মানি লৈছে বহুতে; 'শনি' লাগিছে...

মানি লৈছে বহুতে; 'শনি' লাগিছে...

মৃদুল কুমাৰ সন্দিকৈ

নিজৰ ভাগ্য নিজেই লিখিব পাৰি। বহুতে এই কথাত বিশ্বাস ৰাখে। যাক ক'ব পাৰি কৰ্মফল। ঠিক তেনেদৰে আন বহুতে ৰাশিফলত বিশ্বাস কৰে। কোনে কি বিশ্বাস কৰে সেয়া নিজস্ব ব্যক্তিগত বিষয়।

পৰম্পৰা ৰক্ষা কৰি বৰপেটা সত্ৰই বৰ্ষফল গণনা কৰি আহিছে। প্ৰতিবছৰে পহিলা বহাগত গণনা কৰা হয় বৰ্ষফল। ২০২২ বৰ্ষৰ বৰ্ষফলো গণনা কৰিছিল বৰপেটা সত্ৰই। সেই সময়ত এই বৰ্ষফল গণনাত কোৱা হৈছিল অসম বা ভাৰতৰ বাবে সময়বোৰ কেনে হ'ব,ৰাজনৈতিক প্ৰেক্ষাপট কোন দিশ ব'ব আদি।

বৰ্ষফল গণনাত সেইবাৰ কোৱা কেইটামান কথা আছিল অসমৰ ৰাশি কৰ্কট। ৰাশিফলৰ মতে তৃতীয় স্থানত চন্দ্ৰ, পঞ্চমত কেতু,সপ্তমত শনি আদি। একাদশত ৰাহুয়ে অৱস্থান কৰাৰ বাবে ৰাজ্যখনৰ বাবে সময় অনুকূল নহয় আৰু কেতুৰ প্ৰভাৱত ৰাজনৈতিক নেতা, বিশিষ্ট লোকৰ বুদ্ধিনাশৰ যোগ আছে।

ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনত শপত গ্ৰহণৰ দফা অনুসৰি ৰাজ্যৰ বাবে সেই সময় অশুভ বুলি কোৱা হৈছে। লগতে কোৱা হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বুদ্ধি ভ্ৰষ্টৰ যোগ আছে।

এই কথাখিনি বিশ্বাস কৰিবলৈ কোৱা নাই। কিন্তু এনে কিছু কথা এবছৰৰ পূৰ্বে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত কোৱা হৈছিল নে নাই সেয়া বাতৰি কাকত বা সংবাদ মাধ্যম খুচৰিলে ওলাই পৰিব।

যোৱা কিছুদিন ধৰি ইটোৰ পাছত সিটো অঘটনে লগ নেৰা হৈছে। ১০ মে' ২০২১ ত অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল হিমন্ত বিশ্ব শৰ্মাই। তাৰ ৩ দিনৰ পাছতেই নগাঁৱৰ বামুনী পাহাৰত ৰহস্যজনকভাৱে ১৮টাকৈ হাতীৰ কৰুণ মৃত্যু হৈছিল।তেতিয়াই মানুহে কৈছিল এয়া শুভ লক্ষণ নহয়!

তাৰপাছত দিন বাগৰিল। দুটাকৈ বছৰ পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰীৰূপে ড০ হিমন্ত বিশ্ব শৰ্মাই। বহু সিদ্ধান্ত হ'ল, চমক সৃষ্টিকাৰী ঘোষণা কৰিলে নতুন মুখ্যমন্ত্ৰীয়ে। পৰিৱৰ্তনৰ সন্ধানত মানুহ আশাবাদী হৈ ৰ'ল।

কিন্তু এই পৰিৱৰ্তনকামী সময়ে আমাক সু শাসন দিব পাৰিলেনে? সঁচাকৈয়ে ৰাজ্য সুকলমে চলিছেনে? এই প্ৰশ্নবোৰে আকৌ সাধাৰণ মানুহক চুই গৈছে।মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই সকলোবোৰৰ আঁৰত ভাগ্য। কেতিয়াবা ভাগ্য ভালে নচলে।

মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো এনে হৈছে নেকি? তেওঁ ব্যক্তিগতভাৱে ৰাজ্যৰ স্বাৰ্থত কিবা কৰাৰ কথা ভাবিলেও ভাগ্য আৰু সময়ে যেন তেওঁক লগ দিয়া নাই। বাৰে বাৰে প্ৰতাৰণা কৰিছে ভাগ্য়ই।

জোনমণিৰ মৃত্যুৰ পৰা আৰম্ভ কৰি জোনালীৰ হত্যালৈকে প্ৰতিটো ঘটনা ৰহস্যৰ মাজত সোমাই পৰিছে।কোৱাৰ দৰে কামবোৰ কৰিব পৰা নাই। সহজ হৈ থকা নাই সময়।

কেতিয়াবা অধিক তৎপৰতা, কেতিয়াবা নিৰ্লিপ্ততা তেওঁৰ বাবে সমস্যা হৈ পৰিছে। এনে হৈছে কেতিয়াবা- অধিক চালাকী গলাই ফাঁচী। গাঁতত পৰি মানুহৰ মৃত্যুয়েও তেওঁৰ জটিলতা বঢ়াইছে। চৰকাৰক ইয়াৰ পৰা আঁতৰাই আনি প্ৰশাসনক জগৰীয়া আৰু জবাবদিহী কৰিবলৈ যাঁওতে নিজেই নিজৰ বিফলতাৰ ইস্তাহাৰ লিখিব লগা হৈছে।

নিত্য ব্যৱহৃত সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পৰা বিদ্যুতৰ মাচুল বৃদ্ধিলৈকে সমস্যাত ভাৰাক্ৰান্ত ৰাইজে লাহে লাহে প্ৰতিবাদৰ সুৰ ডাঙৰ কৰি গৈছে। স্মাৰ্ট মিটাৰত দেখা দিয়া বিসংগতিয়ে চৰকাৰৰ বিৰুদ্ধে হুচিয়াৰ ধ্বনিৰ ৰূপ লৈছে। অভিযোগ উঠিছে সঘনাই বিদ্যুৎ কৰ্তন আৰু প্ৰিপেইড স্মাৰ্ট মিটাৰৰ নামত গ্ৰাহকক অবাধ লুণ্ঠন কৰা।

বাট-পথত থকা গাঁতবোৰ পুতিবলৈ কাঢ়া নিৰ্দেশ দিয়াৰ পাছতেই নিৰ্মীয়মান উৰণীয়া সেতুৰ লোৰ প্লেট খহি পৰিছে। আগতীয়াকৈ কেতিয়া সেই উৰণীয়া সেতু উদ্বোধন কৰিব ক্ষণ গণি থকা মানুহজনৰ মুখত ছাই পৰিছে।

পানীৰ পাইপ ফুটি জলবোমাৰ বিস্ফোৰণৰ ঘটনাৰ পৰা ৰেহাই নোপাওতেই আন এক সমস্যাই তেওঁক বেৰি ধৰিছে। নিশা ১ -১.৩০ বজাত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল পিছদিনা পুৱা ৯ বজাত দিব বুলি ঘোষণা কৰা সক্ৰিয় মানুহজনে এতিয়া এইবোৰ কথাৰ পৰা নিজক আঁতৰাই ৰখাৰ অৱকাশ বিচাৰি পোৱা নাই।

সকলোতে তেওঁ। সকলো সমস্যাৰ সমাধানৰ এটা নাম হৈ পৰাৰ পাছত সফলতাখিনি নিজৰ বুলি দাবী কৰি বিফলতাখিনিৰ বাবে আনক জগৰীয়া কৰিব খুজিছে। কিন্তু মানুহে এই কথা মানি লোৱা নাই।

গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদনৰ কাম শুভাৰম্ভ কৰাৰ আগমূহুৰ্তত ক'তবোৰ অঘটন ঘটি গৈছে। এইবোৰ কিহৰ ইংগিত। সাধাৰণ কথাতেই, সাধাৰণ ঘটনাতেই ইমানবোৰ জটিলতা আৰু পাক।

এনকাউন্টাৰ হ'ল, ইটোৰ পাছত সিটো এনকাউন্টাৰ। অপৰাধমুক্তহে নহ'ল অসম। আৰক্ষীৰ হাতত বহু ক্ষমতা তুলি দিয়া হ'ল। বুলড'জাৰ চলাই চৰকাৰৰ অস্তিত্বক জাহিৰ কৰিলে। প্ৰায়বোৰ কাম অসম্পূৰ্ণ হৈ ক'ৰবাত ৰৈ যায়।

চিধাকৈ সিদ্ধান্তবোৰ লোৱা নহয়। প্ৰথম দৃষ্টিত সেয়া ইতিবাচক বুলি বিবেচিত হ'লেও তেনে বহু সিদ্ধান্তৰ প্ৰকৃত উদ্দেশ্য ফাদিল হৈ পৰে। মানুহে বুজি পাইও একো ক'ব নোৱাৰাকৈ যি পৰিৱেশ ৰচনা কৰা হয় বা হৈছে সেয়া মায়াজালহে!

নিযুক্তি হৈছে, নিকা নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ স্বাৰ্থত অসম ৰাজ্যিক পৰিবহন নিগমৰ শ শ কৰ্মচাৰীক চাকৰিৰ পৰা খেদাই দিয়া হৈছে। অথচ দলৰ বিধায়কেই তেওঁৰ হাতৰ পৰাই ফৰমাইচ পত্ৰত চহী কৰাই নি গাঁওবুঢ়াৰ চাকৰি দিয়াইছে।

বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনীতিগত নিযুক্তিৰ অভিযোগ উঠিছে। ৰাজ্যত কেৱল এজনেই মন্ত্ৰী, তেওঁ হ'ল মুখ্যমন্ত্ৰী। সেয়েতো এতিয়া ধাৰণাই বাস্তৱ ৰূপ পাইছে। ধৰ্মীয় অনুষ্ঠান বা মেলাৰ সৈতে শিক্ষাৰ ক্ষেত্ৰক একাকাৰ কৰি শিক্ষকক সেই দায়িত্বত নিয়োজিত কৰা নিৰ্দেশৰ বিৰুদ্ধেও মানুহৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গুৱাহাটীৰে ৩১ খন বিদ্যালয়ৰ শিক্ষকক অম্বুবাচীৰ মেলাৰ দায়িত্বত নিযোজিত কৰিবলৈ ৫ দিনৰ বাবে একপ্ৰকাৰৰ শিক্ষাদান বন্ধ কৰিবলৈ দিয়া নিৰ্দেশ জানো কোনোবাই মানি ল'ব পাৰে। তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত এই নিৰ্দেশ প্ৰত্যাহাৰ কৰা হ'ব বুলি ক'বলৈ বাধ্য হৈছে স্বয়ং শিক্ষামন্ত্ৰী।

এইবোৰ সিদ্ধান্ত বা কৰ্মকাণ্ডই কেনেকৈ চৰকাৰক বদনামী নকৰাকৈ থাকিব। ইংৰাজী মাধ্যমত বিদ্যালয়ৰ পাঠ্যক্ৰম,শিলসাঁকোৰ প্ৰতিবাদ, শিক্ষকৰ প্ৰতিবাদ এইবোৰ ক্ষোভ জানো ঢাকি ৰাখিব পাৰিব। চৰকাৰে কাম কৰক, মুখ্যমন্ত্ৰীয়ে নেতৃত্ব দিয়ক, আন বিষয়া কৰ্মচাৰীয়ে সহযোগ কৰক, কিন্তু সেয়া যেন হৈ উঠা নাই।

বেয়া দিন চলিছে নেকি মুখ্যমন্ত্ৰীৰ? অতি শেহতীয়াকৈ ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদনক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। গোষ্ঠীগত সংঘৰ্ষৰে জৰ্জৰিত অগ্নিগৰ্ভ মণিপুৰ সন্দৰ্ভত ইণ্ডিয়া টুডেত প্ৰকাশ পাইছে এই প্ৰতিবদন।য'ত ৰাজ্যখনৰ নিৰ্বাচনৰ পূৰ্ব দুই কুকী উগ্ৰপন্থী সংগঠনেৰে নিৰ্বাচনত জয়ী হোৱাৰ স্বাৰ্থত বিজেপিৰ দুই নেতাই চুক্তি কৰাৰ কথা উল্লেখ আছে।

সেই অশুভ সম্পৰ্কক লৈ এতিয়া জবাবদিহী কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা ৰাম মাধৱক। এইবোৰ মাত্ৰ যোৱা কিছু দিনৰ কথা। প্ৰতিটো দিনতে আছে এনে অলেখ উদাহৰণ। সঁচাকৈয়ে গ্ৰহ-গতি বেয়া চলিছে নেকি মুখ্যমন্ত্ৰীৰ?ইটোৰ পাছত সিটো ঘটনাই সেই ইংগিতেই দি যোৱা নাই নে?

মানি লৈছে বহুতে; 'শনি' লাগিছে...
সিংঘালে ঠিকেই কৈছে - দায়ী মুখ্যমন্ত্ৰী !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in