মণিপুৰলৈও ৰাম আহিব...

 মণিপুৰলৈও ৰাম আহিব...

উফ! ছাৰে বাৰে বাৰে ফোন কৰি আছে। ইমান যে ট্ৰেফিক। কেতিয়ানো জালুকবাৰী পাম! মোবাইলটো হাতত লৈ বাছৰ চিটত বহি ভোৰভোৰাই আছে মানুহজনে। বয়স সম্ভৱতঃ ৩০ ৰ ওচৰা-ওচৰি। মানুহজনক দেখিলেই গম পোৱা যায় কিমান অস্বস্তিত আছে।

তেতিয়াই পুনৰ বাজি উঠিল ফোনটো। এইবাৰ ক'লে- ৰবাচোন, চিন্তা নকৰিবা। ল'ৰাটিক লৈ ভালকৈ থাকিবা। মই কেতিয়া ঘূৰি আহিম নাজানো। আহিম বুলি আশাও নকৰো। এনেকৈয়ে কেইটামান কথা পাতি মানুহজনে ফোনটো থ'লে।

ফোনটো ৰাখি উশাহ ল'ব পালে নে নাই আকৌ বাজি উঠিল। সিমুৰৰ কথাৰ উত্তৰ দি মানুহজনে এইবাৰ মোৰ ফালে চালে। সুধিলে- বাইদেউ, কি পালো? জালুকবাৰী পাবলৈ আৰু কিমান দূৰ? বাহিৰলৈ চাই মই ক'লো- আৰু বেছি সময় নাই। ৩০ মিনিটমানত পাম। মোৰ উত্তৰটি পাই যেন মানুহজনে সৰগ ঢুকি পালে। সুযোগ পালে কিবা এটা কোৱাৰ।

মানুজনে কৈ গ'ল- দেখিছেনে বাইদেউ মই সোনকালে জালুকবাৰী পাব লাগে। তাত ছাৰে আমাক ৰৈ আছে। এঘন্টা মান ৰখি ৰখি কিবাকে বাছ এখন পালো। বিহুৰ সময় বাবে বাছো নাই। কিমান যে ছাৰে ফোন কৰি আছে।

মোলৈ গুৰুত্ব নিদি মানুহজনে পুনৰ ক'লে- আমি ২২ জন ল'ৰা আজি শ্বিলঙলৈ যাম। বাকীবোৰ মোলৈ জালুকবাৰীতে ৰৈ আছে। তাৰ পৰা আমি মণিপুৰ যাম। বাইদেউ মণিপুৰ গৈ আছো। ঘূৰি আহিব পাৰিমনে নাই ক'ব নোৱাৰো। গৈ আছো যেতিয়া আশা কৰা নাই ঘূৰি আহিম বুলি।

মই তেতিয়া গম পালো। মানুহজন দেশৰ হকে, ৰাইজৰ হকে যুঁজিবলৈ গৈ থকা এগৰাকী সেনা জোৱান। মই তেওঁলৈ চাই অনুভৱ কৰিবলৈ চেষ্টা কৰিছো। কিন্তু পাৰি জানো নিজৰ পৰিয়াল, জীৱনতকৈ দেশক আগত ৰখা এজনৰ মৰ্মবেদনা বুজিব ?

তেওঁ পুনৰ ক'লে- ঘৰৰ মানুহে চিন্তা কৰি আছে।ভাবিছে তাতে গৈছো যেতিয়া মৰি থাকিম। বিয়া পতা ২ বছৰ হৈছে। সন্তান এটি আছে। ঘৈণীক কৈ থৈ আহিছো তাৰ লগত ভালকে থাকিবলৈ। মোলৈ অপেক্ষা কৰিবও বাধা দিছো।

আমাৰ জীৱনৰ একো ভৰসা নাই। জংঘলত থাকিব লাগে। কি খাইছো, ক'ত শুইছো, একো পাট্টা নাই। কোনে, কেতিয়া মাৰি থৈ যাব ক'ব নোৱাৰো। কেতিয়াবা এই সকলোবোৰ এৰি দিব মন যায়। কিন্তু নোৱাৰি। চাকৰি কৰা মাত্ৰ ৪ বছৰ হৈছে। যদি ভগৱানে দিয়ে, আগলৈ এনেদৰে কৰি যাম। কিন্তু মণিপুৰ গৈ আছো যেতিয়া কি আশা যে ঘূৰি আহিম!

উফ! কি যন্ত্ৰণা। কি দুখলগা! ভাবি চালে আমি কিমান সুখে, শান্তিৰে আছো। আৰু কোনোৱে সীমান্তত,কোনোৱে যুদ্ধত আমাৰ হকে জীৱন বলিদান দি আছে। এয়া সৰু মাত্ৰ এখন ছবি, এনে কিমান জীয়া ছবি আৰু ঘূৰি আছে আমাৰ চাৰিওফালে।

মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ বিগত বৰ্ষৰ মে' মাহৰ পৰা চলি আছে। এই সমস্যাৰ এতিয়ালৈকে কোনো সমাধান ওলোৱা নাই। এই সংঘৰ্ষই কাৰো একো উপকাৰ কৰা নাই। মানুহ কেৱল মৰিছে। মানুহে হেৰুৱাইছে আপোনজনক, হেৰুৱাইছে আশ্ৰয়স্থল।

ইয়াৰ দ্বাৰা লাভ হৈছে কাৰ? সুখত আছে কোন? কাৰোবাক নৃশংসভাৱে হত্যা কৰি পৰম তৃপ্তি লাভ কৰাজনে পৰে জানো মানুহৰ শাৰীত? হেৰুৱাৰ বেদনা হয়তো সকলোৱে বুজি পাব নোৱাৰে। এই সংঘৰ্ষই যেন মণিপুৰক ১০ বছৰ পিছলৈ ঠেলি দিলে।

এই সংঘৰ্ষৰ উদ্দেশ্য কি, ৰাজনৈতিক কাৰণ এইবোৰ বিশ্লেষণ কৰিবলৈ যোৱা নাই। কিন্তু মণিপুৰে যি হেৰুৱাইছে তাৰ প্ৰভাৱ সমগ্ৰ দেশৰ ওপৰত পৰিছে। প্ৰতিটো শ্বহীদ পৰিয়ালে জীৱনটোলৈ পাইছে যন্ত্ৰণা।

মণিপুৰ যেন একাষৰীয়া হৈ গৈছে। মণিপুৰক যেন চকু মেলি চোৱা নাই কেন্দ্ৰীয় চৰকাৰেও। বহু পদক্ষেপ লৈছে যদিও যেন নাই কোনো সমাধান। সেয়ে চৰকাৰেও যেন হাত দাঙি দিছে। এতিয়া যেন দেশৰ আন মানুহখিনিও জানিব বিচৰা নাই মণিপুৰৰ খবৰ।

এতিয়া দেশবাসী ব্যস্ত আছে অযোধ্যাক লৈ। ২২ জানুৱাৰীত হ'বলগীয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে দেশত উখল-মাখল পৰিবেশ। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তগন।

এতিয়া ৰামময় হৈ পৰিছে সমগ্ৰ দেশ। কিন্তু এই সকলোবোৰৰ মাজত যেন অশান্তিত আছে আমাৰ চুুবুৰীয়া ৰাজ্য মণিপুৰ। যেন পাহৰণিৰ গৰ্ভত ৰাজ্যখন।আশা এটাই, শান্তি ঘূৰি আহক মণিপুৰলৈ, সুখেৰে থাকক দেশবাসী, শান্তিত থাকক প্ৰতিটো জোৱানৰ পৰিয়াল। ৰাম এতিয়া অযোধ্যাত, আশা মণিপুৰলৈও এদিন ৰাম আহিব...

 মণিপুৰলৈও ৰাম আহিব...
ৰাশিকা প্ৰথম হোৱাত আপত্তি কিয়?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in