মা, মোক পাহৰি যা...

মা, মোক পাহৰি যা...

মৃদুল কুমাৰ সন্দিকৈ

ঘটনা নহয়, আচলতে এয়া আছিল কাৰোবাৰ জীৱনত ঘটা এটা ভয়াৱহ দুৰ্ঘটনা। যিয়ে এই কথাবোৰ এগৰাকী মাতৃৰ লিখনিৰ পৰা জানিব পাৰিছে তেওঁৰেই চকু চলচলীয়া হৈ পৰিছে। জীৱনৰ বাটত এনে দুৰ্ঘটনা কাৰোৰে সৈতে সংঘটিত নহওঁক বুলি নিজেই নিজক কৈছে।

কল্পনা কৰকচোন সেই দৃশ্য। বহু অপেক্ষাৰত সেই দিনটো আহিছে। এটা ভাল খবৰ আহিব বুলি ৰৈ থকা সেই দিনটোত বগা কাপোৰখন আঁতৰাই এজনী মাতৃয়ে নিথৰ হৈ পৰি থকা সন্তানক সাৱটি উচুপি উচুপি কান্দিছে।

ধেমালি বুলি ভৱা কথাবোৰে বুকু উদং কৰা ৰ্দুভগীয়া মাতৃগৰাকীয়ে সাহসেৰে এই কাহিনী মানুহক কৈছে। মানুহৰ জীৱনক লৈ খেলা কৰা সকলৰ বাবে সেই মাতৃৰ বিননিৰ হয়তো মূল্যহীন হ’ব পাৰে।

ডিজিটেল পৃথিৱীখন বিশ্বাসঘাতক­। দেখাটোও সচাঁ বুলি বিশ্বাস কৰিব নোৱাৰি। বহুতে এই কাহিনীৰ বিষয়ে ইতিমধ্যে গম পাইছে। বুজি উঠিছে কি পৰ্যায়লৈ নামিছে মানুহ। প্ৰেম স্বৰ্গীয় বুলি ভাৱি থকা সেই অনুভূতিত ঘূণেঁ ধৰিছে।

কাহিনীৰ সংক্ষিপ্ত ৰূপ এয়া। এখন বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীত পঢ়ি থকা ছাত্ৰগৰাকী চূড়ান্ত পৰীক্ষা দি ঘৰলৈ উভতিল। মাতৃয়ে পুত্ৰক অনুশাসনৰ মাজত ৰখাব খোজে। যৌৱনত ভৰি দিয়া পুত্ৰই কাৰোবাৰ প্ৰেমেৰ সিক্ত কৰিব খোজে এই ৰঙীন সময়। তাতেইতো সংঘাত। পুত্ৰৰ প্ৰেয়সী অভিযোগ ভৰা মেছেজ প্ৰেমিকৰ মাতৃলৈ।  কিয় পুত্ৰক কথা পাতিব নিদিয়ে বুলি মাতৃক প্ৰশ্ন প্ৰেয়সীৰ।

ডাঙৰৰ প্ৰতি অকনো শ্ৰদ্ধা ভাৱ নৰখাকৈ প্ৰেমিকৰ মাতৃক প্ৰেমৰ বাবে যি ভাষাৰে জবাবদিহি কৰা হৈছিল, সেয়া সাম্প্ৰতিক সময়ত গ্ৰহণযোগ্য হয়নে নহয় সিও এক আলোচনাৰ বিষয়। তাৰপাছৰ কাহিনীহে অতি দুখজনক।

মাতৃয়ে প্ৰেমিকক আঁতৰাই ৰখাৰ অভিযোগত প্ৰেমিকাই আৰম্ভ কৰা অন্য এখন নাটকে এটা জীৱন কাঢ়ি নিলে। তেওঁক নাপালে জীয়াই নাথাকো বুলি মেছেজ দি হাতত কীটনাশক লৈ আত্মহত্যা কৰাৰ অভিনয় কৰিলে প্ৰেয়সীয়ে।

সেই অভিনয়ৰ কিছু দৃশ্য মোবাইলত প্ৰেৰণ কৰি মোবাইল অফ কৰি দিয়াৰ পাছত প্ৰেমিকে প্ৰেয়সীৰ বাটকে লওঁ বুলি জীৱনটো শেষ কৰি দিলে। পিছত গম পোৱা গ’ল প্ৰেয়সীৰ একো হোৱা নাই। তেওঁ প্ৰেমিকক প্ৰতাৰণা কৰিলে। মিছা মৃত্যুৰ খবৰে এক সচাঁ মৃত্যুৰ খবৰ আনিলে।

মাতৃয়ে পৰৱৰ্তী সময়ত সকলোবোৰ তথ্য পুত্ৰৰ মোবাইল আৰু ইমেইলৰ জৰিয়তে লাভ কৰি এই কথাবোৰ ৰাজহুৱা কৰি দিলে।  কিমান মূল্যহীন হৈ পৰে কেতিয়াবা জীৱন। ৰং ছটিওৱা সময়ে নিমিষতে আৱৰি ধৰে কলীয়া ডাৱৰৰ ৰূপ লৈ।

জীৱনৰ সৈতে ঘটি যোৱা এই ঘটনাবোৰে আমাক শিক্ষা দি যায়। মাতৃগৰাকীয়েও ভৱা নাছিল এনেবোৰ কথা তেওঁ লিখিব লাগিব কেতিয়াবা। তেওঁৰ বুকুত জ্বলি থকা জুইকুৰা কোনেও নুমুৱাব নোৱাৰে। মাতৃগৰাকীয়ে প্ৰমাণসহ সেই কথাবোৰ লিখিছে।

নিজ সন্তানক তেওঁ কেতিয়াও বেয়া হোৱাতো নিবিচাৰে। সন্তানৰ প্ৰাপ্তিয়ে নিজৰ প্ৰাপ্তি আৰু সুখ বুলি ভাৱে। মাতৃয়ে পুত্ৰক মাতিছিল ধুনু বুলি। সেই ধুনু হেৰাই যোৱাৰ পিছত তেওঁ অস্থিৰ হোৱটোৱেই স্বাভাৱিক।

থানবান হৈ পৰা এই পৰিয়ালটোৰ এই দুখ উপলদ্ধি কৰাৰ বাদে আমি কি কৰিব পাৰো। কিয় মানুহে নুবুজে জীৱনটো ল’ৰা ধেমালি নহয় বুলি। এনে বিশ্বাসঘাটকতা কোনোবাই নিজৰ প্ৰেমিকৰ লগত কৰে নেকি?

মৃত্যুক বাজি লগাই আত্মহত্যাৰ ব্লেকমেইলিঙেৰে এয়া কেনে প্ৰেম। প্ৰেম, ভালপোৱাত থাকে জানো এনে অসুৰতা। আমি দিনক দিনে স্খলিত প্ৰৱণতাৰে নিজক বিচাৰি ফুৰাৰ মায়াত বন্দী হৈ পৰিছো। সাম্ভাৱ্য ফলাফলৰ নাভাৱি ক্ষণিকৰ পৰিতৃপ্তৰ লোভত নিজক এৰি দিছো।

কোনোবা চিনেমাৰ কাহিনী নহয় এয়া। তেজপুৰৰ এগৰাকী মাতৃৰ সৈতে হোৱা এয়া জীৱনৰ দুৰ্ঘটনা। এনেবোৰ বিষয়ক লৈ ইয়াৰ পাছত কেনেকৈ মানুহে কৰিব পাৰে খেলা! সহজলভ্য সুবিধাবোৰে আমাক যন্ত্ৰলৈ সলনি কৰিছে। কাঢ়ি নিছে আমাৰ পৰা সম্পৰ্কৰ সেই সুমধুৰ মাদকতাবোৰ।

এই কাহিনী পঢ়ি, এই বেদনাৰ কথা জানি, এগৰাকী মাতৃৰ দুখবোৰ বুজি মৌন হৈ ৰৈ যোৱাৰ বাদে কিনো কৰিব পাৰো আমি। হুমুনিয়াহ এটা এৰি, চকুৰ সন্মুখত উঠি অহা লৰাটোৰ মুখখন কল্পনাৰ ৰেখাচিত্ৰই আঁকি তেওঁৰ বাবে কৰিব পাৰো এটা প্ৰাৰ্থনা- য’তেই আছা, সুখত থাকা। অবিশ্বাসী মানুহে বাস কৰা এই পৃথিৱীত তোমাৰ মাৰ দৰে বিশ্বাসী মানুহো আছিল, সেই কথাহে তুমি পাহৰি গ’লা…

মা, মোক পাহৰি যা...
ডাঙৰ হ’ল বিজেপি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in