ৰাজনীতিৰ আঙুৰ...

ৰাজনীতিৰ আঙুৰ...

ক'তো কোনো সদায় প্ৰয়োজনীয় আৰু প্ৰাসংগিক হৈ নাথাকে। ৰাজনীতিতো সেই কথা খাটে। চকুৰ সন্মুখতেই কিমান যে নেতা নিষ্প্ৰভ আৰু নিষ্ক্ৰিয় হৈ পৰে সেই হিচাপ আমি নাৰাখো যদিও বহু উদাহৰণ চকুৰ আগতেই থাকে।

প্ৰফুল্ল মহন্ত একালৰ ক্ষমতাশালী নেতা। এতিয়া মহন্তৰ খবৰ ৰাখেনো কিমানজনে? ৰাজনীতিত থাকিও নথকাৰ দৰে তেওঁ। কোনে ভাবিছিল মহন্তৰ অৱস্থা এনে হ'ব, ৰাজ্যৰ আঞ্চলিক ৰাজনীতিৰ একালৰ অতি প্ৰভাৱশালী নেতাগৰাকীৰ এনেদৰে নিষ্প্ৰভ আৰু নিষ্ক্ৰিয় হৈ পৰিব।

ভৃগু কুমাৰ ফুকনো এজন লেখত ল'বলগীয়া ৰাজনৈতিক নেতায়ে আছিল। এতিয়া ভৃগু ফুকনৰ নাম কেইজনে লয়? শেষৰফালে ৰাজনীতিত ভৃগু ফুকনৰ কোনো অৱস্থিতিয়েই নাছিল। খাৰঘূলিত থকা ফুকনৰ প্ৰসাদোপম ঘৰ জহি খহি গৈছে। সেই ঘৰতেই পত্নী ইন্দিৰা ফুকন আৰু একমাত্ৰ কন্যাই একপ্ৰকাৰৰ গন বিচ্চিন্ন জীৱন কটাইছে।

কি কৰি আছে তৰুণ গগৈৰ শাসনকালত শিক্ষা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষামন্ত্ৰী পদবীত অধিষ্ঠিত পংকজ বৰাই? আছে জানো কৰবাত তেওঁৰ উপস্থিতি? একেই অৱস্থা হোৱা নাই জানো গুণীন হাজৰিকাৰ? ৰাজনীতিৰ পৰা তেওঁলোক এতিয়া বহু দূৰত।

ৰাজনীতিত বহুতক সময়ে এলাগী কৰে। বহুতক ৰাজনীতিয়ে জন চক্ষুৰ দূৰলৈ ঠেলি পঠিযায়। সৌ সিদিনালৈকে মন্ত্ৰী হৈ থকা বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তৰো নাই ৰাজনীতিৰ বিশেষ কুচকাৱাজ।

সময়ৰ সোঁতত হেৰাই গ'ল ইন্দ্ৰমণি বৰা। অসমত বিজেপিক প্ৰতিষ্ঠা কৰাৰ অন্যতম মূল নেতাজনো জীৱনৰ শেষ সময়ত উপেক্ষিত হৈয়ে ৰৈছিল। বয়সৰ হেঁচাই, ৰাজনৈতিক লবীবাদে নেতাসকলৰ ৰাজনৈতিক কেৰিয়াৰত প্ৰভাৱ পেলায়। ক'ব নোৱাৰাকৈয়ে তেওঁলোকৰ ৰাজনৈতিক জীৱনৰ যতি পেলায়।

বিজয়া চক্ৰৱৰ্তী কিমান সক্ৰিয় আছিল কাকো ক'ব নালাগে। ইমুৰৰ পৰা সিমুৰলৈ দৌৰি ফুৰিছিল এইগৰাকী দুৰ্দান্ত সাহসী মহিলা। সেই সক্ৰিয় বিজেপি নেত্ৰী গৰাকীও এতিয়া জন চক্ষুৰ আঁৰত।

ৰমেন ডেকাই ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে এসময়ত দায়িত্ব পালন কৰিছিল। মঙলদৈ সমষ্টিৰ সাংসদ তথা একালৰ বিজেপিৰ শক্তিশালী নেতাজন দলৰ ভিতৰতে এতিয়া নচলা টকা।

কেন্দ্ৰীয় মন্ত্ৰী আছিল ৰাজেন গোঁহাই। ৰাজ্যিক বিজেপিৰ সভাপতিও আছিল তেওঁ। বিজেপিৰ অন্যতম শক্তিশালী আৰু ক্ষমতাশালী নেতাজনৰ ৰাজনৈতিক অৱস্থাও কাহিল এতিয়া। নতুন দিল্লীৰ অসম ভৱনত বৰ্তমানৰ মুখ্যমন্ত্ৰীক সৌজন্যমূলক সাক্ষাৎ বিচাৰি বিফল হৈছিল তেওঁ। সেই অভিজ্ঞতা আনে ক'ব নালাগে, তেওঁ নিজেই কৈছিল সংবাদ মাধ্যমৰ আগত।

একালৰ বৃন্দাবন একালত পৰে চন। প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে কি কৰে এতিয়া? শাৰীৰিকভাৱে তেওঁ অসুস্থ। ৰাজনীতিৰ ক্ষেত্ৰখনত তেওঁ এজন ক্লান্ত পথিক। বাকপটু অগপৰ শীৰ্ষ নেতজন সম্প্ৰতি নীৰৱ, নিশ্চুপ। বৰ্তমানৰ অগপৰ নেতৃত্বৰ সৈতে নিমিলে তেওঁৰ সমীকৰণ।

হলিৰাম তেৰাং নামৰ এজন শক্তিশালী নেতা আছিল ৰাজ্যখনত। নতুন প্ৰজন্মৰ বহুতেই নিচিনে তেৰাঙক। নাই তেওঁৰ কোনো বিশেষ ৰাজনৈতিক সক্ৰিয়তা।

একেই অৱস্থা প্ৰৱীণ কংগ্ৰেছী নেতা হিৰন্য় বৰাৰ। এদিন তেওঁয়েই বিসম্বাদী শিবিৰৰ ধ্বজা উৰুৱাইছিল। এইগৰাকী প্ৰৱীণ কংগ্ৰেছী নেতাৰ বাবে ৰাজনীতিত ভাল সময় নাহিলেই। পাহৰণিৰ গৰ্ভত তেওঁ। ৰাজনৈতিক উত্থাপন পতনৰ সাক্ষী হৈ ৰোৱাৰ বাদে তেওঁৰনো আছে কি পৰিচয়।

উৎপল দত্ত এটা সময়ত সদায় চৰ্চাত আছিল। ৰাজ্যৰ ৰাজনীতিত উৎপল দত্তৰ ভূমিকাক অগপৰ নেতৃত্বই নুই কৰিব নোৱাৰিছিল। সেই দত্তৰে আজিৰ তাৰিখত ৰাজনৈতিক অস্তিত্ব নাই কেইবাবাৰো তেওঁ প্ৰতিনিধিত্ব কৰা লখিমপুৰ সমষ্টিত।

ৰাণী নৰহক মনত আছেনে? লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা সাংসদগৰাকীক? কংগ্ৰেছৰ এইগৰাকী নেত্ৰীক লৈ এতিয়া কোনো আগ্ৰহী নহয়। ক্ষমতাত থাকোতে দুহাতেৰে সম্পত্তি গোটোৱা অভিযোগত অভিযুক্ত হোৱাৰ বাবে কেতিয়াবা দুই এটা খবৰ হয়।

অৰুণ শৰ্মা পশু মহাবিদ্যালয়ৰ অধ্যাপক আছিল। ৰাজনীতিত যোগদান কৰি দিল্লীলৈ গৈছিল। প্ৰতিনিধিত্ব কৰিছিল লখিমপুৰ লোকসভা সমষ্টিক। ৰাজনীতিক সাময়িকভাৱে বিদায় দি পুনৰ ঘূৰি গৈছিল বিদ্যায়তনিক ক্ষেত্ৰখনলৈ।

ৰুমী নাথ অসমৰ ৰাজনীতিত অন্যতম চৰ্চিত এগৰাকী বিধায়িকা আছিল। সময়ে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ তচ-নচ কৰি পেলালে। ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত চৰ্চাত থকা অভিজিৎ হাজৰিকা নামৰ বিধায়কজন হেৰাই গ'ল সময়ৰ সোঁতত।

আৰ.পি শৰ্মা বিজেপিৰ সাংসদ হৈ থাকোতে যি ধৰণৰ সক্ৰিয়তা ৰাজনীতিত আছিল কংগ্ৰেছলৈ আহি সেয়া হেৰুৱালে। প্ৰশান্ত ফুকনৰো ৰাজনীতিৰ চুক কমিল। প্ৰণতি ফুকন, বিস্মিতা গগৈ চিনাকী মুখবোৰ হেৰাই গ'ল মানুহৰ মনৰ পৰা।

এনে বহু উদাহৰণ আছে আমাৰ সন্মুখতে। ক্ষমতা কাৰো বাবে স্থায়ী নহয়। ৰাজনীতিয়ে কাক কেতিয়া ঠেলা হেঁচা কৰে সেয়া সময়েহে জানে। অতি শেহতীয়াকৈ প্ৰথমবাৰ ৰাজ্যত বিজেপি চৰকাৰ গঠন হওতেই সকলোৰে দৃষ্টিগোচৰ হৈছিল আঙুৰলতা ডেকা।

বিজেপিৰ প্ৰথম চৰকাৰৰ আমোলত আঙুৰলতা ডেকা আছিল বটদ্ৰৱা সমষ্টিৰ বিধায়িকা। এগৰাকী ক্ষমতাশালী বিজেপি নেত্ৰী। দ্বিতীয়বাৰ তেওঁ বিধায়ক হ'ব নোৱাৰিলে। পূৰ্বৰ সেই জনপ্ৰিয়তা আৰু ক্ষমতাও হেৰুৱালে।

হাৰিয়ানাৰ বিজেপিৰ নেতা ৰবীন্দ্ৰ ৰাজু আহিল অসমৰ বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত। তাৰ পাছৰ পৰাই যেন ছন্দপতন ঘটিবলৈ ধৰিলে আঙুৰলতা ডেকাৰ।

এনে চৰ্চাও চলিছে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰাও যিকোনো মূহুৰ্ততে অপসাৰিত হ'ব পাৰে আঙুৰলতা ডেকা। বাজপেয়ী ভৱনত বা দিছপুৰতো আঙুৰলতা ডেকাৰ পূৰ্বৰ প্ৰভাৱ নথকাতো লক্ষণীয়।

নেতা আহে,নেতা যায়। নেতাৰ ভাগ্য সৰ্বকালৰ বাবেই ভাল বুলি লিখা নহয়। উত্থান-পতনৰ মাজেৰেই আৰম্ভ বা শেষ হয় একোজন নেতাৰ ৰাজনৈতিক কেৰিয়াৰ। ক্ষমতাত থাকোতে দপদপাই থকা অতি ক্ষমতাবান নেতাজনো হৈ পৰে হঠাৎ নিস্তেজ।সাধুকথাৰ দৰে কেতিয়াবা ৰাজনীতিতো টেঙা হৈ পৰে মিঠা আঙুৰ!

ৰাজনীতিৰ আঙুৰ...
পণ্ডিত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in