জোনালী দাসৰ সোণালী যাত্ৰা...

জোনালী দাসৰ সোণালী যাত্ৰা...

মই খাটী অসমীয়া দেই! অসমীয়া ক'ব পাৰো, অসমীয়া লিখিব পাৰো। মোৰ ঘৰ গুৱাহাটীৰ দক্ষিণ শৰনীয়াত। সেই ঘৰত এতিয়া মা থাকে। মাৰ নাম দিপালী দাস- ম'বাইলৰ সিটো মূৰৰ পৰা তেওঁ কৈ গৈছিল এইদৰে।

বৰ আন্তৰিকতাৰে তেওঁ এই সফলতাৰ কাহিনী কৈছিল- মোৰ দেউতা অসম সচিবালয়ত চাকৰি কৰিছিল। তেওঁ এতিয়া নাই । তেওঁৰ নাম আছিল স্বৰ্গীয় শৰৎ চন্দ্ৰ দাস। স্কুল তেওঁ গুৱাহাটী হলি চাইল্ডত পঢ়িছিল।তাৰ পাছত কটন, গুৱাহাটী বিশ্ব বিদ্যালয় আৰু শেষত দিল্লীৰ মিৰান্ডা হাউচ হৈছিল তেওঁৰ শৈক্ষিক জীৱনৰ ঠিকনা।

তেওঁৰ জ্যেষ্ঠ ভাতৃৰ নাম গৌতম দাস। অইলৰ চাকৰিৰ সূত্ৰে তেতিয়া তেওঁ আছিল আহমেদাবাদত। জ্যেষ্ঠ ভাতৃয়ে তেওঁৰ বাবে এখন ফৰ্ম আনিছিল। ফৰ্মখন আছিল NIFT ( National Institute of Fashion Technology ) নামভৰ্তিৰ ফৰ্ম।

ফৰ্মখন পূৰণ কৰিলে যদিও প্ৰৱেশ পৰীক্ষা দিবলৈ যোৱাৰ একেবাৰেই ইচ্ছা নাছিল তেওঁৰ। ১৯৯৬ চনৰ কথা আছিল এয়া। পৰীক্ষা দিবলৈ ঘৰলৈ আহিছিল যদিও মাকক পৰীক্ষা দিবলৈ ইচ্ছা নথকাৰ কথা কওতে মাকে এক প্ৰকাৰৰ গালি পাৰিছিল। কৈছিল- ২০০ টকা দি ককায়েৰে ফৰ্মখন আনিছে, তই পৰীক্ষা নিদিলে কেনেকৈ হ'ব?

তেওঁৰ ভাষাত- ''২০০ টকা কম টকা নহয় দেই বুলি মায়ে সোঁৱৰাই দিছিল। বাধ্যত পৰি মই সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিলো''। পৰীক্ষাৰ ফলাফল ওলাল তেওঁ উত্তীৰ্ণ হ'ল এই পৰীক্ষাত।

আৰম্ভ হৈছিল এনেকৈয়ে এক যাত্ৰা। তেতিয়া এই ধাৰণাই আছিল নতুন। এজনী অসমীয়া ছোৱালীয়ে নেশ্যনেল ইনষ্টিটিউট অৱ্ ফেছন টেকনলজীৰ পাঠ্যক্ৰম গ্ৰহণ কৰিলে। গাৰমেন্ট মেনুফেকছাৰিং টেকনলজিত তেওঁ বিশেষজ্ঞ হ'ল। উচ্চ শিক্ষা লৈ পিএইচডিও সম্পন্ন কৰিলে। তিৰুপুৰত ৫ বছৰ এটা কোম্পানীত ভাল চাকৰিও কৰিলে।

শৈক্ষিক দিশৰ প্ৰতি তেওঁৰ আছিল বিশেষ ৰাপ। সিদ্ধান্ত ল'লে চাকৰি এৰি তেওঁ শিক্ষক হ'ব। ২০০৩ চনত নীফ্ট, বেংগালুৰুত সহকাৰী অধ্যাপকৰ এটা পদ ওলাইছিল। আবেদন কৰিলে সেই পদৰ বাবে।

জৈন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা জোনালী দাসৰ জীৱন গাঁথা এয়া। নীফ্টৰে সহপাঠী মনীষ বাজপেয়ীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ তেওঁ হ'ল জোনালী দাস বাজপেয়ী।

বহুতে তেওঁ জোনালী বাজপেয়ী বুলিহে এতিয়া জানে। সেয়েহে তেওঁ যে অসমৰ জীয়াৰী সেই কথা বহুজনে ধৰিবকে নোৱাৰে। তেওঁৰ বিষয়ে জনা এই আগ্ৰহৰ এক কাৰণ আছিল।

কিছুদিনৰ পূৰ্বে ভাৰতীয় গৱেষণা সন্থা ইছৰোৱে এক অভিলাসী মিছনৰ বাবে ৪ জন মহাকাশচাৰীৰ নাম ঘোষণা কৰিছিল। এই অভিযানৰ নাম গগনযান। এই মহাকাশ উৰণ অভিযানৰ বাবে নিৰ্বাচিত হোৱা ৪ জন মহাকাশচাৰী আছিল- গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন প্ৰশান্ত নায়াৰ, গ্ৰুপ কেপ্টেইন অংগাদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভাংশু শুক্লা।

২০২৪ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই ৪ জন মহাকাশচাৰীয়ে নীলা গাউণ্ড ইউনিফৰ্ম পিন্ধি সাক্ষাৎ কৰিছিল। যি ইউনিফৰ্ম তেওঁলোকে পিন্ধিছিল সেয়া সাধাৰণ ইউনিফৰ্ম নাছিল।

উৰণৰ পূৰ্বে এই ৪জন মহাকাশচাৰীয়ে গগনযানৰ বাবে পিন্ধিবলগীয়া এই গাউণ্ড ইউনিফৰ্ম প্ৰস্তুত কৰিছিল নেশ্যনেল ইনষ্টিটিউট অৱ ফেছন টেকনলজিৰ এটা ৫ জনীয়া দলে।

এই গুৰুত্বপূৰ্ণ কামৰ বাবে ইছৰোৱে দায়িত্ব দিয়া নিফ্ট বাংগালুৰুৰ এই ৫ জনীয়া দলটোক নেতৃত্ব দিছিল অসমৰ জোনালী দাসে। সেই সন্দৰ্ভতে কথা পাতিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰা হৈছিল।

প্ৰথমবাৰ তেওঁ এখন সভাত ব্যস্ত থকা বাবে বিনম্ৰতাৰে আধা ঘন্টা পাছত ফোন কৰিবলৈ অনুৰোধ কৰিছিল। দ্বিতীয়বাৰ তেওঁৰ সৈতে যোগাযোগ কৰোতে তেওঁ কৈছিল এই কামৰ অভিজ্ঞতাৰ কথা।

তেওঁৰ মতে এই কামতো সম্পূৰ্ণ কৰিব পৰাতো তেওঁৰ এই ২৫ বছৰীয়া চাকৰি জীৱনৰ অন্যতম এক ডাঙৰ উপলব্ধি, জীৱনৰ পৰম প্ৰাপ্তি আৰু গৌৰৱৰ ক্ষণ। ইছৰোৱে তেওঁলোকক জুলাই ২০২১ চনতেই এই প্ৰকল্পৰ দায়িত্ব অৰ্পন কৰিছিল।

এটা বছৰৰ কঠোৰ পৰিশ্ৰম আৰু গৱেষণাৰ অন্তত তেওঁলোকে ২০২২ চনত গগনযানৰ বাবে মহাকাশচাৰী কেইজনে পিন্ধিব লগা গাউণ্ড ইউনিফৰ্মৰ ডিজাইন প্ৰস্তুত সম্পূৰ্ণ কৰিছিল। ইয়াৰ বাবে বহুবাৰ আলোচনাত বহিছিল ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে। তেওঁলোকে কি বিচাৰে সেয়া জানিবলৈ তেওঁলোকৰ মাইণ্ড মেপিং কৰিছিল।

সপ্তাহত গড়ে ২০ ঘন্টাকৈ এই কামত তেওঁলোকে নিয়োজিত হৈছিল। তেওঁলোকে বিশেষভাৱে নীলা ৰঙৰ এই ইউনিফৰ্মযোৰ প্ৰস্তুত কৰিছিল। যিহেতু নীলা ৰঙে আকাশ আৰু শান্তি সূচায়, লগতে এই পোচাকযোৰ যাতে উদ্যোমী আৰু ই বিশ্ববাসীৰ সন্মুখত ভাৰতৰ গৌৰৱৰ প্ৰতীক হয় তাৰ প্ৰতি লক্ষ্য ৰাখিছিল।

তেওঁলোকে এনে পোচাকৰ ১৫৫টা ডিজাইনৰ নমুনা প্ৰস্তুত কৰিছিল। তাৰ পৰা ৭০ টা নিৰ্বাচন কৰি শেষত এই পোচাকযোৰ চূড়ান্ত কৰা হৈছিল। জোনালী দাসে ক'লে- এই গাউণ্ড ইউনিফৰ্ম মহাকাশচাৰীৰ চ্যুটতকৈ পৃথক।

ইয়াত ব্যৱহাৰ কৰা কাপোৰ ভাৰতীয় কপাহৰ। তেওঁলোকে প্ৰস্তুত কৰা পোচাকযোৰত থকা মূল প্ৰতিফলিত বাৰ্তা আছিল- শান্তি, অধ্যাৱসায় আৰু অনুপ্ৰেৰণ তথা অনুভূতি সূচক। লগতে ইয়াত ব্যৱহাৰ কৰা গাঢ় আৰু পাতল নীলা তথা কিছুমান পথালি ফিটাৰ সৈতে ইয়াৰ ভাৰাসাম্যতা ৰক্ষা কৰা হৈছিল।

এয়া আছিল কঠিন প্ৰত্যাহ্বান। ইয়াৰ ইউঙবোৰ পৌৰ পেনেল খোলাৰ দৰে ইয়াত ইতিবাচক প্ৰাচ্যুৰ্যতা আৰু উচ্চতাত উৰণৰ আত্মবিশ্বাসবোধ আছে। মহাকাশচাৰী সকল যিহেতু ভাৰতীয় বায়ুসেনাৰ তাৰো এক ইংগিত ই বহন কৰে।

পোচাকযোৰৰ কেন্দ্ৰত আছে এটা অশোক চক্ৰ আৰু ইছৰোৰ ল'গ'। এই পোচাকে অতি গতিশীলতাক সূচায় আৰু ই যথেষ্ঠ দৃশ্যমান। ১৪০ কোটি ভাৰতীয়ক এই পোচাকযোৰে উৎসাহিত কৰিব।

তেওঁলোকে এই পোচাকযোৰ প্ৰস্তুত কৰাৰ সময়ত নাছাকে ধৰি আন দেশৰ মহাকাশচাৰীসকলে পিন্ধা গাউণ্ড ইউনিফৰ্মৰো অধ্যয়ন কৰিছিল। অসমৰ জোনালী দাসৰ সৈতে এই প্ৰকল্পৰ সৈতে জড়িত হৈ আছিল বাংগালুৰু নীফ্টৰ ফেশ্যন প্ৰযুক্তিবিদ ড০ মোহন ভিকে।

অসম আৰু অসমীয়াৰ বাবে এয়া অন্য এক গৌৰৱৰ খবৰ। বহু প্ৰত্যাশিত গগনযানত অংশ ল'ব লগা মহাকাশচাৰীৰ গাউণ্ড ইউনিফৰ্ম প্ৰস্তুত কৰাৰ আঁৰত আছে অসমৰ জীয়াৰী জোনালী দাস বাজপেয়ী।

জোনালী দাসৰ সোণালী যাত্ৰা...
এছ বি আইক আৰু সময় দিয়াত নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in