এয়াই নেকি মিত্ৰতা !

এয়াই নেকি মিত্ৰতা !

ৰাজনীতিত নীতি নাথাকে। যি ধৰণে সুবিধা হয় সেই নীতিয়ে ৰাজনীতিৰ নীতি হয়। চৰম স্বাৰ্থপৰতা, আত্মকেন্দ্ৰিক আৰু ক্ষমতাকেন্দ্ৰিত লিপ্সাই এতিয়া ৰাজনীতিৰ বুনিয়াদ। কি শাসক, কি বিৰোধী সকলোৰে মতি-গতি একেই।

বিকল্প বিচাৰিলেও মানুহৰ হাতত কোনো বিকল্প নাই। সাধাৰণ জনতাৰ বিশ্বাস অৰ্জন কৰিব পৰাকৈ এক পৰিবেশ গঢ়ি তোলাত বিফল হৈছে। কাক ধৰিব, কাক এৰিব এতিয়া। লোকসভা নিৰ্বাচনৰ ব্যস্ততাপূৰ্ণ পৰিবেশ চৌদিশে।

শাসকীয় বিজেপিৰ পাছত অসমৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছেও তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে। ইণ্ডিয়া জোঁটবন্ধন কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত বিৰোধীৰ মিত্ৰগোট গঠন হৈছিল।

সেয়েহে মানুহে ভাবিছিল হৰা-জিকা পিছ কথা, এইবাৰ অন্তত বিৰোধীয়ে সন্মিলিতভাৱে অগ্ৰাসী বিজেপিৰ বিৰুদ্ধে থিয় দিব। কিন্তু সেই আশা আছিল মৰিচিকা সদৃশ। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ দৰেই নিৰ্বাচনৰ পূৰ্বে বহুধা শিবিৰত বিভক্ত হৈ পৰিল এই বিৰোধী শক্তি।

আসন বুজা-বুজিৰ ক্ষেত্ৰতেই কোনো সহমতত উপনীত হ'ব নোৱাৰিলে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজিম বুলি কোৱা বিৰোধী শক্তি। বীগ ব্ৰাদাৰ কংগ্ৰেছে কোনো এটা দলকে কাৰ্যত অসমত এখনো আসন এৰি নিদিলে।

নিৰ্বাচনত মুখ থেকেচা খাইও কংগ্ৰেছৰ কোনো শিক্ষা নহ'ল। ১৪ খন আসনৰ ভিতৰত ১২ খনতেই কংগ্ৰেছে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। লখিমপুৰ আৰু ডিব্ৰুগড়ত কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা নকৰিলেও ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক প্ৰাথিত্ব প্ৰদান কৰাতো চূড়ান্ত হ'ল।

দিল্লীত কংগ্ৰেছ সভাপতি মালিকাৰ্জুন খাৰ্গেৰ আশীৰ্বাদ লৈ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে নিৰ্বাচনৰ বাবে নিজকে সাজু কৰিলে। এনে খবৰো ওলাইছে যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই লুৰিণজ্যোতি গগৈক হাতৰ চিহ্নত নিৰ্বাচন খেলিবলৈ পৰামৰ্শ আৰু হেঁচা দিছে।

আঞ্চলিকতাবাদৰ বৰ্তমানৰ অন্যতম প্ৰৱক্তা লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছ নহৈও যদি এনেকৈয়ে কংগ্ৰেছ হৈ যায় তেন্তে ইয়াৰ সুযোগ বিজেপিয়ে গ্ৰহণ কৰিব। হোটেল লিলিৰ পৰা আৰম্ভ কৰি ৰাজীৱ ভৱনলৈকে বিভিন্ন স্থানত যোৱা কিছুদিনত এই মিত্ৰজোটৰ বৈঠক অনুষ্ঠিত হৈছিল।

সেই বৈঠকসমূহে যে কোনো সিদ্ধান্ত ল'ব নোৱাৰিলে সেয়া ইতিমধ্যে ওলাই পৰিছে। সহমতত উপনীত হ'ব পৰাকৈ কংগ্ৰেছে এক পৰিবেশ তৈয়াৰ কৰিব নোৱাৰিলে। দলটোৰ ভিতৰতেই নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক ইমান আপদ সৃষ্টি হ'ল যে হাত দাঙি দিব লগা হ'ল ভূপেন বৰাই।

অখিল গগৈয়ে সংবাদ মেল পাতি আক্ষেপ ব্যক্ত কৰিলে। চিপিআই তথা বাঁও দলে ক'বলৈ বাধ্য হ'ল কংগ্ৰেছে গাড্ডাৰী কৰিলে। প্ৰথমতেই ৩ খন আসনৰ বাবে নিজা প্ৰাৰ্থীৰ নাম ঘোষণা কৰি আপে ইংগিত দিছিল এই মিত্ৰতা বাস্তৱত সম্ভৱ নহয়।

শেষৰ ফালে আপে প্ৰাৰ্থিত্ব প্ৰদান কৰা ৩ সমষ্টিক লৈ দিল্লীত আলোচনা চলিল। ডিব্ৰুগড়, গুৱাহাটী সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ বা বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিলেও সেই সিদ্ধান্তই এই মিত্ৰতাক সঠিক ৰূপ দিব নোৱাৰে।

তৃণমূল কংগ্ৰেছে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰি ইতিমধ্যে ইণ্ডিয়া মঞ্চ ত্যাগ কৰিছে। কংগ্ৰেছৰ কেইবাজনো বিধায়কে কংগ্ৰেছী বিধায়ক হৈ থাকিও বিজেপিৰ চৰনত শৰণ লৈ কংগ্ৰেছৰ অৱস্থা কি ৰাইজক দেখুৱাই দিছে।

গুৱাহাটীত প্ৰাৰ্থিত্ব বিচাৰি বিফল হৈ আন এজন উপ-সভাপতিয়ে দল এৰিছে। এনে বিধ্বস্ত ৰূপত এতিয়া কংগ্ৰেছ। ছেদেলি-ভেদেলি হৈ পৰিছে বিৰোধী মিত্ৰ শক্তি। শাসকীয় দলে দৃশ্যমান, অদৃশ্যমান ৰাজনীতিক শেলে বিৰোধীক নিশকটীয়া কৰি পেলাইছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ প্ৰেক্ষাপট এয়া। আনকি বিৰোধী তথা কংগ্ৰেছৰ অৱস্থা এনে হৈছে যে নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ হেলিকপ্টাৰ এখনো ভাড়াত পোৱা নাই। উপলব্ধ আটাইবোৰ হেলিকপ্টাৰ ইতিমধ্যে বিজেপিয়ে বুক কৰি পেলাইছে।

এই নিৰ্বাচনী বতৰত ৰাজ্যত নিৰ্বাচনী সভা বা ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত থাকিব লাগিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। প্ৰথম কেইদিন প্ৰাৰ্থীৰ তালিকা প্ৰস্তুতত ব্যস্ত হৈ দিল্লীত বাহৰ পাতি থকা বৰা এতিয়া ব্যস্ত হেলিকপ্টাৰ বিচৰাত।

ইফালে বিশাল জনসমুদ্ৰৰে অসমৰ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ বিকাশ যাত্ৰাত নিৰ্বাচনী ৰণ হুংকাৰ বজাই ফুৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বাঁও দলে অতি ক'মেও দুটা সমষ্টিত নিজাকৈ প্ৰাৰ্থী থিয় কৰাবৰ বাবে কুচকাৱাজ চলাইছে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গৌৰৱ গগৈয়ে ক'ৰ পৰা নিৰ্বাচন খেলিব সেই সিদ্ধান্ত ল'বলৈও কংগ্ৰেছৰ নেতৃত্বক বহু সময়ৰ প্ৰয়োজন হ'ল। নগাঁৱত গৌৰৱ গগৈ জয়ী হোৱা অৱকাশ থকাৰ পাছতো প্ৰদ্যুৎ বৰদলৈয়ে টিকট নাপালে অঘটন ঘটাব পাৰ বুলি যোৰহাটলৈকে ঠেলি দিয়া হ'ল গৌৰৱ গগৈক।

ৰকিবুল হুচেইনক ধুবুৰীত নিৰ্বাচন খেলিবৰ বাবে দলে সুবিধা কৰি দিলে। দলৰেই একাংশ নেতা-কৰ্মী বিৰোধিতা স্বত্বেও সেই সিদ্ধান্তৰ পুনৰ বিবেচনা নকৰিলে। এতিয়া যেন কংগ্ৰেছেই নিৰ্বাচনত জিকিবৰ বাবে নিৰ্বাচন নেখেলে। গৌৰৱ গগৈৰ সক্ৰিয়তা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ প্ৰতিষ্ঠাই এইবাৰ লোকসভা নিৰ্বাচনত আশাৰ সঞ্চাৰ কৰিলেও আন বিৰোধী প্ৰাৰ্থীৰ ক্ষেত্ৰত তেনে সম্ভাৱণা সাধাৰণ লোকেও দেখা পোৱা নাই।

এনেকৈয়ে এতিয়া কংগ্ৰেছ তথা বিৰোধী নিৰ্বাচনী ৰণৰ পূৰ্বে যুদ্ধ ভূমিৰ পৰা পৃষ্ঠভংগ দিছে। নিজৰ মাজৰ সংঘাত, প্ৰতিযোগীতাই আশাবাদৰ ৰাজনীতিক নিৰাশাৰ মাজলৈ ঠেলি দিলে।

এয়াই নেকি মিত্ৰতা !
জোনালী দাসৰ সোণালী যাত্ৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in