চমক সৃষ্টি কৰিবলৈ গৈ মুখ থেকেচা...

হুৰমূৰকৈ ৰাজ্যত আৰম্ভ হৈছিল বাল্য বিবাহবিৰোধী অভিযান। যাক লৈ ৰাজ্যত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল।
চমক সৃষ্টি কৰিবলৈ গৈ মুখ থেকেচা...

বৰষা শৰ্মা

হুৰমূৰকৈ ৰাজ্যত আৰম্ভ হৈছিল বাল্য বিবাহবিৰোধী অভিযান। যাক লৈ ৰাজ্যত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইতিমধ্যে ইয়াৰ লগত জড়িত ৩০০০ তকৈ অধিক লোকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈ পৰা অসম আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে একাংশই।

অভিযুক্তক গ্ৰেপ্তাৰৰ নামত চৰকাৰ, আৰক্ষীয়ে সংঘটিত কৰা আজৱ কাণ্ড উন্মোচন হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। বাল্য বিবাহৰ নামত আৰক্ষীয়ে সংঘটিত কৰা কাণ্ডক লৈ ক্ষুব্ধ হৈ পৰিছে আদালত।

আৰক্ষীৰ মতে এজন লোকক বাল্যবিবাহৰ অপৰাধত আৰক্ষীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰা হৈছিল ৪ ফেব্ৰুৱাৰী ২০২৩। কিন্তু সেই লোকজনে বিয়া কৰাইছিল ২০২১ চনতেই। গতিকে ২০২১ চনত বিয়া পতা মানুহজনক ২০২৩ ত কেনেদৰে হাতে লোটে গ্ৰেপ্তাৰ কৰে বুলি প্ৰশ্ন কৰে আদালতে।

আদালতে চৰকাৰী পক্ষক ককৰ্থনা কৰি কয় যে, আপোনালোকে মানুহৰ ব্যক্তিগত জীৱনলৈ অশান্তি কিয় নমাই আনিছে? সকলোৰে ল'ৰা-ছোৱালী, পৰিয়াল, বয়সিয়াল মানুহ আছে। এয়া ভাল ধাৰণ নহয়, বেয়া ধাৰণা। যদি বাল্য বিবাহৰ ঘটনা ঘটিছে সেই ক্ষেত্ৰত আইনে নিজৰ পথ ল'ব। আমাৰ ক'ব লগা একো নাই। বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কেইবাজনো অভিযুক্তৰ জামিনৰ শুনানিৰ সময়ত এই মন্তব্য কৰে আদালতে।

তদুপৰি আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে পকছ'ৰ গোচৰ ৰুজু কৰা সন্দৰ্ভত বিচাৰপতিয়ে কয় যে, পকছ'! ইয়াত পকছ' আইন কিয় সংগোগ কৰা হৈছে। ন্যায়ধীশ সকলে একো গ'ম পোৱা নাই বুলি ভাবিছে নেকি? পকছ' যোগ কৰা মানে এইটো নুবুজাই যে ন্যায়ধীশ গৰাকীয়ে দেখা নাই তাত কি আছে।

আৰক্ষীয়ে এই সকল লোকক লৈ জেৰা কিয় কৰিব লাগিব বুলিও কয় আদালতে। এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাৰো মতামত গ্ৰহণ কৰে আদালতে। তেওঁ কয় যে, অভিযুক্ত সকল দুৰ্ধৰ্ষ উপৰাধী নহয়। গোচৰত দোষী প্ৰমাণ হ'লে ২ বছৰলৈ কাৰাদণ্ড হ'ব পাৰে আৰু জৰিমনা বিহিব পাৰে।

তাৰ পাছতেই ন্যায়ধীশ সুমন শ্যামে কয় যে, এয়া কাষ্টডিয়েল ইন্টৰগেচনৰ বিষয় নহয়। আপোনালোকে আইন মতে আগবাঢ়ক, ছাৰ্জশ্বীট .দাখিল কৰক, যদি দোষী হয় তেন্তে দোষী সাৱ্যস্ত হ'ব।

আদালতত হোৱা এই শুনানি কালৰ পাছতেই আৰক্ষীৰ আইনী প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে আদালতে আৰক্ষীক তদন্ত কৰাৰ নিৰ্দেশ দিয়ে। আৰু কয় যে আদালতে অভিযুক্তক জামিনহে দিছে, দোষমুক্ত কৰা নাই।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাই আৰক্ষীয়ে প্ৰায় ১ সপ্তাহৰ ভিতৰত বহু হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছে। বিভিন্ন দল-সংগঠনৰ পৰা আৰম্ভ কৰি একাংই ইয়াৰ বিৰোধিতা কৰিছল।

বাল্য বিবাহ ৰোধ হ'ব লাগে। কিন্তু বহু বছৰ আগতে বিয়া হোৱা সকলক গ্ৰেপ্তাৰ কৰিলে হ'বই বা কি । ৩ বছৰীয়া বিয়াৰ ক্ষেত্ৰতো এক আইনী বাধা আছে। শুদ্ধ কাম হ'ব লাগে। অশুদ্ধ ভাৱে কোনো কাম কৰিব নালাগে সেয়া চৰকাৰ তথা প্ৰশাসনে জনা উচিত।

চৰকাৰ, আৰক্ষীৰ এনে কাণ্ডই সংশয় আনি দিছে মানুহৰ মনত। যাৰ বাবে আত্মহত্যাৰ দৰে ঘটনাও সংঘটিত হৈছে। যি সকলক গ্ৰেপ্তাৰ কৰিছে সেই সকলৰ একাংশক পত্নী গৰ্ভৱতী, একাংশৰ আছে সন্তান । আন একাংশই অতি সুখৰে বৈবাহিক জীৱন অতিবাহিত কৰি আছিল।

চৰকাৰে বাল্য বিবাহ ৰোধ কৰক। কিন্তু তাৰ পূৰ্বে নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজন আছিল। সমাধান নিবিচৰাকৈয়ে চৰকাৰৰ এনে সিদ্ধান্তই এতিয়া অসুবিধাৰ সৃষ্টি কৰিছে।যাৰ বাবে আদালতে অসন্তুষ্টি প্ৰকাশ কৰিবলগীয়া স্থিতি আহি পৰিল।

সকলোৱে চৰকাৰক বাঃ বাঃ দিলে হেতেনে যদি শুদ্ধভাৱে সকলো হ'লহেতেন। বাল্য বিবাহৰ আঁৰত থকা কাৰণ চৰকাৰে বিচাৰি উলিয়াব লাগিছিল। বাল্য বিবাহৰ বিৰুদ্ধে কেৱল কিতাপত লিখা থাকিলেই নহ'ব, ইয়াক সমাজৰ প্ৰতিগৰাকী লোকৰ ওচৰলৈ লৈ যোৱাতো চৰকাৰৰ দায়িত্ব আছিল। চৰকাৰে যদি অভিযান আৰম্ভ কৰাৰ আগতে কিছু সংযম আৰু সজাগতা সৃষ্টি কৰিলেহেতেন তেন্তে আজি এনে অৱস্থাৰ সৃষ্টি নহ'ল হেতেন।

কেৱল ভয় খুৱাই, গ্ৰেপ্তাৰ কৰিলেই সমাজৰ সমস্যা শেষ নহয়।যেতিয়া সমাজৰ প্ৰতি গৰাকী লোকেই সচেতন হ'ব তেতিয়াহে প্ৰকৃত অৰ্থত সমস্যা নাইকীয়া হ'ব। কি পৰিস্থিতিত একাংশ পিতৃ-মাতৃয়ে ছোৱালী জনীৰ শৈশৱ কাঢ়ি নিয়ে সেয়া কোনে জানে! জীৱন কি বুজি পোৱাৰ আগতেই চাৰি বেৰৰ মাজত আৱদ্ধ হৈ পৰে বাল্য বিবাহৰ কবলত পৰা এগৰাকী ছোৱালীৰ জীৱন। গতিকে ইয়াৰ কাৰণ জনা বা ইয়াৰ বিষয়ে সজাগতা অনাতো চৰকাৰৰ দায়িত্ব নহয়নে?

নে চৰকাৰে কেৱল এয়া চমক সৃষ্টিৰ বাবেহে কৰে। চৰকাৰৰ এনে কিছু সিদ্ধান্তই মানুহৰ মনত সন্দেহ অনাটোয়েই স্বাভাৱিক। কেতিয়াবা যদি উচ্ছেদ, কেতিয়াবা বাল্য বিবাহ, কেতিয়াবা অইন কিবা। নে চৰকাৰৰ এইবোৰ কেৱল এক পৰিকল্পনাহে মূল ইচ্ছ্যু বোৰৰ পৰা জনতাক দূৰ কৰাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বহুতৰে বিশ্বাস। সেই বিশ্বাস বৰ্তাই ৰাখক মুখ্যমন্ত্ৰীয়ে। সমস্যাৰ সমাধানো বিচাৰক। নহ'লে চমক সৃষ্টি কৰিবলৈ হৈ বিড়ম্বনাৰহে সন্মুখীন হ'ব চৰকাৰ তথা প্ৰশাসন। আৰু যদি কেৱল চমক সৃষ্টিৰ বাবেহে চৰকাৰে এনে কাম কৰে তেন্তে এইবাৰ কি পৰিকল্পনা লৈ আহে সেয়া হ'ব লক্ষণীয়।

আৰু পঢ়ক: ৰাজ্যসভাত ৰঞ্জন গগৈঃ প্ৰশ্ন 0, উপস্থিতি ৩০ শতাংশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in