ডিগ্ৰীহে পাব, উকিল হ'ব কিন্তু নোৱাৰিব...

ডিগ্ৰীহে পাব, উকিল হ'ব কিন্তু নোৱাৰিব...

ৰাজ্যত আইনী শিক্ষাৰ নামত চলি থকা বেমেজালিৰ কথা হয়তো কোনেও মন কৰা নাই ! প্ৰতিবছৰে ৪/৫ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীকলৈ একাংশ শিক্ষানুষ্ঠানে হেতালি খেলাৰ পৰিণাম এই ছাত্ৰ-ছাত্ৰীসকলে ভোগ কৰিব লগা হৈছে। যাৰ পৰিণতিত আইনী শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ এই ডিগ্ৰী মূল্যহীন হৈ পৰিছে।

ঠিক মুন্নাভাই এম বি বি এছৰ দৰেই মুন্নাভাই এল এল বি সদৃশ হৈ পৰিব তেঁওলোকৰ ডিগ্ৰী। ১৯১৪চনত ইংৰাজৰ আমোলত উত্তৰ-পূব ভাৰতত স্থাপন কৰা প্ৰথমখন আইন মহাবিদ্যালয় আছিল বৰ্তমানৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়।

১৯০৩চনতেই বৃটিছ চৰকাৰে উত্তৰ-পূব ভাৰতত প্ৰথমখন আইন মহাবিদ্যালয় স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছিল। মাণিক চন্দ্ৰ বৰুৱাৰ প্ৰস্তাৱ সাপেক্ষে ইংৰাজে প্ৰতিষ্ঠা কৰা এই আইন মহাবিদ্যালয়খনৰ আছে বৰ্ণিল ইতিহাস।

বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাকে ধৰি বহু গুণী-জ্ঞানী লোক এই আইন মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। সেই সোণালী অধ্যায় এতিয়া এই আইন মহাবিদ্যালয়ত বিচাৰি পাবলৈ নাই।

প্ৰায় ৬০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান অধ্যয়ন কৰি থকা আইন মহাবিদ্যালয়খনৰ ‘বাৰ কাউন্সিল অৱ ইণ্ডিয়া‘ৰ প্ৰাদেশীকৰণৰ ম্যাদ কেতিয়াবাই উকলি গৈছে। একদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃতিৰ ম্যাদ পাৰ হৈছে এই মহাবিদ্যালয়খনত।

ইয়াৰ পৰিণতিত এই মহাবিদ্যালয়খনত এল এল বি আৰু বি এ এল এল বি পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে আইনত স্নাতক ডিগ্ৰীলৈও অধিবক্তা হিচাপে কোনো ক’ৰ্ট-কাছাৰীত ওকালতি কৰা প্ৰয়োজনীয় অনুমতিৰ পৰা বঞ্চিত হৈছে। অধিবক্তা হিচাপে আইনৰ পাঠ্যক্ৰম সাং কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে ‘অল ইণ্ডিয়া বাৰ এক্সামিনেশ্বন’ চমুকৈAIBEত অৱতীৰ্ণ হ’ব লাগে।

এই পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱাৰ পাছতে তেঁওলোকক অধিবক্তা হিচাপে স্বীকৃতি দিয়া হয়। কিন্তু বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ বাৰ্ষিক অনুমোদন নথকাত কেইবাটাও বেটছৰ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’বয়েই পৰা নাই।

ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খনৰ চৌহদত প্ৰতিবাদী কাৰ্য্যসূচীও গ্ৰহণ কৰিব লগা হৈছে। বি আৰ এম গভ্ট ল' কলেজৰ বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ স্বীকৃতিৰ ম্যাদ ২০১৮-১৯ বৰ্ষতে অন্ত পৰিছে।

এল এল বি পাঠ্যক্ৰমত এই ম্যাদ নথকাকৈয়ে যোৱা ৬-৭ বছৰে নতুন ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰি থকা হৈছে। একেদৰে উক্ত বৰ্ষতেই বি এ এল এল বি পাঠ্যক্ৰমৰ বাবে বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ ম্যাদ অন্ত পৰাৰ পাছত মহাবিদ্যালয় কৰ্তৃপক্ষই সেই স্বীকৃতিৰ নবীকৰণৰ বাবে ইমান বছৰে কোনো উদ্যাোগ লোৱা নাই।

মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ভূপেশ মল্লবুজৰবৰুৱাৰ হাততো ইয়াৰ কোনো উত্তৰ নাই। অথচ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ পৰা ২০০০টকাকৈ ইয়াৰ নামত সংগ্ৰহ কৰা হৈছে।

বি চি আইক অৰ্থাৎ বাৰ কাউন্সিল অৱ ইণ্ডিয়াক স্বীকৃতিৰ বাবে মাচুল আৰু জৰিমনাসহ ৭লাখ টকা আজিও জমা নিদিয়াৰ বাবেই এই চৰকাৰী মহাবিদ্যালয়খনত আইন পাঠ্যক্ৰম পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে। পূৰ্বতে আৰ্থিক অনিয়মৰ অভিযোগত নিলম্বিত হৈছিল বি আৰ এম চৰকাৰী ল কলেজৰ অধ্যক্ষ ভূপেশ মল্লবুজৰবৰুৱা।

বৰ্তমান অধ্যক্ষগৰাকীক স্বাক্ষৰ কৰাৰ ক্ষমতা নিদিয়াত এইধৰণৰ বহু সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে এই মহাবিদ্যালয়খন। নিজৰ অন্ধকাৰ ভৱিষ্যতৰ কথা ভাবি অধ্যক্ষগৰাকীক ছাত্ৰ-ছাত্ৰীসকলে জবাবদিহি কৰিছে যদিও তেঁও ইয়াৰ কোনো সদুত্তৰ দিব পৰা নাই।

৯ এপ্ৰিল ২৪ত জাননী নং-BRMGLC/NOTICE/2024/124-124ৰ জৰিয়তে সেই অসহায়ৰ কথা অধ্যক্ষগৰাকীয়ে স্বীকাৰ কৰি এই সমস্যা সমাধানৰ বাবে যিমান পাৰি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। কিন্তু কেতিয়া সেয়া সমাধান হ’ব তাৰ কোনো সময়সীমা নাই।

মহাবিদ্যালয়খনত শেহতীয়াকৈ নাই বিদ্যুৎ সংযোগ। এখন চৰকাৰী আইন মহাবিদ্যালয়ৰ দশা এয়া। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এই মহাবিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ এফিলেশ্বন ম্যাদো ২০১৭চনতে উকলি গৈছে।

চৰকাৰী আইন মহাবিদ্যালয়খনৰ সন্দৰ্ভত বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ এফিলেশ্বন পৰীক্ষা কৰাৰ সময়তহে পোহৰলৈ আহিল আন কিছু তথ্য। অসমৰ ৯০শতাংশ আইন মহাবিদ্যালয়ৰে নাই বি চি আই এফিলেশ্বন।

বাৰ কাউন্সিল অৱ ইণ্ডিয়াই তেঁওলোকৰ অনুমোদন দিয়াটো দেশৰ ৮৫০খন আইনী শিক্ষানুষ্ঠানত বাধ্যতামূলক কৰিছে। বি চি আই লীগেল ইডুকেশ্বন কমিটিত এই সিদ্ধান্ত লোৱা হৈছে। যিখন কমিটিৰ অধ্যক্ষ আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ পি মিশ্ৰ।

এডভোকেট এক্ট অনুসৰিও কোনো আইন মহাবিদ্যায়লৰ আইনৰ ডিগ্ৰী লোৱা সকলে ওকালতিক পেচাৰূপে গ্ৰহণ কৰিবলৈ বি চি আইৰ অনুমোদন ল’ব লাগিব। কিন্তু ইয়াকে কৰা নাই অসমৰ আইনী শিক্ষা প্ৰদান কৰা শিক্ষানুষ্ঠানসমূহে। তাৰ নমুনা বি আৰ এম গভ্ট ল' কলেজ।

বৰ্তমান অসমত বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনত ৩২খন আইন মহাবিদ্যালয় বা প্ৰতিষ্ঠান আছে। বি চি আইৰ তথ্য অনুসৰি এই ৩২খন মহাবিদ্যালয়ৰ ভিতৰত মাত্ৰ ৫খন শিক্ষামুষ্ঠানৰহে বি চি আইৰ অনুমোদন আজিৰ তাৰিখত আছে।

সেই কেইখন হ’ল- ড০ আৰ কে বৰুৱা ল কলেজ, চেণ্টাৰ ফৰ জুডিচিয়েল ষ্টাডিজছ, নগাঁও ল' কলেজ, কোকৰাঝাৰ ল' কলেজ আৰু নেচনেল ল' ইউনিভাৰ্চিটী এণ্ড জুডিচিয়েল একাডেমী।

ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰয়েল স্কুল অৱ ল' এণ্ড এডমিনিষ্ট্ৰেটিভৰ এল এল বি পাঠ্যক্ৰমৰ বাবে ২০২৪লৈ বি চি আইৰ অনুমোদন আছে যদিও বি কম এল এল বি পাঠ্যক্ৰমৰ বি চি আই ম্যাদ ২০২০তে উকলি গৈছে।

অসম বিশ্ববিদ্যালয়ৰ অধীনস্থ কৰিমগঞ্জ ল' কলেজৰ ২০১৫ত, ডিফু আইন মহাবিদ্যালয়ৰ ২০২০ত, এ কে চন্দ্ৰা ল' কলেজৰ ২০২২ত, দেশবন্ধু চিত্তৰঞ্জন স্কুল অৱ লিগেল ষ্টাডিজ, ডিপাৰ্টমেণ্ট অৱ ল’ৰ ২০২০ত বি চি আই এফিলেশ্বন ম্যাদ উকলিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ যোৰহাট ল' কলেজৰ ২০২৩ত, নৰ্থ লখিমপুৰ ল' কলেজৰ ২০১৮ত, তিনিচুকীয়া ল' কলেজৰ ২০২১ত, ডি এইছ এছ কে ল' কলেজৰ ২০১৯ত, গোলাঘাট ল' কলেজৰ ২০২০ত, এছ আই পি ই ল' কলেজৰ ২০২২ত, নেৰিমৰ ২০১৯ত, ধেমাজি ল' কলেজৰ ২০১৯ত এই ম্যাদ উকলি যোৱা তথ্য বি চি আইৰ ৱেৱচাইটত উপলব্ধ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গুৱাহাটী ইউনিভাৰ্চিটী ল' কলেজৰে বি চি আই এফিলেশ্বন ম্যাদ ২০২২ত অন্ত পৰিছে। এল এল বি আৰু বি এ এল এল বি পাঠক্ৰমৰ বি চি আই এফিলেশ্বন ম্যাদ ২বছৰ পূৰ্বে শেষ হৈছে যদিও নবীকৰণ কৰা হোৱা নাই।

এই বিশ্ববিদ্যালয়ৰে অন্তৰ্গত বি আৰ এম গভ্ট ল' কলেজৰ বাদেও বৰপেটা ল' কলেজৰ ২০২৩ত, ধুবুৰী ল' কলেজৰ ২০২২ত, তেজপুৰ ল' কলেজৰ বি এ এল এল বি পাঠ্যক্ৰমৰ বি চি আই এফিলেশ্বন ম্যাদ ২০২১ত অন্ত পৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ গোৱালপাৰা ল' কলেজৰ ২০২০ত, বঙাইগাঁও ল' কলেজৰ ২০২০ত, দিশপুৰ ল' কলেজৰ ২০২০ত, মঙলদৈ ল' কলেজৰ ২০২০ত, জে বি ল' কলেজৰ ২০২৩ত, নলবাৰী ল' কলেজৰ ২০২০ত, এন ই এফ ল' কলেজৰ ২০১৯ত, মৰিগাঁও ল' কলেজৰ ২০২০ত, আজমল ল' কলেজৰ ২০২৩ত বি চি আই এফিলেশ্বন ম্যাদ অন্ত পৰিছে।

যি সময়ত আইনী শিক্ষা অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল হৈ পৰিছে সেই সময়ত আইনী শিক্ষা প্ৰদানৰ নামত এনে চূড়ান্ত অৱহেলা দেখিবলৈ পোৱা গৈছে। এইদৰেই চলিছে ৰাজ্যৰ আইনী শিক্ষা ব্যৱস্থা।

ডিগ্ৰীহে পাব, উকিল হ'ব কিন্তু নোৱাৰিব...
প্ৰভাকৰৰ কথাবোৰ জানো মিছা?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in