চৰকাৰে গোটাই দিয়া পেহী-মাহীৰে ৰাহুলৰ হাঁহি...

চৰকাৰে গোটাই দিয়া পেহী-মাহীৰে ৰাহুলৰ হাঁহি...

হঠাৎ ৰৈ গ’ল বিশেষ বাছখন। বাছৰ পৰা নামি আহিল ৰাহুল গান্ধী। সেই স্থানত পূৰ্বৰে পৰা থকা মহিলাসকল আগবাঢ়ি আহিল বাছখনৰ ফালে। বাছখনৰ পৰা নামি মহিলাসকলৰ দিশে আগবাঢ়িল কংগ্ৰেছ নেতাগৰাকী।

হেতা-ওপৰা লাগিল মহিলাসকলৰ মাজত। মহিলাসকলে গামোচা পিন্ধাই আদৰণি জনালে তেওঁক। এই দৃশ্য দেখা পোৱা গৈছিল ১৮ জানুৱাৰী ২০২৪ত।

স্থান আছিল মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৪নং হেমলাই গাওঁ পঞ্চায়তৰ সন্মুখৰ পথচোৱা। ধোদৰ আলি হৈ মৰিয়নি দিশে আগবাঢ়ি গৈছিল ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা।

ৰাহুল গান্ধী সোমাই গ’ল পঞ্চায়ত কাৰ্যালয়টোৰ চৌহদলৈ। মহিলাসকলৰ সৈতে তাতেই তেওঁ কথা-বতৰা পাতিলে।

এইদৰে সমবেত হৈ থকা মহিলাসকলক কিন্তু কংগ্ৰেছে তালৈ নিয়া নাছিল। তেওঁলোকক তালৈ যাবলৈ বাধ্য কৰাইছিল এটা চৰকাৰী নিৰ্দেশনাই।

সেই নিৰ্দেশনাৰ সৈতে প্ৰত্যক্ষভাৱে ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাৰ কোনো সম্পৰ্ক নাই যদিও পৰোক্ষ এক উদ্দেশ্য আছিল চৰকাৰৰ। সেই উদ্দেশ্য হ’ল ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাত যাতে মহিলাসকলে অংশ ল’ব নোৱাৰে তাৰ এক অভিসন্ধি ৰচনা কৰা।

সেই অনুসৰি মহিলাসকলক ব্যস্ত ৰাখিবলৈ যোৰহাটকে ধৰি উজনি অসমৰ কেইবাখনো জিলাত উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ বাবে মহিলাসকলক পঞ্চায়ত কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছিল।

'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা' আঁচনিৰ প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে মহিলাসকলক এনেকৈ ব্যস্ত ৰাখিলে। এই ন্যায় যাত্ৰাত মহিলাৰ অংশগ্ৰহণত প্ৰভাৱ পৰিব বুলি চৰকাৰে এই কৌশল হাতত লৈছিল।

সেই অনুসৰিয়েই আত্মসহায়ক গোটৰ বহু মহিলা সেইদিনা মৰিয়নিৰ এই পঞ্চায়ত কাৰ্যায়ললৈ আহিছিল। আৰু সেইসকল মহিলাই এনেকৈয়ে ৰাহুল গান্ধীক আদৰণি জনালে।

চৰকাৰী কৌশল ফ্ল'প হৈ গ’ল  এনেকৈয়ে। যিটো ভাবিছিল সেয়া নহ’ল। ৰাহুল গান্ধী এই ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰিবৰ বাবে অনুমতি দিয়াতো বা পথসমূহ নিৰ্বাচনৰ ক্ষেত্ৰতো সতৰ্ক হৈছিল প্ৰশাসন। যাতে কোনো কাৰণতে বিৰোধীৰ এই তৎপৰতা সফল নহয়।

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ নেতৃত্বত উলিওৱা এই ন্যায় যাত্ৰাই মণিপুৰ, নাগালেণ্ডৰ মাজেৰে আহি পঞ্চম দিনা অসমত উপস্থিত হৈছে। নাগালেণ্ডৰ পৰা আহি শিৱসাগৰৰ হালোৱাটিঙত উপস্থিত হৈছিল ৰাহুল গান্ধী।

ৰোডশ্ব’ আৰু পদযাত্ৰা কৰি যোৰহাটত উপস্থিত হৈ নেহৰু পাৰ্কত ৰাহুল গান্ধীয়ে উদাত্ত ভাষণ দিছিল। লক্ষ্য কৰি লৈছিল অসমৰ মুখ্যমন্ত্ৰীক। অভিযোগ তুলিছিল তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্যই দুৰ্নীতিত নিমজ্জিত হৈছে বুলি।

এই কথাও কৈছিল যে, অসমৰ জনতাক মুখ্যমন্ত্ৰীয়ে টকাৰে ক্ৰয় কৰিব খোজে। ৰাহুল গান্ধীৰ মতে, শংকৰদেৱৰ ৰাজ্যৰ জনতাক টকাৰে কোনোও কিনিব নোৱাৰে।

কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ভাৰত জোড়ো যাত্ৰাৰ পাছত মণিপুৰ, নাগালেণ্ড, অসম, পশ্চিমবংগ, অৰুণাচল, ওড়িশা আদি ৰাজ্যৰ মাজেৰে মহাৰাষ্ট্ৰলৈকে ৬ হেজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্য লৈছে গান্ধীয়ে।

কংগ্ৰেছ নেতাজনৰ মতে, এই যাত্ৰাৰ জৰিয়তে ন্যায় বিচাৰে। অসমকে ধৰি বহু ৰাজ্যক অন্যায় কৰিছে বিজেপিয়ে। তেনে অন্যায়ৰ তালিকাও ৰাহুল গান্ধীয়ে ভাষণত উল্লেখ কৰিলে।

অসমত প্ৰথম দিনা ৰাহুল গান্ধী নিমাতিঘাটৰ পৰা ৩কিলোমিটাৰ দূৰৈত থকা গোধা দলঙৰ সমীপৰ এখন মুকলি পথাৰত গাড়ীৰ ভিতৰতে কটালে। তেনেকৈয়ে দ্বিতীয় দিনা ৰাহুল গান্ধী উপস্থিত হয়গৈ মাজুলীত।

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীৰ সৈতে এঘণ্টা কটালে তেওঁ। পৰম্পৰাগত পোছাক পিন্ধি সত্ৰখনৰ আৰোধ্য দেৱতা গোবিন্দ মহাপ্ৰভুৰ ওচৰত সাষ্টাংগে সেৱা জনালে। অসমৰ সত্ৰীয়া সংস্কৃতি আভাস ল’লে।

অনুষ্ঠিত হৈ থকা ভাওনা সমাৰোহৰস্থলীলৈয়ো গ’ল। এটি শিশুৰ অভিনয় দেখি,কাষলৈ নি কোলাত তুলি নিজৰ কান্ধত থকা গামোচাখনে পিন্ধাই দিলে ৰাহুল গান্ধীয়ে।

লখিমপুৰ, ঢকুৱাখনা, গোগামুখ আদি ঠাই চুই গ’ল এই ন্যায় যাত্ৰাই । গণতান্ত্ৰিক ব্যৱস্থাত শাসকৰ সমানে বিৰোধীৰো প্ৰয়োজন। সেই প্ৰয়োজনীয়তাক কোনোবাই ক্ষমতাৰে প্ৰতিৰোধ কৰাৰ অপচেষ্টা কৰিলে সেয়া গণতন্ত্ৰ হৈ নাথাকে। আদৰ্শগতভাৱে বিৰোধীৰ কোনো ৰাজনৈতিক দলৰ সৈতে মত পাৰ্থক্য থাকিলেও, তেনে অগণতান্ত্ৰিক কাম কোনোবাই কৰিব খুজিলে সেয়া সমালোচনাৰ যোগ্যই হ’ব।

এই ন্যায় যাত্ৰাই সাধাৰণ জনতাক কি ন্যায় দিয়ে, সেয়া পিছৰ কথা। ইয়াৰ পৰা কি ৰাজনৈতিক লাভালাভ কোনো দলে পাব তাৰ সৈতেও আমাৰ কোনো সম্পৰ্ক নাই। কিন্তু এই গণতান্ত্ৰিক অধিকাৰক পদাঘাত কৰিব খোজা কৌশলী সিদ্ধান্ত আৰু নিৰ্দেশনাবোৰৰ প্ৰতি বিৰোধ আছে।

ইয়াক 'মিঞা যাত্ৰা' বুলি অভিহিত কৰা সকলে চকু মেলি চালে হয়তো দেখিব- উজনি অসমত সেইসকল অসমীয়াই আছিল।

গুৱাহাটীৰ মাজেৰে গ’লে গ্ৰেপ্তাৰ হ’ব বুলি সকিয়াই দিয়া সকলে সাধাৰণ খেলপথাৰ এখনত থাকিবলৈয়ো ৰাহুল গান্ধীক অনুমতি নিদিলে। একাংশই নিশা ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাৰ পোষ্টাৰ ফালিলে লখিমপুৰত।

শাসনত থকাৰ বাবেই ক্ষমতাশালী দলৰ সভাপতিয়ে গুৱাহাটীৰ মাজেৰে সমদল কৰিব পাৰে, কিন্তু বিৰোধীয়ে নোৱাৰে। এয়া কেনে যুক্তি ?

সাধাৰণ মানুহে কথাবোৰ কিন্তু বুজি উঠিছে। বহু বাধাৰ পাছতো ৰাহুল গান্ধীৰ কাষ চাপিছে। গম পাইছে ন্যায় যাত্ৰাতে অন্যায় চলিছে।

চৰকাৰে গোটাই দিয়া পেহী-মাহীৰে ৰাহুলৰ হাঁহি...
মণিপুৰলৈও ৰাম আহিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in