প্ৰভাকৰৰ কথাবোৰ জানো মিছা?

প্ৰভাকৰৰ কথাবোৰ জানো মিছা?

মৃদুল কুমাৰ সন্দিকৈ

এতিয়া দেশত নেতা এজন। এতিয়া দেশত ধৰ্ম এটা কৰাৰ আখৰা। বিচাৰিছে দেশত এটাই হওক নিৰ্বাচন। ভাৰতীয় সমাজৰ বৈচিত্ৰতাক পৰিহাৰ কৰি এটা ভাষাৰে দেশ চলোৱাৰ লক্ষ্য লৈছে তেওঁলোকে।

ৱান নেচন- ৱান ইলেকশ্যন, ৱান নেচন- ৱান ৰিলিজ্যন, ৱান নেচন- ৱান লেংগুৱেজ আজি সপোনবোৰ পূৰণ কৰিবলৈকে তেওঁলোকক লাগে ৪০০ৰো অধিক আসন। যদি সেয়াই ফলাফলত হয়, তেনেহলে আৰু দেশবাসীয়ে আজিৰ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাক আৰু দেখিবলৈ নাপাব।

 ২০২৯চনত নিৰ্বাচন অনুষ্ঠিত নহ’বও পাৰে। এজন লোকৰ শাসন চলিব দেশত। তেওঁৰ নামেৰেই পৰিচালিত হ’ব দেশৰ শাসন ব্যৱস্থা। এতিয়া কাৰ্যত সেয়াই হৈ আছে। সাংবিধানিক আনুষ্ঠানিকতা বাকী মাথোঁ।

 এই ধৰণৰ সম্ভাৱনা আৰু সংশয় প্ৰকাশ কৰা মানুহজন কিন্তু সাধাৰণ মানুহ নহয়। দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী তেওঁ। অৱশ্যে বিশ্বজনীন পৰিচয়ো আছে। মানুহজনৰ নাম পাৰক’লা প্ৰভাকৰ। লণ্ডন স্কুল অৱ ইকনমিকচৰ পৰা পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰা প্ৰভাকৰ বিশ্বৰে এজন প্ৰতিষ্ঠিত অৰ্থনীতিবিদ। ইয়াৰোপৰি তেওঁ এজন ভাল ৰাজনৈতিক ধাৰাভাষ্যকাৰ।

পূৰ্বতে নিৰ্বাচনত তেওঁ যি সম্ভাৱনা ব্যক্ত কৰিছিল সেয়া মিছা প্ৰমাণিত হোৱা নাই। এইবাৰ তেওঁৰ পত্নী নিৰ্মলা সীতাৰমণে লোকসভা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা নকৰে। বিজেপিয়ে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিচাৰিছিল যদিও তেওঁ সেয়া অগ্ৰাহ্য কৰিছে। তাৰ কাৰন নিৰ্বাচন খেলিবলৈ তেওঁৰ হাতত ধন নাই।

এয়াও কম তাতপৰ্যপূৰ্ণ কথা নহয়। সেই নিৰ্মলা সীতাৰমণৰ অৰ্থনীতিবিদ স্বামীয়ে আজিয়েই কৈ দিছে আহি থকা দিনবোৰত মোডী বিজয় ৰথৰ চকৰি ভৱাৰ দৰে নচলিব। এইবাৰ ৪০০পাৰ বুলি তেওঁলোকে শ্লোগান দিলেও সেই ৰথৰ চকাই ২৩০ৰ ঘৰ অতিক্ৰম কৰা টান আছে।

তেওঁৰ মতে, এয়া এক ৰাজনৈতিক পোপগাণ্ডা। এয়া এক বিজেপি নেৰেটিভ। তেওঁলোকে মানুহক ব্যস্ত কৰি ৰাখিব বিচাৰিছে, বিজেপি আৰু মিত্ৰদলে ৪০০ৰো অধিক আসন পাব বুলি নিৰ্বাচনৰ পূৰ্বেই এক পৰিৱেশ সৃষ্টি কৰিছে জয়লাভৰ।

প্ৰভাকৰৰ মতে, তেওঁ বহু ঠাই ঘূৰিছে। বহু মানুহৰ লগত কথা পাতিছে। দেশজুৰি ৰাজনৈতিক বাস্তৱতাক উপলদ্ধি কৰিছে। সেই বাস্তৱতাত এনে ফলাফলৰ ইংগিত নাই। উদাহৰণ হিচাপে তেওঁ তেলেংগানাৰ কথাকেই কৈছে। তেওঁৰ স্পষ্ট মত- তাত বিজেপিয়ে দুই অংকৰ আসন পাব বুলি ভাৱিছে যদিও দুখন আসন পোৱাতোৱেই বহুত

এইবাৰ বিৰোধী শক্তিশালী নহয়, সেয়া সত্য। কিন্তু এই নিৰ্বাচনী যুঁজ হ’ব মোডী-বিজেপি বনাম সাধাৰণ জনতাৰ মাজত। সেই যুঁজৰ ফলাফলে দেশৰ গণতন্ত্ৰৰ ৰক্ষাৰ বাবে কাৰকৰ ভূমিকা পালন কৰিব। বিজেপি আৰু তেওঁলোকৰ মিত্ৰদলে ৪০০ৰো অধিক আসন পাবলৈ তেওঁলোকৰ ষ্ট্ৰাইক ৰে’ট কিমান হ’ব লাগিব?

দেশৰ গণতন্ত্ৰৰ ওপৰত ঝুমলা দিয়া চৰকাৰ এইখন।  ইলেক্টৰেল বণ্ডক লৈ বিৰোধীয়ে এক ইচ্ছ্যু থিয় কৰিব নোৱাৰিলে। কিন্তু তাৰমানে এইটো নহয় যে ইয়াৰ প্ৰভাৱ নপৰিব। বহু সাধাৰণ লোক বা ভোটাৰে ইলেক্টৰেল বণ্ড কি বুজি নাপায়, কিন্তু বুজি পায় ইয়াৰ বাবেই তেওঁলোকে মূল্যবৃদ্ধিৰ সন্মুখীন হ’ব লগা হৈছে।

ইউ পি এ চৰকাৰৰ দিনত ২জি স্পেকটাম কেলেংকাৰী হৈছিল। ২জি কি, আজিও বহু সাধাৰণ লোকে বুজি নাপালে। কিন্তু গম পাইছে ২জি নামৰ এটা কেলেংকাৰী হৈছিল। তাৰ কাৰনেই বহু ভোটাৰে ইউ পি এৰ বিৰুদ্ধে ভোটদান কৰিছিল।

 এইবাৰ বিজেপিয়ে যদি ভাৱিছে ইলেক্টৰেল বণ্ডৰ ইনপেক্ট নিৰ্বাচনত নপৰিব তেওঁলোকৰ সেয়া নিজক লৈ কৰা ভুল বিশ্লেষণ। বাটে-ঘাটে মানুহৰ মুখত ইলেক্টৰেল বণ্ডৰ জৰিয়তে বিজেপিয়ে ধন  লোৱাৰ কথা মুকলিকৈ আলোচনা চলিছে। আন ৰাজনৈতিক দলেও সেই ধন লৈছে যদিও ইয়াৰ সিংহভাগ  পাইছে বিজেপিয়ে।

 আদানি-আম্বানীক দেশৰ বিমান বন্দৰ চমজাই দিছে। সাধাৰণ ভোটাৰক কি দিছে? ৫কোজি চাউল, এটা চিলিণ্ডাৰ। ৰাজনীতি তাতেই, বুজাই বুজিছে। বিজেপি শাসনলৈ আহিলে নাইকিয়া হৈ পৰিব আঞ্চলিক দলবোৰ। এই দলবোৰক বিজেপিয়ে কৌশলেৰে গিলি পেলাইছে।

মণিপুৰৰ খবৰ ল’বলৈ এইখন চৰকাৰৰ আহৰি নহ’ল। জ্বলি জ্বলি মণিপুৰ শেষ হৈ গ’ল। লাডাখত কৰা প্ৰতিবাদ বাতৰি শিৰোনাম নহ’ল। মানুহে বুজে দেশৰ শীৰ্ষ সংবাদ প্ৰতিষ্ঠানসমূহ এই শাসকীয় পক্ষৰ হাতত মুঠিত সোমাল। আৰু শাসকসকল সোমাই আছে আদানী-আম্বানীৰ দৰে পুজিঁপতি সকলৰ হাতৰ মুঠিত।

 প্ৰশ্ন কৰোতা কোনো নাই। বিহাৰ-পশ্চিমবংগ-কৰ্ণাটক-অন্ধপ্ৰদেশ আদিত প্ৰকৃততে বলিছে জানো বিজেপিৰ বতাহ। দক্ষিণ ভাৰতত আজিও বন্ধ বিজেপিৰ দুৱাৰ। দেশৰ এই অংশবোৰক আওকাণ কৰি কেনেদৰে হব পাৰে ৪০০পাৰ! চহৰৰ পৰা মানুহবোৰ গাঁৱলৈ গৈছে। কাৰন চহৰত নাই নিযুক্তিৰ সম্ভাৱনা। গাঁৱত ম’নৰেগা আচঁনিত হিতাধিকাৰী হৈ কিজানি পায়েই দুটকা।

 সকলোবোৰ নিৰ্বাচনী চমক। শাসনত থাকোতে কোন শাসকীয় দলে বা শাসকে ভাৱে নিৰ্বাচনত তেওঁলোক পৰাভূত হব। তৃণমূলৰ সেই বাস্তৱতাক তেওঁলোকে নিৰ্বাচনী ফলাফল ঘোষণা কৰা আগলৈকে উপলদ্ধি কৰিবই নোৱাৰে। পৃথিৱীত নাথাকে তেওঁলোকৰ ভৰি। আকাশত উৰি ফুৰে কাল্পনিক ফলাফল লৈ।

সেয়াই হ’ব পাৰে এইবাৰ মোডীৰ ক্ষেত্ৰত। সেই মুখথেকেচাই খাব পাকে ২০২৪ত বিজেপিয়ে। তেন্তে স্পষ্ট সম্ভাৱনা দেখিছে ড০ প্ৰভাকৰে। যদি বিজেপিয়ে ক্ষমতাৰ বাবে প্ৰয়োজনীয় আসন নাপায়, তেনে ৰাজনৈতিক সমীকৰণ সলনি হৈ যাব পাৰে। এতিয়া যিসকল তেওঁলোকৰ সৈতে আছে তেওঁলোকক ভয়-ভীতি প্ৰৰ্দশনেৰে বিজেপিয়ে নিজৰ লগত ৰাখিছে।

সুযোগ আহিলে তেওঁলোকে লুটি-বাগৰ মাৰিব। ক্ষোভৰ উদগীৰণ ঘটাব। তলে তলে যি প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে, সেই প্ৰত্যাহ্বান স্বৰ্তস্ফূৰ্টভাৱে সৃষ্টি হোৱা। দেশতটো আজি গণতন্ত্ৰ নাই। ১৪৫জন সাংসদক নিলম্বন কৰি সদন চলোৱা এখন দেশত গণতন্ত্ৰৰ সংজ্ঞা সলনি হ’ল।  আজি কোনোবাই কয়- যদি ইচ্ছা আছে, তেওঁলোক আনদেশলৈ গুচি যাব পাৰে।

 আৰু বহুতো কথা, যিবোৰ গণতন্ত্ৰৰ পৰিপন্থী। বুলডজাৰ চলাবলৈ তেওঁলোকে কুন্ঠাবোধ নকৰে। বিশেষ সম্প্ৰদায়ৰ লোক হলে বুলডজাৰ তেওঁলোকৰ ঘৰৰ দিশে আগবাঢ়ে। দেশত কি আইন নাই! কিয় উদ্বিগ্ন হ’ব লগা হৈছে উচ্চতম ন্যায়ালয়। ইডি, চিবিআইক লক্ষ্মণ ৰেখা টানি দি তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব যে পোহনীয়া কুকুৰ সদৃশ নহয় এই কথা কবলৈ বাধ্য হৈ পৰিছে।

ৰাজ্যসমূহৰ অধিকাৰ কাঢ়ি লৈছে। ৰাজ্যৰ শাসনত থকা দলবোৰক উন্নয়নৰ সলনি ক্ষমতা কেনেকৈ ৰক্ষা কৰিব পাৰে, তাত ব্যস্ত ৰাখিছে। এনেকৈ চলে নেকি দেশ! এজন মানুহৰ ইচ্ছাই এক গণতান্ত্ৰিক পৰিকাঠামো হব নোৱাৰে। তেওলোক পুনৰ শাসনলৈ আহিলে লালকিল্লাৰ পৰা এনেবোৰ কথা কব, যিবোৰ এতিয়া আঁৰত ৰৈ কৈছে।

 ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে বহুবোৰ দিশ উদঙাই দিছে এজন অৰ্থনীতিবিদ আৰু ৰাজনৈতিক বিশ্লেষকে। যিজনে বিজেপি কি বুজে, বিজেপিৰ বৰঘৰত কি চলি আছে সেইখবৰ প্ৰত্যক্ষভাৱে পত্মীৰ পৰা পায়। এয়া সাধাৰণ লোকৰ বিশ্লেষণ নহয়। মোডী মন্ত্ৰীসভাৰ অন্যতম গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্বত থকা বিত্তমন্ত্ৰী  নিৰ্মলা সীতাৰমণৰ স্বামীৰ বিশ্লেষণ। আমাৰ দৰে সাধাৰণ লোকসকলে কথাবোৰ পঢ়ি, কথাবোৰ শুনি যুক্তিবোৰ নিজৰ ধৰণে বিচাৰ কৰি মাথোঁ ভাৱিব পাৰো- মিছা কোৱা নাইচোন তেওঁ...

প্ৰভাকৰৰ কথাবোৰ জানো মিছা?
যুঁজ এখন হ'ব বাপু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in