইচোন সাজু হোৱাই নাই।

কাণখোৱাতে পঢ়িবলৈ পাব ৯ জুন ২০২৩ ত প্ৰকাশিত বদনামৰ ভূতৰ গল্প। ভূপেন্দ্ৰ নাথ হাজৰিকাই ৰচনা কৰা এই গল্পটোৱে শিশুক এখন বেলেগ পৃথিৱীলৈ লৈ যাব। আলোচনীখনত অকণিৰ বাবেও আছে এক বিশেষ শিতান।

অকণিৰ লেখা শীৰ্ষক এই শিতানত ৩ জুনৰ সংখ্যাত সুগন্ধি উৰুলী বৰুৱাই লিখিছে- পয়চাংকেন উৎসৱৰ কথা। তাই বৌদ্ধ জনগোষ্ঠীৰ জাতীয় উৎসৱ পয়চাংকেন উৎসৱ। নাজিৰাৰ দিল্লী পাব্লিক স্কুল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী সুগন্ধি।

জানো আহা শিতানত প্লাষ্টিকৰ ব্যৱহাৰ কিয় কমকৈ কৰিব লাগে লেখাটো প্ৰকাশ হৈছিল ২ জুন ২০২৩ ত। শিশুৰ বাবে এইটো এটা অতি দৰকাৰী লেখা। অকণিৰ ছবি, বিভিন্ন জাতি, জনগোষ্ঠিৰ লেখাৰে সমৃদ্ধ এই অনলাইন শিশু আলোচনীখন।

১ জুন ২০২৩ ত সম্পাদনা কক্ষৰ পৰা প্ৰকাশ কৰা 'আকাশখন নীলা কিয়' লেখাটোৱে বহু শিশুৰ মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ দি যাব। প্ৰকল্প নন্দন ভাগৱতীৰ পদ্য মেকুৰীৰ ভোকে শিশুসকলক পদ্য পঢ়াৰ নতুন স্বাদ দিব।

আলোচনীখনত আছে কুইজ আৰু অন্যান্য শিতানসমূহ। আলোচনীখনৰ পৰিচালন সম্পাদক দুলাল বৰা আৰু মুখ্য সম্পাদক পল্লৱপ্ৰাণ গোস্বামী। শিশুৰ মনস্তত্বৰ সকলো দিশ অধ্যয়ন কৰি অতি উন্নত মানৰ এই অনলাইন আলোচনীখন যে প্ৰকাশৰ দিহা কৰিছে সেয়া প্ৰতিটো খোঁজতে অনুভৱ কৰা হয়।

বানানৰ প্ৰতিও আছে বিশেষ সতৰ্কতা। শিশুৰ গীত,মাত, লেখা-মেলা অনুশীলনৰ এখন অন্যান্য আলোচনী এই 'কাণখোৱা'খন। এই অনলাইন আলোচনীখনৰ বাবে সকলোৱে লেখা পঠিয়াব পাৰে। লেখা পঠিওৱাৰ ইমেইল ঠিকনা- edit@kankhowa.in

কাণখোৱা সন্দৰ্ভত সম্পাদনা কক্ষই লিখিছে এইদৰে- ''কৌতূহল জগাই তোলা, সৃষ্টিশীলতাক উৎসাহিত কৰা আৰু শিক্ষণৰ আনন্দ উদযাপন কৰা এখন ৰোমাঞ্চকৰ আৰু সজীৱ অনলাইন শিশু আলোচনী কাণখোৱালৈ আপোনাক স্বাগতম!

আমি বিশ্বাস কৰোঁ যে শিশুৰ জ্ঞানৰ প্ৰতি জন্মগত হেঁপাহ আৰু সীমাহীন কল্পনাশক্তি থাকে, যাক আমি আপডাল কৰিব বিচাৰিছোঁ। আমাৰ আলোচনীখনত জ্ঞানবৰ্ধক প্ৰবন্ধ, আকৰ্ষণীয় গল্প-পদ্য আৰু শিক্ষামূলক কাৰ্যকলাপৰ সমাহাৰেৰে শিশু আৰু কিশোৰ মানসক খোৰাক যোগাবলৈ চেষ্টা কৰা হৈছে। ৰঙীন আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় বিষয়বস্তুৰ সৈতে আমাৰ অনলাইন আলোচনীখনে শিশুসকলৰ বাবে এক নিৰৱচ্ছিন্ন আৰু নিবিড় অভিজ্ঞতা প্ৰদানৰ চেষ্টা কৰি যাব।

আপোনাৰ শিশুটি এজন উৎসুক পাঠকেই হওক বা এজন উদীয়মান শিল্পীয়ই হওক বা এজন কৌতুহলী অভিযাত্ৰী হওক বা কেৱল বিনোদনৰ সন্ধানীয়েই হওক,— কাণখোৱা তেওঁলোকৰ কল্পনাশক্তিক অনুপ্ৰাণিত কৰিবলৈ, তেওঁলোকৰ দিগন্ত বিস্তাৰ কৰিবলৈ, আৰু শিক্ষণৰ প্ৰতি আজীৱন প্ৰেম জগাই তুলিবলৈ নিখুঁত সংগী হৈ ৰ’ব।

এই আশাশুধীয়া যাত্ৰাত আমাৰ সৈতে যোগদান কৰক— আপোনাৰ লেখা-মেলা, মতামত-পৰামৰ্শৰে আমাক আনুপ্ৰাণিত কৰক।''

দিলীপ কুমাৰ বৰুৱা, বীৰেন্দ্ৰ নাথ দত্তৰ দৰে বিশিষ্ট লোকসকলৰ শিশু সাহিত্যকো ইয়াত স্থান দিয়া হৈছে। আছে গীত, মাত কবিতাৰ ভিডিঅ'। বিভিন্নজনে কাণখোৱা সন্দৰ্ভত মন্তব্য কৰি কৈছে- অসমীয়া শিশু আলোচনী জগতত ই-আলোচনী ৰূপত এই নতুন সংযোজনে শিশুৰ মানসিক জগতখনত যথেষ্ট অৰহিণা আগবঢ়াব।

শ্ৰীধৰ কন্দলি প্ৰণীত কাণখোৱা পুঠিখনত কৃষ্ণৰ মনত কাণখোৱাই যেনেকৈ কৌতূহলৰ সৃষ্টি কৰিছিল। শিশুসকলৰ মাজতো একেইধৰণৰ কৌতূহল সৃষ্টি কৰিব বুলি আশাবাদী বিশিষ্ট সাহিত্যিত ৰঞ্জু হাজৰিকা।

কাণখোৱাৰ বাবে এটা এপছো মুকলি কৰা হৈছে। ব্যৱস্থা আছে ইয়াত কাণখোৱাত আপডেট হোৱা সকলো লেখা অনলাই যোগে পাব পৰা সুবিধা। এই আলোচনীখন উপলব্ধ https://kankhowa.in এই ঠিকনাত।

অসমীয়া শিশু সাহিত্যৰ বাবে এয়া এক যোগাত্মক খবৰ। কাণখোৱা নামৰ শিশুৰ এই ডিজিটেল আলোচনীখনে ধাৰাবাহিকতা ৰক্ষা কৰি অসমীয়া শিশু সাহিত্যক সমৃদ্ধ কৰিলে সেয়া হ'ব আমাৰ নতুন প্ৰজন্মৰ বাবে চৰম প্ৰাপ্তি।

কাণখোৱা !
আমেৰিকা ভ্ৰমণ সামৰি ইজিপ্তলৈ প্ৰধানমন্ত্ৰী মোডীঃ প্ৰথমবাৰৰ বাবে পৰিদৰ্শন কৰিব মছজিদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in