Advertisment

কাৰোবাৰ বাবে সোণৰ কণী পৰা হাঁহ হ'ল নেকি এন আৰ চি...

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন এন আৰ চি সমন্বয়ক হিতেশ দেৱ শৰ্মাই। তাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

author-image
Asomiya Pratidin
New Update
কাৰোবাৰ বাবে সোণৰ কণী পৰা হাঁহ হ'ল নেকি এন আৰ চি...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

বহু কথা বিশ্বাস নহয়। বিশ্বাস কৰিব পৰাকৈ বহু কথাত আধাৰ নাথাকে। বজাৰত ওলোৱা খবৰক সম্বল কৰি লৈ কোনোবাই সঁচা কথা এটা ক'ব পাৰে বুলিও নভবাকৈ থাকিব নোৱাৰি।

এনেবোৰ সঁচা-মিছাৰ দোমোজাত এটা খবৰ। সেই খবৰ এতিয়া মানুহৰ মাজত। কোনোবাই হয় নেকি বুলি প্ৰশ্ন কৰিছে, কোনোবাই হ'ব পাৰে বুলি হুমুনিয়াহ এৰিছে। যি জনে এই খবৰ বজাৰৰ পৰা আনি সামাজিক মাধ্যমত এৰি দিছিল সেই জনে কিন্তু এই খবৰ সঁচা বুলি কোৱা নাই।

তেওঁ তদন্তৰ কথা কৈছে। মাহে ১৬ লাখকৈ টকা কম টকা নহয়।যি সময়ত প্ৰতীক হাজেলা এন আৰ চিৰ সমন্বয়কৰ দায়িত্বত আছিল সেই সময়ত এইদৰে মাহে নিয়মীয়াকৈ ধন লোৱা অভিযোগ প্ৰাক্তন ছাত্ৰ নেতাৰ বিৰুদ্ধে।

প্ৰতীক হাজেলাৰ পাছত এন আৰ চিৰ সমন্বয়কৰ দায়িত্ব লৈছিল হিতেশ দেৱ শৰ্মাই। এন আৰ চি উন্নীতকৰণৰ সময়ত কোটি কোটি টকাৰ দুৰ্নীতি হোৱা বুলি সন্দেহ কৰি তেওঁ দুখনকৈ এজাহাৰ দাখিল কৰিছিল।

তাৰ এখন এজাহাৰ চিআইডিত দাখিল কৰিছিল যদিও এজাহাৰ অনুসৰি গোচৰ পঞ্জীয়ন কৰা নহ'ল। অতি পৰিতাপৰ কথা যে এই এন আৰ চি খন আমাৰ খিলঞ্জীয়া তথা অসমীয়াৰ ৰক্ষা কবচ হ'ব বুলি কোৱা হৈছিল যদিও এতিয়া যেন সেই আস্থা মানুহৰ মাজত নাইকীয়া হৈছে।

হিতেশ দেৱ শৰ্মা অনুসৰি বহু বিদেশী নাম এন আৰ চিত অন্তৰ্ভূক্ত হৈছে। যদি এনে হয় তেন্তে সেই বিদেশী সকলক স্বদেশী সজোৱাৰ এক প্ৰক্ৰিয়াহে হ'বগৈ এই এন আৰ চি খন।

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন জাতীয় সংগঠন সমূহে এখন শুদ্ধ এন আৰ চি প্ৰস্তুতত গুৰুত্ব দি আহিছে। সেই কথাবোৰ এতিয়া চৰ্চা হোৱাৰ সলনি আন কিছু কথাহে চৰ্চিত হোৱাতো অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক।

এনে অভিযোগ প্ৰত্যক্ষভাৱে নহ'লেও কিয় পৰোক্ষভাৱে হ'লেও সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা জনৰ বিৰুদ্ধে উত্থাপন হৈছে। বজাৰত এই কথাবোৰ কিয় ওলাইছে। ইয়াৰ যদি একো ভিত্তি নাই তেনেহ'লে অভিযোগৰ আঙুলি উঠা জনে স্পষ্ট কৰি দিব লাগে।

এন আৰ চিৰ নামত সঁচাকৈয়ে ভেকোভাওনা হ'ল নেকি? হাজাৰ হাজাৰ কোটি টকা ব্যয় হৈছিল এন আৰ চি উন্নীতকৰণত। আৰ্থিকভাৱে লাভান্বিত হ'ল কোন। সেই অনিয়মৰ তদন্ত কৰাৰ প্ৰয়োজন নিশ্চয় আছে।

হিতেশ দেৱ শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰ দি সমুজ্জ্বল ভট্টাচাৰ্যই ক'লে এয়া গোকাট মিছা। হিতেশ দেৱ শৰ্মা এজন মিছলীয়া। একমাত্ৰ সস্তীয়া প্ৰচাৰৰ বাবে তেওঁ এনে প্ৰলাপ বকিছে।

মানসিক ভাৰাসাম্য ঠিক থকা মানুহে এনে কাণ্ডজ্ঞানহীন কথা নকয়। তেওঁ মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সমুজ্জ্বল ভট্টাচাৰ্যই মানহানি গোচৰ ৰুজু কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে বজাৰত শুনা কথাৰে অভিযোগ তোলা হিতেশ দেৱ শৰ্মাই ইয়াকো কৈছিল যে আছুৰ নেতৃত্বই তেওঁ সমন্বয়ক হৈ থকা সময়চোৱাত এবাৰো তেওঁক লগ নধৰিলে। অথচ প্ৰতীক হাজেলা সমন্বয়ক হৈ থাকোতে প্ৰতি সন্ধিয়া তেওঁ এন আৰ চি কাৰ্যালয়লৈ গৈছিল।

আছুৰ এসময়ৰ উপদেষ্টা বসন্ত ডেকাকো এন আৰ চি খেলিমেলি সন্দৰ্ভত মাত মাতিবলৈ হেনো হিতেশ দেৱ শৰ্মাই ফোন কৰিছিল। কিন্তু তেওঁ প্ৰতীক হাজেলাকে ভাল বুলি প্ৰমাণ পত্ৰ দি বিষয়টো গা এৰা দিছিল।

হিতেশ দেৱ শৰ্মা বা সমুজ্জ্বল ভট্টাচাৰ্য দুয়োৰে কথাবোৰ আজি বিচাৰ্যৰ বিষয় হৈছে। কিন্তু এটা কথা মন কৰিবলগীয়া অসমৰ সৰৱ সংগঠনটোৰ নেতৃত্বত থাকিও বহু বিষয়ত আজি যেন মাতিব লগা মাত মতাৰ সাহসৰ যেন অভাৱ হৈছে। বা ইচ্ছা কৰিয়েই মৌনতা অৱলম্বনেৰে সুৰক্ষিত স্থানত অৱস্থান লৈছে।

হিতেশ দেৱ শৰ্মাৰ অভিযোগ কোনোবাই বিশ্বাস কৰিব পাৰে, কোনোবাই নকৰিব। কিন্তু এই কথা সকলোৱে স্বীকাৰ কৰিব যে সদৌ অসম ছাত্ৰ সন্থাৰ সেই প্ৰতিবাদী সত্বা লাহে লাহে হেৰাই যাব ধৰিছে।

আৰু পঢ়ক: চমক সৃষ্টি কৰিবলৈ গৈ মুখ থেকেচা...

aasu nrc prateek hajela hitesh dev sarma